আমি যেতিয়া একেবাৰে সৰু, কথিত ভাষাত "দুবেগেতীয়া", তেতিয়া আমি চাগৈ ওখ মানুহবোৰলৈ মূৰ তুলি ৰ' লাগি চাইছিলোঁ। নাকেৰে এসোঁতা আৰু কেতিয়াবা চকুৰেও দুসোঁতা ববলৈ নাভাগৰা লুণিয়া পানীৰে মুখখন মেলি আমি আমাতকৈ ওখ, ডাংৰ দাদা-বাইদেউবোৰলৈ পৰম আগ্ৰহেৰে কিবা এটা পোৱাৰ আশাত চাই ৰৈছিলোঁ, বৰ ভাল লাগিছিল, যেতিয়া অলপমান চাপৰি, আঠু কঢ়াৰ দৰে কৰি দাদাহঁতে আমাৰ এধানিমান হাতত লজেন গৰুটি এটা, বগৰী এটা বা পৰমালখি এটা ভাজি গুজি দিছিল, লাগিলে নিজৰ ভাগলৈ সিহঁতে বেলেগে ৰখা কেইটা বেছি ৰঙীণ বা বেছি মিঠাই নহওঁক কিয়!

অলপমান ডাঙৰ হৈ যেতিয়া নিকেতনত ৰাতিপুৱা প্ৰাৰ্থনাৰ বাবে শাৰী পাতিলোঁ, তেতিয়াও শাৰীটোৰ একেবাৰে শেষত ৰ'বলৈ ভালপপোৱা হ'লো, কাৰণ ওখ ওখ ল'ৰা-ছোৱালীখিনিকহে শেষত ৰ'বলৈ দিয়া হয়। শ্ৰেণীকোঠাতো লগ-সমনীয়াৰ মাজত এক অঘোষিত প্ৰতিযোগিতাৰ যেন চূডান্ত পৰ্য্যায়- কোন আটাইতকৈ ওখ? ওস্তাদৰ খেল শেষ ৰাতিৰ দৰে, প্ৰতোযোগিতাৰ প্ৰাৰম্ভণীতে "আউট" হোৱা কোনোবাটো আকৌ ব হুতদিনৰ মূৰত লেংপেঙীয়া ওখ হৈ শ্ৰেণীকোঠাত বীৰৰ দৰে প্ৰৱেশ কৰেহি । 

তাতকৈ যেতিয়া অলপ ডাঙৰ হ'লো, উপন্যাস, গীত কবিতা, কথাছবিৰ সোৱাদে যেতিয়া মনবোৰ আগতকৈ বেলেগ ধৰনে ভাল লগা কৰিলে, তেতিয়া দেখিলোঁ, মহাভাৰতীয় চৰিত্ৰ মহাৰথী কৰ্ণই হওঁক বা "অসীমত যাৰ হেৰাল সীমা"ৰ চন্দনেই হওঁক, "অৰণ্য" কথাছবিৰ "শিলে শিলে ঠেকা খালে"ৰ বিজু ফুকনেই হওঁক বা "জঞ্জীৰ"ৰ অমিতাভ বচ্চনেই হওঁক, সকলোবোৰ ভাল লগা "হিৰ'"ৰ প্ৰথম কাৰণ "ওখ"!! কোনো প্ৰাংশু ব্যক্তিৰ বক্তৃতা শুনি ভাল লাগে-ভাল লগাৰ কাৰণ-"সভাশুৱনি"।

আনে কোৱা শুনো, মাক-দেউতাকতকৈ ওখ যি ল'ৰা ছোৱালী, ভাগ্য বোলে সুপ্ৰসন্ন? এইজাক ওখ ল'ৰা ছোৱালীয়ে ছাগৈ আমাক আকাশ এটুকুৰা কিনিব পৰা কৰি তুলিব!!!

এতিয়া মই বিশ্ববিদ্যালয়ৰ ছাত্ৰী। বিশ্ববিদ্যালয়ৰ চিকুণাই থোৱা সেউজীয়া খেলপথাৰত আলাসতে ঊণসূতাৰ লাডুটোৰ দৰে ফুটবলটো লৈ দৌৰি ফুৰা ছোৱালীজাক, ৰসায়ন বিজ্ঞানৰ ব্যস্ত পৰীক্ষাগাৰত সমীকৰণ শুধৰাই থকা ছাত্ৰ-ছাত্ৰীসকল, মাৰ্চপাষ্টৰ অনুশীলন কৰি থকা খেলুৱৈসুলভ চেহেৰাৰ ল'ৰা ছোৱালীজাক, আভিযান্ত্ৰিক বিদ্যাপীথৰ প্ৰেক্ষাগৃহত  স্পষ্টস্বৰে নিজৰ মতামত আগবঢ়াই থকা যুৱ তাৰ্কিক সকল- মই ৰ' লাগি চাই থাকো-সকলোবোৰ "ওখ"। 

অনেকক এই চৌহদত লগ পাইছো। কোনোবাগৰাকীৰ চেহেৰা খৰিকাডাল, আন এগৰাকী এপাহ গোল নাৰ্জী ফুল, কোনোবাগৰাকীৰ বৰণ ৰ'দত জিলিকা কফিৰ দৰে, আন কোনোবাগৰাকী, মহিম বৰাছাৰৰ যে গল্পটো- "ৰাতি ফুলা ফুল"? সেই ফুলপাহৰ দৰে। কিন্তু সকলোবোৰ-বেছিভাগেই ওখ। 

কিমান ওখ? সিমান ওখ, যিমান ওখহ'লে আলিবাটৰ কাষৰ বনৰীয়া বনগুটিবোৰে ঢুকি নাপায়,যিমান ওখ 'হলে উৰাবাতৰিবোৰে গাত খুন্দিয়ালেও নিজেউফৰি পৰে, যিমান ওখ হ'লে সেই সেউজীয়াৰ ছাঁত আন বহুতে জিৰাব পাৰে,যিমান ওখ হ'লে দূৰৰ পৰাই দেখা পাই আন বহুতৰ অগোচৰে ৰৈ যোৱা সৰু সৰু ভাললগা কথা। 

তেওঁলোক ইমান ওখ তথাপি আমাৰ বিশ্ববিদ্যালয়ৰ পদপথত পৰি থকা বাগানভেলীয়াৰ শুকান ফুলপাহ হাতত তুলিবলৈ কষ্ট নাপায়, ইমান ওখ তথাপি ছাত্ৰীনিৱাসৰ ৰখীয়া মাহীকেইজনীক বা বিভাগবোৰৰ ৰখীয়া/প্ৰহৰীকেইজনৰ বা-বাতৰি ল'বলৈ আহৰি পায়, ইমান ওখ তথাপি মাজৰাস্তাতে আঠুকাঢ়ি বহি লৈ নাম নোহোৱা মৰমলগা কুকুৰ পোৱালীকেইটাৰ খবৰ ল'বলৈ মন যায়। ইমান ওখ, যে আকাশখন দৰ-দাম নকৰাকৈয়ে কিনি ত'ব পাৰে, তথাপি তেওঁলোকে বৰষুণত ভিজা মাটিডৰাৰ মিঠা আতৰৰ বাবে নিলামত বহে। 

এছাইনমেণ্ট, প্ৰডাক্ট, উচ্চাকাংক্ষা, মংগলগ্ৰহত এটুকুৰা মাটি আৰু যে কত কি! তাৰ মাজতো এইখিনি মানুহে এবাৰলৈ হ'লেও গধুলিগোপালৰ মিঠা সুবাসটো বিশ্ববিদ্যালয় চৌহদত বিয়পি আছে নেকি বিচাৰি চাবলৈ আজৰি পায়। এই যে প্ৰাণৰো আপোন মানুহখিনিক লগ পালো, এতিয়া বুজি উঠিছো,

কিমান ওখ হ'ব লাগে মানুহ?
আকাশখনেও মূৰ তুলি চাব পৰাকৈ ওখ হ'ব লাগে মানুহ!!!