২০১৬ বৰ্ষত মুক্তি পোৱা অসমীয়া কথাছবি ‘কথানদী’য়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। পৰিচালক ভাস্কৰ হাজৰিকাৰ ‘কথানদী’ হৈছে অসমৰ প্ৰাচীন লোক-সাহিত্য ‘সাধুকথা’ক মূল সমল হিচাপে লৈ নিৰ্মাণ কৰা এখন অগতানুগতিক কথাছবি। এই কথাছবিয়ে নিশ্চিতভাৱে অসমীয়া দৰ্শকক আছন্ন কৰিব পাৰিছে। যদিও অসমীয়া চিনেমাত সাধুকথাক সমল হিচাপে লৈ ইয়াৰ আগতেও চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।( উদাহৰণ স্বৰূপে- আনোৱাৰ হুছেইনৰ দ্বাৰা পৰিচালিত ‘তেজীমলা’, জোনমণি দেৱী খাওণ্ডৰ দ্বাৰা পৰিচালিত ‘তুলা আৰু তেজা’, ----- ‘তীখৰ আৰু ছুটীবাই’ আদি কথাছবিৰ নামোল্লেখ কৰিব পাৰি। ) কিন্তু বিগত ২০১৬ বৰ্ষত মুক্তি লাভ কৰা ‘কথানদী’ হৈছে এনে ধাৰাৰে নিৰ্মিত এখন বহু চৰ্চিত প্ৰতিনিধিত্বকাৰী কথাছবি, যিয়ে নেকি পূৰ্বৰ ধাৰাটোকে এক মান্যতা প্ৰদান কৰিলে। ‘কথানদী’ত মুঠতে ৪ টা সাধুৰ একত্ৰ সমাহাৰ দেখা যায়। সাধুকেইটা ক্রমে- তেজীমলা, ঔকুঁৱৰী, চম্পাৱতী আৰু তাৱৈয়েকৰ সাধু। সাধুকেইটাৰ মূল উৎস হ’ল- লক্ষ্মীনাথ বেজবৰুৱাই সঙ্কলন কৰি যোৱা ‘বুঢ়ী আইৰ সাধু’। মৌখিক সাহিত্যৰ দিনৰে পৰা আজি পৰ্যন্ত অসমীয়া মানুহৰ মন মগজুত শিপাই থকা এই সাধুকথাবোৰকে পৰিচালক ভাস্কৰ হাজৰিকাই আধুনিক ব্যাখ্যা, আধুনিক শৈলী আৰু নব্য বিশ্লেষণেৰে ‘কথানদী’ত উপস্থাপন কৰিছে। সাধুকেইটাই কথাছবিখনত নতুন ৰূপ, লাৱণ্য আৰু আভিজাত্য লাভ কৰিছে। আটাইকেইটা কাহিনীৰ মাজত সামঞ্জস্য দেখুৱাবলৈ যাওঁতে প্ৰতিটো কাহিনীৰে কিছু কিছু যোগ বিয়োগ হোৱাতো স্বাভাৱিক। কিন্তু এই যোগ-বিয়োগৰ অঙ্কই কথাছবিখনৰ মৰ্যদা আৰু গতিত বাধা আৰোপ কৰিব পৰা নাই। চাৰিওটা কাহিনীৰ মাজৰ আন্তঃ সম্পৰ্ক বলিষ্ঠভাৱে চিত্ৰায়ন কৰাত পৰিচালক সফল হৈছে বুলি ক’ব পাৰি।কথানদীৰ মাজেৰে হাজৰিকাই মৌখিক সাহিত্যক চলচ্চিত্ৰৰ মাধ্যমেৰে পুনৰ নিৰ্মাণ শৈলী (Re- Construction)ৰ ছাঁ পেলাইছে। ছাঁ বুলি এইবাবেই কোৱা হৈছে যে, এই নিৰ্মাণ শৈলীৰ বিষয়টো ছবিখনত বলিষ্ঠ নহয়, মাত্ৰ এক আভাষ হে দেখা পোৱা যায়। অসমীয়া সাহিত্যত তেজীমলাক লৈ যথেষ্ট সম্পৰীক্ষা হৈছে। সেইদৰে বহুখিনি আধুনিক সাহিত্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ প্ৰকাশিত মৃদুল শৰ্মাৰ ‘তেজীমলাৰ মাকৰ সাধু’ গ্ৰন্থত তেজীমলাৰ মাহীমাকক নতুনকৈ অসমীয়া সমাজত উপস্থাপন কৰা হৈছে। এই গ্ৰন্থ পঢ়ি যিকোনো লোকেই মাহীমাককো সহানুভূতিৰে চাবলৈ বাধ্য হ’ব। এগৰাকী মাহীমাকৰ মনোকষ্ট, তেওঁৰ অন্ত দণ্ড, বিষয়- সংঘাত আদি বিভিন্ন গুণবোৰ পৰিচালকে ইচ্ছা কৰা হ’লে কথানদীৰ মাজতো ফুটাই তুলিব পাৰিলেহেঁতেন। কিন্তু তাৰ চেষ্টা কথানদীত দেখা নগ’ল। কথানদীত চৰিত্ৰবোৰৰ সাজ-পাৰ, চাল-চলন, খাদ্যভাষ, ভাৱ-ভাষা আদি সাধুকথাত বৰ্ণিত সময়খিনিৰে যেন কৰিবলৈ চেষ্টা কৰা হৈছে । এইক্ষেত্ৰত পৰিচালক বহু পৰিমাণে সফল হৈছে। সেইদৰে কাহিনীৰ চৰিত্ৰবোৰক তাহানিৰ গ্যাম্য ৰূপতে ৰাখিছে। বহু ক্ষেত্ৰত মূল কাহিনীৰ দুই এক চৰিত্ৰক বাদ দিছে আৰু আৰু বহু সময়ত প্ৰয়োজন অনুসৰি নতুন চৰিত্ৰৰ সৃষ্টি কৰিছে। সেইদৰে সাধুবোৰৰো হুবহু উপস্থাপন ‘কথানদী’ত নাই। পৰিচালকে মূল কাহিনীৰ সাৰ অংশ লৈ বহুসময়ত স্থান-কাল-পাত্ৰৰ হীন ডেঢ়ী ঘটাইছে।কথানদীৰ মুখ্য চৰিত্ৰবোৰ নাৰীকেন্দ্ৰীক। চৰিত্ৰবোৰ গতিশীল। ছবিখনত বিশেষ ভাৱে প্ৰতিফলিত হৈছে নাৰী সমাজৰ ঈৰ্ষা, আক্রোশ, কপটতা, বিষাদ, হৰ্ষ, লালসা, ব্যৰ্থতা, ভাগ্য নিয়তিৰ বিধান আদি দিশবোৰ। যিহেতো সাধুবোৰতে বহু পৰিমাণে অতিলৌকিকতা আৰু অধবাস্তৱতাই আগুৰি আছে, গতিকে ‘কথানদী’তো এই দোষ-গুণবোৰ দেখা যায়। কিন্তু এই অতিলৌকিকতা খিনিকো পৰিচালকে অতি কলাসন্মত আৰু নিটোল ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। প্ৰতিটো কাহিনীৰে ঘটনা আৰু বৰ্ণনা মাজত সাদৃশ্য দেখা পোৱা যায়। ‘চম্পাৱতী’ সাধুত চম্পাৱতীৰ বিয়াৰ প্ৰতীকাত্মক বিৱৰণ দাঙি ধৰি ধনেশ্বৰীৰ জীয়েক বনলতিকাৰ বিয়াৰ প্ৰস্তুতি আৰু তাৰ পৰিণতিহে বিশেষভাৱে দেখুওৱা হৈছে। বনলতিকাৰ বিয়ালৈ আকৌ তেজীমলা সখীয়েক হৈ গৈছে। ঔকুঁৱৰী সাধুটো তেনেদৰে বহু পৰিমানে কল্পনাৰ আশ্ৰয় লোৱা হৈছে। ঔটেঙাটোক মাক (কেতেকী)ৰ পাছে পাছে গতি কৰোৱা কলা-কৌশলে দৰ্শকক বেচ আমোদ দিব আৰু দৰ্শকৰ মনত কৌতুহলৰ সৃষ্টি কৰিব। কেতেকীয়ে তেজীমলাৰ বাপেকক কাপোৰ বৈ দিছে। বাপেকেও অশেষ কষ্ট কৰি ঔটেঙাটোৰ পৰা কণমানি ল’ৰাটোক উদ্ধাৰ কৰি মাকৰ বুকু জুৰাইছে। সেইদৰে তাৱৈৱেকৰ সাধুৰ পোনাই জাল মাৰি সেই মাছ বনলতিকাৰ বিয়ালৈ বুলি দিছে। এনেদৰে প্ৰতিটো কাহিনীৰ মাজৰ আন্তঃ সম্পৰ্ক নিৰ্মাণ কৰিছে। সাধাৰণতে এনে সম্পৰীক্ষা অসমীয়া কথাছবিত দেখা পোৱা নাযায়। কিন্তু প্ৰথমবাৰৰ বাবে এনে পৰীক্ষা সম্পন্ন কৰি পৰিচালক ভাস্কৰ হাজৰিকাই অসমীয়া কথাছবিলৈ একে নতুন ধাৰাৰ আৰম্ভ কৰে।‘মাতৃত্ব’ৰ বিভিন্ন দিশ আৰু চৰিত্ৰৰ পাৰ্থক্যই বৰ্ণিত হৈছে ‘কথানদী’ত। তাৱৈয়েকৰ সাধুত এগৰাকী মাতৃৰ নিজ সন্তানৰ প্ৰতি থকা মৰম আৰু দুখবোধ প্ৰতিফলিত হৈছে, সন্তানৰ মৃত্যুত মাতৃৰ যি চৰম হতাশা আৰু উদাসীনতা, তাকো দেখুওৱা হৈছে। চম্পাৱতী কাহিনীটোত মাতৃৰ ভোগ-লালসা, সম্পত্তিৰ প্ৰতি অগাধ মোহ দেখুওৱাৰ ওপৰিও আ-অলঙ্কাৰৰ লোভত পৰি কিদৰে নিজ সন্তানকো মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে, তাৰ চমকপ্ৰদ বৰ্ণনা দেখুওৱা হৈছে। সেইদৰে ঔকুঁৱৰী সাধুটোৰ মাজেৰে এগৰাকী অসহায় তিৰোতাৰ কৰুণ জীৱন গাঁথাৰ প্ৰতিফলন হৈছে। সন্তান বুলি ঔটেঙা জন্ম দিয়া এগৰাকী মাতৃক এখন সমাজ আৰু নিজ পতিয়ে কৰা অৱমাননা কিমান ভয়াবহ হ’ব পাৰে আৰু সেই ভয়াৱহতা বুকুত লৈ এগৰাকী নাৰী কিদৰে জীয়াই থাকিব পাৰে তাৰ উমান পোৱা যাব। তেজীমলা সাধুটোত মাহীমাকৰ কপটতা আৰু বন্য আচৰণ দেখুওৱা হৈছে। নাৰীয়ে কিদৰে আক্রোশ লৈ সন্তানক অন্যায়, অত্যাচাৰ কৰিব পাৰে, তাৰ বিৱৰণ তেজীমলাৰ সাধুত পোৱা যাব।

ছবিখনৰ ঘটনাক্রম, অভিনয় প্ৰসংগ আৰু কাৰিকৰী কৌশল সম্পৰ্কে বিশ্লেষণ :প্ৰথম দৃশ্যতেই ‘পোনা’ই সদ্যজাত সন্তানটোক হাবিৰ মাজলৈ লৈ গৈ জীয়াই জীয়াই পুতি থৈ আহিছে। এই কাম তেওঁ তাৱৈয়েকৰ কথামতে সম্পন্ন কৰে বুলি পৰৱৰ্তী সময়ত কথাছবিখনত দেখুওৱা হৈছে। পোনা চৰিত্ৰত অভিনয় কৰা কপিল বৰা অসমীয়া ছবিজগতৰ এখন চিনাকি মুখ। তেওঁৰ অভিনয় সুন্দৰ আৰু পোনাৰ দৈহিক অৱয়ৱ চৰিত্ৰটোৰ বাবে সঠিক নিৰ্বাচন। ৰাতিৰ জয়াল পৰিৱেশ আৰু ৰহস্যময়তাক গভীৰ কৰি তুলিবলৈ মকৰাৰ জাল দেখুওৱা হৈছে। কথানদীৰ আটাইতকৈ ডাঙৰ কৃতিত্ব হ’ল যে ইয়াত প্ৰথমৰ পৰাই শেষলৈকে অসমীয়া লোকবাদ্য যেনেখোল, বৰকাঁহ, তাল, পেপা, নেগেৰা আদিৰ সুৰ আৰু ধ্বনিক আৱহ সঙ্গীত হিচাপে ব্যৱহাৰ কৰা হৈছে। সেইদৰে ঠায়ে ঠায়ে ঢেঁকীৰ কটৰাৰ মাতটোও আৱহ সঙ্গীত হিচাপে ব্যৱহাৰ কৰা হৈছে। অসমীয়া কথাছবিত এই ধৰণৰ সম্পৰীক্ষা ইয়াৰ আগতেও কম বেছি পৰিমানে হৈছে যদিও ‘কথানদী’য়ে এইবোৰ দিশত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে।আকৗ তেজ মঙহৰ এজনী মানুহে এটা ঔটেঙা জন্ম দি স্বামীৰ পৰা ককৰ্থনাৰ সন্মুখীন হৈছে। সন্তান জন্ম দিয়াত যে স্বামীৰ নিজৰো দোষ আছে, সেইয়া তেওঁ উপলব্ধি কৰা নাই। দুৰ্ভগীয়া কেতেকীয়ে স্বামীৰ পৰা খেদা খায় আশ্ৰয় লৈছেহি এখন মিচিং গাৱঁত। জীয়াই থাকিবলৈ জীৱিকা হিচাপে বাচি লৈছে কাপোৰ বৈ বিক্রী কৰা কামটো। মানুহে তাইক ডাইনী বুলিও ভাৱে। কিন্তু এই সমালোচনাৰ প্ৰতি কেতেকীৰ যেন কোনো গুৰুত্ব নাই। কেতেকী চৰিত্ৰটিও অভিনয় কৰিছে উৰ্মিলা মহন্তই। মহন্তৰ অভিনয় যথেষ্ট সুন্দৰ। পৰিপক্কতাৰ গুণে আৱৰি আছে। কেতেকীৰ স্বামীৰ মতগৰ্বী চৰিত্ৰটোকো ছবিখনত সুন্দৰকৈ দেখুওৱা হৈছে , লগতে কেতেকীক ত্যাগ আৰু মমতাৰ প্ৰতীক ৰূপত দেখুওৱা হৈছে। কেতেকী থকা সেই মিচিং গাৱঁলৈকে ঘটনাৰ পাকচক্রত তেজীমলাৰ বাপেক আহে। তেওঁ সাউদ, বেপাৰ বাণিজ্য কৰে। এই সাউদে কেতেকীৰ পৰা কাপোৰ কিনি তাইৰ সৈতে চিনা পৰিচয় হয় আৰু ঔটেঙাটোৰ জন্ম বৃত্তান্ত শুনে। কেতেকীক সাউদে সহায় কৰিবলৈ মন মেলে আৰু এই কথা কয় যে মানুহৰ পেটৰ পৰা ঔটেঙা জন্ম হোৱাটো কোনো আচৰিত কথা নহয়। সাউদৰ এই কথাকেইটাত পৰিচালকে সাধুকথাৰ দিনৰ কাল্পনিক সমাজখন ধৰি ৰাখিবলৈ সক্ষম হৈছে। সাউদৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ গৌৰৱৰ, প্ৰখ্যাত তাৰকা শিল্পী আদিল হুছেইনে। ইতিমধ্যে বলিউদত সফল ভাৱে আত্ম প্ৰতিষ্ঠা লাভ কৰা হুছেইনৰ অভিনয়ে কথানদীক আন এক মান্যতা প্ৰদান কৰিছে।ইফালে সাউদ বণিজলৈ যোৱাৰ লগে লগে তেজীমলাৰ ওপৰত মাহীমাকৰ আৰম্ভ হয় নিৰ্মম অত্যাচাৰ। মাহীমাকে তেজীমলাক কৰা অত্যাচাৰৰৰ কাহিনী প্ৰতিজন অসমীয়াৰ বুকুত দকৈ শিপাই আছে। ভাস্কৰ হাজৰিকাই যেনিবা এই শিপা আৰু দকৈ গাঢ় কৰাত সহায় কৰিলে। শাস্তিৰ ক্ষেত্ৰত মাহীমাকে কেৰেলুৱা খুৱাই দিয়াটো পৰিচালকৰ নিজা সৃষ্টি। আকৌ তেজীমলাক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰা গোপন প্ৰেমিকৰূপী চৰিত্ৰটো নিৰ্মাণ কৰোঁতে পৰিচালকে মৌলিকতাৰ আশ্ৰয় লৈছে। বহুক্ষেত্ৰত এই চৰিত্ৰটো মাহীমাকৰ অৱচেতন মনটোৰ কলাত্মক চিত্ৰণ যেনহে লাগে। মাহীমাকৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে। ৱাহিদৰ এই খলনায়িকাৰ চৰিত্ৰ অসমীয়া চিনেমাৰ দৰ্শকৰ বাবে এয়ে প্ৰথম। তেওঁৰ অভিনয়ো দুৰ্দান্ত ৰূপত দেখা পোৱা যায়। মাহীমাকৰ চৰিত্ৰটো ফুটাই তোলাত তেওঁ সফল হৈছে। মূল সাধুত তেজীমলাক সখীয়েকৰ বিয়ালৈ পঠিয়াওতে কাপোৰযোৰৰ মাজত নিগনি আৰু জুইৰ অঙঠা ভৰাই দিছে বুলি আমি পঢ়ি আহিছোঁ যদিও ‘কথানদী’ত কেৱল নিগনিটোৰ কথাহে পোৱা যায়। এইক্ষেত্ৰত পৰিচালকৰ বিজ্ঞান মনস্কতাৰ উমান পোৱা যায়। কাৰণ অঙঠা আৰু নিগনি একেলগে ভৰাই দিলে যে নিগনিটোৱেই উত্তাপত মৰি থাকিব। গতিকে, হাজৰিকাই জানি বুজিয়েই কেৱল নিগনিৰ প্ৰসংগটো দেখুৱাইছে। ছবিখনত ঢেঁকীৰে তেজীমলাক খুন্দি মৰা দৃশ্যটো হৃদয় বিদাৰক। তেজীমলাৰ চৰিত্ৰত অভিনয় কৰা নৱাগতা শিশু শিপ্লী ‘কাচভি শৰ্মা’ৰ অভিনয় শলাগ ল’বলগীয়া। এই দৃশ্যত তেজীমলাই শেষত চিঞৰি চিঞৰি কোৱা ‘দেউতা অ’ মোক বচাহি’ বাক্যশাৰীত দৰ্শকৰ গাৰ নোম উঠি যায়। সেইদৰে মৃত্যুৰ আগমুহূৰ্তত তেওঁ মাহীয়েকক কৈ যোৱা ‘মই তোক সচাঁকৈ ঘিণ কৰোঁ মাহী আই’ বাক্যইটোৱেই সমাজত তেজীমলাৰ মাহীমাকক সমাজ আৰু পৰৱৰ্তী সভ্যতাই যে কোনো দিনে ভাল চকুৰে নাচায়, তাৰ উমান পোৱা যায়।নাৰীৰ ভোগ আৰু লালসাৰ চৰম পৰিণতি দেখা পোৱা যায় চম্পাৱতী সাধুৰ বনলতিকাৰ বিয়াৰ সময়ত। ধনেশ্বৰীয়ে কেৱল অই-অলঙ্কাৰৰ বাবেই বনলতিকাক বিয়া দিবলৈ ওলাইছে এটা অজগৰৰ লগত। কাৰণ ধনেশ্বৰীৰ সতিনীৰ জীয়েক চম্পাৱতীকো এডাল অজগৰে বিয়া পাতি সোণ-ৰূপেৰে উপচাই গৈছিল। অৱশ্যে চম্পাৱতীৰ বিয়াৰ প্ৰসংগটো আছিল কিছু বেলেগ। চম্পাৱতীৰ গিৰীয়েক আছিল এজন অজগৰৰূপী দেৱতাহে। এই কথা কোনেও জনা নাছিল। সেয়েহে বনলতিকাকো অজগৰে বিয়া পাতি সোণে ৰূপে উপচাই পেলাব বুলি হাবিৰ পৰা এডাল অজগৰ ধৰি আনি তাৰ লগতে বনলতিকাক বিয়া দিছে। পৰিণতি বনলতিকাৰ কৰুণ মৃত্যু। ঘৈণীয়েকৰ কথামতে উঠা বহা কৰা স্বামীৰ চৰিত্ৰটিৰ বৰ্ণনা বেছ হাস্যোদ্দীপক। সেইদৰে আজলী জীয়েক বনলতাই মাকৰ কথামতেই এডাল অজগৰৰ সৈতে বিবাহত বহিবলৈ মান্তি হোৱা কাৰ্যই সেই সময়খিনিৰ সমাজ ব্যৱস্থাক প্ৰতিনিধিত্ব কৰিছে। তাই অকনো প্ৰতিবাদ কৰা নাই, কৰিবলৈ সাহসো কৰা নাই। সেইদৰে, বনলতিকাক সাপৰ পেটৰ পৰা ফালি দেখুওৱা দৃশ্যটো সংক্ষেপ আৰু প্ৰতীকি যদিও এইক্ষেত্ৰত পৰিচালকৰ চিত্ৰ নাট্যৰ জ্ঞান মানিবলগীয়া। আনহাতে, সাউদ আৰু কেতেকীয়ে সাউদৰ কৌশল প্ৰয়োগ কৰি ঔটেঙাটোৰ পেটৰ পৰা সন্তানটো উলিয়াই আনিবলৈ সক্ষম হয়। অবাস্তৱ আৰু অকল্পনীয় যেন লাগিলেও সাধুকথাত এইবোৰ সম্ভৱ। সেয়েহে সাধুৰ দৰেই ঘটনাৰ কলাত্মক ৰূপায়ন কথানদীৰ মাজেৰে হৈছে। ক’ব পাৰি যে, কথানদীৰ মাজত কাহিনীৰ বাস্তৱতা বিচাৰ কৰাতকৈ কাহিনীৰ উপস্থাপন আৰু পৰিৱেশন ৰীতিৰ বিচাৰ বিশ্লেষণ কৰাটোহে বেছি প্ৰাসংগিক। তাৱৈয়েকৰ আজ্ঞামতে পোনাই তিনিটাকৈ সন্তান জীয়াই জীয়াই পুতি থয় হাবিৰ মাজত। এই কাৰ্যত মালতী যথেষ্ট মৰ্মাহত হয়। মালতী চৰিত্ৰটো ৰূপায়ন কৰে আশা বৰদলৈয়ে। বৰদলৈৰ মুখৰ খাটি গ্ৰাম্য ভাষাৰ কথা-বতৰাই কথানদীক আন এক মূল্য প্ৰদান কৰিছে। মালতীয়ে চতুৰ্থ সন্তানটিৰ নাম দিছে ভাগ্যৱতী। চতুৰ্থ সন্তানটো লৈ পোনা আৰু মালতী যেতিয়া নদীৰ সিপাৰে থকা তাৱৈয়েকৰ ওচৰলৈ যায়, সেই মূহূৰ্তত মালতীয়ে এখন ছুৰী কটাৰী খোঁচনিত লৈ যায়। উদ্দেশ্যে তাৱৈয়েকক হত্যা কৰা। কিন্তু পোনা আৰু মালতীক এইবাৰ আচৰিত কৰি তাৱৈয়েকে কয় যে, এইটো সন্তানহে সিহঁতৰ আচল সন্তান। লগে লগে মালতিৰ হাতত থকা কটাৰীখন খহি পৰে। শেষ দৃশ্যত তেজীমলাৰ সমাধিৰ পৰা এটি গছ পুলি ওলাই আহে। এই পুলিটো প্ৰতীক ৰূপত দেখুওৱা হৈছে। কায়িকভাৱে তেজীমলাৰ মৃত্যু হৈছে যদিও তেজীমলাৰ সত্ত্বা যে চিৰদিন জীয়াই থাকিব তেনে এক ইঙ্গিত এই পুলিটোৱে বহন কৰিছে। তেজীমলা সত্য পথত থকাৰ বাবে তাইৰ পূৰ্ণজন্ম হৈছে এটি গছপুলিৰ মাজেৰে আৰু সেই গছপুলিটোলে মাহীমাকে বিষ্ময়জনক ভাৱে চোৱা কাৰ্যই তেজীমলাৰ সত্ত্বাৰ ওচৰত মাহীমাকৰ অসৎ অভিপ্ৰায় আৰু কু অভিসন্ধিয়ে বশ্যতা স্বীকাৰ কৰা যেন লাগে।

‘কথানদী’ৰ অন্যান্য বিশেষত্ব :-‘কথানদী’ কথাছবিত অসমৰ সামগ্ৰীক কৰ্ম কাৰ্য, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, ঐতিহ্য, বুৰঞ্জী, প্ৰবাদ -প্ৰবচন আদিৰ সুষম সমাহাৰ দেখা যায়। অসমৰ লোকবাদ্যৰ সাৰ্থক প্ৰয়োগ ‘কথানদী’ৰ মাজেৰে হৈছে। কথাছবিখনৰ সৰহসংখ্যক দৃশ্যতেই অসমীয়াৰ স্বভাৱ চৰিত্ৰৰ পূৰ্ণ প্ৰয়োগ দেখা যায়। ‘কথানদী’ত অসমীয়া পুৰণি সাজ-পাৰ যেনে এঙা চুলা, চুৰীয়া, ছেলেং চাদৰ আদিৰ ব্যৱহাৰ দেখা যায়। সেইদৰে খাদ্যভাষ, ৰীতি-নীতি, পৰম্পৰা, লোক বিশ্বাস আদিৰ সাৰ্থক চিত্ৰায়ন কথানদীৰ মাজেৰে হৈছে। বনলতিকাৰ বিয়াত অসমীয়া সমাজত দৰাক আদৰি অনাৰ দৰেই আদৰি অনা হৈছে। সেইদৰে ঢেকী, মাটি চাকি, গছা, গোবৰ ভেৰ আদিৰ ব্যৱহাৰে কথানদীক অসমীয়া সমাজৰ সৈতে বিশেষভাৱে সম্বন্ধ আনি দিছে। গ্ৰাম্য চিকিৎসা যেনে গৰম পানীৰে সেক দিয়া কাৰ্য তেজীমলাৰ চৰিত্ৰটোৰ মাজেৰে দেখুওৱা হৈছে। ‘কথানদী’ত মিচিং ঐনিতমক এক অনন্য মাত্ৰা দিয়া হৈছে। সেইদৰে অসমীয়া লোকগীতৰ প্ৰয়োগ কৰা দেখা যায়। ‘কথানদী’তে প্ৰথম বাৰৰ বাবে অসমীয়া ভাষাত ব্যৱহাৰ কৰা গালি বুনৰী শব্দটো ব্যৱহাৰ কৰা হৈছে। ইয়াৰোপৰি অসমৰ প্ৰকৃতিজগতৰ আৰু অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকটি যেনে গড়, হাতী, বগলী, বৰটোকোলা আদিৰ কেইখনমান সুন্দৰ স্থিৰ চিত্ৰ ‘কথানদী’ত ব্যৱহাৰ কৰা হৈছে। মালতীৰ মুখত গ্ৰাম্য ভাষা ব্যৱহাৰ কৰা হৈছে, যেনে আৰু > আও, স্নেহ >চেনেহ, ভক্তি > ভকতি, উচিত > হক আদিৰ কথিত শব্দৰ ব্যৱহাৰ দেখা যায়।কথানদীত সংলাপ প্ৰয়োগ কৰিছে অৰূপা পতংগীয়া কলিতাই। কলিতাই প্ৰয়োগ কৰা সংলাপখিনি প্ৰতীকধৰ্মী আৰু বলিষ্ঠ। তেওঁ নিজে সাহিত্যিক বাবে সংলাপবোৰতো সাহিত্যিক গুণ আৰু ব্যঞ্জনা দেখা যায়। গ্ৰাম্য ভাৱ ভাষাৰে সংলাপ প্ৰক্ষেপণত তেওঁ সফল হৈছে। যতীন শৰ্মাৰ মিউজিকে কথানদীক অনন্য মাত্ৰা প্ৰদান কৰিছে। পৰিশেষত ক’ব পাৰি যে, কথানদীত কথাছবিৰ সমূদায় গুণ কম-বেছি পৰিমানে দেখা যায়। দুই এক দিশত পৰিচালকৰ দুৰ্বলতাও দেখা যায়। যেনে যি সময়ত হাবিৰ পৰা দুজন মানুহে অজগৰটো ভাৰ বান্ধি যেনে তেনে লৈ আহে , তাৰ অলপ সময়ৰ পিছতে কিন্তু এজন মানুহেই সহজতে অজগৰটো ডাঙি লৈ গৰু গাড়ীখনত উঠাই দিয়ে আৰু ধনেশ্বৰীৰ ঘৰত পুনৰ এজনেই নমাই। সূক্ষ্ম ভাৱে চালে এই দৃশ্য কেইটাত কিছু পৰিমানে বিসংগতি দেখা যায়। সেইদৰে সাধুকথাৰ সময়খিনিক প্ৰাকে প্ৰকাৰে দেখুৱাবলৈ যত্ন কৰা ছবিখনত অভিনেত্ৰীসকলৰ ছেলাউৰিখিনিতো সমানেই চকু দিয়া প্ৰয়োজন আছিল। অভিনেত্ৰী সকলৰ ছেলাউৰিবোৰ কিন্তু থ্ৰেডিং কৰা। অৱশ্যে এইবোৰ অতি সাধাৰণ দোষ। দৰ্শকে এই দোষবোৰ দোষ বুলি নধৰিবও পাৰে।অসমীয়া চলচ্চিত্ৰত সাধুকথাক মুখ্য বিষয় হিচাপে লৈয়ো যে এখন ভাল ছবি নিৰ্মাণ কৰিব পাৰি, সেই কথা কথানদীয়ে প্ৰমাণ কৰি দিছে। বলিউদ আৰু পাশ্চাত্যৰ পৰা সততে আদৰ্শ লৈ অসমীয়া ছবি নিৰ্মাণ কৰা পৰিচালকসকলৰ বাবেও ‘কথানদী’ আদৰ্শ হ’ব পাৰে। শেষত কথানদী পৰিয়াললৈ আমাৰ অশেষ শুভকামনা।