নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ব শাসিত)একবিংশ শতিকাৰ আমি হৈছো নতুন প্ৰজন্ম। নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা আমি কঢ়িয়াই লৈ ফুৰো এক মানসিক যান্ত্ৰণা, তাৰ উমান কেনেদৰে দিওঁ বাৰু! পিট্‌ পিট্‌কৈ বিচাৰি ফুৰিও অভিধানত বিচাৰি নাপাওঁ যথাযথ শব্দৰ অভিধা। অথচ মনত আমাৰ জীৱন জিনাৰ দুৰ্বাৰ বাসনা। বিচাৰি ফুৰো হাৱাৰ্ড ফাষ্টৰ ‘‘ টনিৰ আচৰিত দুৱাৰখন’’ যিখন দুৱাৰেদি গৈ ৰহস্যৰ ৰহঘৰাত নিজকে পাহৰি যাম। অনেক ৰহস্যৰ পম খেদি থাকোতেই অজানিতে হৈ যায় ভুলবোৰ। বিশ্বাস কৰক, যুৱ প্ৰজন্মৰ শপত হৈ যোৱা ভুলৰ বাবে অনুতাপত দগ্ধ হোৱাৰ হৃদয় এখন আমাৰো আছে। দুখ লাগে আৰু এটা কথাত শতকৰা পঞ্চাশজনৰ অপৰাধৰ বোজাটো এশজনে বহন কৰিব লগা দুৰৱস্থাটোত। সাধাৰণীকৰণৰ নীতিত পৰি আমি হেৰুৱাই পেলাইছো ফুল, তৰা, গানৰ কোমলতা। আশাক জীপ দি বাট বুলিবলৈ যাওঁতেই কেণা লাগে সপোন বচা ফুলবোৰত। অনাকাংক্ষিত অপৰাধমূলক কাম-কাজৰ বিনিময়ত লাভ কৰো ‘‘উছৃংখলিত যুৱ সমাজ’’ৰ শিৰোনাম।দোষ নধৰে যদি এষাৰ কথা ক’ব বিচাৰিছো। উছৃংখল কেৱল যুৱ প্ৰজন্মই নহয়, মধ্যবয়সীয়া কিম্বা অশীতিপৰ ব্যক্তিয়েওটো শৃংখলিত জীৱন-যাপন কৰিছে বুলি ন দি ক’ব নোৱাৰি। স্বীকাৰ কৰো, তৰুণ প্ৰজন্মৰ বহুতেই অনৈতিক কাৰ্য-কলাপত লিপ্ত হৈছে। ইয়াৰ ফলশ্ৰুতিত ভুলৰ শুধৰণি কৰিবলৈ নেতিবাচক সমালোচনা কৰাৰ বিপৰীতে গঠনমূলক ভূমিকা গ্ৰহণ কৰিলে যুৱ সমাজ নিশ্চয় উপকৃত হ’ব। কিয়নো এনে নেতিবাচক সমালোচনা অথবা সংবাদ মাধ্যমৰ অতিৰঞ্জিত বাতৰি প্ৰদৰ্শনে যুৱচামক বিৰূপ প্ৰভাৱ পেলোৱাহে পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত অভিভাৱককো এৰাই চলিব নোৱাৰি। নিজৰ সন্তানক ‘জিনিয়াছ’ বনাবলৈ যাওঁতে একাংশ অভিভাৱকে সৃজনীশীল প্ৰতিভাসমূহক আওকাণ কৰি কেৰিয়াৰমুখী জীৱন গঢ়াত ব্যতিব্যস্ত হৈ পৰাও দেখা যায়। এনেদৰে অভিভাৱকে বান্ধি দিয়া লক্ষ্যত উপনীত হ’ব নোৱাৰি হতাশাত ভূগি অনৈতিক কাৰ্য্য-কলাপত লিপ্ত হয়। তেনে বহুতো ভুক্তভোগীকলৈয়ে গঠিত হয় উছৃংখল যুৱসমাজ। আজি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই সৌৰজগতৰ গ্ৰহসমূহৰ মাজত দূৰত্ব কমাই অনাৰ বিপৰীতে বয়োবৃদ্ধ সকলৰ পৰা তৰুণ প্ৰজন্মৰ ব্যৱধান বঢ়াই আনিছে। এনে পৰিস্থিতিত ত্যাগ আৰু গ্ৰহণত গুৰুত্ব দিলে নিশ্চয় এখন সুস্থ সমাজ গঢ় লৈ উঠিব।‘‘যুৱ উছৃংখলতা’’ বৌদ্ধিক মহলৰ বাবে চিন্তনীয় বিষয় হৈ আহিছে অতীত, বৰ্তমান কিম্বা ভৱিষ্যতে। কিন্তু, চিন্তন কৰিলেইতো সম্ভৱপৰ নহ’ব পাৰে সমস্যাৰ উপযুক্ত সমাধান। আমিও বিচাৰো এখন সুস্থ, সবল সমাজৰ উপযুক্ত অংশীদাৰ হোৱাৰ স্বৰ্ণময়ী সুযোগ। গতিকে, বিজ্ঞ সমাজে আমাক সেই পথৰ সন্ধান দিয়ক, যাৰ দ্বাৰা আমি গৌৰৱেৰে থিয় দিব পাৰিম সকলোৰে বিশ্বাসৰ মজিয়াত। সন্ধান দিয়ক সেই ‘অদৃশ্য দুৱাৰ’ খনৰ যাৰ বাবে আমি এতিয়াও প্ৰতীক্ষাৰত। মই মোৰ সতীৰ্থসকলক এখন সুস্থ, সবল আৰু নিকা সমাজ গঢ়াৰ সহায়ক হ’বলৈ আহবান জনাইছো।

হে সতীৰ্থবৃন্দ ! আহাঁ !

‘‘আমি দুৱাৰ মুকলি কৰো !!’’