গৰমৰ দিনত গৰম নহৈ কি হ'ব? হবই, এইকেইদিন পানী বেছিকৈ খাব লাগে।

পিছে খোৱা পানী টুপিৰহে বৰ আকাল। সাধাৰণ ৰাইজে এগিলাচ পানীৰ বাবে হামৰাও কৰিব লগা অৱস্থা। চৰকাৰী পানীৰ বাবে আশা কৰোঁতে কৰোঁতে আজি বহু যুগেই পাৰ হ'ল। এবাৰ পাইপ পোতে, আকৌ এবাৰ খান্দে, আকৌ এবাৰ কেলেংকাৰীৰ খবৰ পাওঁ, আকৌ কাম বন্ধ হয়। কেইবছৰমান পাছত আকৌ ভেঁকো-ভাওনা খন আৰম্ভ হয়। আমি আহি গ'লো যেতিয়া চিন্তা নাই, এইবাৰ পানী খাবলৈ পাবই, চৌবিশ ঘণ্টাই চৌ চৌৱাই পানী বৈ থাকিব, পানীৰ বাবে চিন্তাই নকৰিব, সকলো দুখ-ক্লেশ দুৰ হ'ব, বাজেটত ধন ধাৰ্য কৰা হ'লেও, অমুক প্ৰতিষ্ঠানক দায়িত্ব দিয়াও হৈছে, এইবাৰ চিন্তা নাই, এই বুলি মেলে -মিটিঙে ডিঙিৰ সিৰ ফুলাই দিয়া ভাষণো বহু শুনিলোঁ।

পিছে কি হ'ব? আধাৰশিলাবোৰত বন গজিল, আমাৰ আশাতো এচলু পানী পৰিল। মন্ত্ৰী, বিধায়ক, ঠিকাদাৰ, যোগনিয়াৰ, মহৰী, বিষয়া, আমোলা সকলো নোদোকা হ'ল, পিছে আমি হলে এতিয়াও এঢোক চৰকাৰী পানী খাবলৈকে নাপালোঁ। অৱশ্যে ক'ৰবাত কিছু ভাগ্যবানে হেনো চৰকাৰী আঁচনিৰ পানী খাবলৈ নোপোৱা নহয়, পাইছে। দুই এজনে কোৱা-কুই কৰা শুনো, দুদিন তিনিদিনৰ মূৰতেই হওক তেৰাসৱে এবাল্টিকৈ হ'লেও চৰকাৰী পানী পাইছে। পিছে আচল কথাটো হ'ল ৰাজ্যখনৰ বহুজনে এতিয়াও খাল-ডোঙৰ পানী খায়েই কোনোমতে জীৱটো বৰ্তাই ৰাখিছে। উপায় নাপাই বহুতেই অতিমাত্ৰা ফ্ল'ৰাইড থকা পানীও খাবলগীয়া হৈছে। ফ্ল'ৰাইডযুক্ত পানী খাই অকালতে বাৰ্ধক্য মাতি অনা এচাম দুৰ্ভগীয়া লোকক লৈয়ো ৰাজনীতি চলিছে। সেইসকলৰ সন্মুখত ৰাজনেতাৰ নিৰ্ল্লজ আস্ফালন--ভোট দিলেহে ফ্ল'ৰাইডমুক্ত পানী খাবলৈ পাব!

পিছে বটলৰ কথাই সুকীয়া। হৰেক ৰকমৰ নিচা-যুক্ত বা নিচা-মুক্ত শীতল পানীয় সকলোতে উভৈনদী। চৰা দামত কিনি আনি ডিঙি তিয়ালেই হ'ল। দৌতাসকলে সেয়ে একো অসুবিধা নাপায়। দৰকাৰ হলেই জলকেলি কৰিব পৰাকৈ মিনাৰেল ৱাটাৰৰ বটল সাজু হৈয়েই থাকে। ইয়াৰ উপৰিও চহৰৰ প্ৰকাণ্ড অট্টালিকাবোৰত মাটিত পাইপ পুতি উচ্চশক্তিৰ মেচিন লগাই ভূগৰ্ভৰ আটকীয়া পানীখিনিও টানি আনি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰা খৰাংসদৃশ পৰিৱেশৰ কথা আমি দেখি, শুনি, জানি বুজিও চকুমুদি মনে মনে থাকো।

এইখিনিতে 'জলদাদা'সকলৰ কথা নকলে নহবই। অধিকাংশ চহৰীয়া লোকেই সৰু বৰ গাড়ীৰে বিক্ৰী কৰা 'জলদাদা'সকলৰ কৰুণাৰ ওপৰতেই নিৰ্ভৰশীল। 'জলদাতা' নহৈ যেনিবা 'জলদাদা'। দাম দৰ কৰিবলৈ নাই। এগাড়ী পানীৰ বাবদ তেখেতসৱে যি কয় সেয়াই দিব লাগিব। কোনো চাওঁতাও নাই, ধৰোতাও নাই। ৰাইজেই ৰজা বোলা আপ্তবাক্যষাৰো মিছা যেন অনুভূত হয়। এতিয়া ৰাইজেই প্ৰজা, ৰজাঘৰৰ নিকিনা গোলামহে যেনিবা।

ইয়াৰ সমান্তৰালকৈ আধাৰশিলা স্থাপন বা মেলে মিটিঙে প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা শুনিয়েই থাকোঁ। প্ৰকাণ্ড ৰাজ সভা হয়, চকী মাইক যোগাৰ কৰা হয়। চেলা-চামুণ্ডাৰে পৰিৱেষ্টিত বিয়াগোম মন্ত্ৰী-বিধায়কসকলে ধূলি উৰুৱাই আহে, যথাৰীতি প্ৰতিশ্ৰুতি দিয়ে। শুকান মুখ এখন লৈ বহুপৰ ধৰি বহি থকা ৰাইজৰ সন্মুখতে ৰাজকীয় অভ্যাগতজনাই আগতেই যতনাই থোৱা পৰিষ্কাৰ পানীৰ বটলৰ সাঁফৰ খোলে, এঢোক খায়। দুআষাৰ কথা কৈয়েই তেতিয়াও আধাতকৈ বেছি পানী থকা বটলটো দলিয়াই বীৰদৰ্পে গুচি যায়। আশ্বাস শুনি ৰাইজৰ শুকান মুখলৈ পানী আহে। ইমানদিনে এইবোৰেই চলি আছে। চলি থাকিবও।

ব্ৰহ্মপুত্ৰ বৰাকৰ দৰে দুখনকৈ প্ৰকাণ্ড নৈ, অজস্ৰ নৈ-জান জুৰিৰে ভৰ্তি হৈ থকা ৰাজ্যাখনৰ এনে অৱস্থা। আশাত বন্দী জীৱন, আমিও আশাবাদী। এগিলাচ পানীৰ বাবে হামৰাও কৰি থকা ৰাজ্যৰ অধিকাংশ জনগণৰ দুখ বুজিবলৈহে ৰজাঘৰীয়াৰ সময়ৰ নাটনি।

গৰমৰ দিনত গৰম হ'বই। এই দিনকেইটাৰ শৰীৰটো ৰ'দৰ পৰা বচাই শীতল কৰি ৰাখিব লাগে। পৰাপক্ষত ঘৰৰ ভিতৰত অথবা ছাঁত থাকিব লাগে।

ৰ'দৰ পৰা বাচিবলৈ গছৰ ছাঁত ৰৈ শৰীৰটো শীতল কৰা কথাটো ইমান সহ নহয়। আমি নিজেই চাৰিওফালে গছ-বিৰিখ কাটি-কুটি খাস্তাং কৰিলোৱেই। এতিয়া বহু ঠাইত সেউজীয়া বুলিবলৈ টাবত ৰোৱা দুই-এডাল ফুল লতাহে ৰৈছেগৈ। জিৰাবলৈ ক'তো ছাঁ নাই। গছপুলি ৰুবলৈ বহুতকে হেতা-ওপৰা কৰা দেখা যায়। পিছে দুই এজনৰ বাহিৰে বহুতেই পিছদিনাৰ পৰাই সেইমুৱা হোৱাটো বাদ দিয়ে। গছ বন লতিকা আটাইবোৰ কাটি কুটি গোটেইখন ধোবাং-বাং কৰি আমিয়েও গৰমত ছাটি-ফুটি কৰি ফুৰোঁ। এই গৰমত গছৰ ছাঁ যেন মহাৰ্ঘ বস্তুহে।

ঘৰৰ ভিতৰত থকাটোও জানো কম আৰামৰ কথা? এনেয়ে গৰমৰ তাণ্ডৱ, তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি এই দিনকেইটাত ল'ড শ্বেডিঙৰ মাত্ৰাও তুংগত। ক'ৰবাত হেনো বাৰ ঘণ্টা,ক'ৰবাত ওঠৰ ঘণ্টীয়া ল'ড শ্বেডিং। সৌ সিদিনা টেটু ফালি চিঞৰি চিঞৰি কোৱা চৌবিশ ঘণ্টা বিদ্যুতৰ যোগানৰ প্ৰতিশ্ৰুতিৰ কথা এতিয়াও মনত আছে। প্ৰকাণ্ড হৰ্ডিং, বেনাৰ, প'ষ্টাৰ কেইখনৰ কথাও মানসপটত জলজল-পটপটকৈ জিলিকি আছে। পিছে আমাৰেই ভুল, 'চৌবিশ ঘণ্টা বিদ্যুতৰ যোগান'ৰ গেৰাণ্টীৰ 'টাৰ্মছ এণ্ড কণ্ডিশ্যন'খিনি বুজাত অলপ ভুল হ'ল। মানে সেয়া কিছু কিছু অঞ্চলত এসপ্তাহত আৰু কিছু অঞ্চলৰ বাবে এমাহত 'চৌবিশ ঘণ্টা বিদ্যুতৰ যোগান'ৰ গেৰাণ্টীহে আছিল হেনো।

বিজুলী বিচনীৰ বা লোৱাৰ আশা বাদ দি হাততে পপোৱা বাতৰি কাকতেৰেই গা জুৰ পেলাবলৈ চেষ্টা কৰিবলগীয়া হয়। পিছে তাতো বিড়ম্বনা। গৰম গৰম খবৰ থকা কাকতখনৰ বা লাগি বতাহখিনিও গৰম হৈ পৰে। বাট-পথৰ দুৰৱস্থা, লাওলোৱা স্বাস্থ্যকেন্দ্ৰ, সিপাৰৰ পৰা আহি গোঁজেই গঁজালি মেলা আলহীসকল, মাটি-বাৰী-ঘোঁৰা বেচি ইপাৰলৈ চৰকাৰী উদ্যোগতে আহিবলৈ সাজু থকা নতুন আলহীসকল, এসময়ত চল্লিছ-পঞ্চাছ লাখকৈ টকা ঢালি চাকৰি কিনা বিয়াগোম বিষয়াসকলৰ 'হাতৰ আখৰ'ৰ পৰীক্ষাৰ কথা, নিত্য নতুন চৰকাৰী উছৱৰ কথা আদিৰ দৰে গৰম খবৰবোৰেৰে থাহ খাই থকা বাতৰিকাকতখনে গা জুৰ পেলাব নোৱাৰাটো খাটাং।

গৰমৰ দিনত গৰম হ'বই। এই দিনকেইটাত সতেজ ফুলমুল খাব লাগে।

সতেজ ফুলমূল? এইটো আকৌ কি বস্তু? এই মুলুকৰ থলুৱা ফলমুলবোৰ আজিকালি দেখিবলৈকে নোহোৱা হ'ল। লেটেকু, বগী জামু, কলী জামু, মধুৰি, পনিয়ল আদি থলুৱা ফল-মুলৰ কথা শুনিবলৈহে পাওঁ, দেখা সাক্ষাত নহয়েই। তাৰ সলনি বজাৰত বিধে বিধে বিলাতী ফল-মূল উভৈনদী। ৰং সানি, বিষাক্ত ৰাসায়নিক দ্ৰব্য সানি চকুত লগাকৈ থৈ দিয়া ফলমূল। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা গছৰ পৰা কেঁচা অৱস্থাতে চিঙি আনি কাৰ্বাইড দি পকাই এই মূলুকত বিক্ৰী কৰা নিপোটল চেহেৰাৰ সা-সোৱাদ নোহোৱা ফলুমূলৰ কথা কি ক'ম? ৰাইজে উপায় নাপাই তাকেই খাবলগীয়া হৈছে। সিদিনা কথা এটা শুনিলোঁ চৰকাৰী হিচাপত অসমত ফল-মূল ৰুবলৈ মাটিয়েই নাই হেনো! মানে ফল-মূলৰ, উদ্যান শস্যৰ বাবে চৰকাৰী আঁচনিৰ ধন আনি ফাইলতে খৰচ কৰি কৰি এনে অৱস্থা পালেগৈ যে এতিয়া নতুনকৈ আঁচনিৰ বাবে খালী মাটিয়েই নাই। আনকি সৰু ল'ৰা-ছোৱালীৰ মুখত কল এটা তুলি দিবলৈও শংকা হয়।

সেয়ে বতৰৰ গৰম সহ্য কৰিবই লাগিব। উপায় নাই। ডাঙৰ ডাঙৰ মানুহবোৰৰ মাংস, ছাইনবৰ্ডৰ নামৰ দৰে ডাঙৰ ডাঙৰ সমস্যা সমাধানত ব্যস্ত। গতিকে এইবোৰ সামান্য সমস্যাৰ কথা ভাবিবলৈ সময় নাই, হয়তু ইচ্ছাও নাই।

মই পিছে এইবোৰ কথালৈ কাণ নিদিওঁ। এইবোৰ কথা ভাবি একো লাভ নাই। বিদ্যুত থকা নথকাৰ ওপৰত মোৰ একো কথা ই। প্ৰকাণ্ড জেনেৰেটৰটো নিশব্দে চলি আছে। চাৰিওফালে দিন যেন পোহৰ। টিভি, কম্পিউটাৰ সকলো আৰামত চলি আছে। আনকি এচিও চলাই থৈছো। ফ্ৰীজৰ পৰা মিনাৰেল ৱাটাৰৰ বটল এটা উলিয়াই ল'লো। আঃ বৰ ঠাণ্ডা।

ফেইচবুক খুলি ল'লোঁ। গৰমৰ কথা দুলাইনমান লিখিবলৈ। আৰম্ভ কৰিলোঁ--

"উস! বৰ গৰম......"