The Portrait of a lady আৰু সেই আইতাগৰাকী

(১)

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত ভৰি দিয়াৰ মাত্ৰেই মোৰ টেবুললৈ নতুন নতুন পাঠ্যপুথিৰ আগমণ হ'ল। নতুন নতুন কিতাপবোৰৰ প্ৰতি থকা উৎসুকতাৰ বাবেই ইংৰাজী আৰু অসমীয়া কিতাপ দুখন ওপৰে ওপৰে গোটেইকেইটা পাঠ গিলি থলোঁ।ইংৰাজী কিতাপখনৰ প্ৰথম পাঠটো আছিল ভাৰতৰ বিখ্যাত লেখক খুশৱন্ত সিঙৰ 'দ্য পৰ্ট্ৰেইট অৱ এ লেডী' অৰ্থাৎ এগৰাকী মহিলাৰ অংকিত মুখাৱয়ব।

খুশৱন্ত সিঙক চিনি নোপোৱা মানুহ হয়তু এই ভাৰতবৰ্ষত নোলাব। সেয়েহে কলেজৰ দ্বিতীয় দিনাৰ ক্লাছত যেতিয়াইংৰাজী বিষয়ৰ অধ্যাপকে "Who was Khushwant Singh?"  বুলি সুধিলে, তেতিয়া "Khushwant Singh was a Journalist, writer, historian, critic and politician. He founded and edited Yojanam an Indian government journal in1951-1953; The illustrated weekly of India, a news weekly; and two major Indian newspapers- The National Herald and the Hindustan Times. From 1980 to 1986, Singh was a member of Rajya Sabha, the upper houseof the Indian Parliament. He was awarded the Padma Bhushan in 1974 for servvice to his country. In 1984, he returned the award in protest against the siege of the Golden Temple by th Indian Army. In 2007, the Indian government awarded Khushwant Singh the Padma Vibhushan. He died non 20 March 2014, in New Delhi, at the age of 99. His famous books are-'Train to Pakistan(1956), Tragedy of Punjab(1984), The portrait of a lady(Short story collection(2007)" - এইবোৰ কোৱাৰ মোৰ বৰ বেছি অসুবিধা নহ'ল। ছাৰেও সন্তুষ্টচিত্তে মোক প্ৰশংসা কৰিলে। কিন্তু তেওঁ যেতিয়া পাঠটো পঢ়াবলৈ আৰম্ভ কৰিলে, তেতিয়া সেই পাঠটোৰ প্ৰতিটো বাক্যই, প্ৰতিটো শব্দই মোক এগৰাকী বিশেষ 'আইতা'লৈ মনত পেলাই দিছিল। ছাৰে যদিও পাঠটোৰ আইতাগৰাকীক অতি সূক্ষ্ম আৰু স্পষ্টভাৱে আমাৰ আগত তুলি ধৰিবলৈ সক্ষম হৈছিল,তথাপিও মই সেই আইতাগৰাকীৰ ছবিখন অস্পষ্ট ৰূপত দেখা পাইছিলোঁ, কিয়নো ক্লাছটোত মই অলপো মন বঢ়াব পৰা নাছিলোঁ।

(২)

 পাঠতোত খুশৱন্ত সিঙে তেোঁৰ আইতাকৰ এক সজীৱ চিত্ৰ উপস্থাপন কৰিছে। ২০ বছৰ পূৰ্বে লেখক যেতিয়া যথেষ্ট সৰু আছিল, তেতিয়াও তেওঁৰ আইতাকগৰাকী বৃদ্ধায়েই আছিল। তেওঁ ইমানেই বৃদ্ধা আছিল যে তেওঁক দেখিলে তেওঁ আৰু বয়সীয়াল নহ'ব যেন বোধ হৈছিল। তেওঁৰ চেহেৰাটো শোতোৰা শোতোৰ পৰি গৈছিল। তেওঁক দেখিলে এইটো বিশ্বাস কৰিবলৈ টান হৈছিল যে তেওঁ কোনোবা সময়ত যুৱতী আৰু ধুনীয়া আছিল অথবা তেওঁৰ এক স্বামীও আছিল, লেখকৰ ককাকৰ এখন চিত্ৰও ড্ৰয়িং ৰূমত আঁৰি থোৱা আছিল। পিন্ধনত ডাঙৰ পাগুৰি তথাদীঘল বগা ডাড়িৰে ককাজনক এশ বছৰ বয়সীয়াল যেন চিত্ৰখনত দেখা গৈছিল।তেওঁ দেখাত এনে লাগিছিল যেন তেওঁৰ ব হুতো নাতি পুতি আছিল। আইতাকে লেখকক প্ৰায়ে তেওঁৰ ল'ৰালিত খেলা খেলবোৰৰ বিষয়ে কৈছিল।যিবিলাক শুনি লেখকৰ অসম্ভৱ আৰু অবিশ্বাস্য যেন লাগিছিল।

লেখকৰ আইতাকগৰাকী চুটি চাপৰ , শকত ত থা কিছু পৰিমাণে কুঁজা আছিল, বিশ বছৰৰ অন্তৰালত লেখকে তেোঁৰ আইতাকৰ চেহেৰাত একো পৰিৱৰ্তন দেখা পোৱা নাছিল। আইতাকে ঘৰত থকা সময়ত বগা কাপোৰ পিন্ধি চলা-ফুৰা কৰিছিল, দেহৰ সন্তুলনৰ কাৰণে প্ৰতিমূহুৰ্ততে এখন হাত কঁকালৰ পাছফালে ৰাখিছিল। আনখন হাতত তেওঁ এডাল মালা লৈ ফুৰিছিল, তেোঁৰ বগা চুলি মুখমণ্ডলৰ ওপৰত অবিন্যস্ত হৈ পৰি থাকিছিল, নিঃশব্দে তেওঁ ভজন গাই থকাৰ বাবে সদায়ে তেওঁৰ ওঁঠ দুটা কঁপি থাকিছিল। 

লেখকৰ পিতৃ মাতৃয়ে যেতিয়া লেখকক অলপ দিনৰ বাবে আইতাকৰ ওচৰত থৈ চ হৰলৈ গৈছিল, তেতিয়া লেখকৰ আইতাকে ব হুত সময় লেখকৰ লগত কটাইছিল। তেওঁক স্কুললৈ সাজু কৰোৱা, গা ধোওৱা, মন্দিৰৰ পূজাৰীয়ে ল'ৰা ছোৱালীবোৰক বৰ্ণমালাৰ জ্ঞান দি থকাৰ সময়ত মন্দিৰত আইতাকে বহি ধৰ্মগ্ৰন্থ পঢ়ি থকা, পিছত নাতি আৰু আইতাকে দুয়ো একেলগে ঘৰলৈ উভতা আদিয়ে দুয়োজনৰ মাত বন্ধুত্ব গাঢ় কৰি নিছিল। কিন্তু যেতিয়া লেখকৰ মাক-দেউতাক চ হৰত ভালকৈ সংস্থাপিত হ'ল তেতিয়া তেওঁলোকে লেখক আৰু আইতাককো চ হৰলৈ মাতি পঠিয়ালে। এই কাৰ্যই লেখক আৰু আইতাকৰ বন্ধুত্বত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলালে। কিয়নো লেখকে পঢ়া ইংৰাজী বিদ্যালয়লৈ আইতাক যাব নোৱাৰিছিল, আকৌ ইংৰাজী স্কুলত লেখকক পঢ়োৱা বিজ্ঞানৰ সূত্ৰসমূহ সংগীতসমূহ আইতাকে ভাল পোৱা নাছিলে। তদুপৰি তেওঁ এইটো জানিও অতিশয় মৰ্মাহত হ'ল যে স্কুলখনত ঈশ্বৰ ত থা ধৰ্মগ্ৰন্থসমূহৰ বিষয়েও কোনোধৰণৰ শিক্ষা দিয়া নহৈছিল। তেওঁ লেখকৰ সৈতে কথা বতৰা বন্ধ  কৰি দিছিল, যেতিয়া লেখকে বিশ্ববিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ সম্পূৰ্ণ নিজাববীয়াকৈ এটা কোঠা লাভ কৰিছিল, যাৰ ফলত আইতাকৰ সৈতে একে কোঠাতে থকা সম্পৰ্কটোও ছিন্ন হ'ল। আইতাকে তেতিয়া যঁতৰত সূতা কাটি, প্ৰাৰ্থনা কৰি, ঘচিৰিকাবোৰক আহাৰ খুৱাইয়ে গোটেই দিনটো পাৰ কৰিছিল।

আকৌ লেখকে যেতিয়া উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাবলৈ ওলাল, তেতিয়া েলেখকৰ এটাই চিন্তা হৈছিল যে তেওঁ পুনৰ উভতি অহালৈকে আইতাক জীয়াই থাকিবনে নাথাকে। কিন্তু আচৰিতধৰণেৰে পাঁচবছৰৰ মূৰত যেতিয়া লেখক উভতি আহিল, তেতিয়া তেওঁক আদৰিবলৈ ইতাক ষ্টেচনত উপস্থিত আছিল। আইতাকক কিন্তু সেইদিনা বৰ বেছি বুঢ়ী যেন লগা নাছিল। সন্ধিয়া পৰলৈ আইতাকৰ মাজত কিছু পৰিৱৰ্তন দেখা গ'ল। তেওঁ লেখক ঘৰলৈ ঘূৰি অহাৰ আনন্দত চুবুৰীৰ মহিলাসকলক মাতি আনি ফূৰ্তি কৰিলে। তেওঁ আনকি প্ৰাৰ্থনা গোৱাও বন্ধ কৰি দিলে। তেওঁ এটা পুৰণা ঢোল বজাই গান গাবলৈ ধৰিলে, এইদৰে কেইবাঘণ্টাও পাৰ হৈ গ'ল। আইতাক ভাগৰুৱা হৈ ৰুগীয়া হৈ পৰিল। চিকিৎসকে পৰীক্ষা কৰি তেওঁ সোনকালে আৰোগ্য হ'ব বুলি ক'লে। কিন্তু আইতাকে ঘোষণা কৰিছিল যে তেোঁৰ মৃত্যু  আসন্ন। তেওঁ বিছনাতে শুই শুই মালা জপ কৰি আছিল। অকস্মাতে মালাধাৰি তেওঁৰ হাতৰ পৰা পিছললি পৰিল আৰু তেনে সময়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। 

(৩)

পাঠটোত বৃদ্ধ মহিলাগৰাকী আৰু লেখকৰ মাজত থকা বন্ধুত্বপূৰ্ণ মনোভাৱৰ কথা ফুটি উঠিছে। এগৰাকী অতি সৰল, সাধাৰণ আৰু পৰিচিত মহিলা ৰূপে খুশৱন্ত সিঙে তেওঁক পাঠটোত অংকণ কৰিছে। 

আমাৰ প্ৰায়বিলাকৰে ঘৰত থকা আইতাগৰাকী ব হুতৰে বাবে হয়তো আমনিৰ কাৰক অথবা বোজা। ব হুতৰে ভাষাত আকৌ "আইতাবোৰে বৰ বেকগ্ৰাউণ্ড মিউজিক দি থাকে দেই"। এনকুৱা কিছুমান বিশেষণ লাভ কৰা এগৰাকী আইতাক মই লগ পাইছিলোঁ। 

মোৰ স্কুলৰ মৰমৰ বান্ধৱী এগৰাকীৰ আইতাকৰ ভৰিৰ অস্ত্ৰোপচাৰ কৰা তিনিদিন হ'ল। সৌন্যৰ খাতিৰত আৰু মোক তেওঁ ভাল পাই বাবে তেওঁৰ ওচৰলৈ যোৱাটো প্ৰয়োনীয় বুলি ভাবি এদিন  মই তেওঁৰ ওচৰ পালোগৈ। তেওঁ থকা কেবিনটোত ভৰি দিয়াৰ মাত্ৰেই মই বুজি উঠিলোঁ যে এই তিনিদিনত তেওঁৰ ছটা ল'ৰা ছোৱালীয়ে তেওঁক নিজৰ নিজৰ ঘৰলৈ নি শুশ্ৰুষা কৰিব নোৱাৰা বিভিন্ন অজুহাত দেখুৱালে। আইতাগৰাকীয়ে মোৰ আগত কান্দি কান্দি ক'লে"মই পৰা হলে আজিয়ে মৰি গ'লোহেতেন। ইহঁতৰ কাণ্ড কাৰখানা চাই থাকিমোৰ অতিষ্ঠ লাগিছেগৈ। ছটা ল'ৰা ছোৱালী যিমান কষ্ট কৰি তুলিলোঁ, সিহঁতে তাৰ সামান্যকণো কষ্ট মোৰ বাবে নকৰিলে। ছটা ল'ৰা ছোৱালী থাকোঁতে মানুহে ভাড়া দি মোক ৰাখিব লগা হ'ল। ইহঁতৰ ইমানেই সময় নাইকিয়া হ'ল।"

ইমানপৰে আইতাগৰাকীৰ কথা সুনি থকা তেওঁৰ ছটা ল'ৰা ছোৱালীয়ে এইবাৰ মোৰ আগত কৈফিয়ৎ দিবলৈ আৰম্ভ কৰিলে। ডাঙৰ পুতেকটোৱে ক'লে,"মোৰ স্কুল আছে, মোৰ মানুহজজনীও শিক্ষয়িত্ৰী, ল'ৰা ছোৱালীহালো স্কুললৈ যাব লাগে। আবেলি ৩ বজালৈকে এই বুঢ়ী মানুহগৰাকীক বৃহৎ ঘৰটোত অকলে অকলে থৈ যাওঁ কেনেকৈ? আকৌ সেই সময়তে কিবা এটা হ'ব লাগিলে, পছত দোষটো সকলোৱে মোখে দিব। মই হ'লে নিব নোৱাৰিম।" ডাঙৰ জীয়েকে ক'লে, "মোৰো একেবাৰে অসুবিধা। মানুহটো এখন স্কুলৰ প্ৰিন্সিপাল। ৰাতিপুৱাতে যায়, ৰাতি সোমায়। ময়ো পথাৰৰ কাম, বাৰীৰ কাম, হাঁহ-কুকুৰা-গৰু, ছাগলী এইবোৰ গোটেইবোৰ চম্ভালিব লগা হয়। তাকো ল'ৰা ছোৱালী তিনিটাও ঘৰত নাথাকে, বাহিৰত থাকে। তাতে পঢ়া-শুনা কৰে। তেনেস্থলত মাক ঘৰত নি কোনে চাব বুলি সজাই থম? মোৰতো সময়েই নাই।

দ্বিতীয়জনীয়ে ক'লে,"মা, তুমি জানাই দেখোন মোৰ ঘৰৰ আৰ্থিক অৱস্থা কেনেকুৱা, তাতে মানুহটোও মদাহী। ছোৱালীজনীও ডিভোৰ্চ দি কেঁচুৱা এজনীৰ সৈতে ঘৰতে পৰি আছে, ল'ৰাটোও পগলা। তেনেস্থলত তোমাক নি মই ক'ত পেলাই থমগৈ?"

এইবাৰ মাজজুনীৰ পাল,"মায়ে এইবোৰ কৈ একো লাভ নাই। মই তেওঁক কিমান টকা-পইচা দি স হায় কৰি থৈছোঁ। বিহুৱে সংক্ৰান্তিয়ে দেখোন কাপোৰ-কানিও পঠিয়াওঁ। গতিকে, মই একো কৰা নাই বুলি ভুলতো নকবা দেই মা। আৰু চোৱাচোন ভন্টী, মোৰ ঘৰটো তিনিমহলীয়া, তাতে আমি থাকোঁ একেবাৰে ওপৰ মহলাত। তলত ভাড়াঘৰ। এতিয়া মাৰ এইটো অৱস্থাত তেওঁক ওপৰলৈ নিওঁ কেনেকৈ? আৰু নিলোয়েই যেনিবা, তেওঁক শুশ্ৰূষানো কোনে কৰিব? মানুহটোৰ অফিচচ যোৰহাটত, ইয়াত নাথাকেই, ময়ো ৰাতিপুৱাতেই অফিচ যাব লাগে। এতিয়া বাকী থাকিল মোৰ ল'ৰা দুটা। এতিয়া বাৰু সেই ডেকা ল'ৰা দুটাই নিজৰ নিজৰ এনজয়মেণ্ট বাদ দি এই বুঢ়ীগৰাকীক শুশ্ৰূষা কৰিব নেকি?নাই নাই, এইবোৰ কিন্তু  মোৰ কাৰণে বাৰ্ডেন দেই। মোৰ দ্বাৰা হ'লে এইবোৰ নহ'ব দেই, কৈ থ'লোঁ। 

-'মোৰ ল'ৰাৰ পঢ়া শুনা আছে, সি এইবাৰ মেট্ৰিক দিব। আইতাকৰ কথা বতৰা শুনি থাকিলেতো তাৰ পঢ়া শুনা নহ'ব" সৰুজনীয়ে লাহেকৈ কৈ উঠিল।

সৰু পুতেকটোৱেও নিজৰ বেমাৰবোৰক অগ্ৰাধিকাৰ দি তেওঁক নিব নোৱাৰাৰ দুখ প্ৰকাশ কৰিলে। মাক দেউতাক হঁতক দেখি নাতি নাতিনীবোৰেও একো কৰিব নোৱাৰাৰ আক্ষেপ দেখুৱাই আইতাকক বিভিন্ন কথা ক'লে। মই কেৱল তেওঁলোকক চাই থাকিলোঁ, শুনি থাকিলোঁ। মাজে মাজে মোৰ এনেকুৱা অনুভৱ হ'ল যে খুশৱন্ত সিঙৰ সেই ছবিখনক তেওঁলোকে উপলুঙা কৰিছে। মই যেন সেই আইতাগৰাকীৰ ছবিখন আকৌ আকিছোঁ, কিন্তু সুখ শব্দটোৰ লগত নহয়, 'দুখ' শব্দটোৰ লগত হে। 

 

মাতৃত্বক উপলুঙা

 (১)

মা

 

"সেই দিনটো  মোৰ আজিও মনত আছে

মাথোঁ দহ বছৰ বয়স মোৰ

ককাই -ভাই-ভনীহঁতৰ মনত ঈৰ্ষা জগাকৈ

তোমাৰ লৱণু কোমল কোলাত

শুই আছিলোঁ মই

পূৰ্ণিমাৰ ৰাতি আছিল সিদিনা!

মা! মোৰ জগতখন কেৱল তুমিয়েহে জানা! 

ড০ এ পি জে আব্দুল কালাম

ড০ এ পি জে আব্দুল কালামৰ  (অদম্য শক্তি, অসমীয়া অনুবাদ- সুৰেশ শৰ্মা)কিতাপখন মোৰ টেবুলত সদায়েই থাকে। ভালৈ ক'বলৈ হ'লে কিতাপখন মোৰ প্ৰতিদিনৰ স হচাৰী। মই সেই কিতাপখন সদায় পঢ়ো বুলি ক'লেও মিছা কোৱা নহ'ব। প্ৰকৃততে সেই কিতাপখম এনেকুৱা এখন কিতাপ যিখন সদায় পঢ়িলেও পঢ়ি শেষ কৰিব নোৱাৰি, প্ৰতিদিনেই কিতাপখনে মোক নতুন নতুন কথা শিকায়। 'অদম্য শক্তি' কিতাপখন এ পি জে আব্দুল কালামৰ আত্মকথাৰ সমাৰ্থক বুলি ক'লে হয়তু অত্যুক্তি কৰা নহ'ব। অদম্য শক্তিৰ প্ৰথম খণ্ডটোৰ নাম হৈছে-'মোক অনুপ্ৰাণিত কৰা ব্যক্তিসকল', য'ত তেওঁ প্ৰথমেই লিখিছে তেওঁৰ স্নেহশীলা জননীৰ কথা, অৰ্থাৎ নিজ মাতৃৰ কথা। 

দ্বিতীয় বিশ্বযুদ্ধৰ সময়টো কালামহঁতৰ পৰিয়ালটোৰ বাবে আছিল এক অত্যন্ত কঠিন সময়। সেই সময়ত কালামৰ বয়স আছিল মাত্ৰ দহবছৰ। আৰু তেতিয়া যুদ্ধ তেোঁলোকে ৰামেশ্বৰমৰ ঘৰৰ প্ৰায় দুৱাৰদলি পাইছিলহি। সকলো বস্তু দু্ৰ্লভ আৰু নাটনি হৈছিল, কালামহঁতৰ বৃহদাকাৰৰ যৌথ পৰিয়ালটিত কালামৰ দেউতাক আৰু তেওঁৰ সৰু ভায়েকৰ পৰিয়ালৰ সদস্যবোৰ একেলগে আছিল, সেই সুবৃহৎ পৰিয়ালটি ধৰিছিল একমাত্ৰ কালামৰ মাক আৰু আইতাকে। 

 

এদিনৰ কথা, কালাম আৰু তেওঁৰ আটাইকেইজন ভাই-ভনী একেলগে  ব হি আহাৰ খাই আছিল, মাকে কালামক চাপাটি(ৰুটি) দি আছিল। কালামৰ খোৱা হ'লত তেওঁৰ ককাইদেৱেকে তেওঁক একাষৰীয়াকৈ মাতি নি এইবুলি গালি দিলে, 'কালাম কি হৈছে তুমি জানানে? এখনৰ পাছত এখনকৈ তুমি চাপাতি খাই আছে, মায়েও তোমাক দি আছে, মায়ে নিজৰ ভাগৰ চাপাতিকেইখনো তোমাকে দি দিলে। এতিয়া বৰ কষ্টৰ দিন। তোমাৰ অলপ দায়িত্ব জ্ঞান থাকিব লাগে । মাক লঘোণে থাকিবলৈ দিব নালাগে। "

সেই প্ৰথমবাৰৰ বাবে কালামে এটা শিহৰণ অনুভৱ কৰিলে। কালামে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। দৌৰ মাৰি মাকৰ ওচৰলৈ  গৈ মাকক সাৱটি ধৰিলে, 

কালামৰ ভাষাত,"মমতাৰ প্ৰতিমূৰ্তি এগৰাকী দয়ালু নাৰী আছিল মোৰ মা, সৰ্বোপৰি স্বৰ্গীয় সত্তাৰে এক মহীয়সী নাৰী।'

(২)

আমি কেইবাটাও পৰিয়াল স্কুলৰ কেম্পাছতে থাকোঁ। যিহেতুকে স্কুলৰ ঘৰ, ঘৰবোৰো ভেছি ডাঙৰ নহয়। ঠাইবোৰো কম যদিও আমি প্ৰায় প্ৰতিটো পৰিয়ালে বিভিন্ন গছ, ফুল আদি ৰুই পৰিৱেশটো সেউজীয়া কৰি থৈছোঁ। দুটা পৰিয়ালক বাদ দি সকলো পৰিয়ালৰ জ্যেষ্ঠসকলে শক্ষকতাৰ লগত জড়িত বাবে স্বাভাৱিকতে ঠাইখন বৰ শান্ত হৈ থাকে। ওচৰৰ জলফাই জোপাত ৫০ জনী মান ভাটৌ আৰু বিভিন্ন চৰাই-চিৰিকটিৰ কলৰৱত সদায় এই ঠাইখন জীপাল হৈ থাকে। 

স্কুলৰ ঘৰটোলৈ অহাৰ পিছৰে পৰা মই আমাৰ প্ৰতিৱেশীসকলৰ লগত এ অদ্ভূত আত্মিক সম্পৰ্ক গঢ়িবলৈ ধৰিলোঁ। ওচৰৰ এঘৰত কেঁচুৱাই কান্দিছে, স্কুলৰ পৰা বাহিৰে বািৰে মোৰ সেই ঘৰলৈ গমন হ'ব। কাৰোবাক আবেদন এখন লিখি দিব লাগে, মোলৈ জাননী আহিব। নাতি-নাতিনীয়েক দূৰত থকা আইতাগৰাকীৰ পিঠাকেইটা প্ৰথমে মোৰ পেটলৈহে যাব। কেতিয়াবা এনেকুৱা অৱস্থাও হৈ যায় যে পিছদিনা পৰীক্ষা আছে, আগদিনা মোৰ ৪-৫ বছৰীয়া শুভাকাংক্ষী বন্ধুকেইজন মোৰ লগত খেলিবলৈ আহিছে, খেলি খেলি সিহঁতক ভালৰি লগাওঁতে এটা কথা পাহৰি যোৱা হয় যে অলপ পিছত মাতৃদেৱীৰ পৰা ভীষণ গালি প্ৰক্ষেপ হ'ব।

আগতেই কৈ আহিছিলোঁ যে কেৱল দুটা পৰিয়ালক বাদ দি বাকী গোটেইকেইটা পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকল শিক্ষকতাৰ লগত জড়িত। অৰ্থাৎ এই পৰিয়াল দুটা স্কুলৰ কেম্পাছৰ ভিতৰত থাকে যদিও তেওঁলোকে মাটিবোৰ স্কুলৰ সীমাৰ বাহিৰত অথবা সহজ ভাষাত ক'বলৈ হ'লে তেওঁলোকৰ নিজৰ নিজৰ মাটত তেওঁলোকে ঘৰ সাজি থাকে। এই দুঘৰৰ লগত আকৌ মোৰ বৰ দেৰিকৈ চিনাকি হৈছিল। ত থাপি আমাৰ ঘৰৰ ওচৰত থকা পৰিয়ালোটোৰ লগত মই অতি ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। মা দেউতায়ে খুৰাদেউ-খুৰীদেউ বুলি সম্বোধন কৰা মানুহহালক মই ককা-আইতা বুলি সম্বোধন কৰিবলৈ ল'লোঁ। তেওঁলোকে ঘৰটো যথেষ্ট ডাঙৰ যদিও তেওঁলোক দুজন মানুহহে ঘৰটোত থাকিছিল। লাহে লাহে মই গম পাইছিলোঁ যে তেওঁলোকৰ দুজনী ছোৱালী আছে, যি অতি ভাল আৰু ধনী পৰিয়াললৈ বিয়া হৈছে আৰু এটা ল'ৰা , যিয়ে গুৱাহাটীত কিবা ব্যৱসায় কৰি আছে। ককাই মোৰ লগত মুখ চুপতি মাৰি দিনটোৰ আৰম্ভণি কৰাৰ বিপৰীতে আইতাই 'সুপ্ৰভাত' টো দিয়াৰ বাহিৰে একো নকয়। মানুহগৰাকীয়ে যদিও বেছি কথা নকয়, ত থাপি  তেওঁৰ চকুত মই এক অবৰ্ণনীয় বিষাদৰ প্ৰতিচ্ছবি দেখা পাওঁ। কিন্তু এই বিষাদৰ কাৰণ জানিবলৈ মোৰ বেছিদিন নালাগিল। 

(৩)

সেইদিনা আছিল ককাৰ চাকৰিৰ শেষ দিন। ককাই মোক আগদিনা কোৱামতে ককা আজি মটৰচাইকেলত অফিচলৈ নাযায়, পুতেক যিহেতু গুৱাহাটীৰ ব্যৱসায় বাদ দি ঘৰতে আছেহি, গতিকে পুতেকে তেওঁক গাড়ীৰে অফিচত থবগৈ। 

-"১০০ টকা এটাহে খুজিছিলোঁ কিনো ডাঙৰ বস্তু এটা খুজিছিলোঁ? ১ লাখ টকাতো খোজা নাই! জীয়েৰ দুজনীক ডাঙৰ ডাঙৰ মানুহলৈ বিয়া দিলি। এতিয়া এই টকাবোৰ কাৰ বাবে সাঁচি থৈছ? মোৰ কাৰণেইটো এইবোৰ টকা। মইহে তোৰ একমাত্ৰ ল'ৰা। গতিকে দিব নোৱাৰ ১০০ টকা এটা? (এটা অশ্লীল শব্দৰ উচ্চাৰণ)" -- ককা-আইটাৰ সুযোগ্য(?) পুত্ৰটোৰ মাতষাৰ ধৰিব নোৱাৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে মোৰ বাবে। 

-"১০০ টকা কি, তোক মোৰ ১ লাখ টকা দিবলৈও মোৰ আপত্তি নাই। কিন্তু বেয়া কামৰ বাবে নহয়। ভাল কামৰ বাবে তই যদি লাখ লাখ টকাও খোজ, আমি তাক ধাৰ-ধুৰ কৰি হ'লেও আনি দিম। কিন্তু মদ-ভাং-চুলাই খাবলৈ মোৰ পৰা এটকাও নাপাৱ।" আইতাই কৈ উঠিল। ময়ো লাহেকৈ খিৰিকীৰ পৰ্দাখন ডাঙি তেওঁলোকৰ কাণ্ড-কাৰখানাবোৰ চাবলৈ ধৰিলোঁ। ্

-"তই কলেই হ'ব নি ১০০ টকা নিদিওঁ বুলি? আজি ই যাব নাপায়(ককাক উদ্দেশ্যি, ককা নিৰ্বিকাৰ)। হয় ১০০ টকা দে নহ'লে অফিচলৈ যাবলৈ বাদ দে" এইবুলি কৈ সি গাড়ীখনত উঠি গাড়ীখন ষ্টাৰ্ট দিবলৈহে পালে, আইতাই এইবাৰ গাড়ীৰ সন্মুখতে ৰৈ দিলেগৈ আৰু চিঞৰি চিঞৰি ক'লে, "গাড়ী লৈ যা, মোৰ গাৰ ওপৰেদি লৈ যা। কেনেক লৈ যাব পাৰ, ময়ো চাওঁ"

মই আৰু চাব নোৱাৰিলোঁ। মই কাণখন জোৰেৰে হেঁচি ভিতৰলৈ দৌৰি আহিলোঁ। এ পি জে আব্দুল কালামৰ 'অদম্য শক্তি' খন কিন্তু তেতিয়াও মোৰ টেবুলতে আছিল।

 

উপসংহাৰ

মোৰ বান্ধৱীগৰাকীৰ আইতাকক বৃদ্ধাশ্ৰমলৈ স্থানান্তৰিত কৰা হ'ল। ছটা সন্তানৰ ভিতৰত এটায়েও তেওঁক নিজৰ লগত ৰাখিবলৈ মান্তি নহ'ল। 

প্ৰতিৱেশী ককা-আইতাৰ পুতেকটোৰ কেঞ্চাৰ হৈছে।  বহুদিন আইতাৰ মুখখনেই দেখা নোপোৱা হ'লো। 

এই দু্য়োটা ঘটনাই মাতৃত্বক উপলুঙা কৰিবলৈ যথেষ্ট। কিন্তু প্ৰশ্ন হয় এই উপলুঙা কিহৰ বাবে?

" তোমাৰ চেনেহ, আদৰ-যত্ন আৰু আস্থাই

মোক শক্তি দিলে,

নিৰ্ভয়ে পৃথিৱীৰ স'তে মুখামুখি হ'বলৈ

ঐশী শক্তিৰে!

 

হে মোৰ মাতৃদেৱী!

মহান কেয়ামতৰ দিনাখন

আমি আকউ

লগালগি হ'ম।"

(ড০ এ পি জে আব্দুল কালাম)