আপুনি বাৰু কেতিয়াবা কোনো কাৰণত হতাশ হৈ পৰে নেকি? নিজকে বৰ অকলশৰীয়া যেন অনুভৱ কৰে নেকি? যদি কৰে তেনে সময়ত আপোনাৰ বাবে এটা প্ৰতিৰক্ষা বাহিনী গঠন কৰাটো আপুনি প্ৰয়োজনীয় বুলি নাভাবেনে? এই প্ৰতিৰক্ষা বাহিনী গঠনৰ বাবে আমি নিজকে সংযত কৰিব লাগিব, তাৰ বাবে ধ্যান অতি উপযোগী। এতিয়া প্ৰশ্ন হ'ল ধ্যান কি আৰু কেনেকৈ কৰা হয়?

যোগৰ মৌলিক গুৰু পতঞ্জলীয়ে কৈছে, "এটা চিন্তাকে নিৰৱচ্ছিন্নৰূপে চিন্তা কৰাই ধ্যান। আকৌ স্বামী বিবেকানন্দৰ মতে, "কোনো এটা বস্তুত মনটো নিবন্ধ কৰি ৰখাকে ধ্যান বোলে। পিছে ধ্যান কেনেদৰে কৰা হয় - এই কথা অতি গুৰুত্বপূৰ্ণ। এই ধ্যান অৰ্থাৎ মেডিটেশ্বন কৰিবলৈ সুখাসন অৰ্থাৎ যি আসনত বহি আপুনি সুখ অনুভৱ কৰে(যেনে- পদ্মাসন, সিদ্ধাসন, ব্ৰজ্ৰাসন আদি) তেনে আসনত বহি 'ওম' শব্দটো মুখেৰে উচ্চাৰি লাহে লাহে দীঘলীয়াকৈ উশাহ টানিব। আকৌ আগৰ দৰে 'ওম' শব্দটো উচ্চাৰি লাহে লাহে দীঘলীয়াকৈ উশাহ এৰি দিব। এই কাৰ্যপ্ৰণালীটোত দুচকু জপায় প্ৰায় কুৰি মিনিট সময় পুনৰ অভ্যাস কৰা উচিত।

ড° সুনীল কুমাৰ শইকীয়াৰ ভাষাত ক'বলৈ হ'লে ধ্যান কৰিবলৈ বিশেষ কোনো আয়োজনৰ প্ৰয়োজন নাই। পুৱা বা গধূলি ঘৰত নিজে ভালপোৱা কোনো এটা কামত বহি প্ৰথমে দুই এক মিনিট মান একোটা সাধাৰণ প্ৰাণায়াম কৰি চকু দুটা লাহেকৈ বন্ধ কৰি দেহ আৰু মনৰ পৰা চিন্তা ভাৱনা আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰিব লাগে, ইয়াৰ সমান্তৰালকৈ দেহৰ পৰা অলস বা ভাগৰ ভাৱ নাইকীয়া হৈ শিথিল হৈ পৰে লগতে চঞ্চলতা কমে আৰু সহনশীলতা বাঢ়িবলৈ ধৰে।

(ড° সুনীল কুমাৰ শইকীয়াৰ ২৪/১০/১১ তাৰিখ 'আমাৰ অসম'ৰ 'মেডিটেশ্বন বা ধ্যান কৰক' শীৰ্ষক চিঠিৰ একাংশ।)

* থোৰতে ধ্যানৰ কেইটামান উপকাৰিতা :

১/ ধ্যানে ৰক্ত সঞ্চালন উন্নতি আৰু উচ্চ ৰক্তচাপ ত্ৰাস কৰে।

২/ ধ্যান গভীৰ নিদ্ৰাতকৈও দুগুণ গভীৰ বিশ্ৰাম। সেয়ে ই স্বাস্থ্যৰ পক্ষে অতি উপকাৰী।

৩/ ধ্যানে জৈৱিক বয়স কমাই ৰাখে। ইয়াৰ বৈজ্ঞানিক প্ৰমাণো আছে, যৌৱন অক্ষুন্ন ৰাখে DHEA নামৰ হৰ্মন এৰিধে, এইবিধ ২৫ বছৰৰ পিছত ত্ৰাস পাই ৭০ বছৰত নোহোৱা হৈ যায়। কিন্তু সমীক্ষাত দেখা গ'ল যে ধ্যান কৰা ব্যক্তিসকল এইক্ষেত্ৰত ব্যতিক্ৰম।

৪/ ধ্যান কৰাৰ ফলত পিটুইটাৰী গ্ৰন্থী অধিক সক্ৰিয় হৈ থাকে সেয়ে তেনে ব্যক্তি ব্যাধি মুক্ত হৈ থাকে।

অৱশ্যে এইকথাত উল্লেখ কৰিব লাগিব যে যোগাসন বা ধ্যান কোনো চিকিৎসা বিজ্ঞান নহয় মাত্ৰ ৰোগ নিৰাময় যোগাভ্যাসৰ এটি পৰিণতিহে।

প্ৰাসঙ্গিক গ্ৰন্থপঞ্জী :

১/ : যোগ বিজ্ঞানৰ পৰিচয়

২/ : স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

৩/ : অফুৰন্ত যৌৱনৰ সঁচাৰ কাঠী

৪/ জি এন আৰ চি স্বাস্থ্য