প্ৰতি,
জন প্ৰতিনিধি কোৱাইদেউ

অ বিধায়ক/ মন্ত্ৰী কোৱাইদেউ প্ৰথমে মৰম লব, নবৌ ভতিজা হতকো দিব| খৱৰ খাতি ভালেই নিশ্চয়| টিভিত মাজে মাজে দেখো,ভাললাগে| পিছে আপোনাক অনুৰোধ কৰিহে পত্ৰ খন লিখিলো| পাৰিলে সময় উলিয়াই আহিবচোন আমাৰ ফালে| অকণমান অসুবিধাত পৰিছো অ| সিদিনা হঠাতে ক'ৰ পৰানো হৰ হৰকৈ পানী সোমাই আহিল জানো ততকে ধৰিব নোৱাৰিলো| আপুনি ইলেকচনৰ সময়ত মৰমতে দিয়া কম্বল খন তিতি থাকিল বেয়াকৈ| আপোনাৰ মৰমৰ চিনতো এনেকৈ চকুৰ আগত জুৰুলি জুপুৰি হোৱা দেখি বৰ কষ্ট পাইছো অ MLA দাদা| পাৰিলে মঠাউৰি বোৰ নভঙাকে বনাবলে ক'বচোন ঠিকাদাৰ খুড়া হতক| সেইটো নহলেও অন্তঃত মথাউৰিৰ ওছৰে পাজৰে বহলকৈ ওখ ঠাইৰ ব্যৱস্হা কৰি দিব পাৰি নেকি চাই যাবহি চোন| যাতে কম্বল খন তিলিলেও লগা লগ শুকুৱাব পাৰো| আপুনি মৰমত দিয়া বস্তু এলাই এঠানি হ'লে বেয়া লাগে দিয়কচোন| তাকে দেখি আপুনি সেই ৰাতিৰ ভাগত হাতৰ টিপত দি যোৱা ৰঙাপানীৰ বটলতোকে টানি এই দুখ পাতলাম বুলি ভাবিছিলো| পিছে চব ফালে পানীয়েই পানী অথচ ভাল পানী অকন পাবলে নাই হে দুৰ দুৰলৈকে| চাবচোন ভাল পানী অকনৰ কিবা সুবিধা কৰিব পৰা গ'লে বৰ আশিৰ্বাদ দিলো হয়| আৰু লগতে পাৰি যদি চাকনাৰ নামৰ ভজা পোৰা আলু কচু টাইপ কিবা অলপ| দিনটো ভোকত আছোতো তামাম নিছা ধৰিব| বেলেগ একো নাই সুখে দুখে লগ পাই থাকিলে ভাললাগে আৰু| জানো আপুনি তামাম ব্যস্ত মানুহ তথাপিও ৫ বছৰ অলপ বেছি গেপ যেন লাগে দেখোন অ| দেইলি বা মাহিলি আহিব নালাগে বাৰু কিন্তু এই এনেকুৱা বিপদে আপদে দেখা পালে ভাল লাগে আৰু| খোৱা বোৱানো কি মাতষাৰেইহে মেইন| বোলে কথাতে কয় নহয় কুকুৰৰ চেলেকা চেলেকি মানুহৰ অহাযোৱা| ম‍ানে নিজৰ মানুহ বোৰ বিপদৰ সময়ত কাষত দেখিলে সাহস বাহে আৰু| এইকেইদিন ৰিলিফ কেম্পত এইবোৰেই মনলে আহি আছিল সেয়ে নিজৰ মানুহ বুলি আপোনালৈয়ে চিঠি এখন লিখি দিলো আৰু দায় দোষ নধৰে যেন| অনুৰোধতো ৰাখিব বুলি আশাৰে....


ইতি
আপোনাৰ চেনেহৰ
সৰ্বহাৰা নিৰীহ নাগৰিক