যি মৃত্যুৱে মানৱ জীৱনক অমৰত্ব প্ৰদান কৰে সেই মৃত্যুক মৃত্যু বুলিব নোৱাৰি। ই কলা হিচাপে পৰিগণিত হয়। নিয়তিৰ কঠোৰ পৰিহাস গ্ৰহণ কৰি জন্মিলে এদিন মৃত্যু হ’বই লাগিব, ই প্ৰকৃতিৰ অমোঘ নীতি। কিন্তু চক্রেটিচৰ দৰে ইমান সুন্দৰকৈ মৃত্যুক গ্ৰহণ কৰা নজীৰ ইতিহাসত পাবলৈ নাই। মৃত্যুভীতি থকা লোকসকলে এই মৃত্যুক আদৰ্শ হিচাপে গ্ৰহণ কৰিব পাৰে। এসময়ত গ্ৰীচৰ দুখন প্ৰভাৱশালী ৰাজ্য আলি ক্রমে স্পাৰ্টা আৰু এথেন্স। দুয়োখন ৰাজ্যই শক্তিশালী আছিল সেয়েহে তেওঁলোকৰ প্ৰাধান্য বিস্তাৰৰ বাবে আভ্যন্তৰীণ গৃহ কন্দলৰ সূত্ৰপাত হৈছিল। এই যুদ্ধ প্ৰায় ১৪০৪-১৪৩১ লৈ চলিল আৰু এই যুদ্ধখনক ইতিহাসত ‘পেল’পনেয়ন’ যুদ্ধ নামেৰে জনা যায়। এই যুদ্ধত ক্রেটিচে এথেন্সৰ হকে অংশগ্ৰহণ কৰি বীৰত্বৰ পৰিচয় দিছিল আৰু আলচিবিয়াডি নামৰ এজন সেনাপতিৰ প্ৰাণ ৰক্ষা কৰিছিল। ইয়াৰ ফলস্বৰূপে সেনাপতিজনৰ সৈতে ক্রেটিচৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিল। পিছত কিন্তু ইয়েই চক্রেটিচৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হিচাপে বিবেচিত হৈছিল। খ্ৰীষ্টপূৰ্ব ১৪০৪ চনত স্পাৰ্টাৰ হাতত এথেন্স পৰাজিত হৈছিল। সেইসময়ত স্পাৰ্টাত অভিজাত তন্ত্ৰ চলিল। অভিজাততন্ত্ৰ মানে সমাজৰ কেইজনমান বচা বচা উচ্চ বৰ্গৰ মানুহৰ সামূহিক নেতৃত্বত গঢ় লৈ উঠা শাসন ব্যৱস্থা। সেই একে সময়তে এথেন্সৰ শাসন ব্যৱস্থা আছিল গণতন্ত্ৰ। সেয়েহে এথেন্সত গণতান্ত্ৰিক শাসন ব্যৱস্থা উফৰাই তাত অভিজাততন্ত্ৰ প্ৰতিষ্ঠা কৰিলে। এই শাসন কিন্তু একেবাৰে স্থায়ী নহ’ল, ই স্বৈৰচাৰী শাসনত পৰিণত হ’ল। এথেন্সৰ গণতন্ত্ৰ সমৰ্থকসকলে অভিজাততন্ত্ৰি সকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে আৰু এই যুদ্ধত অভিজাততন্ত্ৰি সকলৰ নেতা ক্রিটিয়াৰ মৃত্যু হ’ল। এথেন্সত পুনৰ গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা হ’ল। নতুন শাসকসকলে এথেন্সত গণতন্ত্ৰৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰৰ মূল নায়ক হিচাপে এজন মানুহক সন্দেহৰ দৃষ্টিৰে চাইলি তেওঁ হ’ল চক্রেটিচ। চক্রেটিচক সন্দেহৰ দৃষ্টিৰে চোৱাৰ কাৰণ হ’ল সেইসময়ত এথেন্সৰ বহুলোক তেওঁৰ শত্ৰুত পৰিণত হৈছিল। কাৰণ তেওঁ সেই মানুহবিলাকক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি ব্যতিগ্ৰস্ত কৰি তুলিছিল। কালক্রমত সেইসকল লোকে তেওঁলোকৰ অপমানৰ পোতক তুলিবলৈ সুবিধা বিচাৰি আছিল। সেইসময়তে ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ হৈ পৰিছিল। তাৰেই সুযোগ গ্ৰহণ কৰি এই লোকসকলে ক্রেটিচৰ বিৰুদ্ধে তীব্ৰ সমালোচনা আগবঢ়াইছিল। অভিজাততন্ত্ৰীসকলৰ নেতা ক্রিটিয়া আলচিবিয়াডি আলি ক্রেটিচৰ শিষ্য আৰু ঘনিষ্ঠ বন্ধু। ইয়ো তেওঁলোকৰ সন্দেহৰ অন্যতম মূল কাৰণ আছিল। সঁচা কথাটো আছিল এই যে যদিও ক্রিটিয়া আৰু আলচিবিয়াডি ক্রেটিৰ সৈতে ঘনিষ্ঠ বন্ধু আছিল তথাপি কিন্তু চক্রেটিচৰ সৈতে তেওঁলোকৰ মতাদৰ্শৰ মিল নাছিল। তেওঁলোকে প্ৰায় দুটা বিপৰীত মেৰুত অৱস্থান কৰিছিল। নতুন গণতান্ত্ৰিক নেতাসকলে চক্রেটিছৰ বিৰুদ্ধে এইবুলি অভিযোগ উত্থাপন কৰিলে যে তেওঁ গ্ৰীক সমাজৰ দ্বাৰা অনুমোদিত দেৱতাসকলক পূজা নকৰি সমাজৰ বিৰুদ্ধ আচৰণ কৰিছে আৰু ভুল শিক্ষা দি ডেকা সকলৰ মন কলুষিত কৰিছে। এই অভিযোগৰ বাবে তেওঁক বিচাৰকমণ্ডলীৰ সন্মুখত হাজিৰ কৰা হ’ল। বিচাৰকমণ্ডলীৰ সদস্য সংখ্যা আছিল (৫০০) পাঁচশ। চক্রেটিচক শাস্তি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে এটা স্থায়ী সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। পাঁচশ জনৰ ভিতৰত ২৮০ জনে প্ৰাণদণ্ডৰ সপক্ষে আৰু ২২০ জনে প্ৰাণদণ্ডৰ বিপক্ষে ৰায় দিলে। সেইসময়ত গ্ৰীচৰ ফাঁচী দিয়াৰ নিয়ম নাছিল। হে’লক নামৰ এবিধ কলান্তক বিষ (poison) খুৱাই দণ্ডিত ব্যক্তিক মৃত্যুদণ্ড দিয়া হৈছিল। সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা বিচাৰকমণ্ডলীয়ে চক্রেটিচক ‘হেম’লক’ পান কৰাই মৃত্যুদণ্ড দিবলৈ নিৰ্দেশ দিলে। প্ৰাণদণ্ডৰ ৰায় ঘোষণা কৰাৰ পিছত চক্রেটিচে তেওঁৰ নিজৰ অভিমত প্ৰকাশ কৰিবলৈ থিয় হ’ল। লগে লগে তেওঁৰ অনুগামীসকলৰ মনত এটা আশাৰ সঞ্চাৰ হ’ল অন্ততঃ চক্রেটিচে ক্ষমা নুখুজিলেও এটা বিকল্প শাস্তি বিচাৰিব, যাৰ ফলত তেওঁ মৃত্যুদণ্ডৰ পৰা ৰেহাই পাব। কিন্তু চক্রেটিচে কোনো বিকল্প পন্থা অৱলম্বন নকৰিলে। বৰঞ্চ তেওঁ দাবী কৰিলে যে বিচাৰকমণ্ডলীয়ে তেওঁক পুৰস্কাৰ দিয়া উচিত। কিয়নো এথেন্সৰ ডেকাসকলক সুশিক্ষা দি তেওঁ সমাজৰ হিত সাধনহে কৰিছে। এইষাৰ বাক্য চক্রেটিচৰ মুখৰ পৰা শুনাৰ পাত বিচাৰকমণ্ডলীয়ে আৰু কোনো বিচাৰৰ বাবে সভা নাপাতিল। চক্রেটিচে জানিছিল যে বিচাৰকমণ্ডলীয়ে তেওঁক ‘হেম’লক’ খুৱাই মৃত্যুদণ্ড বিহিব কিন্তু এই কথাত তেওঁৰ মনত কোনো ভয়ৰ ভাৱ জাগ্ৰত হোৱা নাছিল। যিজন মানুহে নিজৰ জীৱনটো যাপন কৰিছিল যুক্তি সহকাৰে ঠিক তেনেদৰে তেওঁ মৃত্যুকো একে পন্থাৰে গ্ৰহণ কৰিব বিচাৰিলে। আসন্ন মৃত্যু কামনা কৰি তেওঁ শেষবাৰৰ বাবে বিচাৰকমণ্ডলীৰ ওচৰত আবেদন জনাই ক’লে যে, ‘আপোনালোকে যেন মোৰ পুত্ৰ কেইজনৰ সুশিক্ষাৰ ব্যৱস্থা কৰে।’ ইয়াৰ পাছতো কিন্তু চক্রেটিচক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁ ইচ্ছা কৰা হ’লে কাৰাগাৰৰ পৰা পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন। কাৰণ তেওঁৰ বন্ধুসকলে কাৰাগাৰৰ ৰক্ষীসকলক উৎকোচ দি তাৰ ব্যৱস্থা কৰি ৰাখিছিল। কিন্তু চক্রেটিচে তেনে কাম নকৰিলে। দাৰ্শনিক প্লেটোৱে চক্রেটিচৰ জীৱনৰ অন্তিম দিনটোৰ কথা বৰ্ণনা এইদৰে দি কৈছে যে ‘শোক বিহ্বল বন্ধুসকল চক্রেটিচে ক’লে, তোমালোকে মিছাতে কিয় দুখ কৰিছা? মোৰ মৃত্যুৰ পিছত তোমালোকে মোৰ শৰীৰটোহে মাটিত পুতি পেলাবা, কিন্তু মোৰ অমৰ আত্মা কোনেও হানি-বিঘিনি কৰিব নোৱাৰিব।’l