(১)

আমাৰ গাঁৱৰে নিবনুৱা কনপাই দিগন্ত আৰু হেমধৰ ,
কাম বিচাৰি নাপায় কৰিবলৈ কিন্তু কথা বৰ বৰ ,

মথাউৰীৰ ঠিকা এটা পাই ,
সকলো ধন জেপত ভৰাই ,

কিন্তু এইবাৰ হলে ঠিকেই বনালে নিজাকৈ পকী ঘৰ ।

(২)
আমাৰ ভটৌ চুকৰ চম্পাই ললে এটা ধুনীয়া স্মাৰ্ট ফোন,
তাতে তাই ব্যস্ত থাকে দিন ৰাতি কাৰোবাক মাতি জান সোণ ,

ফেচবুক এটাও খুলিলৈ ,
ছেলফি বোৰ তুলিলৈ ,

এফ বিত এঞ্জেল চেম্পূ নামত দি তাই বহুতৰে এতিয়া
বুকুৰ আপোন ।

(৩)
কলেজীয়া দাদাৰ মুখত কেশৰীয়া কমলা আৰু বিমল ,
তাকে পকতিয়াই লৈ পাই বেটাই হেনো আনন্দ অমল ,

হবলৈ গৈ বেছি স্মাৰ্ট
এতিয়া দাদা বিচনাত

অনুতাপ কৰি আছে বোলে সোৱাদ হ'লেও সকলোবোৰ জীৱননাশী গৰল ।

(৪)

ভাত খাবলৈ মন নাই যিদিনাই হ'ল এঞ্জেল আৰু প্ৰিঞ্চেচ ,
চাওমিন ম'ম' নাপালেই ধৰে 'মম'এন্দ 'পপ'ৰ ওচৰত পেছ ,

লোভত পৰি জিভাৰ,
বেয়া কৰাই লিভাৰ,

ফেচবুকত ষ্টেটাচ দিয়ে ফিলিং চেদ এম চাফাৰিং ফ্ৰম অভাৰগেছ ।

(৫)
মিছা ক'লে কি হ'ব অসমত বান পানী এজনী সোনৰ কণী পৰা হাঁহ ,
ঠিকাদাৰ মন্ত্ৰী এম.এল.এ. সকলোৱে মাতে তই বছৰে বছৰে আহ ,

ঘৰটো হ'ব অট্টালিকা ,
পাব লাগিব মই ঠিকা ,

বালিৰ মথাউৰী মাৰি কোটিপতি হ'ম গ'লেও যাওঁক অসমীয়া পানীত জাহ ।