সাম্প্ৰতিক প্ৰেক্ষাপটত একপ্ৰকাৰৰ ঘাতক ভাষাস্বৰূপ হৈ পৰা ইংৰাজী ভাষাই অসমীয়াৰ দৰে প্ৰান্তীয় ক্ষুদ্ৰ ভাষাসমূহলৈ সংকট কঢ়িয়াই আনিছে‍- যিটো অনস্বীকাৰ্য। ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আগ্ৰাসন আৰু ইংৰাজী ভাষাৰ প্ৰতি থকা দুৰ্বলতাৰ ফলত আমি এনে এটা পৰ্যায় লাভ কৰি যিসময়ত আমি এটা শিশুক ‘তোমাৰ নামটো কি?’ বুলি সুধিলে তাৰ প্ৰত্যুত্তৰত ‘মাই নেম ইজ অমুক’ বুলি কয়। শিশুগৰাকীৰ মুখত আখৈ ফুটাদি ফুটা ইংৰাজী শব্দবোৰ শুনি শিক্ষিত মাক-দেউতাক গৌৰাৱান্বিত হয়। আমাৰ নিজৰ মাতৃভাষাটো যদি এনেদৰে আমাৰ দ্বাৰাই অৱহেলিত হয় তেন্তে ইয়াতকৈ দূৰ্ভাগ্যজনক কথা আমাৰ বাবে একো হ’ব নোৱাৰে। মাতৃভাষাৰ সমান্তৰালভাৱে আমি যদি অন্য ভাষা শিকো বা জানো ই আমাৰ জ্ঞানৰ পৰিসৰ বিস্তাৰ কৰাত সহায়ক হ’ব। এইক্ষেত্ৰত ইংৰাজী ভাষাটো জনাটো আজিৰ প্ৰেক্ষাপটত অত্যন্ত আৱশ্যক। কিন্তু ইংৰাজী মাধ্যমত পঢ়াৰ বাবেই মাতৃভাষাটো নজনাটো, মাতৃভাষাত কথা কবলৈ কুন্ঠাবোধ কৰাতো আৰু নিজ সন্তানে অসমীয়াত কথা ক ’ব নাজানে বুলি অভিভাৱকে গৌৰৱবোধ কৰাতো কোনোপধ্যে যুক্তিসংগত হ’ব নোৱাৰে, নিশ্চিতভাৱে এয়া হ’ব মানসিক দৈন্যতাৰ পৰিচায়ক আৰু একোটা সুস্থ জাতিৰ বাবে ই চৰম লজ্জাজনক কথা। আমাৰ মাজত এই ভাষিক জাতীয়তাবাদী চেতনাৰ অভাৱে মাতৃভাষাটোকে ক্রমশঃ বিলুপ্তিৰ গৰাহলৈ ঠেলি দিছে‍ কুঁৱাৰ ভেকুলী হৈ নাথাকি বাহিৰৰ খবৰ ৰখা সকলে জানে যে চীন আৰু জাপানে ইংৰাজী ভাষাৰ প্ৰতি আনুগত্য প্ৰদৰ্শন নকৰাকৈয়ে কেৱল নিজৰ ভাষাৰ ব্যৱহাৰৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হৈ।ছে‍ ইয়াৰ মূলত আছে‍ নিজৰ জাতি, নিজৰ ভাষাৰ প্ৰতি থকা তেওঁলোকৰ সুতীব্ৰ টান। ভাৰতৰ পটভূমিতো বঙালী, তামিল, তেলেগু আদি ভাষিক সম্প্ৰদায়ৰ মাজত এই চেতনাটো বলিষ্ঠৰূপত পৰিলক্ষিত হয়। কিন্তু অসমীয়া ব্যৱসায়, শিক্ষা, সংস্থাপন ইত্যাদি বিভিন্ন সংক্রান্তত বহিঃৰাজ্যৰ পৰা অসমলৈ বিভিন্ন সময়ত প্ৰব্ৰজন হৈছে‍ যিটো স্বাভাৱিক ( কিন্তু, এই ক্ষেত্ৰত বিদেশী অনুপ্ৰৱেশ গ্ৰহণযোগ্য নহয়)। বিষয়টো উত্থাপন কৰাৰ কাৰণ হ’ল - বৃহৎ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়ৰ ব্যৱসায় পৰ্যন্ত অসমৰ সমগ্ৰ ব্যৱসায়িক ক্ষেত্ৰখনতেই বহিৰাগত ব্যৱসায়ীৰ প্ৰাদূৰ্ভাৱ স্পষ্ট। অসমৰ শিক্ষিত যুৱক-যুৱতীৰ চাকৰিমুখী স্বভাৱৰ বাবে ব্যৱসায়ৰ দৰে অন্যান্য ক্ষেত্ৰসমূহ বহিৰাগতই দখল কৰিহি। স্থল ৰুচি বিলাসিতাৰ পিছত দৌৰা অগভীৰ জীৱনবোধ সম্পন্ন আমাৰ যুৱক-যুৱতী সকলৰ ক্ষেত্ৰত পৰিশ্ৰমবিমুখিতা, ধৈৰ্য্যহীনতা, অসহনশীলতা আদি অন্যতম চাৰিত্ৰিক বৈশিষ্ট্য। চৰকাৰী চাকৰীৰ প্ৰতি মাত্ৰাধিক নিৰ্ভৰশীলতাই অসমীয়া জাতিক এটা এলেহুৱা আৰু কৰ্মবিমুখ জাতিত পৰিণত কৰিছে।‍ এনে প্ৰেক্ষাপটত আমাক প্ৰয়োজন এক কৰ্ম সংস্কৃতিৰ আৰু এই কৰ্মসংস্কৃতি গঢ়ি তোলাত নতুন প্ৰজন্মই হাত উজান দিব লাগিব। শাৰীৰিক পৰিশ্ৰম কৰিব পৰা শক্তি আৰু শাৰীৰিক পৰিশ্ৰমক ভাল পাব পৰা মানসিকতাইহে একোটা জাতিক উন্নয়নৰ শিখৰলৈ লৈ যাব পাৰে। উদাহৰণ - আমেৰিকা, জাপান। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ জাতি ইহুদীসকলৰ জাতিগত বৈশিষ্ট্যই হ’ল শাৰীৰিক পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা। সেয়ে হয়তো আধুনিক জগতৰ চিন্তা, দৰ্শন আৰু আদৰ্শত আটাইতকৈ গভীৰ প্ৰভাৱ বিস্তাৰ কৰা আইনষ্টাইন, কালৰ্মাক্স আৰু ফ্ৰয়ডৰ জন্ম হৈলি একোজন ইহুদী হিচাপে। সমগ্ৰ জীৱন কঠোৰ পৰিশ্ৰমকেই নিজৰ ধৰ্ম হিচাপে গ্ৰহণ কৰা ভলতেয়ৰে কৈছে‍- ‘জীৱনৰ বাটত মই যিমানেই আগবাঢ়িছো সিমানেই কাম কৰাৰ প্ৰয়োজন মই বেছি‍কৈ অনুভৱ কৰোঁ। মানুহৰ জীৱনত শেষ পৰ্যন্ত কামেই হৈ পৰে গভীৰতম আনন্দৰ উৎস। মোহভংগ সৃষ্টি কৰি শূণ্যতা পূৰণ কৰিব পাৰে কেৱল কামে।’ চূড়ান্ত এলেহুৱা আমাৰ অসমীয়াসকলৰ বাবে এটা সৌভাগ্যৰ কথা হ’ল আমাৰ অসমীয়া ভাষাতে ‘কাম কৰাৰ আনন্দ’ নামৰ এখন গ্ৰন্থ হোমেন বৰগোহাঞিয়ে ২০০৭ চনতে লিখি উলিয়াইছিল যিখন গ্ৰন্থক আমি নিজক কৰ্মোদ্যমী কৰি গঢ়ি তোলাৰ বাবে হাতপুথি হিচাপে গ্ৰহণ কৰিব পাৰো।পুনৰ পূৰ্বৰ প্ৰসংগটোলৈ ঘুৰি যাব খুজিছো - আমাৰ উন্নত (?) অসমীয়া সমাজখনত নিম্ন শ্ৰেণীৰ বৃত্তি হিচাপে স্বীকৃত ৰিক্সাৱালা, নাপিত, ঠেলাৱালা আদিৰ গৰিষ্ঠসংখ্যকেই বহিঃৰাজ্যৰ পৰা অহা। হিন্দী, ভোজপুৰী, বাংলা ইত্যাদি ভাষাত তেওঁলোকে কথা কয় আৰু দূৰ্ভাগ্যজনকভাৱে আমিও এওঁলোকৰ লগত তথা অন্যান্য ভিন্নভাষী, ভিন্নবৃত্তি ,ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ লগত তেওঁলোকৰ ভাষাতেই ভাৱ বিনিময় কৰাৰ চেষ্টা কৰো, ফলত বহু বৰ অসমত অতিবাহিত কৰাৰ পাতো তেওঁলোক অসমীয়া ভাষাটো শিকিবলৈ বাধ্য নহয়। ভাৰতত উন্নত ৰাজ্যসমূহত এই পৰিৱেশ সম্পূৰ্ণ বিপৰীত। বহিঃৰাজ্যত কোনো কামত নিজকে নিয়োজিত কৰিবলৈ হ’লে সংশিষ্ট স্থানৰ ভাষাটো আয়ত্ত কৰাটো অপৰিহাৰ্য।স্বীকাৰ কৰিব লাগিব যে নিজৰ ভাষাটোৰ প্ৰতি থকা অনীহা আৰু অৱজ্ঞা আমাৰ নতুন প্ৰজন্মৰ মাজতো পৰিলক্ষিত হয়। নিজৰ ভাষাটোৰ প্ৰয়োগৰ ক্ষেত্ৰত বাৰেপাচি ভুল কৰাৰ সমান্তৰালভাৱে বিকৃত শব্দভাণ্ডাৰৰ প্ৰয়োগ এক প্ৰকাৰৰ ফেশ্চন হৈ পৰিছে‍ এনেধৰণৰ পৰিস্থিতি মুঠেও গ্ৰহণযোগ্য নহয়। আমি নতুন প্ৰজন্মৰ প্ৰতিগৰাকী সদস্য নিজৰ জাতি, নিজৰ ভাষাৰ প্ৰতি সচতেন আৰু দায়বদ্ধ হোৱাৰ প্ৰয়োজন। এটা জাতিৰ বিকাশৰ বাবে জাতীয়তাবাদী মানসিকতাৰ প্ৰয়োজনীয়তা নিসন্দেহে আছে৷‍