পঢ়ি অহা বিদ্যালয়খনৰ কথা ইণ্টাৰনেটত প্ৰতিষ্ঠা কৰিবলৈ  মন যোৱাৰ সময়ৰ কথা। মহকুমাটোৰ কিছুসংখ্যক মানুহৰ বাদে তেতিয়ালৈকে আমাৰ বিদ্যালয়খন ইমান বেছি আলোচনাৰ বিষয় হোৱা নাছিল তেতিয়ালৈকে-- যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুজনকৈ ছাত্ৰই অসমৰ ভিতৰত স্থান লাভ কৰি আমাৰ অঞ্চলটোৰ শিক্ষাৰ জগতখনত তোলপাৰ লগাবলৈ সক্ষম হ'ল। ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় হেতুকে বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাৰ পাছত নতুন শিক্ষা বৰ্ষৰ বাবে নামভৰ্তিৰ দিনাৰ আগলৈকে শিক্ষকসকল আৰু কৰ্মচাৰীবৃন্দৰ দ্বাৰা নিজেই চাৰিআলিৰ কোনো এক চুকত, নতুবা ৰাজহুৱা পৰিবহণ আস্থানত থকা ডাঙৰ গছজোপাৰ দুডাল ডালত ওলোমাই নামভৰ্তিৰ জাননী দি বিদ্যালয়খনৰ কথা ৰাইজক জনাবলগীয়া এক অৱস্থাৰ পৰা শিক্ষানুষ্ঠানটোৱে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত ইতিহাস ভংগকাৰী নিজা এক গৰিমা অৰ্জন কৰাৰ অৱস্থাটোলৈকে সকলোকে জনোৱাৰ প্ৰয়াসেৰে স্কুলৰ ৱেবছাইট এটা সাজি উলিওৱা হ'ল। 

বৰ্তমানে যিকোনো শেহতীয়া তথ্যৰ বাবে সকলোৱে পোনছাটেই ইণ্টাৰনেটৰ সহায় লয়।  তথ্যৰ অলেখ ভাণ্ডাৰ দ্ৰুতগতিৰে সহজলভ্য হৈ পৰা বাবে সকলো স্তৰৰ মাজতে ই জনপ্ৰিয় হৈ পৰিছে। আৰু ঠিক একে সময়তে ইণ্টাৰনেটৰ সেই নিযুত তথ্য উৎসৰ মাজত সকলোৰে আটাইতকৈ বিশ্বাসযোগ্য তথা নিৰ্ভৰযোগ্য উৎসটোৱেই হৈছে অনলাইন মুক্ত বিশ্বকোষ, 'ৱিকিপেডিয়া'।  বিশ্বকোষ বুলি ক'লেই মনলৈ ভাহি আহে আলমাৰীৰ এটা খাপৰ সিংহভাগ আয়তন আগুৰা প্ৰকাণ্ড চেহেৰাৰ কিতাপৰ কথা-য'ত থূপ খাই থাকে সম্ভৱপৰ সকলো বিষয়ৰ বিশদ জ্ঞান। ঠিক তেনেদৰে এইখন অনলাইন বিশ্বকোষ,'ৱিকিপেডিয়া'ই সহায় নকৰা বা ৱিকিপেডিয়াৰ সহায় নোলোৱাকৈ থকা মানুহ তেনেই হাতৰ আঙুলিত লেখিব পৰা। 

ৱেবছাইটটোৰ উন্মোচনৰ পাছতেই মনলে এটা কথাই বাৰে বাৰে ভুমুকি মাৰিছিল যে পৃথিৱীৰ সকলো মানুহে গম পাব পৰাকৈতো এটা ৱেবছাইট সজা হ'ল, কিন্তু বহুত বিদ্যালয় মহাবিদ্যালয়ৰ কথা জানিবৰ বাবে সকলোৰে ৱেবছাইটবোৰতো সকলোৱে নাজানে। কোনো এখন বিদ্যালয় বা মহাবিদ্যালয়ৰ কথা ইণ্টাৰনেটত সন্ধান কৰোঁতে বিদ্যালয়খনৰ ৱিকিপেডিয়াৰ পৃষ্ঠাটোৰ পৰাহে বিদ্যালয়খনৰ ৱেবছাইটৰ ঠিকনাটো আমি লাভ কৰোঁ। তাৰমানে এতিয়াও ইণ্টাৰনেটত প্ৰতিষ্ঠা কৰা কামটো সম্পূৰ্ণ হোৱা নাই। কিন্তু ৱিকিপেডিয়াত স্কুলৰ কথা 'আহিবলৈ' হ'লেতো তাৰ কাৰ্যালয়ৰ কোনো মানুহক ক'ব লাগিব নহ'লে তেওঁলোকৰ কোনোবা মানুহ আহি আমাৰ স্কুলখন চাই যাব লাগিব ছাগে! মহা মস্কিল কাম চোন? কিন্তু ইমানবোৰ প্ৰৱন্ধ যে থাকে, আনকি শেহতীয়াকৈ মুক্তি পাবলগীয়া চিনেমা এখনৰ কথাও ইমান সোনকালে পঢ়িবলৈ পোৱা যায়,কেনেকৈ আচলতে কামবোৰ হৈ থাকে? আৰু যিকোনো বিষয়ৰ প্ৰৱন্ধত, প্ৰিয় ব্যঞ্জন থকাৰ দিনা  ভাতৰ কাঁহীখনত একো বাকী নথকাকৈ চুঁচি মাজি খাই একো বাকী নৰখাৰ নিচিনাকৈ সেই বিষয়বস্তুৰ সকলোখিনি তথ্য যোগ কৰা থাকে। কোনো ব্যক্তিবিশেষৰ মৃত্যুৰ দিনাও ছেকেণ্ডতে মৃত্যুৰ তাৰিখ তেওঁৰ ৱিকিপেডিয়াৰ পৃষ্ঠাত দৃশ্যমান হয়, যিটো গ্ৰন্থাকাৰৰ বিশ্বকোষত অসম্ভৱ। 

কামবোৰ কেনেদৰে হয় জানিবলৈ সমাধান বিচাৰি বিচাৰি খুচৰিবলৈ আৰম্ভ কৰোঁতেই গম পালোঁ মুক্ত বিশ্বকোষখন সকলোৱে সম্পাদনা কৰিব পৰা। অৰ্থাৎ এই কামবোৰৰ বাবে নিৰ্দিষ্ট এটা কাৰ্যালয় নহলেও হয়। নিৰ্দিষ্ট কিছুমান নীতি নিয়মৰ মাজেৰে বিষয়বস্তুৰ গুৰুত্ব থকা প্ৰৱন্ধ লিখিবলৈ আমি কাকো পাচিব নালাগে, প্ৰয়োজন মাথোঁ শুদ্ধ আৰু সঠিক তথ্যউৎসৰ। ৱিকিপেডিয়াৰ বিশ্বাসযোগ্যতাৰ বহুখিনি,  তথ্যৰ এই প্ৰসংগসূত্ৰ, উৎসৰ ওপৰত নিৰ্ভৰশীল। একো একোটা প্ৰৱন্ধ বিশ্বৰ বিভিন্ন ভাষাত উপলব্ধ হৈ থাকে। কিমান মানুহ এই কামটোত জড়িত হৈ আছে, সেই কথা নিজে ৱেবছাইটটো খুলি নাচালে অনুধাৱন কৰিবলৈ সমস্যা হোৱাটো নতুন কথা নহয়। 

অসমীয়া ৱিকিপেডিয়াৰ কথাও সমসাময়িকভাৱে সেই সময়তে শুনা পাইছিলোঁ। নিজৰ ভাষা আৰু জাতিৰ উত্তৰোত্তৰৰ কাৰণে অহৰহ লাগি থাকিব খোজা এচাম প্ৰচাৰবিমুখ মানুহে ৱিকিপেডিয়াৰ অসমীয়া সংস্কৰণৰ গুৰি ধৰিছিল। ইতিমধ্যে অসমীয়া ইউনিক'ড টাইপিং কীবৰ্ড ব্যৱহাৰ কৰি ইণ্টাৰনেটত অসমীয়া লিখিব পৰা হৈছিলোঁ। গতিকে সময় নষ্ট নকৰি ব্যৱহাৰকাৰীৰ একাউণ্ট এটা খুলি লৈ স্কুলৰ কথা লিখিবলৈ বুলি বহিলোঁ। একাউণ্ট খোলোতে ইমেইলত ৱিকিপেডি্যাৰ কিছুমান লিংক লগতে আহিছিল। যেনে ৱিকিপেডিয়াত কেনেকৈ লিখিব লাগে, ৱিকিপেডিয়াত লিখাৰ নিয়ম কি, ৱিকিপেডিয়া কি নহয় , পঞ্চশীল নীতি, নতুন সদস্যই জানিবলগীয়া কথা ইত্যাদি। খৰধৰৰ কোবত সেইবোৰ পঢ়িবলৈ বাদ দি পোনছাটেই প্ৰৱন্ধ লিখিবলৈহে বহিলোঁ। তাতে স্কুলৰ কথা কেনেকৈ সোনকালে দি "ৱিকিপেডিয়াত আমাৰ স্কুলৰ কথা আহি গ'ল চা"  এইবুলি কোৱাৰ ধান্দাটোৱে বেছিকৈ ক্ৰিয়া কৰি আছিল ছাগৈ, গতিকে বস্তুবোৰ কিবা খেলিমেলি লাগিল, ফলস্বৰূপে মাত্ৰ নতুনকৈ বনোৱা ৱেবছাইটৰ ঠিকনাটো লিখাৰ পাছত কামটোৰ সামৰণি পৰিল। 

প্ৰায় এবছৰ মানৰ মূৰত এনেয়ে এবাৰ গুগলত নিজৰ জন্মভূমিৰ বিষয়ে কিনো ওলায় বুলি চাওঁতে দেখোঁ, অৱস্থা তেনেই তথৈবচ। দুশাৰীমানৰ বাদে বিশেষ একো তথ্যই নাই। তেতিয়া পুনৰ সেই ৱিকিপেডিয়াত নিজে লিখিব পৰাৰ কথাটো মনলৈ আহিল। তাৰপাছৰে পৰাই ঠিক কৰি ল'লোঁ যিমানখিনি পৰা যায় অসমীয়া ৱিকিপেডিয়ালৈ অৱদান আগবঢ়াবলৈ চেষ্টা কৰিম লগতে ইংৰাজী ৱিকিপেডিয়াত নিজৰ ঠাইখন আৰু স্কুলখনৰ বিষয়ে সংযোগ কৰিম যাতে ইয়াৰ পাছত কোনোবাই সেই দুশাৰীমানকে পঢ়ি সন্তুষ্ট হ'বলগীয়া নহয়। এই কামটোৰ জৰিয়তে আজৰি সময়ৰ ভাল ব্যৱহাৰো হ'ব, ইণ্টাৰনেটৰ এনেই ব্যৱহাৰ নকৰি তাত কিবা এটা ভাল কাম কৰিছোঁ বুলি মনটোও ভাল লাগি থাকিব। গতিকে সাতে পাচে মই আকৌ এবাৰ কামটোত মনোযোগ দিবলৈ চেষ্টা চলালোঁ। 

সেই এবাৰ কামটোত যেতিয়া লাগিবলৈ আৰম্ভ কৰিলোঁ, এক অদ্ভুত আসক্তিয়ে মোক জব্দ কৰি ল'লে। ৱিকিপেডিয়াত নতুনকৈ প্ৰৱন্ধ লিখাৰ আগেয়ে তাত আগৰে পৰা থকা প্ৰৱন্ধসমূহত সৰু-সুৰা সম্পাদনা কৰাৰ অভ্যাস কৰি লোৱা উচিত যাতে লিখাৰ ধৰণ(ষ্টাইল)ৰ এটা সম্যক ধাৰণা হয়। গতিকে মই তেনেকৈ পুৰণা প্ৰৱন্ধৰ দুটামান সৰু সুৰা বানানৰ শুধৰণি, থাকি যোৱা দাৰি কমাৰ শুধৰণি কৰি পুনৰবাৰ প্ৰৱন্ধ লিখাৰ কামটো আৰম্ভ কৰিলোঁ। এইবাৰ লিখাত মোৰ তেনেকৈ ইমান সমস্যাৰ সৃষ্টি নহ'ল, আৰু যিবোৰ ভুল হৈছিল,সেইবোৰ অসমীয়া ৱিকিপেডিয়াৰ সক্ৰিয় ব্যৱহাৰকাৰীসকলে (বা কৰ্মদল) শুধৰাই দিছিল। লাহে লাহে গম পালোঁ যে এই কামটো কৰি থকা মানুহবোৰৰ ভিতৰত মোতকৈ বয়সত সৰু বহুত সদস্যও আছে। কৌতূহলবশতঃ খুচৰি চাওঁতে দেখিলোঁ তেওঁলোকে লিখা ডেৰশতকৈও অধিক প্ৰৱন্ধসমূহৰ গুণগত মানদণ্ডও যথেষ্ট উচ্চখাপৰ। এই কথাটোৱে নতুন প্ৰৱন্ধ লিখাৰ ক্ষেত্ৰত যথেষ্ট অনুপ্ৰাণিত কৰাৰ লগতে উৎসাহ যোগালে। 

নিজৰ ঠাইখনৰ কেইখনমান ঐতিহ্যমণ্ডিত বিদ্যালয়, মহাবিদ্যালয়ৰ আৰু ব্যক্তিৰ বিষয়ে লিখাৰ পাছত ইংৰাজী ৱিকিপেডিয়াৰ পৰা অনুবাদ কৰা কামটোত জড়িত হৈ পৰিলোঁ। মোৰ নিজৰ ভাল লগা বিষয়সমূহৰ বিষয়ে সংযোগ কৰাৰ পাছত লাহেকৈ পদাৰ্থ বিজ্ঞানৰ প্ৰৱন্ধসমূহ অনুবাদ কৰিবলৈ চেষ্টা কৰিছিলোঁ।  অনুবাদ কৰা কামটো নতুনকৈ কোনো এটা প্ৰৱন্ধ এটা লিখাৰ লগত প্ৰায় একেই, মাত্ৰ তাত তথ্যৰ উৎসসমূহ ইতিমধ্যেই গোটাই থোৱা থাকে। গতিকে সংযোগ কৰিবলগীয়া কথাটোৰ বাবে প্ৰমাণ বিচাৰি ঘুৰ্মুটিয়াই ফুৰিবলগীয়া নহয়। মাত্ৰ প্ৰয়োজন অনুবাদ কৰিবলৈ লোৱা বিষয়টোৰ ওপৰত সম্যক কিছু জ্ঞান।

ৱিকিপেডিয়াৰ কাৰণে কৰা মোৰ এই সামান্য অৱদানে অসমীয়া ভাষাটোৰ কাৰণে কিমান শতাংশ সহায় কৰিছে, সেই সম্পৰ্কে মই জ্ঞাত নহয়। কিন্তু এই কামটোৰ দ্বাৰা মোৰ নিজৰ যিমানখিনি সহায় হৈছে সেয়া মই  স্বীকাৰ কৰিবই লাগিব। বিভিন্ন বিষয়ৰ প্ৰৱন্ধ লিখাৰ অভ্যাসে সেইবোৰৰ সম্পৰ্কে ভালদৰে জানিবলৈ সুবিধা পোৱাৰ লগতে অনুবাদ কৰা কামটোৰ দ্বাৰা যথেষ্ট লাভৱান হ'ব পাৰি। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই কামটোত জড়িত হ'লে অসমীয়া ৱিকিপেডিয়াৰ বাবে সহায় হোৱাৰ লগতে তেওঁলোকৰ নিজৰে যথেষ্ট সহায় হ'ব। তদুপৰি,সবাতোকৈ ডাঙৰ কথা, এই ৱেবছাইটটো ছছিয়েল মিডিয়া ছাইটবোৰতকৈ বেছি আসক্তিযুক্ত আৰু পৃথক। 

ভাৰতীয় ভাষাসমূহৰ ভিতৰত অসমীয়া ৱিকিপেডিয়াৰ সংস্কৰণৰ কাম ২০০২ চনত মালায়লম ভাষাৰ পাছতেই দ্বিতীয় ভাষা হিচাপে আৰম্ভ হৈছিল। বৰ্তমানে মালায়লম সংস্কৰণত ৫০ হাজাৰৰো অধিক প্ৰৱন্ধ থকাৰ বিপৰীতে অসমীয়া সংস্কৰণত আছে চাৰে চাৰি হাজাৰ। ইংৰাজী সংস্কৰণত আছে পাঁচ কোটিৰো অধিক। গতিকে আমাৰ ভাষাটোৰ বাবে কাম কৰিবলৈ মন থকাসকলৰ বাবে অসমীয়া ৱিকিপেডিয়াক আৰু তথ্যসমৃদ্ধ কৰি তোলা, প্ৰৱন্ধসমূহৰ মানদণ্ড উন্নত কৰা, নতুন প্ৰৱন্ধ সংযোগ কৰা ইত্যাদি হ'ব পাৰে তেওঁলোকে কৰিব পৰা কামৰ উদাহৰণ।  অসমৰ প্ৰত্যেকজন ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে নিজৰ পচন্দ অনুসাৰে এটাকৈ নতুন প্ৰৱন্ধও যদি অসমীয়া ৱিকিপেডিয়াত যোগ কৰে, ই হৈ পৰিব অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ইতিহাসত এক সবল পদক্ষেপ।  

পোনপ্ৰথমে কথাবোৰ ভালদৰে বুজি নলৈ আৰম্ভণি কৰাৰ বাবে বেয়া লাগিছিল। তাতে যিকোনো ভাল অভ্যাস গঢ় লৈ উঠিবলৈ ছাগৈ আৰম্ভণিতে তিতা-কেঁহা অলপ সহ্য কৰিলেহে পাছত কামটো কৰাৰ ৰস পাব পৰা যায়। সেই পাছৰ বাৰ  যেতিয়া প্ৰৱন্ধ লিখিবলৈ আৰম্ভ কৰি সোৱাদ পালোঁ, মই লাহে লাহে আৱিষ্কাৰ কৰিলোঁ যে এই কামটোৱে আমাৰ মনলৈ আনি দিব পাৰে অন্য এক অদ্ভূত প্ৰশান্তিৰ ভাৱ, নিজৰ ভাষা আৰু জাতিটোৰ প্ৰতি থকা তীব্ৰ চেতনাৰ নতুন জোকাৰণি আৰু জ্ঞানৰ স্ফূৰণ।