বিশিষ্ট সমাজসেৱী, ফিল্মমেকাৰ, প্ৰবল আশাবাদী, দৰদী তথা সমকালৰ স্বাসৰুদ্ধকাৰী নিৰ্মলতাৰ মাজতো নিজৰ স্থিতি সবল কৰি ৰখা, শোষক আৰু শোষিতসকলৰ ছবি প্ৰস্ফুটিত কৰা, অসমৰ প্ৰতিথযশা পৰিচালক হ’ল জাহ্নু বৰুৱা।বিগত শতিকাৰ অসমৰ জাতীয় সংস্কৃতি তথা পৰম্পৰাৰ উত্তৰাধিকাৰীৰ প্ৰত যিকেইগৰাকী প্ৰতিভাসম্পন্ন ব্যক্তিয়ে অসমৰ জনজীৱনত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল তাৰ ভিতৰত অসমৰ মাটি-পানীয়ে সাৰুৱা কৰা পৰিচালক জাহ্নু বৰুৱা অন্যতম। ‘মই সদায় পৃথিৱীখনক এটা দৃষ্টিভংগীৰে চাওঁ যাৰ জৰিয়তে মই পৃথিৱীৰ সুন্দৰতাসমূহ উপলব্ধি কৰিব পাৰোঁ। উদ্ধৱ বৰুৱাদেৱৰ বাক্যশাৰীৰ দ্বাৰা প্ৰতীয়মান হয় প্ৰকৃতিৰ প্ৰতি থকা দুৰ্বলতাই চাগে বৰুৱাদেৱক পৃথিৱীখনৰ প্ৰতি, ইয়াৰ ফুল, পখিলা, নদী, গাঁও, মানুহৰ প্ৰতি সঁচা আন্তৰিকতা গঢ় দিছে যাৰ প্ৰতিফলন ঘটিছে তেওঁৰ প্ৰতিখন চলচিত্ৰ, প্ৰতিটো কাহিনীত।‘এজন দায়বদ্ধ কবি কেতিয়াও স্বয়ম্ভু বা নিৰ্বিকল্প হ’ব নোৱাৰে। তেওঁ আৰ্জিতবোধ সমাজ চেতনাৰ সতে সংযুক্ত’হীৰুদাৰ এই বাক্যশাৰী যেন বিখ্যাত পৰিচালক জাহ্নু বৰুৱাৰ লগত সংপৃক্ত। হয় সৰলতাৰ সমল হিচাপে লৈ সৰলতাখিনিক অনুভৱ কৰি তাৰ আঁৰৰ শক্তিক উপলব্ধি কৰি প্ৰযোজনা কৰা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচিত্ৰ হ’ল ‘ফিৰিঙতি’। সমাজৰ দৰিদ্ৰ, নিপীড়িত, হোজা মানুহৰ সৰলতা, সেইসকলৰ ঘৰগোনা স্বভাৱৰ কিছুসংখ্যক লোক তথা শোষ-শোষিতৰ সমান্তৰালভাৱে ভাল মনোবৃত্তিৰ মানুহৰ উপস্থিতৰ সমাহাৰ জাহ্নু বৰুৱাৰ ‘ফিৰিঙতি’ এখন সেইসময়ৰ খলকনি তোলা, বৰ্তমান সময়লৈকে স্থিতি অক্ষুণ্ণ থকা এখন উন্নত মানৰ চলচিত্ৰ বুলি ক’ব পাৰি।ছবিখনৰ কাহিনীভাগ ঘটিছে ১৯৬২ চনত। সেই সময়খিনিক ৰূপালী পৰ্দাত বিশ্বাসযোগ্যভাৱে তুলি ধৰোতে জাহ্নু বৰুৱাক সঠিকভাৱেই সহায় কৰিছে শব্দগ্ৰহণত যতীন বৰুৱা আৰু গীতত সত্য বৰুৱা।ঝক ঝককৈ অহা ৰেলৰ শব্দ যেন ৰিতুৰ হৃদয়ৰ কোনোবাখিনিত বাজি উঠিছে, এক নতুন আশা বুকুত বান্ধি অহা ৰিতু যেন অতীতৰ ল’ৰালি, কৈশোৰ, যৌৱনৰ কোনোবাখিনিত হেৰাই গৈছে।দেশ স্বাধীন হোৱা ১৪ বছৰৰ শিক্ষাৰ পোহৰ নোপোৱা ১৯৬২ চনৰ অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত কৰঙা গাঁওখন। কৰঙাৰ ৰাজহাড় ৰূপে পৰিচিত দিবৈ নৈখনে যেন গাঁওখনক মাতৃৰ উমেৰে জীপাল কৰি ৰাখিছে। গাঁওখনৰ মূৰত থকা আঁহতজোপাই সকলোকে ছাঁ দি একতাৰে বান্ধি ৰাখিছে. কাহিনীটোৰ মুখ্য চৰিত্ৰ হিচাপে ৰিতু হ’ল এগৰাকী বিধৱা নাৰী, সৰুতেই মাকক হেৰুৱাৰ পাছত দেউতাকৰ ছত্ৰছায়াত ডাঙৰ হোৱা ৰিতুক ধুমধামেৰে কইনা সজাই উলিয়াই দিছিল। বিয়াৰ কেইদিনমানৰ পিছত গাৰ মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই গিৰিয়েকৰ আকস্মিক মৃত্যু হৈছিল। যাৰবাবে জগৰীয়া হৈছিল ৰিতু, এগৰাকী গাভৰু বিধৱা জীয়েকৰ শেঁতা পৰি যোৱা জীৱনটোলৈ চাই দেউতাকে ৰিতুক ঘৰলৈ লৈ আনিছিল।কৰঙা গাঁওখনলৈ শিক্ষয়িত্ৰী হিচাপে নিযুক্তি পোৱা ৰিতুৱে গাঁওখনলৈ আহি নিজৰ চিনাকি দিছিল যদিও গাঁওবুঢ়াৰ লগতে গাঁওখনৰ সকলো আচৰিত হৈছিল। কিয়নো গাঁওখনত থকা স্কুলঘৰ কেতিয়াবাই জহি-খহি গ’ল। স্কুলঘৰটো ভাঙি যোৱাৰ পিছতো সেইসময়ৰ শিক্ষকজনে যে বেতন লাভ কৰি আছিল সেই কথা জনা নাছিল গাঁওখনৰ হোজা মানুহখিনিয়ে। সৰল মানুহখিনিৰ মনৰ বুজ লৈ গাঁওখনৰ মূৰত অৱস্থিত আঁহতজোপাৰ তলতে আৰম্ভ কৰিলে শিক্ষাদান। পিছপৰা গাঁওখনৰ অবুজন হৈ থকা ল’ৰা-ছোৱালীবোৰক থানথিত লগাওঁতে শিক্ষয়িত্ৰী ৰিতু বহু কষ্টৰ সন্মুখীন হৈছিল। কোনোবা ঘৰত দেউতাক আগ্ৰহী আনফালে মাকৰ লাচনী-পাচনিৰ অভাৱ। তথাপি প্ৰৱলমনা ৰিতুৱে হাৰ নামানিছিল। এনেদৰে মনৰ খু-দুৱনিৰ প্ৰতিটো অৱস্থা নতুন অভিজ্ঞতাসমূহ ডায়েৰীৰ পাতত লিখি গ’ল ৰিতুৱে।‘বিকল্প কঠিন হ’ব পাৰে কিন্তু অসম্ভৱ নহয়’বাক্যশাৰীয়ে ৰিতুক মনোবল দিছিল। প্ৰতিঘৰ মানুহৰ স্কুলখনলৈ উৎসাহ বাঢ়িবৰ বাবে লগতে সকলোৰে মৰম চেনেহ অটুট ৰখাকৈ প্ৰতিঘৰ মানুহৰ একোডাল বাঁহেৰে তথা সকলোৰে সহযোগত স্কুলঘৰটো প্ৰতিষ্ঠা কৰিছিল। এনেদৰে আৰম্ভ হৈছিল এক নতুন যাত্ৰা। প্ৰতিবন্ধকৰূপে থিয় দিছিল বহুত বাধাই, তথাপি এইগৰাকী সাহসী নাৰীৰ মনোবল হেৰাই যোৱা নাছিল। এনেকৈয়ে এগৰকো দৃঢ় প্ৰতিজ্ঞ শিক্ষয়িত্ৰীয়ে অতদিনে হৈ নুঠা স্কুলঘৰটো অতি কষ্টেৰে গঢ় দিওঁতেই গাঁৱৰে কেইজনমান সুঠাম ডেকাৰ গা পুৰিছিল। মূলতঃ এজনৰপৰাই আৰম্ভ কৰি ফিৰিঙতিৰপৰা খাণ্ডৱ দাহ হোৱাৰ দৰে মানসিকতাৰ পৰশত জীপাল হ’ব নোৱাৰা কেইজনমান ডেকাই স্কুলঘৰটো পুৰি পেলাইছিল। এনেদৰে শেষ হৈছিল এটা আৰম্ভণিৰ।থূলমূলকৈ এয়াই আছিল ‘ফিৰিঙতি’ চলচিত্ৰৰ মূল কাহিনীভাগ। সামগ্ৰিকভাৱে বিশ্লেষণ কৰিলে ছবিখনত যেন সমাজৰ প্ৰতিটো চৰিত্ৰকে প্ৰতিনিধিত্ব কৰিছে। ব্যৰ্থতাই কোঙা কৰিলেও এগৰাকী নাৰীয়ে কিদৰে মনৰ চেপা উত্তেজনাবোৰ নীৰৱে সহ্য কৰি এখন স্কুল প্ৰতিষ্ঠা কৰিছিল, কিদৰে শিক্ষাৰ পোহৰ নোপোৱা গাঁওখনৰ ল’ৰা-ছোৱালীৰ লগতে বৃদ্ধসকলক অকণমান জ্ঞানৰ পোহৰে আলোকিত কৰিছিল সেই বিষয়ে সুন্দৰকৈ উল্লেখ আছে। ছবিখনৰ প্ৰতিটো চৰিত্ৰক পৰিচালকে জীৱন্তভাৱে উপস্থাপন কৰিছে। প্ৰত্যেকটো চৰিত্ৰ যেন সক্রিয় ৰূপত পৰিস্ফুট হৈছে। কাহিনীটোত দেখা পোৱা চৰিত্ৰসমূহ বিশ্লেষণ কৰিলে দেখা পোৱা যায় যে ৰিতুৰ দেউতাক এজন সামাজিকভাৱে সচেতন ব্যক্তি। নাৰীৰ মৰ্যাদা বুজি পোৱা, জীয়েকক শিক্ষকতা কৰিবলৈ পঠাই তেওঁ সেইসময়ৰ পুৰুষ সমাজৰ মাজত বিৰল প্ৰতিভা দাঙি ধৰিছে। দুখত ছাঁ দি দুৰ্গম পথৰ সন্ধানত কিদৰে জয়ী হ’ব লাগে, কিদৰে অযুক্তিকৰ কিছুমান কথাত গুৰুত্ব নিদি নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিব লাগে আদি বুজনি চৰিত্ৰটোত ফুটি উঠিছে। যদিও সমালোচকৰ বাবে কাহিনীৰ মূলভাৱ তথা চৰিত্ৰ বিশ্লেষণৰ প্ৰয়োজন নাই তথাপি সমালোচনাৰ বাবে আলোচনাৰ প্ৰয়োজন নুই কৰিব নোৱাৰি।প্ৰতিখন সমাজতে কিছুসংখ্যক ব্যক্তিত্বসম্পন্ন ব্যক্তিয়ে যে বটবৃক্ষৰ দৰে সকলোকে ছাঁ দি থাকে তাৰ উদাহৰণ আমি পাওঁ ‘গাঁওবুঢ়া কেইজনৰ’। পৰিচালকে এই ছবিত গঢ় দিছে এক বিনোদনপূৰ্ণ চৰিত্ৰ ‘পইচাখোৱা’। হাঁহিৰ খোৰাক যোগোৱা তথা মিলিটেৰী সাজ পৰিহিত পইচাখোৱা চৰিত্ৰটোৱে সমাজত দেখা ‘ঘৰগোনা’ স্বভাৱিৰ ব্যক্তিৰ বিষয়ে কৈছে। পইচাখোৱা ভঙা ভঙা ইংৰাজীতে কোৱা দ্বিতীয় বিশ্বযুদ্ধৰ কথা গাঁওখনৰ হোজা বৃদ্ধ লোকসকলে কাণপাতি শুনে। আশাবাদী নাৰী হিচাপে প্ৰতিফলন হোৱা ‘ডালিমী’ৰ চৰিত্ৰটো এক বাস্তৱসত্য। অশিক্ষিত তথা হোজা লোকসকলৰ মাজত থাকিও পৰিৱেশৰ দাস হ’ব নোখোজা এগৰাকী পঢ়িবলৈ আগ্ৰহী যুৱতীৰ চৰিত্ৰটোকে বুজাব বিচাৰিছে যে সূৰ্যৰ পোহৰ উদ্ভাসিত নহ’লে সামান্য জোনাকৰ সৌন্দৰ্যৰে সজাই তুলিব পাৰি মনৰ বালিঘৰ। সঁচাকৈ প্ৰকৃত উদ্যম তথা আগ্ৰহ থাকিলে যে মানুহে অসাধ্য সাধন কৰিব পাৰে।ডালিমীৰ ককায়েক ‘লাচিত’ৰ চৰিত্ৰটো এটা উল্লেখযোগ্য চৰিত্ৰ। এজন সঁচা দেশপ্ৰেমিক, সমাজৰ ধনী লোকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি, সঁচাক সঁচা বুলি প্ৰমাণ দিব বিচৰা এইজন যুৱক বন্দী হয় জেলত, বিনা অপৰাধত বন্দী কৰি ৰাখে উগ্ৰপন্থী সজাই। মুক্তি পাবনে সেই উদ্যমী পুৰুষে যি সমাজখন নিকা কৰিব বিচাৰে। হয় সমাজত এনে কিছুমান ব্যক্তি থাকে যি পৃথিৱীৰ সৌন্দৰ্যত অন্তৰ্দৃষ্টিৰে চাব খোজে আৰু কবি মনৰ এনে কিছুমান ব্যক্তিৰ উমান নাপায় অৱহেলিত হয় তেওঁ সেই সমাজখনত। আঁতৰি ফুৰিলেও যেন নিজৰ জন্মভূমি গাঁওখনে তেওঁক ৰিঙিয়াই মাতে, ‘গাঁওখন যেন একুৰা জুই, মই যেন এটি ফিৰিঙতি, ফিৰিঙতিৰ মই যেন এটি মাত্ৰ কণা...।’ অনুজ দুৱৰা নামৰ চৰিত্ৰটোত ফুটি উঠিছে জন্মভূমিৰ প্ৰতি শ্ৰদ্ধা থকা প্ৰকৃতিৰ লগত অনাবিল প্ৰেম। ছবিখনত থকা আন এক খুহুতীয়া চৰিত্ৰ হ’ল ‘পিয়ন’। মাষ্টৰণীৰ চিঠি দিবলৈ আহি গাঁওখনক আপোন কৰি লোৱা, গাঁৱৰ মানুহৰপৰা তেল, খৰি, ঘৰৰ এসাঁজ যোগাৰ কৰি লোৱা, পিয়নৰ চৰিত্ৰটোৱে এনে এচাম লোকৰ প্ৰতিনিধিত্ব কৰিছে যি চলাহী কথাৰে আনৰ মন ভোলাব পাৰে।যিদৰে পোহৰ থাকিলে আন্ধাৰ থাকে, দিনৰ পিছত ৰাতি হয় ঠিক সেইদৰে সমাজত ভাল মানুহ থকাৰ দৰে বেয়া মানুহৰো অভাৱ নাথাকে। ‘চন্দ্ৰ’ চৰিত্ৰটোৰ দ্বাৰা পৰিচালকে এনে এটা দিশ উন্মোচিত কৰিছে, যিনেকি বিবেকেৰে যিকোনো কথা চালি-জাৰি নাচায় আৱেগৰ বশৱৰ্তী হৈ কাম কৰে যাৰ ফলশ্ৰুতি হৈ পৰে অতি ভয়াৱহ। সমাজৰ বন্ধ্যা আধুনিকতাক গ্ৰহণ কৰি উশৃংখলতাৰ বাট প্ৰশস্ত কৰা এনে কিছুমান সুঠাম ডেকাই সন্ধ্যা নমাই আনে সমাজলৈ মুহূৰ্ততে ধ্বংস কৰে পুৱাৰ কাঁচিয়লি ৰ’দত জিলিকি উঠা নিয়ৰবোৰ।এনেদৰে আলোচনা কৰিলে আমাৰ প্ৰত্যক্ষ হয় যে শিল্পী মনৰ তথা সমাজৰ যন্ত্ৰণাজৰ্জৰ আৰ্তনাদৰ ক্রন্দন শুনা, সৰু সৰু চৰিত্ৰক প্ৰৱলৰূপে গঢ় দিবলৈ চেষ্টা কৰা পৰিচালক জাহ্নু বৰুৱাৰ চলচিত্ৰ ‘ফিৰিঙতি’ এখন উন্নত মানৰ ছবি যদিও ইয়াত ভালেমান আসোঁৱাহ ৰৈ যোৱা দেখা যায়। ছবিখনৰ কাহিনীভাগ ১৯৬২ চনৰ অৰ্থাৎ দেশ স্বাধীন হোৱাৰ ১৪ বছৰ পিছৰ পটভূমিত নিৰ্মাণ কৰা হৈছে যদিও সম্পূৰ্ণ বিশ্বাসযোগ্য কৰি তুলিব পৰা নাই। ছবিখনত দেখা ‘টুনী’ৰ চৰিত্ৰটোও আধৰুৱা হৈ থাকিল, টুনী বাইদেউৰ চৰিত্ৰটোত যেন কিছু সংলাপৰ প্ৰয়োজন আছিল। সামগ্ৰিকভাৱে ৰিতু আৰু গাঁওবুঢ়া চৰিত্ৰটোৰ বাদে প্ৰায় সকলোবোৰ চৰিত্ৰ একেই হোৱা দেখা গ’ল, বিশেষ শক্তিশালী বক্তব্য বিচাৰি পোৱা নগ’ল।ছবিখনত মহিলাতকৈ পুৰুষৰ উপস্থিতি তথা সক্রিয়তা খুব কমকৈ প্ৰকাশ পোৱা দেখা গৈছে। কোনো কোনো সময়ত কাহিনীটোত একেই ঘটনাকে পুনৰাবৃত্তি দেখা পোৱা গ’ল যাৰ বাবে চলচিত্ৰখন দৰ্শকৰ বাবে আমনিদায়ক হ’ল। ছবিখনৰ শেষৰফালে দেখা পোৱা গাঁৱৰে কেইজনমান যুৱকে স্কুলঘৰটো জ্বলাই দিয়া, সেইসময়ত জেলত থকা লাচিতৰ আগমন আৰু ৰিতুক চুলিত ধৰি বাহিৰ কৰি দিয়া সময়ত আন চৰিত্ৰৰ প্ৰাধান্যতা খুব কমকৈ দেখা পোৱা গ’ল যাৰ বাবে কাহিনীটোৱে এক অন্য ৰূপ গ্ৰহণ কৰিলে। কাহিনীটোৰ মুখ্য চৰিত্ৰ ৰিতুৰ গভীৰ মননশীলতা থকা সত্বেও কোনো কোনো ক্ষেত্ৰত আনমনা তথা অমনোযোগী হৈ যোৱাৰ বাবে চৰিত্ৰটোৰ গুৰুত্ব হ্ৰাস পোৱা যেন অনুভৱ হয়।উল্লিখিত বিশেষ দুৰ্বলতা থকা সত্বেও নিৰ্মাণ সৌন্দৰ্য আৰু দায়বদ্ধ বক্তব্যৰ বাবে বিখ্যাত পৰিচালক জাহ্নু বৰুৱাৰ হাতৰ পৰশত ছবিখনৰ প্ৰতিটো চৰিত্ৰই জীপাল হৈ উঠিছে। মানুহক লগ পোৱাৰ অভিজ্ঞতা, মানুহৰ মাজত হেৰাই যোৱাৰ অভিজ্ঞতা, আনন্দ আৰু বিষাদৰ মিচিলত নিজকে বিচাৰি পোৱা বিভিন্ন অভিজ্ঞতাসমূহ যেন ছবি আকাৰে দাঙি ধৰাৰ প্ৰয়াস কৰিছে। গাঁৱৰ চুকে-কোণে ম্লান হৈ থকা অথচ অতি গুৰুত্বপূৰ্ণ সাধাৰণ মানুহৰ দহ বছৰে হৈ নুঠা স্কুলখন প্ৰতিষ্ঠা কৰিবলৈ দৃঢ় সংকপ্ল লৈছে এই বিষয়সমূহে নাৰীৰ উদ্যমতাৰ বিষয়ে ৰেখাপাত কৰিছে। সমান্তৰালভাৱে এগৰাকী বিধ্বাৰ দুখ-যন্ত্ৰণাৰ কথা বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। ‘জাহ্নু বৰুৱা’ৰ প্ৰতিখন ছবিত যেন তেওঁ নিজেই ঠাই পাইছে, এক পৰম শক্তিৰ বাবেই যেন তেওঁৰ প্ৰতিখন ছবিৰ শব্দবোৰে অহৰহ কথা কয়, চৰিত্ৰবোৰ প্ৰস্ফুটিত হয়, ভাৱনা আৰু একাগ্ৰবোধে সমগ্ৰ কাহিনীটোত সৃজনীশীলতাৰ উন্মেষ ঘটায়। প্ৰতিজন ব্যক্তিৰ জীৱনৰ নেপথ্যত এখন গাঁও থাকে, তাৰেই বতাহ লৈ, তাৰেই নদীত সাঁতুৰি তাৰেই সংগীত শুনি কোনোবা টোপনি যায় আৰু কাৰোবাৰ হৃদয়ত সৃষ্টিশীল কামনাৰ উন্মেষ ঘটে। এনেদৰে পৰিচালক জাহ্নু বৰুৱাই অতি সাৱলীলভাৱে ছবিখনৰ কাহিনীভাগ গঢ় দিছে।ছবিখনৰ দৃশ্যগ্ৰহণ, সম্পাদনা, ছাউণ্ড ডিজাইনিং আদি সকলো দিশতে ষাঠি দশকৰ কাহিনীৰৰূপ এটা দিয়াৰ সচেতন প্ৰয়াস স্পষ্ট হৈছে যদিও আৱহ সংগীত খুব কমকৈ প্ৰয়োগ হোৱা দেখা গ’ল। ছবিৰ ৰং, শ্বট, কম্প’জিশ্যন, ট্ৰেনজিশ্যন সকলোতে ষাঠিৰ দশকৰ কৌশল বিদ্যমান। চৰিত্ৰৰ অভিব্যক্তি আৰু পৰিৱেশ ৰচনা দুয়োটাৰ সমন্বয় হোৱা পৰিলক্ষিত হৈছে। ‘ফিৰিঙতি’ চলচ্চিত্ৰৰ ঘটনাৰ মুড, গতি আৰু আৱেদনৰ লগত ছন্দ মিলাই শ্বটবোৰৰ দৈৰ্ঘ স্থিৰ কৰাত পৰিচালক বৰুৱাই সংবেদনশীলতাৰ পৰিচয় দিছে। এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে অভিনেতাসকলৰ পৰা সু-অভিনয় আদায় কৰাত পৰিচালক সফল অভিনেতা-অভিনেত্ৰীসকলৰ (মলয়া গোস্বামী, বিষ্ণু খাৰঘৰীয়া, চেতনা দাস, ইনু বনিয়া) মনোযোগী অভিনয়ে ছবিখনক প্ৰাণ দিয়াত প্ৰধান ভূমিকা পালন কৰিছে।পৰিশেষত ক’ব পাৰি যে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ‘ফিৰিঙতি’ এখন সকলোৱে উপভোগ কৰিব পৰা তথা গাঁৱৰপৰা চহৰলৈ সকলোকে প্ৰতিনিধিত্ব কৰিব পৰা, হৃদয়ৰ আস্বাদন অনুভৱ কৰিব পৰা এখন উন্নত মানৰ চলচিত্ৰ।