বিশ্ব-সাহিত্যত বহুচৰ্চিত এখন কিতাপ হৈছে কলম্বিয়াৰ সুবিখ্যাত সাহিত্যিক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ “100 Years Of Solitude”. বন্ধু এজনৰ ওচৰত দেখিয়েই কিতাপখন পঢ়িবলৈ থকা সুতীব্ৰ আগ্ৰহৰ বাবে সি পঢ়াৰ আগতেই পঢ়িবলৈ আনিলো। সেয়া ২০১৫ চনৰ মাজভাগৰ কথা, মই স্নাতকোত্তৰ মহলাত নামভৰ্ত্তি কৰাৰ ঠিক আগে আগে। ঘৰতে কেইপৃষ্ঠামান পঢ়াৰ পাছতেই স্নাতকোত্তৰ মহলাৰ শ্ৰেণী আৰম্ভ হোৱাৰ বাবে যাব লগা হোৱাত কিতাপখনো লগতে লৈ গ’লো। তাত বৰ এটা সময় নোপোৱাৰ বাবে কিতাপখন প্ৰায় সজাই থোৱাৰ দৰেই হৈছিল। মাজে মাজে ঘৰলৈ আহোঁতে লৈ আনিলে পঢ়া হয়, সেয়াও বৰ বেছি নহয়। তেনেকৈ তিনিটা ষান্মাষিক পাৰ হৈ গ’ল আৰু মই কিতাপখনৰ যেনেতেনে মাজভাগ পাইছোগৈহে। যদিও দীঘলীয়া বিৰতি লৈ পঢ়া হৈছিল, তথাপি কাহিনীবোৰ আৰু চৰিত্ৰবোৰ তথা সিহঁতৰ মাজৰ ঘটনাক্ৰমৰ সংযোগ-সূত্ৰডালি মনত অটুট আছিল।

আগৰকেইবাৰৰ দৰে এইবাৰো ষান্মাষিক পৰীক্ষাৰ অন্তত ঘৰলৈ আহিব লগা হোৱাত কিতাপখন বেগতে ভৰাই লৈ আহিলো। ৪ ঘণ্টীয়া বিমান যাত্ৰাত সময় কটাবৰ বাবে বেগৰ পৰা উলিয়াই কিতাপখনকে পঢ়িবলৈ আৰম্ভ কৰিলো। সেই যে আধাৰ পৰা পঢ়িবলৈ আৰম্ভ কৰিলো, কাহিনীভাগে যেন মোক সন্মোহনী বাণহে মাৰিলে। প্ৰথম অৰ্ধভাগত নিৰ্মাণ কৰা কাহিনীৰ ভেঁটিটোৱে অবিশ্বাস্যভাৱে পাছৰচোৱাক ইমান মনোগ্ৰাহী আৰু আকৰ্ষণীয় কৰি তুলিছে যে সেই অনুভৱ বৰ্ণনা কৰিবলৈ মোৰ ভাষা নাই। সেই যে বিমানত আৰম্ভ কৰিলো, তাৰ তিনি-চাৰিদিনৰ ভিতৰতে সম্পূৰ্ণ উপন্যাসখন পঢ়ি শেষ কৰিলো। সঁচা অৰ্থত ক’বলৈ গ’লে মই নিজেও আশা কৰা নাছিলো যে উপন্যাসখনি মই পঢ়ি শেষ কৰিব পাৰিম। আৰু এইখনেই একমাত্ৰ কিতাপ যিখনৰ মই প্ৰথম আধা পঢ়িছো ডেৰবছৰত আৰু বাকী আধা মাত্ৰ চাৰিদিনত। যিটো মূহুৰ্ত্তত মই উপন্যাসখনৰ শেষৰ শাৰীটো পঢ়ি উঠিলো, উত্তেজনাত মোৰ মনৰ ভিতৰত এক অবিৰাম আৰু অভূতপূৰ্ব ধুমুহা বলিবলৈ আৰম্ভ কৰিলে আৰু সেই ধুমুহাৰ চাপ সহ্য কৰিব নোৱাৰি মই বহি থকা বিছনাখনত চকু মুদি ওপৰমুৱাকৈ পৰি দিবলৈ বাধ্য হ’লো। আজিলৈ মই পঢ়া কোনো এখন কিতাপ বা চোৱা কোনো এখন চিনেমাৰ পাছত এনে অদ্ভুত অনুভৱ হোৱা নাই। এই অভিজ্ঞতাটো মোৰ বাবে ইমানেই অস্বাভাৱিক আছিল আৰু বোধহয় সেইবাবেই তাক বৰ্ণনা কৰিবলৈ মই শব্দৰ অভাৱ অনুভৱ কৰিছো।

উপন্যাসখনৰ কাহিনীটো বৰ্ণনা কৰাটো মোৰ এই লিখাৰ উদ্দেশ্য নহয়। তাৰ কাৰণ হৈছে ইমান এখন কালজয়ী আৰু অনন্য উপন্যাসৰ চমু আভাস দি সেই উপন্যাসখনৰ সৌন্দৰ্য ম্লান পেলোৱাৰ দৰে পাপ কাৰ্য কৰাৰ ধৃষ্টতা মোৰ নাই। আৰু আপুনি যদি মাৰ্কেজৰ ব্যতিক্ৰমী তথা অনন্যসুন্দৰ লিখনিত প্ৰাণ পোৱা এই অনুপম কাহিনীটোৰ সোৱাদ ল’ব বিচাৰিছে তেন্তে কিতাপখন পঢ়াৰ গত্যন্তৰ নাই।

মাৰ্কেজৰ উপন্যাসখনৰ যি এটা কথাই মোক সকলোতকৈ বেছি আপ্লুত কৰিলে সেইটো হ’ল এটা পূৰ্ণ শতিকাৰ বিৱৰণ কৰা সেই দস্তাবেজৰ চিৰসমসাময়িকতা(?)। ১৯৬৭ চনতে প্ৰকাশিত এই উপন্যাসখনিৰ পটভূমি দক্ষিণ আমেৰিকাৰ এখন গাঁৱৰ আৰু কাহিনীভাগৰ সময়কাল (duration) এশ বছৰৰো অধিক। কিন্তু মই আটাইতকৈ আচৰিত হ’লো তেতিয়া যেতিয়া সেই পুৰণি গাওঁখনৰ বাসিন্দাসকল বিশেষকৈ বুৱেন্দিয়া পৰিয়ালৰ সদস্যসকল যিবোৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয় সেইখিনিৰ সৈতে আমাৰ সমাজ জীৱন বা ব্যক্তিগত জীৱনৰ সাদৃশ্যতা দেখিবলৈ পালো। তাৰ কাৰণ বিশ্লেষণ কৰি মই ভাবি পালো যে মাৰ্কেজে তেওঁৰ উপন্যাসখনত যিকেইটা বস্তুক চালিকা-শক্তি হিচাপে ব্যৱহাৰ কৰিছে সেইকেইটা হৈছে মানুহৰ জীৱনৰ এনে কিছুমান চিৰন্তন অনুভৱ যিবোৰৰ এশ বছৰ হে নালাগে, হাজাৰ হাজাৰ বছৰতো কোনো সলনি নহয়। মানুহৰ অন্তৰৰ এনে কিছুমান আদিমতম অনুভৱ হৈছে প্ৰেম-ভালপোৱা, বিৰাগ, যন্ত্ৰণা, হৰ্ষ-বিষাদ, ক্ষুধা, মিলন-বিবাদ, আশা-নিৰাশা ইত্যাদি। আৰু সেইবাবেই যিমান বছৰৰ পাছতেই এই উপন্যাসখন নপঢ়ক কিয়, পঢ়ুৱৈৱে চৰিত্ৰসমূহৰ অনুভূতিবোৰৰ সৈতে একাত্ম অনুভৱ কৰিবলৈ মুঠেও কষ্ট নাপায়।

মাৰ্কেজৰ লিখনিৰ গত বা ‘ষ্টাইল’ও নি:সন্দেহে শলাগ ল’বলগীয়া। মৌলিকতা আৰু সুস্পষ্টতাৰ লগতে পাঠকে আশা নকৰা ঠাইতো আমোদজনক দুই-একাষাৰ কথা লিখি কাহিনীভাগক নিটোলভাৱে সজাই-পৰাই তোলাটো তেখেতৰ লিখনিৰ অন্যতম বৈশিষ্ট্য। উদাহৰণস্বৰূপে কাহিনীৰ এটা অংশত ফাৰ্ণাণ্ডাই গিৰিয়েক অ’ৰেলিয়ান’ ছেগুণ্ডোক গালি পাৰি পাৰি ঘৰৰ কাম কৰি থকাৰ দৃশ্যটি মাৰ্কেজে এনে ৰসপূৰ্ণ তথা অনন্যভাৱে দুই পৃষ্ঠাজুৰি অংকন কৰিছে যে এনে লাগে যেন সেই ঘৰুৱা কন্দল খন পাঠকে ঘৰৰে একোণত বহি চাইহে আছে। তাৰোপৰি বুৱেন্দিয়া বংশৰ সুবৃহৎ বংশাৱলীখনৰ সূত্ৰডাল সমগ্ৰ কাহিনীচোৱাত ধৰি ৰখা আৰু সময়ে সময়ে পূৰ্বপুৰুষসকলৰ বিভিন্ন উল্লেখেৰে অভিজ্ঞ সূত্ৰধাৰৰ দৰে পাঠককো সেই আঁত ধৰি ৰখাত সহায় কৰাটো মাৰ্কেজৰ অন্য এক কৃতিত্ব। মাজে সময়ে অলৌকিক ঘটনাৱলীৰ অৱতাৰণা কৰি সেইসমূহক পৰিয়ালটোৰ দৈনন্দিন জীৱনৰ সৈতে জীণ নিয়াই বিশ্বাসযোগ্য কৰি তোলাত মাৰ্কেজ নি:সন্দেহে সফল হৈছে। কাহিনীভাগৰ একেবাৰে শেষৰ পৃষ্ঠালৈকে পাঠকৰ উত্তেজনাক নিজৰ মতে পৰিচালিত কৰি মাৰ্কেজে লিখক হিচাপে নিজৰ নিপুণতাৰ পৰিচয় দিছে।

“100 Years of Solitude” ৰ অন্যতম শক্তিশালী দিশ তথা চালিকা-শক্তি হৈছে উপন্যাসখনৰ চৰিত্ৰসমূহ। লিখক মাৰ্কেজে চৰিত্ৰসমূহক নিটোলভাৱে এনেদৰে গঢ় দিছে যাতে সেইসমূহৰ ওপৰত ভৰ দি কাহিনীভাগ মসৃণভাৱে আগুৱাই যাব পাৰে। তদুপৰি চৰিত্ৰসমূহৰ কিছুমান আচৰিত যেন লগা কাৰ্য-কলাপ ভিন্ন দৃষ্টিভংগীৰ পৰা চাবলৈ আৰু সেইমতে বিচাৰ-বিবেচনা কৰিবলৈ পাঠকক তেখেতে বাধ্য কৰিছে। আৰু সেইবাবেই হয়তো পাঠকে সেই চৰিত্ৰসমূহৰ সৈতে আত্মীয়তা অনুভৱ কৰিব পাৰে। কাৰণ আমি আমাৰ জীৱনত দেখাৰ দৰে উপন্যাসখনৰ চৰিত্ৰবোৰো ভাল আৰু বেয়াৰ সংমিশ্ৰণ, কোনো এটা চৰিত্ৰই সম্পূৰ্ণৰূপে ভাল বা সঠিক নহয় আৰু যিকোনো এটা চৰিত্ৰৰ ভুল যেন লগা সিদ্ধান্তৰ আঁৰৰ মানসিক অৱস্থাক লিখকে সুন্দৰকৈ উপস্থাপন কৰিছে।

গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ “100 Years of Solitude” এ প্ৰকাশ হোৱা দিনৰ পৰা আজিলৈকে সমগ্ৰ বিশ্বযুৰি অসংখ্য পাঠকৰ অপৰিমীত সমাদৰ লাভ কৰি আহিছে। এই অনুপম গ্ৰন্থখনৰ বাবেই ১৯৮২ চনৰ সাহিত্যৰ নোবেল বঁটাৰে উপন্যাসখনিৰ স্ৰষ্টা মাৰ্কেজক সন্মানিত কৰা হয়। গ্ৰন্থখনিয়ে লাভ কৰা অন্যান্য বঁটাসমূহৰ ভিতৰত ইটালীৰ চিয়ানচিয়ান’ বঁটা, ফ্ৰান্সৰ Prix de Meilleur Livre Etranger বঁটা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ Books Abroad/Neustadt International Prize for Literature আদি অন্যতম (ৱিকিপেডিয়াৰ পৰা সংগৃহীত)। মাৰ্কেজৰ এই মাষ্টাৰপিচ খনক সৰ্বকালৰ এখন অন্যতম শ্ৰেষ্ঠ উপন্যাসৰ মাজত আগশাৰীত ৰাখিবলৈ বিশ্বৰ সাহিত্যপ্ৰেমীসকলে মুঠেও কুণ্ঠাবোধ নকৰে আৰু গ্ৰন্থখনৰ এজন পঢ়ুৱৈ হিচাপে মই এই কাৰ্য্যক সম্পূৰ্ণৰূপে সমৰ্থন নকৰি নোৱাৰোঁ।

মুঠৰ ওপৰত মই আগতে কোৱাৰ দৰেই এনে এখন বিশ্ব-বিশ্ৰুত কালজয়ী উপন্যাস পঢ়াৰ পাছত হোৱা অনুভৱৰ তুলনা বিচাৰিবলৈ মোৰ শব্দৰ অভাৱ। কল্পনাপ্ৰসূত বুৱেন্দিয়া পৰিয়ালৰ এই অসামান্য দস্তাবেজক বিশ্ব-সাহিত্যলৈ আগবঢ়োৱাৰ বাবে মাৰ্কেজ কৃতজ্ঞতাৰ পাত্ৰ। মুঠৰ ওপৰত, সাহিত্য-চৰ্চা কৰিবলৈ উদ্যমী লিখককে ধৰি বিশ্ব-সাহিত্যত তিলমানো ৰাপ থকা যিকোনো মানুহেই জীৱনত অন্ততঃ এবাৰ গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ “100 Years of Solitude” উপন্যাসখনৰ সোৱাদ লোৱাটো বাঞ্ছনীয়।