মহাবিদ্যালয়ৰ স্বায়ত্ত শাসন: যশস্যা নে বুমেৰাং

(দেৱাশিস বুঢ়াগোহাঁই)

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ তুলনা কৰিলে দেখা যায়, উত্তৰ পাৰ তাহানিৰে পৰা পিছপৰা। চাহখেতি, খাৰুৱা তেলৰ ঐশ্বৰ্য্যই দক্ষিণ পাৰক সমৃদ্ধ কৰি যাতায়ত যোগাযোগৰ ক্ষেত্রতো আগবঢ়াই নিলে। অসমৰ নালাগে, দেশৰে অন্যতম ৰাজহ উৎপাদনকাৰী জিলা ৰূপে পৰিগণিত হ'ল ডিব্ৰুগড়, তিনিচুকীয়া। প্ৰকৃতিয়ে উত্তৰ পাৰক দিলে মাথোঁ দুখনমান গুৰু গোসাঁই নমনা নদী আৰু বানপানী। যথাৰ্থতে উত্তৰ পাৰৰ দুখন জিলা লখিমপুৰ আৰু ধেমাজিক স্বাধীনতাৰ বহু পাছলৈকে কলীয়াপানী আখ্যা দি থকা হ'ল। কিন্তু যিসময়ত, জীয়াভৰলী আৰু সোৱণশিৰি নদীৰ ওপৰত দলং নাছিল সেইসময়তে ১৯৫২ চনত কেইজনমান শিক্ষানুৰাগী ব্যক্তিৰ দুঃসাহসিক প্ৰচেষ্টাত স্থাপিত হ'ল উত্তৰ লখিমপুৰ মহাবিদ্যালয়। অৰ্থাৎ প্ৰকৃতিৰ এই ৰুক্ষ অৱস্থাৰ মাজতো এই ঠাইৰ মানুহৰ মনবোৰত শিক্ষাৰ প্ৰৱল ধাউতিয়ে সকলো সময়তে ক্ৰিয়া কৰি আছিল। তাৰ পিছৰ পৰ্যায়ত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু কলেজ কৰ্তৃপক্ষৰ প্ৰৱল ত্যাগৰ সঁহাৰিত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ আগত ঐতিহ্যমণ্ডিত শব্দটো যোগ হ'ল আৰু অঞ্চল বাসীয়ে লাভ কৰিলে অসমৰ অন্যতম শ্ৰেষ্ঠ কলেজখন।

এই পৰিক্ৰমা সুষম গতিত অব্যাহত থাকিল আৰু ২০১২ চনত কলেজখনে NAAC (The National Assessment and Accreditation Council) ৰ A Grade পালে। ২০১৩ চনত নৰ্থ লখিমপুৰ কলেজ স্বায়ত্ত শাসিত ( Autonomous) ঘোষিত হ'ল। অসমৰ প্ৰথমখন Autonomous কলেজ হোৱাৰ গৌৰৱ দুগুণে চৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত তিনিবাৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ খিতাপ আজুৰি আনিলে আৰু অসম সাহিত্য সভাৰ প্ৰতিযোগিতাত অসমৰ "শ্ৰেষ্ঠ মহাবিদ্যালয় আলোচনী""ৰ সন্মান লাভ কৰিলে। এইচোৱা সময়লৈকে সুখস্বপ্নত মজি থকা কলেজখন ৰূঢ় বাস্তৱৰ মাজলৈ খহি পৰিল ২০১৬ চনত , যেতিয়া কলেজৰ প্ৰথম Autonomous বেটচটো স্নাতক চূড়ান্ত পৰীক্ষাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মেৰিট লিষ্টত নম্বৰ সৰলীকৰণ (Normalization) ৰ সন্মুখীন হয়।

প্ৰকৃততে এই নম্বৰ সৰলীকৰণ আছিল কি?

--- Autonomous কলেজৰ ছাত্ৰ ছাত্ৰীক শতকৰা হাৰত নম্বৰ দিয়াৰ পৰিৱৰ্তে গ্ৰেড পদ্ধতিত নম্বৰ দিয়া হয় (CBSC ৰ দৰে) ফলত দুয়োটা পৰীক্ষা পদ্ধতি পৃথক হৈ পৰাত ভাৰসাম্যতা ৰক্ষা কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এক সূত্ৰৰ অৱতাৰণা কৰিলে, কিন্তু ইয়াৰ ফলত নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰ ছাত্ৰীৰ নম্বৰ ১০%-৩১% লৈকে কৰ্তন হ'ল আৰু স্নাতকোত্তৰ শাখাত খুব কমেই পঢ়াৰ সুবিধা লাভ কৰিলে।

এই কাৰ্য্যত লখিমপুৰ, ধেমাজি আৰু কলেজখনৰ বাহিৰে ভিতৰে সাংঘাতিক হৈ চৈৰ সৃষ্টি হ'ল। কিয়নো এই অপমানজনক নম্বৰ কৰ্তন সমগ্র কলেজ ব্যৱস্থাটোৰ কাৰণেই প্ৰত্যাহ্বান আছিল। অৱশ্যে এই কাৰ্য্যৰ যোগ্য প্ৰত্যুত্তৰ দি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিশ্ববিদ্যালয়ৰ ( গুৱাহাটী, তেজপুৰ, কটনৰ উপৰিও দেশৰ আগশাৰীৰ দিল্লী বিশ্ববিদ্যালয়, JNU আদিত) প্ৰৱেশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। উল্লেখ্য যে, ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বীটৰ পৰা নম্বৰ কৰ্তন কৰা হোৱা নাছিল, কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাত নামভৰ্তিৰ তালিকাতহে এই নম্বৰ কমাই ধৰা হৈছিল। Autonomous ব্যৱস্থাটো অসমৰ নতুন কাৰণে কলেজ কৰ্তৃপক্ষই কথাবোৰ বুজাত পলম হৈছিল। Autonomous কলেজৰ কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম ২০ শতাংশ ৰদ বদল কৰাৰ ক্ষমতা থাকে বাবে নৰ্থ লখিমপুৰ কলেজৰ পাঠ্যক্ৰম যথেষ্ট জটিল বুলি বিশ্ববিদ্যালয়ে নিজেই স্বীকাৰ কৰিছিল। এনে পাঠ্যক্ৰমত পঢ়াৰ বাবেই বিভিন্ন বাহিৰা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত কলেজে চমৎকাৰ প্ৰদৰ্শন কৰি আহিছে। নম্বৰ সৰলীকৰণ ব্যৱস্থাৰ হেস্ত নেস্ত বিচাৰি নৰ্থ লখিমপুৰ কলেজে গুৱাহাটী উচ্চ ন্যায়ালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিপক্ষে এক গোচৰ তৰে।

২০১৭ চনত পুনৰ কলেজৰ অভ্যন্তৰৰ পৰিস্থিতিৰ অৱনতি ঘটিল যেতিয়া ২০১৬ৰ অনুৰূপ ঘটনা এইবাৰো সংঘটিত হ'ল। কলেজ কৰ্তৃপক্ষৰ ওপৰত এই বিষয়ে হেঁচা প্ৰয়োগ কৰিবলৈ নিজৰ ভৱিষ্যতৰ সুৰকাৰ স্বাৰ্থত হেজাৰজন ছাত্ৰ ছাত্ৰী ওলাই আহিল। তেওঁলোকৰ দাবী আছিল----

(১) নৰ্থ লখিমপুৰ কলেজৰ অভিভাৱক বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়াৰ অধিকাৰ তেওঁলোকৰ আছে আৰু এই অধিকাৰ তেওঁলোকৰ পৰা কোনেও কাঢ়িব নোৱাৰে।

(২) বাহিৰৰ বিশ্ববিদ্যালয়ত পঢ়িব পৰাকৈ মেধাৰ অভাৱ নঘটিলেও বহুতো ছাত্ৰ ছাত্ৰী আৰ্থিক ভাৱে দুৰ্বল , সেই হেতুকে তেওঁলোকে ঘৰৰ ওচৰ দূৰত্বত ডিব্ৰুগড়তে পঢ়িব বিচাৰে।

(৩) যিহেতু কলেজৰ পৰীক্ষা ব্যৱস্থা অত্যন্ত কঠোৰ ব্যৱস্থাৰে সম্পন্ন হয়। তেজক পানী কৰি গোটোৱা এই নম্বৰৰ অহেতুক কৰ্তন তেওঁলোকে কিয় সহ্য কৰিব।

এই প্ৰতিবাদৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নৰ্থ লখিমপুৰ কলেজ কৰ্তৃপক্ষক প্ৰত্যক্ষ ভাৱে হেঁচা প্ৰয়োগ কৰে যাতে এক উচিত আপীল ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ যায়। ইতিমধ্যে সংবাদ মাধ্যম যোগে এই খবৰ সমগ্ৰ অসমত বিয়পি পৰে।

তাৰ ফলশ্ৰুতিত ০৮ আগষ্ট তাৰিখে নৰ্থ লখিমপুৰ কলেজৰ এটা সজাতি দ'ল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়, তাত লোৱা সিদ্ধান্ত সমূহ হ'ল-----

(১) এই বৰ্ষত স্বায়ত্ত শাসিত কলেজৰ বাবে প্ৰতিটো বিভাগতে নিৰ্দিষ্ট সংখ্যক আসন প্ৰদান কৰা হ'ব। তাৰ বাবে এক সমিতি গঠন কৰা হ'ব আৰু এসপ্তাহৰ ভিতৰত তাক কাৰ্যকৰী কৰা হ'ব।

(২) অহা বৰ্ষৰ পৰা কোনো নম্বৰ সৰলীকৰণ কৰা নহ'ব। তাৰ পৰিৱৰ্তে স্বায়ত্বশাসিত পৰীক্ষা ব্যৱস্থা এখন উচ্চ ক্ষমতা সম্পন্ন কমিটিৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হ'ব।

(৩) চাকৰি সংক্ৰান্তত কোনো নম্বৰ সৰলীকৰণ ব্যৱস্থা লোৱা নহয় আৰু এই সন্দৰ্ভত এক লিখিত বিবৃত্তি দিয়া হ'ব।

বৈঠকত উভয় পক্ষই দুয়োপক্ষৰ আন্তঃসংযোগ শিথিল হৈ পৰাৰ বাবে পৰিস্থিতি হিতে বিপৰীত হৈ পৰিছিল বুলি স্বীকাৰ কৰে।

বৈঠকৰ প্ৰথম সিদ্ধান্তৰ ফলবৰ্তী ঘটাই ১১ আগষ্ট ,২০১৭ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেজিষ্টৰৰ কাৰ্যালয়ৰ পৰা অহা পত্ৰত উল্লেখ কৰা হয় যে Chemistry, Physics, Education, Geography, Mathematics, English এই কেইটা বিভাগৰ মেৰিট লিষ্টত নৰ্থ লখিমপুৰ কলেজৰ যোগ্য ছাত্ৰ ছাত্ৰীসকলক স্থান দিয়া হ'ব।

সমগ্ৰ ঘটনাক্ৰমৰ সমাপ্তি নৰ্থ লখিমপুৰ কলেজৰ পক্ষত অন্ত হ'বলৈ ধৰাত সকলোৱে স্বস্তিৰ নিশ্বাস লৈছে। কাৰণ এই ব্যৱস্থাৰে কলেজখনৰ ঐতিহ্য ম্লান হ'বলৈ ধৰাৰ লগতে ৫০০০ ৰ অধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছিল। আমি অন্তঃকৰণেৰে আশা কৰিম, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নৰ্থ লখিমপুৰ কলেজক দিয়া কেওটা প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰে আৰু লখিমপুৰৰ আকাশত তলমলাই থকা সংশয়ৰ ডাৱৰজাক কোনোবা দিগন্তত বিলীন কৰি দিয়েগৈ।

 

নৱ ছাত্ৰাবাসৰ নৱাগত আদৰণি সভা সম্পন্ন – 

কেম্পাছৰ হৈ চুনুৰঞ্জন দত্তঃ বিগত বৰ্ষৰ দৰে এইবছৰো নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ নৱ ছাত্ৰাবাসৰ নৱাগত আদৰণি সভাখন যোৱা ১৩ আগষ্ট তাৰিখে আৱাসৰ বাকৰিত অনুষ্ঠিত হৈ যায় । পোনপ্ৰথমেই মহাবিদ্যালয়ৰ সদ্যপ্ৰয়াত উপাধ্যক্ষ ডঃ নমিতা দত্তৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদনেৰে সভাখনি ব্যতিক্ৰম ৰূপত আৰম্ভ হয় । সভাখনিৰ আঁত ধৰে ছাত্ৰাবাসৰ জ্যেষ্ঠ আবাসী ৰতনদীপ বড়াই । মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত উঃ মা: দ্বিতীয় বৰ্ষৰ ছাত্ৰসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয় । ছাত্ৰাবাসৰ প্ৰাচীৰ পত্ৰিকা অভ্যাস উন্মোচন কৰে মহাবিদ্যালয়ৰ জুনিয়ৰ শাখাৰ উপাধ্যক্ষ ডঃ জিতেন দত্তই । তেখেতে প্ৰাচীৰ পত্ৰিকা খনিৰ শলাগ লোৱাৰ লগতে ইয়াৰ উত্তৰোত্তৰ কামনা কৰে । সভাৰ মূল আকৰ্ষণ নৱাগতসকলৰ পৰিচয় পৰ্ব আৰু তেওঁলোকৰ দ্বাৰা প্ৰদৰ্শিত অনুষ্ঠানে সকলোকে আমোদ দিবলৈ সক্ষম হয় । অনুষ্ঠানৰ মাজতে গীত পৰিৱেশন কৰে ক্ৰমে ভাৰ্গৱ দত্ত , ভাস্কৰ জ্যোতি পেগু , অভিজিত দাস আৰু ৰতনদীপ বৰাই । কনমানি অব্যক্ত নিৰ্বাণ ৰাজখোৱাই এটা ইংৰাজী গীতেৰে সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয় । জ্যেষ্ঠ আৱাসী নৱজ্যোতি বৰাই নিজৰ প্ৰদৰ্শনেৰে সকলোকে হাঁহিৰ খোৰাক যোগায় । এই সভাতে ছাত্ৰাবাসৰ হোষ্টেল সপ্তাহৰ বিভিন্ন প্ৰতিযোগিতাসমূহৰ বিজয়ী সকলক পুৰষ্কাৰ প্ৰদান কৰা হয় ।শ্ৰেষ্ঠ নৱাগতৰ সন্মান লাভ কৰে চেতনজিত বৰগোঁহাইয়ে । সভাত মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডঃ বাণীকান্ত কোঁৱৰে নিজৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে । উপদেশক ত্ৰিলোক বিজয় কোঁচৰ লগতে ন-পুৰণি আবাসীসকলেও ব্যক্তব্য আগবঢ়ায় । ৰতনদীপ বড়াই শলাগৰ শৰাই আগবঢ়ায় আৰু শেষত সভাপতিৰ মন্তব্যৰে নিশা ১০.৩০ বজাত সভাখনৰ সফলভাবে সামৰণি পৰে ।

 

নৱছাত্ৰী নিবাসত উদযাপন নৱাগত আদৰণি সভা

কেম্পাছৰ হৈ পৰিধি শইকীয়াঃ মহাবিদ্যালয়ৰ নৱছাত্ৰী নিবাসত যোৱা ১২ আগষ্ট তাৰিখে সুকলমে নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। এটি সমবেত সংগীতেৰে আৰম্ভ কৰা সভাখনত সভাপতিৰ আসন অলংকৃত কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড' বিমান চেতিয়াই। সভাৰ উদ্দেশ্য ব্যাখ্যাত ৰেণুপ্ৰভা সোণোৱালে কয় যে নৱাগত সকলক আদৰণি জনোৱাই হৈছে সভাৰ মূল উদ্দেশ্য। উক্ত সভাখনত মহাবিদ্যালয়ৰ অধ্যাপক সকলৰ মাজৰ অচিন্ত শইকীয়া, দিগন্ত কলিতা, চহিদুল আহমেদ আদিকে ধৰি ছাত্ৰ একতা সভা আৰু অন্য দুই হোষ্টেলৰ জেষ্ঠ্য আবাসী সকল উপস্থিত থাকে। অধ্যাপিকা ড' বৰ্ণালী বৰাই প্ৰাচীৰ প্ৰত্ৰিকা "প্ৰজ্ঞা" উন্মোচন কৰে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম ষাণ্মাসিক আৰু স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী সকলৰ পৰিচয় আৰু সম্বর্ধনা জনোৱাৰ মাজতে ছাত্ৰী সকলৰ মাজৰ ডিম্পল, পাপৰি, জোনালী, দিপাশ্ৰী, হিমাক্ষীয়ে গীত আৰু পৰিধি, জিচ্মী, পৰিস্মৃতা, অনীতা, বেবীয়ে নৃত্য পৰিবেশন কৰে। পুৰণি ছাত্ৰী সকলৰ মাজৰ পৰা চিন্ময়ী ভূঞা আৰু নৱাগত সকলৰ মাজৰ জিচ্মী হাজৰিকাই বক্তব্য আগবঢ়ায়। অধ্যাপক সকলৰ একাষাৰত অচিন্ত শইকীয়াই বক্তব্যৰে শিক্ষাৰ্থী সকলক উত্সাহিত কৰে। তত্ত্বাৱধায়িকাৰ একাষাৰত অধীক্ষিকা ড' ইচ্মী ৰেখা সন্দিকৈয়ে নৱছাত্ৰী নিবাস আৰু আবাসী সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। ড' বিমান চেতিয়াৰ সভাপতিৰ মন্তব্যয়ে সভাখনত সুকীয়া মৰ্যাদা প্ৰদান কৰে। সদৌশেষত ঋতুৰ্পণা শইকীয়াৰ শলাগৰ শৰাইৰে সভাখনৰ সামৰণি পৰে।

 

নর্থ লখিমপুৰ মহাবিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন


কেম্পাছৰ হৈ তুলিকা সেনাপতিঃ প্ৰত্যেক বছৰৰ দৰে এইবছৰো নৰ্থ লখিমপুৰ মহাবিদ্যালয়( স্বা)ৰ প্ৰাংগনত ৭১তম স্বাধীনতা দিৱস উদযাপন কৰা হয়।মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ লগতে বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্হিতিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই প্ৰায় ৭ বজাত পতাকা উত্তোলন কৰে।স্বাধীনতা দিৱস উদযাপনৰ তাৎপৰ্য অাৰু শ্বহিদসকলক সোঁৱৰণ কৰি অধ্যক্ষই এক সাৰুৱা বক্তব্য
ৰাখে।

মহাবিদ্যালয়ৰ চৌহদৰ চাৰিওটা আৱাসতে স্বাধীনতা দিৱস উদযাপন কৰা হয়।প্ৰথমে পুৰণি ছাত্ৰী নিৱাসৰ প্ৰাংগনত মহাবিদ্যালয়ৰ উপাধ্যক্ষ জিতেন দত্তই পতাকা উত্তোলন কৰি স্বাধীনতা দিৱসৰ ওপৰত
চমু বক্তব্য প্ৰদান কৰে।নৱ ছাত্ৰী নিৱাসৰ আৱাসীসকলেও আৱাসৰ প্ৰাংগনত স্বাধীনতা দিৱস উদযাপন কৰে।প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক শ্ৰীযুত বিপুল শইকীয়াই পতাকা উত্তোলন কৰি উপস্হিত থকা ছাত্ৰীসকলক ৭১তম স্বাধীনতা দিৱসৰ ওলগ জনাই।ইতিমধ্যে সোণালী জয়ন্তী উদযাপন কৰা নৱ ছাত্ৰাৱাসতো স্বাধীনতা দিৱস উদযাপন কৰে।মহাবিদ্যালয় দৰ্শন বিভাগৰ অধ্যাপিকা ড° বৰ্ণালী বৰাই পতাকা উত্তোলন কৰি বক্তব্য ৰাখে।
প্ৰত্যেক বছৰৰ দৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৌজন্যত মহাবিদ্যালয়ৰ খেলপথাৰত আন্তঃবিভাগীয় ল'ৰা আৰু ছোৱালী উভয়ৰে ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে।ল'ৰাৰ চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে শিক্ষাতত্ত্ব বিভাগে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে গণিত বিভাগে।ছোৱালীৰ বিজয়ী সন্মান লাভ কৰে নৃতত্ব বিভাগে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৰাজনীতি বিজ্ঞান বিভাগে।বঁটা বিতৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষই খেলুৱৈসকলৰ পাৰদৰ্শিতাৰ শলাগ লয়।

 

আন্তঃ বিভাগ ভলীবল প্ৰতিযোগিতা


কেম্পাছৰ হৈ চুনুৰঞ্জন দত্তঃ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৌজন্যত স্বাধীনতা দিৱস উপলক্ষে যোৱা ১৪ আৰু ১৫ আগষ্ট তাৰিখে আন্তঃবিভাগ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । মুঠ ১৭ টা বিভাগৰ মাজত হোৱা এই প্ৰতিযোগিতাত শিক্ষাতত্ত্ব বিভাগে পুৰুষ শাখাত আৰু নৃতত্ব বিভাগে মহিলাৰ শাখাত শ্ৰেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হয় । শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণিত বিভাগৰ মানস কোঁৱৰ (পুৰুষ) আৰু নৃতত্ব বিভাগৰ মাইনী পায়েং(মহিলা) বিবেচিত হয় । বঁটা বিতৰণী অনুষ্ঠানত
মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়া আৰু শিক্ষতত্ব বিভাগৰ অধ্যাপক ডঃ বিনোদ চেতিয়াই তেওঁলোকৰ ভাষণত খেলুৱৈসকলৰ পাৰদর্শিতাৰ প্ৰশংসা কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰে ।

 

পুৰণি ছাত্ৰী নিবাসত অনুষ্ঠিত নৱাগত আদৰণি সভা

কেম্পাছৰ হৈ পৰিধি শইকীয়াঃ নৱাগত সকলক আদৰণি জনোৱাৰ মানসেৰে যোৱা ১৪ আগষ্ট তাৰিখে পুৰণি ছাত্ৰী নিবাসত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। সভাৰ আৰম্ভণিত ড' নমিতা দত্ত বাইদেউৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনাই জীতেন দত্তই। মহাবিদ্যালয়ৰ অধ্যক্ষ ড' বিমান চেতিয়াই উক্ত সভাখনত সভাপতিত্ব কৰে। আবাসী কাদিকাব শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। নতুন ছাত্ৰী সকলৰ চিনাকি পৰ্বও সম্বর্ধনাৰ মাজত গীত পৰিবেশন কৰে ৰিতাঞ্জলী, অংকিতা, সুদক্ষিণা আৰু নৃত্য প্ৰদৰ্শন কৰে স্মৃতিৰেখা, পংকী, পুনম, কাকলি, স্বস্তিকা আদি। অধ্যাপক সকলৰ মাজত জীতেন দত্ত ছাৰ আৰু দিগন্ত কলিতা ছাৰে বক্তব্য আগবঢ়ায়। অধীক্ষিকা ড' বৰ্ণালী বৰায়ো একাষাৰ কয়। পুৰণি ছাত্ৰীৰ একাষাৰত সংযুক্তা দিহিঙীয়া আৰু নৱাগত সকলৰ মাজৰ স্মৃতিৰেখা বৰাই বক্তৃতা প্ৰদান কৰে। নৱাগত সকলৰ মাজত স্মৃতিৰেখা বৰাই শ্ৰেষ্ঠা নৱাগতাৰ সন্মান লাভ কৰে। শলাগৰ শৰাই অনুষ্ঠানৰ আঁত ধৰে জোৎস্না বৰুৱাই। শেষত সভাপতিৰ মন্তব্যৰে সভা ভংগ হয়।