সাহিত্য আৰু চিত্ৰশিল্পৰ অধি‍বাস্তৱবাদী আন্দোলনেই হৈছে ‘চ্যুৰিয়েলিজম’। অৱচেতন মনৰ অসংলগ্ন বাস্তৱ অনুভূতি আৰু প্ৰতীকক লৈ ‘চ্যুৰিয়েলিজম’ ভাৱধাৰাৰ প্ৰৱৰ্তন হয়। এই ভাৱধাৰৰ প্ৰভাৱত পৰি সাহিত্য আৰু শিপ্লৰ সৃষ্টি কৰোতাজনক কোৱা হয় চ্যুৰিয়েলিষ্ট সাহিত্যিক বা শিল্পী। স্বনামধন্য শিল্পী তথা সাহিত্যিক প্ৰয়াত ড০ ভূপেন হাজৰিকাদেৱে চ্যুৰিয়েলিষ্ট চিন্তাধাৰাৰ ওপৰত মন্তব্য আগবঢ়াইছিল যে, অতি সংবেদনশীল কবি, গীতিকাৰ, গল্প লেখক, উপন্যাসিক চ্যুৰিয়েলিজমৰ প্ৰভাৱত নজনাকৈয়ে পৰি যায়।তেনে এজন বিশ্ব-বিশ্ৰুত চিত্ৰশিপ্লী আলি চালভাদৰ ডালি। চালভাদৰ ডালিৰ সম্পূৰ্ণ নাম Salvador Felipe Jacinto Dali Y Domenech . ১৯০৪ চনৰ ১১ মে’ তাৰিখে স্পেইনৰ কিগিইউৰাত এই বিশ্ব-বিশ্ৰুত শিল্পী গৰাকীৰ জন্ম হয়। Academia de San Fernando শিক্ষানুষ্ঠানত শিক্ষা আৰম্ভ কৰা এইগৰাকী শিল্পী ছাত্ৰ হিচাপে খুব মেধাৱী নাছিল। কিন্তু তেওঁ প্ৰতিভাশালী আছিল। বৰ্তমান তেখেতৰ ছবিৰ অৰ্থ বুজিবলৈ আমি জানিব লাগিব মেথমেটিক্‌চ জিওমাট্ৰি, ফিল’ফী, ডাডা আন্দোলন আদি। আৰু মুখ্যতঃ জানিব লাগিব ‘চ্যুৰিয়েলিজম’ বা অধ্বস্তৱবাদ। ১৯২০ চনত চালভাদৰ ডালি পেৰিলৈ যায় আৰু তাত তেওঁ পিকাচো, মেগ্ৰিট আৰু মিৰ’ৰ সান্নিধ্যলৈ আহে। তেওঁলোকেই পোন প্ৰথম ডালিৰ চ্যুৰিয়েলিষ্ট চিন্তাধাৰাক আগবঢ়াই নিয়াত পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰে। তেখেতৰ সৃষ্টিৰ যি মহানতা সেয়া বৰ্ণনা কৰা কঠিন। তেখেতৰ দেধাৰ সৃষ্টিৰ বৰ্ণনা কৰাতো সহজ নহয়। সেয়ে ইয়াত আলোচনা কৰিম তেখেতৰ নিৰ্বাচিত কেইখনমান চিত্ৰ আৰু তেখেতৰ চ্যুৰিয়েলিষ্ট বাতৰি কাকত The Dali Times- ৰ বিষয়ে।

The Persistence of Memory:

এই তৈলচিত্ৰখনত কোমল আৰু গলি যোৱা পকেটঘড়ীৰ অংকণ কৰা হৈছে। সাধাৰণতে এই চিত্ৰখনে সময়ৰ যি দৃঢ়তা বা স্থিৰকাৰ অগ্ৰাহ্যতাক বুজায়। ইয়াত ঘড়ীক জৈৱিক পদাৰ্থৰ ৰূপেৰে সজাব খোজা গৈ থকা প্ৰতিটো পলে যেন ঘড়ীৰ আকৃতিক নতুন ৰূপ দি সময় যে গতিশীল আৰু এই গতিশীলতাই যে পলে পলে পৰিৱৰ্তন আনে এই অৰ্থই বহন কৰে ডালিৰ এই অনুপম সৃষ্টিয়ে। ১৯৩১ চনত সম্পূৰ্ণ হৈ উঠা এই তৈলচিত্ৰখন বৰ্তমান নিউয়ৰ্কৰ ‘মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট’ত সংগৃহীত হৈ আছে‍৷

Soft Construction with Boiled Beans

(Premonition of Civil War)

স্পেইনৰ গৃহযুদ্ধৰ বীভৎসতাৰ নিদৰ্শন দাঙি ধৰিবলৈ ডালিয়ে এই চিত্ৰ অংকণ কৰিছিল। এই তৈলচিত্ৰখনত জ্যামিত্ৰিক আকৃতিৰ এটা দানৱ অংকিত হৈছে, যি সম্পৰ্কিত হৈ আন এটা সদৃশ দানৱৰ সৈতে অৰ্থাৎ সিহঁত একেটা দেহৰ দুটা পৃথক অংশ। এই দানৱাংশ দুটা পৰস্পৰে যুঁজত লিপ্ত হৈ আছে। সিহঁতে এটা বৃহৎ উৰহী সিজাই আছে যাৰ বাবে দুই দানৱাংশ গলিবলৈ ধৰিছে। এই দুই দানৱৰ সংলগ্ন অংশ এজোপা গছৰ মূঢ়া আৰু এটা মাটি ৰঙৰ বাকচৰ ওপৰত থিয় দি আছে। সিহঁতৰ মূৰৰ ওপৰৰ আকাশখন মেঘাছন্ন আৰু কিছু অংশ ধোৱাৰে ধূসৰিত। ১৯৩৬ চনত সম্পূৰ্ণ হৈ উঠা এই চিত্ৰখন বৰ্তমান ‘ফিলাডেলফিয়া মিউজিয়াম অৱ আৰ্ট’ ত সংগৃহীত হৈ আছে৷

Swans Reflecting Elephants:

১৯৩৭ চনত সম্পূৰ্ণ হৈ উঠা এই চিত্ৰখনত অংকিত হৈছে এদল হাতীৰ এটা হ্ৰদত পানী পি থকা অৱস্থাৰ। এই হাতীৰ স্পষ্ট প্ৰতিবিম্ব হ্ৰদৰ পানীত ধৰা দিছে। এই চিত্ৰখন ডালিৰ Paranoie Critical Period ৰ ওপৰত আধাৰিত। এই চিত্ৰখন ডালিৰ বিখ্যাত Double Image ৰ অন্তৰ্ভুক্ত। তেওঁ এই পদ্ধতিটোক এনেদৰে ব্যাখ্যা কৰিছে pontaneous method of irrational understanding based upon the interpretative critical association of delirious phenomena and-Painted Dream Photograph:

ডালিয়ে এই চিত্ৰৰ বিষয়ে সাধাৰণতে কয়, এই চিত্ৰত এখন নীৰৱ দিগন্ত প্ৰসাৰী সাগৰৰ দৃশ্য অংকিত হৈছে ৷ সাগৰৰ পাৰত ঠিক জাহাজ বন্দৰৰ উপকূল দেখা গৈছে। এই চিত্ৰত দেখা যায়, সাগৰৰ পানীত এটুকুৰা বহল শিল উপঙি আছে তাৰ ওপৰেতই এগৰাকী নগ্ন শৰীৰৰ নাৰীয়ে শুই আছে৷ সাগৰৰ ওপৰেৰে কেইটামান মৌ মাখি জাতীয় পতঙ্গই এটা ডালিম জাতীয় ৰসাল ফল সিহঁতৰ পিঠিত উৰুৱাই আনিছে আৰু সেই ফলৰ পৰা টোপা-টোপে ৰস সাগৰলৈ সৰি পৰিছে। কোৱা হয় যে, এই চিত্ৰই কুমাৰীত্বৰ প্ৰতীক বহন কৰে।

চালভাদৰ ডালিৰ অভিনৱ সৃষ্টি The Dali Times:

চালভাদৰ ডালিয়ে বাতৰি কাকত বৰ ভাল পাইছিল। তেওঁ শিল্পীজীৱনৰ প্ৰথমছোৱাত কলাজ চিত্ৰবোৰত বাতৰি কাকত কাটি লগাইছিল। এইক্ষেত্ৰত ডালিয়েই প্ৰথম ব্যক্তি আছিল। বাতৰি কাকতৰ প্ৰতি থকা এই ভালপোৱাৰ বাবেই ডালিয়ে সিদ্ধান্ত কৰিলে যে, তেওঁ নিজে নিজৰ বিষয়ে লিখি এখন বাতৰি কাকত প্ৰকাশ কৰিব। ডালি সদায় বাতৰি কাকতৰ শিৰোনামাত থাকিবলৈ ভাল পাইছিল। সেয়ে ভবামতেই কাম হ’ল ১৯৪৫ চনত তেওঁ প্ৰথম ‘Dali News’ ৰ দুটা সংখ্যা প্ৰকাশ কৰিছিল। এই সংখ্যা দুটাৰ প্ৰকাশক, সম্পাদক গ্ৰাফিক্‌ আৰ্ট ডিজাইনাৰ, লেখক আৰু স্তম্ভ লেখক সকলো তেওঁ নিজেই আছিল। ‘Dali News’ বাতৰি কাকতৰ বিষয়ে তেওঁ কৈছিল, as in news paper it is necessary to deal so many things........I decided this time to write all that I should like to read in the papers about myself.তেওঁ নিজৰ বাতৰি কাকতখনৰ বিষয়ে ‘Self Promotion’ বুলি কৈছিল। এইক্ষেত্ৰত বিশ্বত চালভাদৰ ডালি প্ৰথম ব্যক্তি যি সাংবাদিকতাক ব্যক্তিগত প্ৰকাশ (Personalized expression) আৰু ব্যক্তি স্বতন্ত্ৰতাৰ মাধ্যম হিচাপেও নতুন দিশ উন্মোচন কৰিছিল। ‘Dali News’ কাকতত যে ডালিয়ে কেৱল পেইন্টিঙৰ বিষয়ে লিখিছিল সেয়া নহয়, তেওঁ ৰাজনীতি, সমাজনীতি আৰু সাংস্কৃতিক দিশত অতি স্পষ্ট আৰু খুহুটীয়া কথা লিখিছিল। তেওঁ কাৰ্টুন নিজেই কৰিছিল আৰু প্ৰয়োজনত একোটা বিশেষ ৰাজনৈতিক বা সাংস্কৃতিক ইছ্যুত একোখন পেইন্টিং সৃষ্টি কৰি পেলাইছিল। এই বাতৰি কাকতত প্ৰকাশ হৈছিল বিশ্বৰ বিখ্যাত সাহিত্যিক, কবিৰ ডালি সম্পৰ্কে লিখা কবিতা, মতামত আদি। বিশ্বৰ পৰিৱৰ্তনশীল চিন্তাধাৰা প্ৰকাশ পাইছিল ‘ডালি নিউজত’। সমগ্ৰ বিশ্বক তেওঁৰ প্ৰতীকচিহ্ন আৰু চিত্ৰকল্পই ‘Daliniasing’ প্ৰভাৱত পেলাইলি। এইখিনিতে, এইটো গুৰুত্বপূৰ্ণ কথা যে তেওঁৰ এই বাতৰি কাকতখনত ‘চ্যুৰিয়েলিজিম’ৰ প্ৰভাৱ সম্পূৰ্ণভাৱে পৰিছিল। এতেকে চালভাদৰ ডালিক চ্যুৰিয়েলিষ্ট কাকতৰ স্ৰষ্টা হিচাপেও অভিহিত কৰিব পৰা যায়।

উপসংহাৰ :কোৱা হয় যে এজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰীৰ হাত থাকে। ডালিও ইয়াৰ ব্যতিক্রম নাছিল। তেওঁৰ জীৱনত সকলোতকৈ বেছি প্ৰভাৱ পৰিছিল তেওঁৰ মৰমৰ পত্নী হেলেনা ডাইকন’ফ ডাভুলিনাৰ। যাক আজি বিশ্বত ডালিয়ে মৰমতে মতা নাম ‘গালা’ হিচাপে জনা যায়। গালাৰ বৌদ্ধিক মন তীক্ষ আৰু সুৰুচিসম্পন্ন আছিল। গালাৰ মন-মগজুত চ্যুৰিয়েলিষ্ট চিন্তাৰ প্ৰভাৱ এনেভাৱে পৰিছিল যে তেওঁক এবাৰ যি লগ পাইছে তেওঁ সতকাই পাহৰিব নোৱাৰে। এনেকুৱা হৈছিল যে যিকোনো চ্যুৰিয়েলিষ্ট সাহিত্য যদি বেছি সুক্ষ্ম হয়, তেন্তে সেই কৰ্ম গালাৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি চৰ্চা হ’বলৈ ধৰিছিল। ডালিৰ প্ৰত্যেক কৰ্মৰ পিত গালাৰ উপস্থিতি আছিল সবল, সেয়ে ডালিয়ে এলানি বিৰ শিৰোনাম দিলি ‘গালা চালভাদৰ ডালি’ বুলি। দুয়ো দুয়োৰ বাবে ইমানেই কৰ্মপ্ৰেৰণা আছিল যে, গালাই স্পেইনৰ সাহিত্য সংস্কৃতিৰ বাবে যথেষ্ট অৰিহণা দিব পাৰিছিল আৰু ডালিয়ে গালাৰ প্ৰেৰণাত নতুন কামৰ বাবে উদ্যম পাইছিল।স্পেইনৰ মহান আধুনিক কবি, নাট্যকাৰ ফেডেৰিকো গাৰ্চিয়া লৰকা আৰু ডালিৰ মাদ্ৰিদত মাত্ৰ অৱস্থাতে বন্ধুত্ব গঢ় লৈ উঠিলি। লৰকা আৰু ডালিৰ বন্ধুত্বই স্পেইনত চিত্ৰকলা আৰু সাহিত্যৰ নতুন যুগৰ সূচনা কৰিলে আৰু বহু সৃষ্টি যুগমীয়া হৈছিল।বৰ্তমান ফ্ল’ৰিডাত চেইন্ট পিটাৰ্চবাৰ্গৰ সমুদ্ৰ তীৰত ‘Salvador Dali Museum’ স্থাপিত হৈছে য’ত তিৰান্নবৈখন তৈলচিত্ৰ, এহেজাৰতকৈ অধিক পানীৰঙৰ চিত্ৰ আৰু বহু সংখ্যক ড্ৰয়িং, লিথোগ্ৰাফ আছে। হলিউডৰ বিখ্যাত চিত্ৰ পৰিচালক আলফ্ৰেড হিচ্‌ককৰ আমন্ত্ৰণত ‘Spell bound’ ৰ সপোনৰ এটি দৃশ্যৰ বাবে অঁকা বিখ্যাত ‘The Eye’ ছবিখনো এই সংগ্ৰহালয়তেই ৰখা হৈছে। ১৯৮৯ চনৰ ২৩ জানুৱাৰী তাৰিখে এইজনা বিশ্ব বিশ্ৰুত চ্যুৰিয়েলিষ্ট শিল্পীয়ে ইহলীলা সম্বৰণ কৰে। কিন্তু তেখেতৰ অভিনৱ সৃষ্টিৰাজিয়ে আজিও বিশ্বত তেওঁক জীয়াই ৰাখিবলৈ সক্ষম হৈছে। ‘The Dali Times’ ত তেওঁৰ বন্ধু লৰকাই লিখা কবিতা ‘Ode To Salvador Dali’ ৰ এটা পংক্তি উল্লেখ কৰা হ’ল h Salvador Dali, of the Olive coloured voice!

I speak of what your person

and your paintings tell me

I do not praise your halting adolescent brush,

But I sing the steady aim of your arrows.

তথ্য উৎস :

(১) চ্যুৰিয়েলিষ্ট বাতৰি কাকতৰ স্ৰষ্টা ‘ডালি’, অনুৰাধা শৰ্মা পূজাৰী (আমেৰিকা চৰাইখানাত সংবাদ বসন্ত আৰু বন্ধু, ২০০৭)

(২) Wikipidia, Internet