তিনিআলিটোৰ ডাঙৰ গছজোপাৰ তলতেই ল'ৰাজন বহি থাকে । ৰঙা ৰঙা চকুৰে মূৰৰ পৰা ভৰিলৈ চাই ছোৱালীবোৰলৈ। ডাঙৰ সৰু নোচোৱাকৈ যেতিয়াই তেতিয়াই চিগাৰেট খাই থাকে। এনেয়ো বদমাচ বুলিয়েই তাৰ নাম আছে।

নীতাৰ অফিচৰ পৰা আহোতে পলম হ'ল। পাঁচ বজাৰ ট্ৰেকাৰখন নাপালে , গাঁৱৰ ৰাস্তাটো পাওঁতে মুখ চিনিব নোৱাৰা এন্ধাৰ হ'ল। এই ৰাস্তাটোৰে পৰাপক্ষত সন্ধিয়া অকলে খোজ কাঢ়ি নাহেই তাই। বৰ জয়াল, অলপ দূৰৈত শ্মশান এখন আছে কাৰণে এইখিনি সময়ত মানুহ নাই বুলিবই পাৰি । যিমান পাৰি খৰকৈ খোজ দিব চেষ্টা কৰিছে যদিও মেখেলাখনে খোজবোৰ আগুৱাই দিয়াত বাধা দিছে। মেখেলাখন হাতেৰে ধৰি লবলৈও দুয়োখন হাততে বেগ। কোনোমতে আহি তাই তিনিআলিটো পালে। মনটো অলপ মুকলি লাগিব খুজিছিলহে , পিছমুহূৰ্ততে থতমত খাই ৰৈ গ'ল তাই। অলপ দূৰৈত গছজোপাৰ তলত সেই ল'ৰাজন...

চাকৰিটোৰ বাবে অকলেই ৰুম এটাত ভাৰা কৰি থাকে নীতা । গাওঁখনৰ মানুহবোৰ ভাল যদিও, দুই এজন মানুহৰ কথা, চাৱনি একেবাৰে পচন্দ নহয় । ওচৰ পাজৰৰ মানুহখিনিৰ লগত ভালেই তাইৰ। বাইদেউ বুলি মতা কাষৰ ঘৰখনৰ মানুহ গৰাকীয়ে তাইক কোন কেনেকুৱা কৈ কৈ একপ্ৰকাৰ মুখস্থ কৰাই দিছে। তেওঁৱেই প্ৰথম কৈছিল, এই ল'ৰাজনৰ পৰা সাৱধান হ'বলৈ। গাঁৱৰ বেছিভাগৰ লগতে তাৰ ভাল নাই। বন্ধু বুলিবলৈ তো নায়েই। তাৰ পিছৰ পৰা তাক দেখিলে নোচোৱাকৈয়ে অহা যোৱা কৰি আছে তাই । ল'ৰাজনে কাক কি বেয়া কৰিছে নাজানে যদিও সকলোৱে তাক ভয় অথবা সন্দেহ কৰিয়েই চলে হেনো । ঘৰত বেছিভাগ সময়েই নথকা ল'ৰাজনক সকলোৱে এই তিনিআলিটোতেই দেখে। সেইজন বেয়া ল'ৰাৰ সন্মুখত তাই যে এইদৰে অন্ধকাৰ ঠাইডোখৰত অসহায়ভাৱে পৰিবলগীয়া হ'ব হয়তো কেতিয়াও ভবা নাছিল । এতিয়া তাক অকলশৰীয়াকৈ নিৰ্জন ঠাইডোখৰত লগ পাই , ভয়ত পেটত হাত ভৰি লুকুৱা অৱস্থা হৈছে। ওচৰে পাঁজৰে চিনাকি অচিনাকি কোনো মানুহ নাই। কি হ'ব এতিয়া? তাৰ ওচৰেদি কেনেকৈ পাৰ হৈ আগুৱাই যাব ?

কথাবোৰ ভাবি থাকোতেই তাইৰ চকু মুখত টৰ্চৰ পোহৰ পৰিল। ল'ৰাজনে টৰ্চ মাৰি চাই পঠিয়ালে তাইলৈ । উফফ্ তাইৰ বুকুত ধপধপনি নিজেই শুনিবলৈ পাইছে এতিয়া । কিবা মনত পৰি খপজপকৈ বেগটো খেপিয়াই মোবাইলটো উলিয়াই ল'লে তাই। বেগ খুচৰোতে হাতৰ পেকেটটো মাটিত পৰিল। পেকেটটো হাউলি উঠাই ল'বলৈ সাহস ন'হল নীতাৰ । মুখৰ পৰা ভৰিলৈকে টৰ্চ মাৰি কি জানো চাইছে । কোনে জানে সেই সুযোগতে কি বা কৰে? একো উৱাদিহ নাপাই নীতা একেঠাইতে থিয় হৈ থাকিল । ল'ৰাজন তাইৰ ফালে আগুৱাই অহা যেন পোৱাত , নীতাৰ উশাহ বন্ধ হোৱাৰ দৰে হ'ল। কিন্তু কথাবোৰ দেখোন ভবাৰ দৰে ন'হল । হঠাত তাইক আচৰিত কৰি সি ক'লে ----

"আন্ধাৰ হ'লে অকলে অকলে এইটো ৰাস্তাত আহিব নালাগে , ভাল নহয়"

মুখৰ পৰা চিগাৰেটৰ গোন্ধটো আহি তাইৰ নাকত লাগিলহি । অসহ্যকৰ গোন্ধটোত নাকটো কোচ খাই নগ'ল তাইৰ। কথাখিনি কৈ সি , তাইৰ ভাৰা ঘৰলৈ যোৱা ৰাস্তাটোৰে খোজ ল'লে। এবাৰো উভতি নোচোৱাকৈ সি পোহৰটো পিছফালে পৰাকৈ টৰ্চটো মাৰি গৈ থাকিল । এই প্ৰথম তাই বেলেগ মানুহ এজনৰ ওচৰত ইমান নিৰাপত্তা অনুভৱ কৰিছে চাগে। কিবা এটা আচৰিত ধনাত্মক শক্তিয়ে টানিছে তাইক । নিশ্চিন্ত হাঁহি এটা নজনাকৈয়ে ওঁঠৰ ফাঁকেৰে ওলাই আহিল । বুকুখন যেন পাতল হৈ পৰিছে । নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি তাই বেয়া যেন লগা ভাল ল'ৰাজনৰ পিছে পিছে খোজ ল'লে .....।