দৃশ্য (পুৱাৰ দৃশ্য। শ্মশানৰ দৃশ্য সূচনাৰ বাবে কুকুৰৰ বিভিন্ন চিঞৰ ভাঁহি আহিব। কুকুৰৰ কাজিয়া আৰু আন দুটা কুকুৰৰ কন্দাৰ শব্দ হ’ব। এজাক কাউৰীৰ বিভিন্ন চিঞৰ ভাঁহি আহিব। এই শব্দবোৰ দূৰৈত। বুলবুলি শব্দৰ কিচিৰ-মিচিৰ শব্দ আৰু বক চৰাইৰ কক্‌-কক্‌ শব্দ ফেড ইন হৈ ক্রমে নোহোৱা হৈ পৰিব। এই শব্দবোৰ ওচৰতে যেন লাগিব।)

তৰাদৈ : (দুৱাৰ খোলাৰ দৰে শব্দ হ’ব, বাঁহৰ দুৱাৰৰ কেৰকেৰণি ভাঁহি আহিব। তৰাদৈয়ে মুখেৰে শুই উঠাৰ আচৰণ কিছুমান বাহিৰ কৰিব।) অই, তই তাত কি কৰিছ? কি বাকী আছে হা? কি বাকী আছে? এই একো নাইকীয়া দেহাটোৱেও তোৰ পৰা শান্তি নাপাবনে শুকান হাড়কেইডাল চেলেকিবলৈ যে তই সদায় সেই হিজলজোপাৰ তলত খাপ লৈ থাকহি? (কণ্ঠ ফেড আউট হ’ব। ভিতৰ সোমোৱাৰ সূচনা দিবলৈ ধমকৈ দুৱাৰ মৰাৰ শব্দ হ’ব)

হয়বৰ :(দূৰৈৰ পৰা ক’ব) তোৰ সেই মদাহী পৈয়েৰটো জে’লৰপৰা ওলাই আহিবলৈ আৰু বহুদিন আছে, কি ঠিক সি ওলাই আহিব পাৰে নে নোৱাৰে? এটা নহয় দুটাকৈ মানুহক সি খুন্দিয়াই মাৰিছে। আৰু মদৰ জালত মৰা বুলি প্ৰমান হৈ গৈছে। এবাৰ মাত্ৰ ৰাতি দুৱাৰ খুলি থবি তৰাদৈ। মই সহায় কৰিম, মই। অন্ততঃ তেৰ ল’ৰা কেইটাই নেখা নমৰে।

তৰাদৈ :(ভিতৰৰ পৰা অধৈৰ্য হৈ) তই তাৰপৰা গলিনে? খৰি বেপাৰীৰ ইমান সাহ। খাবলে নেপাই মৰি যাম বুইছ, মোৰ ল’ৰাৰ চিন্তা মই কৰিম। তথাপি তোৰ দৰে ফপৰা কুকুৰ এটালৈ দুৱাৰ মেলি নথও বুইছ।

হয়বৰ :(কণ্ঠ লাহে লাহে ফেড আউট হ’ব) দেখিম তৰাদৈ, চাহাবৰ পুতেকলৈ আশা পালি থাকোতে তোৰ কি অৱস্থা হয় দেখিম (সংগীতেৰে দৃশ্যান্তৰ সূচনা)

দৃশ্য

তৰাদৈ :উৱা, ইহঁত দুটা দেখোন শুই উঠাই নাই। বৰ পোনা, অ’ সৰু বাপ উঠ আকৌ, পোহৰ হোৱা দেখোন বহু সময় হ’ল। (সংগীত আৰম্ভ। নিজকে কোৱাৰ দৰে) ভোকত ল’ৰা দুটা একেবাৰে এলাইচ হৈ গৈছে। কঁকালৰ পেন্ট দুটা কচাইৰ ঘৰত ওলোমাই থোৱা ছাগলীৰ (শেষলৈ মাতবোৰত কান্দোনৰ উচুপনি বাঢ়ি আহিব) আৰু কিমান দিন চৰুলৈ জুই নিব নালাগে কোনে জানে (কৰুণৰ পৰা ক্রমে সংগীত ৰোমান্টিক হ’ব) আহ! সৌ বাকচটো। (কাঠৰ ওৰৰেৰে আলফুলে হাত পিছলাই নিয়াৰ শব্দ) বাকচটোত কাটি থোৱা এই বকুল ফুলবোৰ যেন একেবাৰে কেঁচা হৈ আছে। (ঘনকৈ উশাহ লোৱাৰ শব্দ) বাকচটো চুই থাকি মোৰ ইমান ভাল লাগে। আহ! এই বাকচটোত কিবা যাদু আছে নি? নহয় নহয়। কিন্তু মই মোৰ দুহাতেৰেই চোন তেজলগা বৰফৰ টুকুৰা দলিয়াই পেলাইছিলো (উচুপনি) তথাপি, তথাপি মোৰ মনে তেওঁ মৰিলে বুলি ভাবিবলৈ নিদিয়েচোন। বাকচটোত গালখন লগাই এইয়া মই কি এক আৰাম লাভ কৰিছোঁ। এয়া এইবোৰচোন গোট মাৰি যোৱা তেজ। কি যে হৈ যায় হঠাতে। (তৰাদৈয়ে ফেঁকুৰি ফেঁকুৰি কন্দাৰ শব্দ ক্রমে বাঢ়ি আহিব। সংগীত স্পষ্ট হ’ব। বাহিৰৰ পৰা হয়বৰৰ মাত ফেউ ইন হ’ব)

হয়বৰ :(লেনিয়াই মতাৰ দৰে মাতিব) অ’ তৰাদৈ। তৰাদৈ।

তৰাদৈ :(অপ্ৰস্তুত কণ্ঠেৰে) কোন?

হয়বৰ :মই। হয়বৰ ককাইদেউ।

তৰাদৈ :(খঙেৰে) কি তই মোৰ ককাইদেউ হে হ’লিনে চুৱা-খোৱা?

হয়বৰ :খং নেখাবিচোন ৰহ। (বাঁহৰ দুৱাৰ কেৰকেৰোৱাৰ শব্দ হ’ব আৰু হয়বৰৰ মাত ওচৰৰপৰা যেন লাগিব) তই বোলে বৰ ধুনীয়া বাকচ এটা পালি,চাওঁচোন কোনটো।

তৰাদৈ :(খঙেৰে) তোক কেলৈ? তোক মই ইয়াৰ পৰা যাবলৈ কৈছো, যা।

হয়বৰ :এহ্‌ বৰ ফিতাহি দেখুৱাব নালাগে। মৰিশালীৰ মৰাশ অনা বাকচ আনি ঘৰ সোমোৱাইছহি আৰু তাকে চাওঁ বুলিলত জ্বলি পকি উঠিছ।

তৰাদৈ :অঅ, মই আনিছোঁ তাতে তোৰ কি হ’ল? উঃ কি মানুহ তহঁত? খাব নোপোৱা কুকুৰৰ দৰে ইটোৱে সিটোৰ গা শুঙি চাব খোজ। নিধকহঁত। সেইদিনা চ’ক ৰ’ডৰ জমিদাৰটো মৰিল, সি লোৱা উৰিয়াম কাঠৰ বিচনাখনত হলধৰ চকীদাৰৰ ঘৈণীয়েকজনী নুশুৱেনে? খৰিকটীয়া শুকুৰাৰ ঘৈনীয়েকজনীয়ে শ্মশানৰপৰা বুটলি অনা গুড়গুড়ীটোত ধঁপাত নোহোপেনে? জমিদাৰৰ বিচনাত শোৱা প্ৰেতনীজনীক চাবলে কোনো যোৱা নাই। কোনোবাই মৰাৰ ছাঁই-ভষ্ম সেপিয়াই সেপিয়াই সোণৰ আঙুঠি পৰ্যন্ত আবিষ্কাৰ কৰিছে। সেইবোৰত তহঁত চকুমুদা কুলি। আজি কিমান মে মোৰ চৰুত জুই জ্বলা নাই সেইবোৰ খিয়াল কেইটাই লৈছ? এবাৰ তয়ে কৈছনে ঐ কুকুৰ নে কেইটা চাউল খাগে। (প্ৰথমে খং, পিছলৈ কণ্ঠত দুখৰ আভাস ভাঁহি আহিব। সংগীত সেই অনুসৰি)

হয়বৰ :সেই কাৰণে কৈছো তৰাদৈ, এবাৰ মাত্ৰ দুৱাৰ খুলি থবি। সেইদৰে অন্তত লঘোনে নাথাক।

তৰাদৈ :(প্ৰচণ্ড খঙেৰে) কি কলি? তোলৈ দুৱাৰ খুলি থব লাগে। নাই তোক এইদৰে নহ’ব। তোক আজি মই শেষেই কৰি পেলাম বাপ্পেকে ৰহ্‌।

হয়বৰ :(ভীষণভাৱে ভয় খোৱাৰ দৰে) অই অই তৰাদৈ কি কৰ কি কৰ, উৱা দাখন লৈছ আকৌ কেলে, চাওঁ হেৰি কৰ, সেইখন পেলাই দে। মই আৰু এনেকুৱা কথা জীৱনত নকওঁ। এয়া চা মই শপত খাইছোঁ। (তৰাদৈ আৰু হয়বৰৰ টিঞৰ-বাখৰ বাঢ়ি গৈ থাকিব, কণ্ঠৰ স্পষ্টতা শেষলৈ নোহোৱা হৈ আহিব। ক্ৰমে দুয়োৰে কণ্ঠ উঠা-নমা হৈ থাকিব, সংগীত বাজি থাকিব। এনেতে বাহিৰত পুলিচৰ চাইৰেণ আৰু গাড়ীৰ শব্দ হ’ব)

হয়বৰ :পুলিচ, পুলিচ, কেনি যাওঁ মই (ভয়তে আতুৰ হোৱাৰ ৰে কণ্ঠেৰে) কেনি যাওঁ, কেনি যাওঁ, অ’ এই বাটটোৰে ওলাই যাওঁ (বাঁহৰ বেৰৰ মেৰমেৰণি, দুপ দুপকৈ দৌৰাৰ শব্দ ফেড আউট হ’ব। বাঁহীত কৰুণ সংগীত বাজি কিছু নিৰৱতা)

সৰুবাপ : মা, অ’ মা বৰ ভোক লাগিছে

বৰপোনা : মা, ভিতৰত কি আছে, কিবা এটা খাবলৈ দে।

তৰাদৈ : (খঙত একো নাই হৈ) মোৰ মূৰটোকে খা, অ’, তহঁত সবে মিলি মোৰ মূৰটো খাই পেলা। (বাহিৰত পুনৰ পুলিচৰ গাড়ীৰ মাত, গাড়ী ৰখোৱাৰ শব্দ, জোতাৰ গপ, গপ শব্দ ফেড ইন হ’ব)

সোমেশ্বৰ :(বাহিৰৰপৰা দুৱাৰত গোৰ বহুৱাই দিয়াত ধম্‌কৈ বাঁহৰ দুৱাৰ মেল খোৱাৰ আৱাজ আৰু মেৰমেৰণি হ’ব) তৰাদৈ তৰাদৈ।

তৰাদৈ :(উচপ খোৱাৰ ৰে) কোন? অ’ সোমেশ্বৰ ককাইদেউ।

সোমেশ্বৰ : এৰা অ’। মই তোৰ খবৰ এটা ল’বলৈ আহিব পৰা নাই হেৰি নহয়, সাতগাঁৱৰ তিৰোতাজনীয়ে বোলে ইয়াত দফতৰ পাতি লৈছে। ধৰ্ম বুলি আৰু বস্তু এটা নোহোৱা হৈ গৈছে। সেইদিনা বুইছ, বৰুৱা মৰিল। মৰাশ লৈ দুয়োটা পুতেক ঠিকেই শ্মশানলৈ আহিল, পিছে এটা পুতেক একেবাৰে নিকা হৈ গামোচা পিন্ধি পিতাকৰ মুখাগ্নিত ব্যস্ত হৈ থাকোতে ভিৰৰ মাজত কোন তলকত আনটো গৈ সেই বেশ্যাজনীৰ কোঠাত সোমালেগৈ কোনেও তৰ্কিবই নোৱাৰিলে। এনেকুৱা দিন কাল হৈছে ঐ।

তৰাদৈ :সকলো পেটৰ দায়ত বুইছ ককাইদেউ। অ’ তোক খাবলে দিবলে ঘৰখনত ফুটাকৰি এটাও নাই।

সোমেশ্বৰ :(স্‌খলিত কণ্ঠেৰে) ঘৰত পানী-দুনি আনি থোৱা আছেনে? দেচোন আছে যদি পানী এগিলাচকে দে।

তৰাদৈ :অ’। আছে ৰহ আনোগে।

সোমেশ্বৰ : উচপ খোৱাৰ দৰে কণ্ঠেৰে) এইটোচোন এটা বাকচ। (টুক্‌ টুককৈ দাণ্ডাৰে টুকৰিয়াই চোৱাৰ শ্ব) এইটো, এইটো এই ক’ত পালে। এইটো ঠাকুৰৰ পুতেক সৰুবোপাৰ শটো ভৰাই অনা বাকচটো দেখুন। তাৰমানে সকলো কথা... (নিজকে কোৱাৰ দৰে)

তৰাদৈ :হোঁ পানী ল।

সোমেশ্বৰ :(উচপ খোৱাৰ দৰে কণ্ঠেৰে) দে। (পানী খোৱাৰ দৰে শব্দ) হোঁ, গিলাচটো ধৰ। হুঁ (দীঘলকৈ উশাহ ল’ব) মই যি ভাবিছিলো সেয়াই সত্য হৈছে। ঠাকুৰৰ পুতেক সৰুবোপাৰ শটো এই বাকচটোতে আহিছিল। (পুনৰ দাণ্ডাৰে টুক্‌ টুক শব্দ হ’ব) বিমান বন্দৰৰ পৰা আহোতে সিহঁতৰ পৰিয়ালটোৰ লগত ময়ো একেলগে আহিছিলোঁ। হয় হয় এইটোৱেই সেই বাকচটো (পুনৰ দাণ্ডাৰে টুকটুকাব। দূৰৈত ল’ৰা দুটাই কথা পাতিব)

বৰপোনা :বৰ ভোক লাগিছে সৰু। ব’ল শ্মশানৰ যম দেৱতাৰ মূৰ্ত্তিৰ ওচৰৰ কুঁৱাটোৰপৰাই পানী খাওঁগে ব’ল।

সৰুবাপ :ৰহ আকৌ, মামাই কিজানি কিবা দিয়েই।

বৰপোনাঃঅঁ, অঁ। (ল’ৰা দুটাৰ মাত ফেড আউট আৰু সোমেশ্বৰ তৰাদৈৰ কথা-বতৰা ফেড ইন হ’ব)

সোমেশ্বৰঃতই সিহঁতৰ ঘৰৰ চাকৰণী আছিলি নহয় তৰা? সৰু বোপাইৰ বাপেক ঠাকুৰৰ বেমাৰৰ সময়ত এবাৰ তই তেজ-পুঁজৰ কাপোৰ ধুই কিমানখিনি সহায় কৰিছিলি সেই কথা সকলোৱে জানে। আৰু সৰু বোপা? (তৰাদৈৰ কান্দোনৰ শব্দদ লাহে লাগে হাঢ়ি আহিব, সোমেশ্বৰৰ মাতো শেষলৈ কান্দো কান্দো হ’ব)

সোমেশ্বৰঃতোৰ লগত বৰ মিলা-প্ৰীতি আছিল সৰুবোপাইৰ নহয়নে। তোক বিয়া কৰাম বুলি সেই সময়ত একেবাৰে কঁকালত টঙালি বানি্‌য়েই লৈছিল। কমখন গণ্ডগোল হৈছিলনে ঠাকুৰৰ ঘৰত। শেষত যেনিবা তাৰ উজনি অসমলৈ ট্ৰেন্সফাৰ আৰু সেই দূৰ্ঘটনা (তৰাৰৈ কান্দোন ডাঙৰ হৈ আহিব। সংগীত বাজি থাকিব।

তৰাদৈঃকিহে খুন্দিয়াই মাৰিলে তাক?

সোমেশ্বৰঃজীপ গাড়ীয়ে। আহ্‌ ডগমগীয়া সুন্দৰ চেহেৰা তেজৰ চেঁকুৰা লাগি থকা বৰফবোৰ আঁতৰাই মই মোৰ দুহাতেৰে তাৰ দেহাটো চিতাত তোলাত সহায় কৰি দিছিলোঁ। ডেকা ল’ৰাৰ তেজ। মোৰ হাতদুখন যেন একেবাৰে (সোমেশ্বৰৰ কান্দোনৰ শব্দ হ’ব। কিছুসময় নিৰৱতা, দুয়োৰে মানসিক অৱস্থা বুজিব পৰাকৈ এটি বাঁহীৰ সুৰ)

সোমেশ্বৰ :হু । তৰাদৈ কুলীৰ চোৱালীক চাহ বাগিছাৰ চাহাবে বিয়া কৰোৱা সেই দিন শেষ হৈ গৈছে। মজদুৰ কুলিৰ ছোৱলীক বিয়া কৰোৱা জনকিন্স চাহাবৰ হাড়ত এতয় বন গজিছে। ডাঙৰ চাহাবৰ ল’ৰা সৰু বোপাই তোক বিয়া কৰাম বুলি কৈছিল তোক হৃদয়েৰে ভাল পাইছিল? কিন্তু পাৰিলেনে সি? এই দুপুৰিৰ পৰা নি টিঙৰ ঘৰত ঠাই দিব পাৰিলেনে?

তৰাদৈঃ(দুখমিহলি গাম্ভীৰ্যৰে) মোক বিয়া কৰাব নোৱাৰাৰ বাবেই সি ইমানদিনে বিয়া কৰোৱা নাছিল। বাৰ বছৰ পাৰ হৈ গৈছে। আৰু বোধহয় বিয়া নকৰালেইহেঁতেন।

সোমেশ্বৰ :ঠাকুৰৰ সেই পুতেকটোক তিৰুতা মানুহৰ সৰ্বস্ব বিলাই দিয়াৰ সময়ত তই যেনেকুৱা মূৰ্খ আছিলি, এতিয়াও তই তেনে মূৰ্খয়েই হৈ আছ।। মই পুলিচত কাম কৰা মানুহ কথা-কাণ্ড শুনি মই সাজু হৈ আহিছোঁ। (এই সংলাপটো প্ৰচণ্ড খঙেৰে ক’ব)

তৰাদৈঃ তই কি ক’ব খুজিছ ককাইদেউ?

সোমেশ্বৰঃ(কাগজৰ খচমচনি হ’ব, খং মিহলি কণ্ঠেৰে) নে এইবোৰ তাৰ বিয়াৰ চিঠি। কাণ্ড-কাৰখানা দেখি শুনি পাই সাজু হৈ আহিছোঁ। সি তোৰ বাবে বিয়া নকৰাও বুলি ৰৈ থকা নাছিল। বিয়াৰ তাৰিখ পৰ্যন্ত থিক হৈছিল চিঠিও চপা হৈছিল। পঢ় পঢ় এইবোৰ চিঠি ধৰ পঢ়। বিয়া কৰাব আহোঁতেই সেই দূৰ্ঘটনা। ল আকৌ পঢ় আৰু তাৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰ।

তৰাদৈঃ(কাগজৰ খচমচনি, ক্ষোভ ভাৱেৰে সৰুকৈ ক’ব) বিয়াৰ চিঠি? (তৰাদৈয়ে এইবাৰ প্ৰচণ্ডভাৱে কান্দিব)

সোমেশ্বৰঃ(ল’ৰা দুটাৰ প্ৰতি, গতিকে কণ্ঠ ডাঙৰ) অ’ তহঁতে সাৰ পালি? হো ল (ভঙা পইচাৰ ঝনঝননি)এইকেইটাৰে কিবা এটা খাগৈ।

একেলগেঃদে মামা দে। মামা আমি দোকান আহিলো দেই। (ফেড আউট হৈ ক্রমে কণ্ঠ খীণ হৈ পৰিব আৰু দুপ দুপকৈ দৌৰাৰ শব্দ ভাঁহি আহিব।)

সোমেশ্বৰঃ(নিজকে কোৱাৰ দৰে) মৰা পুতিবলৈ অহা মানুহৰ লগত দেহৰ মাংসৰ ব্যৱসায় কৰা মানুহজনীক ধৰিব পৰা হ’লে কিছু মুনাফা পোৱা গ’লহেঁতেন, নাইবা হয়বৰ বোলাটোক হাতে হাতে ধৰা পেলাব পৰাহেঁতেন। চাল্লা ই মানুহক শাল খৰি বুলি গাঁঠি থকা খৰি বেচে। (ডাঙৰকৈ) মই যাওঁ তৰাদৈ। (খোজৰ গপ্‌ গপ্‌ শব্দ ফেড আউট হ’ব তৰাদৈ মৌন সংগীত বাজি ক্রমে দৃশ্যান্তৰ সূচনা দিব)

দৃশ্য (শেষ নিশাৰ দৃশ্য। দূৰৈত কুকুৰাৰ ডাক, শ্মশানৰ ভয়াবহতা সূচনাৰ বাবে শিয়ালৰ হোৱা ভাঁহি আহিব। ফেঁচাৰ বিভিন্ন চিঞৰৰ লগতে কুকুৰৰ কান্দোন আৰু ভুকভুকনি থাকিব। এই শব্দবোৰ দূৰৈত অহৰহ বাজিয়েই থাকিব।)

তৰাদৈঃ(চেপা কণ্ঠেৰে) সৰু বাপ, অ’ বৰপোনা চাওঁ উঠচোন। এই ল’ৰাহঁত উঠচোন উঠ।

সৰুবাপঃ(টোপনীৰ জালত কোৱাৰ দৰে) কি হ’লনো মা? পোহৰ হোৱাই নাইচোন ভালকৈ।

তৰাদৈঃতহঁত উঠচোন বাৰু, কাম এটা আছে কৰিব লাগে।

বৰপোনাঃবৰ টোপনি ধৰিছে অ’ ভালকৈ পোহৰ হ’ক ৰহ্‌।

তৰাদৈঃকেপকেপাই নাথাকিবি। উঠ বুলিছোঁ ভালে ভালে উঠি আহ।

একেলগে :(হামিয়াই হামিয়াই) কি হ’ল ক।

তৰাদৈঃ এই বাকচটো মই এতিয়া ৰচী বান্ধি দিছোঁ। ধৰ বৰপোনা তই এইখিনিতে ধৰ, সৰু তই সেই আগলে ধৰ, মই পিছফালৰপৰা ঠেলিম, ধৰ আকৌ ব’ল।

সৰুবাপঃমা, এইটো সেইদিনা আনিছিলোহে, ক’লৈ নিয়?

বৰপোনাঃঅ’ ইমান ধুনীয়া বাকচটো।

তৰাদৈঃতহ’তক এই পোহৰ নৌ হওঁতেই মাৰ লাগেনে যি ক’ম তাকে কৰিবি। যি কৈছোঁ তাকে কৰ, মাৰত পিঠি সিজিব জনা নাই। (ধৰ, টান, এইফালে, সেইফালে, ই নেটানে, নিজেহে নেটান, মাৰ লাগে, ভালকে টান, সেইফালে কেনি নিয় আদি সমবেত শব্দেৰে ফেড আউট হৈ সংগীতেৰে দৃশ্যান্তৰ সূচনা হ’ব।)

দৃশ্য (পূৰ্বৰ দৃশ্যৰ দৰেই আৰম্ভণি, নেপথ্য সংগীত একে)

তৰাদৈঃ(ভাগৰুৱা কণ্ঠেৰে) উঃ পাইছোঁহি আৰু। আৰু অলপ নিলেই হ’ব। চাওঁ, হ’ব, অঁ, অঁ, এৰি দে, হ’ব হ’ব ৰহ। (গধুৰ বস্তু এটা টনা আজোৰাৰ দৰে কণ্ঠৰ উঠা নমা হ’ব লাগিব)

দুয়োটাইঃএতিয়া এইটোৰে কি কৰিবি মা?

তৰাদৈঃ(বৰ দৃঢ় ভাৱে, মাতত কৰণতা থাকিব) চাই থাক, চাওঁ সৰু দে, জুইশলাটো দে। (ল সৰুৰ মাত) মোক আৰু একো নালাগে। (জুইশলা মৰাৰ খচ্‌ শব্দ হ’ব। একুৰা জুই লাহে লাহে বাঢ়ি অহাৰ শব্দ হ’ব)

বৰপোনাঃ(বৰ আতোৰ ভাৱে) মা বাকচটো জ্বালাই দিলি যে?

তৰাদৈঃঅঁ, জ্বলাই দিলোঁ। যা তহঁতে হিজলৰ তলত থকা মানুহটো আঠে নে নাই চাই আহগৈ। (জুইৰ শব্দ বাঢ়ি আহিব। ভয়ত গছৰ চৰাই উৰি যোৱাৰ শব্দ হ’ব। সংগীত আৰম্ভ হৈ ক্রমে দ্ৰুত হ’ব।)

::::: সমাপ্ত :::::