দৃশ্যপটঃ

ধেমালিতে দাদা এজনক কৈছিলো যে “অমুক নং টয়লেটলৈ হেৰী কৰিবলৈ অহা ছোৱালীজনী” নামৰ কবিতাটোৰ বাহিৰে প্ৰায়বোৰ কবিতাই লিখা হৈ গৈছে। ককাইদেউজনেও ধেমালিতে উত্তৰ দিলেঃ “সেইটো কবিতাও লিখা হৈ গ’ল!!”

 

কবিতাৰ সমস্যাঃ

কবিতা এটা কষ্টৰ বস্তু। কেইটামান শব্দ খেলিমেলিকৈ লিখি দিলেই কবিতা হৈ নাযায়। সেইবাবেই কোৱা হয় যে কবিতা আচলতে লিখা নহয়, নিৰ্মাণ কৰা হয়। কবিতা এটা নিৰ্মাণ কৰিবলৈ (সহজ ভাষাত লিখিবলৈ) একমাত্ৰ আৱেগবোৰ হলেই নহয়, তাৰ সমান্তৰালভাৱেই প্ৰয়োজন প্ৰগাঢ় অধ্যয়নৰ। যিদৰে একে একে দুই বুলি নাজানিলে সুতকছা অংক কৰিব নোৱাৰি সেইদৰে হীৰুদা, নৱকান্ত বৰুৱা, পাবলো নেৰুডা, সৌৰভ শইকীয়া, চেনীৰাম গগৈ আদিক নাজানিলে কবিতাও লিখিব নোৱাৰি। তাৰোপৰি কবিতা লিখিবলৈ বা আন কোনো সৃষ্টিশীল কাম কৰিবলৈ প্ৰয়োজন বৰ্হিবিশ্বৰ সৈতে মানসিক সংযোগ। আমি যদি বিশ্বত কি ট্ৰেণ্ড চলি আছে নাজানো, আধুনিকতাবাদ মানে কি বুজি নাপাওঁ, প্ৰতীকবাদ কি বুজি নাপাও তেনেহ'লে আজিৰ যুগত কিদৰে খাপ খাই জীয়াই থাকিব পাৰিম বাৰু? তাকো এজন সৃষ্টিশীল সাধক হিচাপে ?

বিভিন্ন সময়ত বিভিন্ন কামৰ সৈতে ব্যস্ত হৈ থকাৰ বাবে নৱপ্ৰজন্মৰ বহুতো সতীৰ্থৰ কবিতাই পঢ়িবলৈ পাওঁ। সেইসমূহ কবিতা পঢ়ি অনুভৱ কৰো যে সেইসকল সতীৰ্থই কবিতা লিখাৰ আগত আৰু অলপ অধ্যয়ন কৰাটো কবিতাৰ স্বাৰ্থতে প্ৰয়োজন (ঋণাত্মককৈ নল’ব কথাষাৰ)। সাম্প্ৰতিক সাহিত্যই আধুনিকতাবাদৰ সীমা পাৰ কৰি উত্তৰ-আধুনিকতাবাদলৈ (Post-Modernism) গতি কৰিলে। উত্তৰ আধুনিকতাবাদ মিশ্বেল ফুকহঁতৰ নিৰ্যাস। উত্তৰ আধুনিকতাবাদৰ সৈতে জড়িত হৈ আছে সমসাময়িক সমাজব্যৱস্থা। উত্তৰ আধুনিকতাবাদে সংগতিহীন গঠন প্ৰণালীৰ কথা কয়। আমাৰ সতীৰ্থসকলে সেইবোৰ কথাও জানিব লাগিব, অন্তত কবিতা নিলিখিলেও নিজকে আপটুডেট কৰাৰ স্বাৰ্থত।

কবিতা লিখাৰ আগত কবিতা পঢ়িবলৈ শিকাটো গুৰুত্বপূৰ্ণ। কবিতা এটা আমি কেনেকৈ পঢ়িম সেইটো কোৱাৰ আগতে আমি জানিব লাগিব যে কবিতাৰ নিজস্ব অৰ্থ বুলি একো বস্তুৱেই নাথাকে। নীলিম কুমাৰে এবাৰ কবিৰ মৃত্যুৰ কথা কৈছিল। কবিৰ মৃত্যুৰ ধাৰণাটো কবিতাৰ অৰ্থ নিৰ্ণয়ৰ সৈতে জড়িত হৈ আছে। এটা কবিতাৰ মাজত যদি পাঠকে নিজকে সম্পূৰ্ণকৈ আৱিষ্কাৰ কৰিব পাৰিছে তেন্তে সেই কবিতাটোৰ বাবে কবিৰ মৃত্যু ঘটিছে। কবিতাটো বুজিবলৈ কবিজনৰ প্ৰয়োজন নাই, প্ৰয়োজন নিজৰ বোধশক্তিৰহে।

 

অকল কবিতাই নহয়ঃ

ব্যক্তিগতভাৱে কবিতা ভাল পাওঁ বাবে মই সমগ্ৰ কথাকেইষাৰ একমাত্ৰ কবিতাকেন্দ্ৰিককৈ কলো। ওপৰৰ কথাকেইষাৰ উপন্যাস-গল্প-প্ৰৱন্ধ-নাটক আদি সকলো সৃষ্টিশীল কৰ্মৰাজিতে খাটে। আজিকালি প্ৰতীকবাদৰ পৰা গদ্য সাহিত্যও পাছ পৰি ৰোৱা নাই। প্ৰতীকবাদী আধুনিকতাবাদ পাৰ হৈ উত্তৰ আধুনিকতাবাদে গদ্যক এটা সুবিধা প্ৰদান কৰিছে আৰু সেইটো হৈছে যে সমগ্ৰ কাহিনীটোত নায়ক সৃষ্টি নকৰিলেও হয় বা নায়ক-নায়িকাৰ জবৰদস্ত প্ৰৱেশ নকৰালেও হয়। খণ্ডিত চিত্ৰৰেও উৎকৃষ্ট গদ্য প্ৰস্তুত কৰিব পাৰি। কাহিনীৰ খণ্ডিত চিত্ৰসমূহৰ মাজত যোগসূত্ৰ থাকিব লাগিবই বুলিও কোনো কথা নাথাকে। যোগসূত্ৰ নিৰ্ণয়ৰ দায়িত্ব পাঠকৰ!!!

 

মগজুটো বিক্ৰী নকৰিবঃ

বৰ্তমান অসমীয়া সাহিত্যজগতখন লবীকেন্দ্ৰিক। বহল ক্ষেত্ৰত সমগ্ৰ পৃথিৱীৰ সাহিত্যজগতো অৱশ্যে লবীকেন্দ্ৰিকেই। কিন্তু অসমীয়া সাহিত্যজগতত কোনো কোনো সাহিত্যিকৰ (নাম উল্লেখ নকৰো) ব্যক্তিগত পচন্দ-অপচন্দৰ ভিত্তিটো লবী তৈয়াৰ হয়। নিৰ্দিষ্ট কিছুমান লবীৰ সৈতে কিছুমান নিৰ্দিষ্ট বঁটা-বাহনৰ ইতিহাস আৰু বৰ্তমানো জড়িত হৈ আছে। তাৰোপৰি প্ৰগতিশীল যুৱক-যুৱতীসকলৰ কলম চৰকাৰে চুৰ্চুৰীয়া বঁটা-বাহনেৰে কিনি লোৱাৰ প্ৰচেষ্টাও কৰে। গতিকে আমি সকলো দিশতেই চকু ৰখাটো ভাল। যথাসম্ভৱ বৌদ্ধিক সততা (Intellectual innocence) বজাই ৰখাটো বৃহত্তৰ সাহিত্য জগতখনৰ ভৱিষ্যতৰ বাবেই ফলদায়ক।

 

কলম ৰবলৈ নিদিবঃ

মই এটা কথাই কবলৈ বিচাৰিছোঁ যে নৱপ্ৰজন্মৰ যিসকলে লেখা-মেলা কৰিম বুলি ওলাই আহিছে সেইসকলে যাতে কেতিয়াও কোনো শক্তিৰ হেঁচাতেই বা আন যিকোনো পৰিস্থিতিতে কলমটো ৰখাই নিদিয়ে। সাম্প্ৰতিক ঘূণেধৰা সমাজব্যৱস্থাক শুধৰাবলৈ আটাইতকৈ প্ৰয়োজন কেইডালমান শক্তিশালী কলম আৰু কেইটামান নিৰ্ভীক মগজুৰ মাত্ৰ।