ইন্দিৰা গোস্বামীৰ উপন্যাস

ৰুবী বৰা

অৱতৰণিকা : বাস্তৱ জীৱনৰ নানান অভিজ্ঞতাৰপৰাই সৃষ্টি হয় একোখন মনোগ্ৰাহী উপন্যাসৰ। বৰ্তমানলৈকে অসমীয়া সাহিত্যৰ জগতখনলৈ অৱদান আগবঢ়োৱা উজ্জ্বল নক্ষত্ৰস্বৰূপ অসমীয়া লেখক লেখিকাসকলৰ ভিতৰত মামনি ৰয়ছম গোস্বামী এগৰাকী অন্যতম লেখিকা। জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীৰ সাহিত্যৰাজিৰ ভিতৰত উপন্যাসৰাজিয়ে বেছিকৈ তেওঁক সমুজ্জ্বল কৰি ৰাখিছে। অসমীয়া সাহিত্যত তেওঁ বিচিত্ৰ আৰু বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ চিত্ৰায়ণেৰে এক সুকীয়া আসন দখল কৰাই নহয়, বিংশ শতাব্দীৰ সাহিত্যত কালজয়ী লেখিকা হিচাপে স্বীকৃত হৈছে।মামণি ৰয়ছম গোস্বামী এগৰাকী কিংবদন্তী, অবিসম্বাদী নেত্ৰী বিশ্ব সাহিত্যৰ অগ্ৰণী স্ৰষ্টা যাৰ বুকুত আছিল সততা, ক্ষমতা, শান্তিৰ, যুদ্ধৰ আৰু অন্যায়ৰ প্ৰতিবাদ। তেওঁ নাৰী সমাজৰ এক গৌৰৱৰ প্ৰতীক, জীৱনৰ কাৰুণ্যতাই তেওঁৰ সাহিত্যত অনন্য প্ৰাণ দিছিল। তেওঁৰ সাহিত্য সৃষ্টিৰ নিদান বহুৰঙী অভিজ্ঞতাৰে পৰিপূৰ্ণ। সেয়ে তেওঁৰ সাহিত্য জীৱনৰ ক্ষন্তেকীয়া আনন্দ হৰষেৰে উদ্বেলিত, অসহনীয় নিৰ্যাতন, দুখ-যন্ত্ৰণাৰে বেদনাক্লিষ্ট। তেওঁৰ সাহিত্যসমূহৰ কেৱল অসমীয়া সাহিত্যতে নহয়, সমগ্ৰ ভাৰতীয় সাহিত্য কালতে এক উজ্জ্বল চন্দ্ৰধাৰা বুলিব পাৰি।মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য কৃতিৰ স্বীকৃতি হিচাপে বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সম্বৰ্ধনা আৰু পুৰষ্কাৰ লাভ কৰিছে।৯৭৪ চনত দিল্লীৰ মানস চতুপৰ্দী সমিতিৰ দ্বাৰা ‘মাধৱ কন্দলিৰ ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়ন’ৰ বাবে তেওঁ সম্বৰ্ধিত হয়। ১৯৮৩ চনত তেওঁ ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’ নামৰ তিনিখন উপন্যাস সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৮৮ চনত ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ বঁটা লাভ কৰে। ১৯৮৯ চনত তেওঁলৈ সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি নামৰ তিনিখন উপন্যাস সংকলনৰ বাবে ‘ভাৰত নিৰ্মাণ বঁটা আগবঢ়োৱা হয়। ১৯৯২ চনত লক্ষ্নৌৰ উত্তৰ প্ৰদেশ হিন্দী সংস্কাৰৰ পৰা সৌহাদ্য বঁটা আগবঢ়ায়। সাহিত্য ক্ষেত্ৰত জীৱনজোৰা কৃতিৰ বাবে কমল কুমাৰী ফাউণ্ডেশ্যনে আগবঢ়োৱা কমল কুমাৰী বঁটা ১৯৯৬ চনত লাভ কৰে। ১৯৯৯ চনত তেওঁক আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ে আয়োজন কৰা ‘তুলসী দাস আৰু তেওঁৰ সাহিত্য কৰ্ম’ শীৰ্ষক সন্মিলনত আন্তৰ্জাতিক ‘তুলসী বঁটা’ প্ৰদান কৰা হয়। ২০০১ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান ‘জ্ঞানপীঠ’ প্ৰদান কৰা হয়। ২০০২ চনত ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মশ্ৰী সন্মান তেওঁ প্ৰত্যাখ্যান কৰে। তেওঁক ২০০২-২০০৭ আৰু ২০০৮ চনত যথাক্রমে পশ্চিমবংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে ডি.লি. উপাধি প্ৰদান কৰে। ২০০২ চনত অসমৰ আহোম সভাই তেওঁলৈ ‘মহীয়সী জয়মতী বঁটা’ আগবঢ়ায়। ২০০৫ চনত তেওঁক এচিয়াটিক চ’চাইটিয়ে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ গল্প প্লেট সন্মান আগবঢ়ায়। তেওঁক অসম সাহিত্য সভাই ২০০৯ চনত কৃষকান্ত সন্দিকৈ বঁটা প্ৰদান কৰে।

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ বিভিন্ন দৃষ্টিভংগীসমূহ : মামণি ৰয়ছম গোস্বামীয়ে বাস্তৱ জীৱনৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত উপন্যাস ৰচনা কৰিছে আৰু ইয়াৰ বাবে তেওঁ আজি হৈ পৰিছে আধুনিক অসমীয়া তথা ভাৰতীয় সাহিত্যৰ এক বিস্ময়কৰ প্ৰতিভা। তেওঁৰ উপন্যাসসমূহৰ পটভূমি কেৱল ভাৰতেই নহয়। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰ যেনে ব্ৰিটেইন, জাপান, ইণ্ডোনেছিয়া, থাইলেণ্ড, মৰিছাছ, নেপাল, বেলজিয়ামৰ লগতে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশসমূহ। তেওঁৰ উপন্যাসত দেখা পোৱা যায় সমাজ জীৱনৰ সুখ-দুখ, বেদনা, আশা-আকাংক্ষা আদিৰ চিত্ৰ। তেওঁৰ উপন্যাসৰ বিশ্লেষণত কেতবোৰ দিশ চকুত পৰে।

কাহিনী : মামণি ৰয়ছম গোস্বামীৰ প্ৰথম উপন্যাস ‘চেনাবৰ সোঁত’ কাহিনীভাগ ৰচিত হৈছিল দলং নিৰ্মাণ কোম্পানী এটাৰ মালিক চেনাব নদীৰ ওপৰত দলং নিৰ্মাণ কৰি থকা অৱস্থাত দেহে-কেহে খটুৱাই কাম আদায় কৰা শ্ৰমিকসকলৰ যন্ত্ৰণাময় জীৱনৰ একো একোখন বাস্তৱ চিত্ৰৰে। ‘নীলকণ্ঠী ব্ৰজ’ৰ কাহিনীভাগ ৰচিত হৈছিল হিন্দুৰ পবিত্ৰ ধৰ্মস্থান মথুৰা বা ব্ৰজধামৰ পটভূমিক লৈ। ইয়াত ব্ৰজধামৰ ধৰ্মীয় আচাৰ আৰু প্ৰথাৰ অমানৱীয় ৰূপৰ স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰিছে। ঠিক তেনেদৰে আনসমূহ উপন্যাসৰ কাহিনীলৈ লক্ষ্য কৰিলে দেখা যায় প্ৰচলিত সমাজ ব্যৱস্থা, মানৱ প্ৰকৃতিৰ স্পষ্ট চিত্ৰণ, শ্ৰমিক জীৱনৰ যন্ত্ৰণা, লঘূ লাঞ্চনা, প্ৰেম বঞ্চনা, হাঁহি-কান্দোনৰ ছবি।

চৰিত্ৰ : মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰাজিৰ চৰিত্ৰসমূহ প্ৰধানকৈ নাৰী প্ৰধান। ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসখনত কেন্দ্ৰীয় চৰিত্ৰ অকাল বিধৱাগাভৰু এগৰাকীৰ মনৰ ক্রিয়া-প্ৰতিক্রিয়া আদিৰ স্পষ্ট চিত্ৰ প্ৰকাশ কৰিছে। ‘চেনাবৰ সোঁত’ত শ্ৰমিক জীৱনৰ চৰিত্ৰ, যন্ত্ৰণা আদি প্ৰকাশিত হৈছে। ‘অহিৰণ’ত চৰিত্ৰসমূহৰ ভাৱ-অনুভূতি, আশা-আকাংক্ষা আৰু কথা, কামৰ আৱেদনশীল বৰ্ণনা পোৱা যায়। তেওঁৰ উপন্যাসত নাৰী চৰিত্ৰসমূহৰ লগতে পুৰুষ চৰিত্ৰসমূহৰ ভূমিকাহে খুব সুন্দৰভাৱে ফুটি উঠে। পীতাম্বৰ মহাজন, কৃষকান্ত, ইন্দ্ৰনাথ, মাৰ্ক চাহাব, দিবাকৰ ভাগৱতী, চন্দ্ৰভানু ৰাকেশ, ডাক্তৰ ৰায়চৌধাৰী, চৰণ বিহাৰী আদি পুৰুষ চৰিত্ৰসমূহৰ সুন্দৰ বৰ্ণনা উপন্যাসত স্থাপন কৰা হৈছে।

শিল্প সৌন্দৰ্য : মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত শিল্প সৌন্দৰ্যই এক প্ৰধান ভূমিকা গ্ৰহণ কৰে। প্ৰতীক, চিত্ৰকল্পৰ প্ৰয়োগে উপন্যাসৰ বিষয়বস্তুক অধিক বাস্তৱধৰ্মী কৰি তোলে। উদাহৰণস্বৰূপে ‘চেনাবৰ সোঁত’ উপন্যাসৰ উল্লেখযোগ্য নাৰী চৰিত্ৰ বাইচাহেবাৰ ক্ষেত্ৰত লেখিকাই ফটা জোতাৰ চিত্ৰ আৰোপ কৰি কৈছে ‘বাইচাহেবাও এযোৰ ফটা জোতা’। তুলনা আৰু কল্পচিত্ৰৰ মনোৰম প্ৰকাশভংগীয়ে উপন্যাসখনক এটি বিশেষ ৰূপ প্ৰদান কৰিছে। ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসত পোৱা যায়‘মথুৰা এৰি বৃন্দাবনৰ পিনে ঢাপলি মেলাৰ লগে লগে ঘোঁৰাৰ খট্‌খট্‌ শব্দই যেন মধুৰ সংগীতৰহে সৃষ্টি কৰিছে।’ এনে বাক্যত প্ৰয়োগ হোৱা অনুকাৰ, ধ্বনাত্মক শব্দৰ প্ৰয়োগে উপন্যাসখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। উপমা, অভিব্যঞ্জনা প্ৰয়োগত সিদ্ধহস্ত লেখিকাৰ আন উপন্যাস ‘অহিৰণ’ত দেখা যায়‘শুকান মাহুৱা ফুলৰ দৰে চকু’, ‘জেংখৰিৰ দৰে ওলাই পৰা এই হাড়বোৰ’ এনেবোৰ শিল্প সৌন্দৰ্যৰ স্বৰূপ সুন্দৰকৈ প্ৰতিফলিত হৈছে। ‘থেং ফাখ্ৰি তহচিলদাৰৰ তামৰ তৰোৱাল’ উপন্যাসত দেখা যায়‘ক’ৰবাত যেন সুগন্ধি নেমুৰ হাতী দাঁৰ দৰে খুদ খুদ ফুলবোৰ ফুলিছিল।’ এনেবোৰ বাক্যই উপন্যাসৰ সৌন্দৰ্য সুন্দৰভাৱে প্ৰতিফলিত কৰে। তদুপৰি আন আন ভাষাৰ সুন্দৰ প্ৰয়োগ তেওঁৰ উপন্যাসত দেখা যায়। উদয়ভানুৰ চৰিত্ৰত ইংৰাজী সংগীতৰ কলি সংযোজন কৰি উপন্যাসৰ শিল্প সৌন্দৰ্যৰ প্ৰতিফলন ঘটাইছে

‘And when our faltering footsteps

Approach the great Divine,

We will long to meet the old friends

Who wait on the other side.’‘

স্মৰ গৰল খণ্ডনং মম শিৰশি মণ্ডনংদেহি পদপল্লৱ মুদাৰম’

জীৱন দৰ্শন : মামণি ৰয়ছম গোস্বামী নিজেই যিহেতু এগৰাকী লাঞ্চিতা বিধৱা, সমাজৰ উপেক্ষিতা মহিলা আছিল সেয়ে তেওঁ উপন্যাসৰ প্ৰায়বোৰ চৰিত্ৰৰ মাজত ইয়াৰ চিত্ৰ দেখা যায়। তেওঁৰ উপন্যাসৰ চৰিত্ৰসমূহ সমাজৰ পৰা উপেক্ষিতা, লাঞ্চিতা বিধৱাৰ কৰুণ গাঁথাৰে ৰচিত হৈছে আৰু সেয়ে তেওঁৰ উপন্যাসত তেওঁৰ জীৱন দৰ্শনৰ প্ৰভাৱ স্পষ্ট। জীৱনৰ সৈতে হাৰ মানি, ভাগৰি পৰি তেওঁ বহুদিন হাতত নিদ্ৰাৰ বড়ি লৈ, কেতিয়াবা কেতিয়াবা বিহৰ টোপোলা লৈও আত্মহননৰ চেষ্টা কৰিছিল। তেওঁ এই চিন্তা দৰ্শনৰ প্ৰভাৱেই তেওঁ ‘নীলকণ্ঠী ব্ৰজ’ৰ নায়িকা সৌদামিনী আৰু গিৰিবালাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ প্ৰয়াস কৰা দেখা পোৱা যায়।

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত সমাজত সংস্কাৰমূলক চেতনা : মামণি ৰয়ছম গোস্বামী আছিল এগৰাকী ব্যতিক্রমী সত্তা। তেওঁৰ উপন্যাসত সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ জীৱন কাহিনী, প্ৰচলিত সমাজ ব্যৱস্থাৰ কদৰ্য ৰূপ, সমাজে ব্যক্তিৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰ, ধৰ্মৰ নামত কৰা অত্যাচাৰৰ কাহিনী আদিৰ সম্পূৰ্ণ আৰু বাস্তৱ বিশ্লেষণ তেওঁৰ উপন্যাসত দেখা পোৱা যায়। তেওঁৰ উপন্যাসৰ আটাইতকৈ লেখত ল’বলগীয়া দিশ হ’ল সমাজ-সংস্কাৰমূলক চেতনা। তেওঁ মানৱ জীৱনৰ অন্তনিৰ্হিত ব্যথাবোৰ চিনি উলিয়াই মমতাসিক্ত শব্দৰে ধৰি ৰাখিছিল। ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসখন ৰচিত হৈছিল বৃন্দাবনত লগপোৱা বিধৱাসকলৰ যাতনাভৰা জীৱনৰ বৰ্ণনাৰে। স্বামীৰ সৈতে ভাৰতৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰা গোস্বামীয়ে তেওঁৰ পুষ্ট অভিজ্ঞতাৰে লিখিছিল ‘চেনাবৰ সোঁত’, ‘অহিৰণ’, ‘মামৰে ধৰা তৰোৱাল’, ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ ৰচিত হৈছিল আমৰঙা সত্ৰ গোসাঁই পৰিয়াল আৰু বিধ্বাসকলৰ জীৱনৰ আধাৰত। ১৯৮৪ চনত দিল্লীত সংঘটিত শিখ নিধন আৰু লুট-পাটৰ ঘটনাৰ আধাৰাত ৰচনা কৰিছিল ‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’। ‘ছিন্নমস্তাৰ মানুহটো’ উপন্যাসখন কামাখ্যাৰ দেৱীপীঠত চলি অহা বলি-বিধানৰ প্ৰতিবাদ আৰু এগৰাকী ব্ৰিটিছ নাৰীৰ সন্ন্যাসীৰ সৈতে হোৱা ট্ৰেজিক প্ৰেম কাহিনীৰ প্ৰকাশ ঘটাই ৰচনা কৰিছে। এগৰাকী তীব্ৰ সমাজ সচেতন লেখিকা হিচাপে তেওঁৰ প্ৰত্যেকখন উপন্যাসতে সমাজ সংশোধনৰ প্ৰচেষ্টা খুব সুন্দৰভাৱে দেখা যায়। ধাৰ্মিক আৰু সাংস্কৃতিক ক্রিয়া-কলাপে কেনেকৈ জীৱন ধাৰাৰ শাৰীৰিক অস্তিত্ব, বয়স, দাৰিদ্ৰ আৰু সংঘাপ্ৰ প্ৰভাৱ বিস্তাৰ কৰে তাক উপন্যাসসমূহত স্পষ্ট ৰূপত ফুটাই তুলিছে। নাৰীক কেন্দ্ৰ কৰি সমাজত প্ৰচলিত হৈ থকা সামাজিক সংস্কাৰ আৰু বৈষম্যসমূহক উদঙাই দেখুৱাৰ চলেৰে প্ৰচলিত সমাজ ব্যৱস্থাৰ বিদ্ৰোহ কৰি সমাজ সংস্কাৰৰ চেতনাৰ বাস্তৱ প্ৰকাশ ঘটাইছে মামণি ৰয়ছম গোস্বামীয়ে।সংলাপসমূহৰ জৰিয়তে তেওঁ উপন্যাসৰ মাজত তীব্ৰ বিদ্ৰোহ ঘোষণা কৰিছে সমাজৰ বিৰুদ্ধে। উদাহৰণস্বৰূপে ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসত সৌদামিনীৰ প্ৰতিবাদী মনটোৱে ব্যভিচাৰৰ তীব্ৰ বিৰোধিতা কৰিছে‘মোৰ গোটেই জীৱন মই এনেদৰে আনৰ দয়া পৰৱশ হৈ কটাব নোৱাৰো। মই মহীয়সী নহওঁ যে তোমালোকৰ দৰে জন কল্যাণমূলক কাম কৰি মই মোৰ গোটেই জীৱন অতিবাহিত কৰিব পাৰিম। মই স্বাধীন মই কাকো ভয় নকৰো।’ তদুপৰি ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ত গিৰিবালা চৰিত্ৰটো সৰু গোসাঁনীৰ চৰিত্ৰটো সাহসী চৰিত্ৰ হিচাপে অংকিত হৈছে। স্বামীৰ মৃত্যুৰ পাছত শিষ্যক শৰণ দি শিচ ফুৰিবলৈ যোৱা সৰু গোসাঁনী চৰিত্ৰটোৰ জৰিয়তে সমগ্ৰ সত্ৰীয়া সমাজৰ নাৰীসকলৰ মাজতে প্ৰচলিত প্ৰথাৰ বিৰুদ্ধে বিপ্লৱ আৰু সামাজিক সংস্কাৰ আনিবলৈ চেষ্টা কৰিছে।

উপন্যাসৰ সামাজিক বিচাৰ : মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ সামগ্ৰিক বিচাৰ-বিশ্লেষণ কৰিলে দেখা যায় তেওঁৰ উপন্যাসসমূহ বাস্তৱ সমাজৰ পটভূমিত লিখা। ‘চেনাবৰ সোঁত’, ‘মামৰে ধৰা তৰোৱাল’, ‘অহিৰণ’, ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসসমূহ তেওঁ চাক্ষুস অভিজ্ঞতাৰ পটভূমিত ৰচনা কৰিছিল। তেওঁৰ আত্মজীৱনীমূলক উপন্যাস ‘আধালেখা দস্তাবেজ’ৰ পাতে পাতে অন্তনিৰ্হিত হৈ আছে উচ্চ চিন্তাৰ মানসিকতাৰ পৰিচয়। ‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’ নামৰ উপন্যাসত স্বাধীনতাৰ পাছত হোৱা নৃশংস হত্যাকাণ্ডৰ কথা আছে। তদুপৰি তেওঁৰ উপন্যাসৰাজিত সেই সময়ত প্ৰচলিত কানি বৰবিহে গ্ৰাস কৰি সমাজখন ধ্বংসৰ মুখলৈ নিয়া চিত্ৰ, যৌন ব্যভিচাৰ আদিৰ চিত্ৰও খুব সাৱলীলভাৱে প্ৰকাশিত হৈছে। তেওঁৰ উপন্যাসৰাজিত ভাষাজ্ঞানৰ সুন্দৰ পৰিচয় পোৱা যায়। পৰিৱেশৰ লগত খাপ খুৱাই আৰু চৰিত্ৰ অনুযায়ী তেওঁ ভাষা প্ৰয়োগ কৰিছে। কামৰূপী উপভাষাৰ ব্যৱহাৰ, আভিধানিক সৰল অৰ্থৰ ভাষাও তেওঁ প্ৰয়োগ কৰা দেখা পোৱা যায়।তেওঁৰ উপন্যাসৰ বিশ্লেষণত এই কথা প্ৰতীয়মান হয় যে, য’তেই তেওঁ অত্যাচাৰ, অনাচাৰ, অন্যায় হোৱা দেখিছে তাৰেই তেওঁ কাষ চাপি গৈছে। সেয়ে তেওঁ উপন্যাসত সবাতোকৈ অৱদমিত আৰু বিষ্পেষিত নাৰী আৰু শ্ৰমিক শ্ৰেণীৰ লোকৰ কাহিনীয়ে স্থান অধিকাৰ কৰিছে। শোষিত জনসাধাৰণৰ যন্ত্ৰণা তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল, সেয়ে তেওঁ উপন্যাসত ইয়াৰ হুবহু চিত্ৰৰ প্ৰকাশ দেখা যায়।

উপসংহাৰ : মামণি ৰয়ছম গোস্বামী তীব্ৰ সমাজ চেতনা সম্পন্ন এগৰাকী লেখিকা। যাৰ উপন্যাসত সমাজৰ প্ৰতিটো শ্ৰেণীৰ জীৱন, সমাজৰ কু-প্ৰথা, ভণ্ডামী, কদৰ্যময় ৰূপ আদিৰ স্পষ্ট প্ৰকাশ ঘটে। তেওঁৰ উপন্যাসসমূহত বিভিন্ন চৰিত্ৰসমূহৰ মাজেদি সমাজৰ স্বৰূপ উদঙাই দেখুৱাই সমাজ সংস্কাৰৰ চেতনা প্ৰকাশ কৰিবলৈ তেওঁ সক্ষম হৈছে। তেওঁৰ উপন্যাসত নাৰী চৰিত্ৰসমূহে প্ৰাধান্য বিস্তাৰ কৰা বাবে তেওঁক নাৰীবাদী ঔপন্যাসিকা হিচাপে আখ্যা দিবলৈ বিচৰা হয়। কিন্তু তেওঁ নিজকে নাৰীবাদী লেখিকা বুলি গণ্য নকৰে, তেওঁ নিজকে এগৰাকী সমাজবাদী লেখিকা হিচাপেহে গণ্য কৰে। স্কুলীয়া জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰা মামণি ৰয়ছম গোস্বামীৰ জীৱনটো আছিল বৈচিত্ৰ্যৰে ভৰপূৰ। সমগ্ৰ জীৱনটোত হতাশাই খেদি ফুৰা খ্যাতিমান লেখিকাগৰাকীৰ মানুহতকৈ শ্ৰেষ্ঠ এই সংসাৰত একো নাছিল। বিশ্ব দৰবাৰত অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতি পোহৰাই তোলা মামণি ৰয়ছম গোস্বামী কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰে দু-সাহসী প্ৰতিভা। যাৰ জীৱন পৰিক্রমা নানান ঘাট প্ৰতিঘাটৰ সমষ্টি। শান্তিৰ প্ৰতি আগ্ৰহী মামণি ৰয়ছম গোস্বামী আছিল শান্তিৰ মাজেৰে ৰূপান্তৰৰ স্বপ্ন দেখা সৃষ্টি কৰ্মী। গভীৰ সমাজ বীক্ষাৰে সন্ধান কৰিছিল শান্তিকামী সমাজ আৰু প্ৰৱল মানৱতা বোধেৰে নিজকে সৰ্বসাধাৰণৰ বাবে উচৰ্গা কৰিছে। এগৰাকী অকৃত্ৰিম সাহিত্য স্ৰষ্টা হিচাপে দক্ষতা আৰু দায়বদ্ধতাৰে নিৰৱচ্ছিন্ন যি সাহিত্য সৃষ্টি কৰি গ’ল সেয়া সৰ্বকালৰ সৰ্বজনৰ বাবে অতুলনীয়। তেওঁৰ লেখা মানুহৰ জীৱনৰ আটাইতকৈ মহান সম্পদ প্ৰেম আৰু আৱেগৰ মূৰ্ত প্ৰকাশ ঘটে। মানুহৰ হৃদয়ত স্পৰ্শ কৰি সঁচা মানৱতা জগাই হৃদয়ত তোলে মানৱীয় সম্বন্ধ।বহুধা গুণৰ সমাৱেশেৰে সাহিত্য জগতত ভোটাতৰাৰ দৰে জিলিকি অসমৰ মান-যশ অটুট ৰখাই নহয় ভাৰতৰ হৈ বিশ্ববৰেণ্য স্বীকৃতি পোৱা মানৱ দৰদী মহীয়সী মামণি ৰয়ছম গোস্বামীৰ নাম চিৰস্মৰণীয় হৈ ৰ’ব। তেওঁৰ কৃতিত্ব যুগ যুগান্তৰলৈ অম্লান হৈ জিলিকি আছে আৰু থাকিব।

সহায়ক গ্ৰন্থপঞ্জী :

১। ঠাকুৰ, নগেন : এশ বছৰৰ অসমীয়া উপন্যাস, দ্বিতীয় প্ৰকাশ, জুলাই, ২০১২।

২। বৰগোহাঞি, হোমেন : অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড (পৰিৱৰ্ধিত সংস্কৰণ), দ্বিতীয় প্ৰকাশ, মাৰ্চ, ২০১২।

৩। ফুকন, ৰেখা : মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু সাহিত্য। প্ৰথম প্ৰকাশ, নৱেম্বৰ, ২০১২।

৪। ৰাজখোৱা, অৰবিন্দ : অসমীয়া সাহিত্যৰ চানেকি, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৫।

৫। বৰা, লক্ষ্মীনন্দন (সম্পা.) : গৰীয়সী, একবিংশ বছৰ, পঞ্চম সংখ্যা, ফেব্ৰুৱাৰী, ২০১৪।

৬। বৰা, লক্ষ্মীনন্দন (সম্পা.) : গৰীয়সী, দ্বাবিংশ বছৰ, তৃতীয় সংখ্যা, ডিচেম্বৰ, ২০১৪।