হলৌ টি ছাৰ্ট, লং লেয়াৰ্‌ড হেয়াৰ কাটৰ জপৰা চুলিৰে নিৰূপম একে আছে। মোক চিনি পোৱাত অসুবিধা নহ’ল তাৰ। ক্ষীণকায় হাতখন আগবঢ়াই দিলে।কেনে আছা নিৰুপম ফাইন ......আধা মেলা চকু আৰু কঁপি থকা ওঁঠ দুটাৰে মোক কিবা ক’ব খুজিও ঢলি পৰিল সি। ছয় বছৰৰ আগৰ দিন এটালৈ হঠাৎ মোৰ মনত পৰি গ’ল। কঁপি কঁপি এনেকৈ সেইদিনা বাগৰি পৰিছিল এই কোঠাটোৰ সিপাৰৰ অন্য এখন বিছনাত। তেতিয়াও সৌৰভে বিশেষ প্ৰতিক্রিয়া দেখুৱা নাছিল।একো লাভ নাই। সি ই্যজ বিহেভিং জ্যাষ্ট লাইক এ ছাইক্রেটিক পেইশ্বেন্ট। চাৰিবছৰ মূৰ ঘমাই পঢ়াৰ অন্ততঃ এতিয়া আকৌ বেংক ক’চিংৰ নামত এবছৰে চেন্টাৰৰ বন মাৰিছা। ইঞ্জিনিয়াৰিঙৰ নামত ধাপ্পাবাজি নহয়নে?নিৰূপম ইতিমধ্যে ড্ৰাগ আসক্তিৰ জগতখনত ঢলি পৰিল। তাৰ ডিঙিৰ তলত টাটু কৰা বিষাক্ত মকৰা এটাই ঠাৰে চিয়াৰে সৌৰভৰ ভোৰভোৰণিক প্ৰকাশ্যে ভেঙুচালি কৰিলে। কোঠাটোৰ পৰা ওলাই আহিলো। নিজকে অনাদৃত ৰূপত পেলাই শুই থাকক সি।পৰিৱৰ্তনৰ কেকোঁৰা চেপাত চহৰখনে কক্‌বকাইছে। কেইবাটাও শ্বপিং মল, ডিজিটেল চিনেমা হল, এপাৰ্টমেন্ট অবিকলভাৱে মিলি গৈছে মহানাগৰিক কল্পনাৰ সৈতে। আৰুনো কি লাগে এখন আধুনিক চহৰক সৰ্পিল গতিৰে চৰখনৰ অলিয়ে গলিয়ে চাইকেল চলাই আমিও মহানায়কৰ সুখানুভূতি লাভ কৰিছিলো। অথচ চকুৰ পচাৰতে পটপৰিৱৰ্তন হয় চহৰখনৰ। উন্মত্ত ৰাতিবোৰত নাইট চুপাৰ আৰু পাঞ্জাব বডী ট্ৰাকবোৰ আমাৰ বাবে হৈ পৰে উশাহৰ ঘেৰঘেৰণিস্বৰূপ। শিশু সুৰক্ষা আয়োগৰ প্ৰজেক্ট এটাৰ খাতিৰত চহৰখনৰ মৃত গলিবোৰ সন্ধানত মই নামি পৰো। এই চহৰখনক বিদায় দি উঠিয়েই ইন্টাৰভিউ আখ্যানৰ পাতনি মেলো। ইন্টাৰভিউৰ দুৱাৰে দুৱাৰে ঘূৰি খহনীয়াৰ ঢৌ উঠে জোতাযোৰত। আকৌ মাৰ যায়। আৰু এদিন পেলনি যায় জোতাৰ গৌৰৱ।আৰু তোমাৰ সংগঠনৰ খবৰ কোৱা। গৰম গৰম আপডেটবোৰত নিদিয়া হ’লা আজিকালি।ধুৰ দেশপ্ৰেমৰ নামত বাৰেভচহু কাৰবাৰ এটাহে। কোন ফৈদে কোন ফৈদক কেতিয়া মাৰে কি ঠিক কৰাপশ্যন এণ্ড দেন ব্লেকমেইলিঙ। এণ্ড দেন কৰাপশ্যন এগেইন। একে সোপাকে শুনি শুনি মোৰ টেঙালে। মুঠতে এটা চাকৰি লাগে। শুদা মুখ এখন লৈ গাঁৱত মুখ উলিয়াব নোৱাৰি। নিৰূপমৰ ধৈৰ্য্যও মানিছো ভাই।এৰা ধৈৰ্যৰ অভাৱ। অথচ একশ্যন ৰিছাৰ্ছৰ নামত ডাটা মেনিপ্যুলেট ময়ো কৰো। সোনকালে এটা ফাইণ্ডিং লাগে। তেনেকৈয়ে চলি থাকে গৱেষণাৰ পাছত গৱেষণা। লোকচানটো ক’তো নাই। চানু আৰু বানুক লগ পোৱাৰ ইছাৰে ময়ো অৱগাহন কৰো এই স্মৃতি চাহাৰাত। তিনি বছৰৰ পিছত ৰেডিঅ’ হৰ্ণৰ ঘোষণা, ট্ৰেফিক পুলিচৰ হুইচেল, মেডিকেল এম্বুলেঞ্চৰ দৌৰাত্মত ময়ো আগবাঢ়ো চহৰখনৰ সৈতে। চানু আৰু বানুহঁতৰ দৰে অনেকেই চহৰখনৰ আটাইতকৈ কদৰ্যময় ৰূপবোৰ বস্তাত সুমুৱাই পিয়াপি দি ফুৰে আজিও। সিহঁত আগবাঢ়ে। আগৰ দৰে হৈ থকা নাই উদয় কুটীৰো। ওপৰ মহলাটোত এটা শৰীৰচৰ্চা কেন্দ্ৰ খোলা হৈছে। দেহৰ সমস্ত শক্তি থুপ খাই আছে ডেনিছ জেমচ আৰু ৰুণী ক’লমেনৰ হাঁহিত। পূৰ্বতে ই আছিল এটা পুথিভঁড়াল। কোন কাহানিবাই জহি খহি গৈছে গ্ৰন্থ বিপ্লৱৰ সোণসেৰীয়া স্মৃতি। তাৰ পিছত হৈ পৰে আমাৰ আড্ডাৰ থলী, চিগাৰেটৰ ধোঁৱা আৰু ডাঙৰ গোন্ধ হজমক্ষম এক উদং বাকচ। কক্‌টেইল সুবাসিত অশ্ৰাব্য গালিবোৰ প্লাষ্টিকৰ বটলত তাৰপৰাই নিক্ষেপ কৰা হয়। কচুৱনিৰ মাজত দ’ম হোৱা তেনে কিছু বটলক লৈয়েই কাজিয়াখন আৰম্ভ হয় চানু আৰু বানুৰ মাজত।এই মুকুন্দ ভালে আছে’?আৰে দাদা আপুনিছোন আছো দিয়ক - কি ল’ব কওক।মাত্ৰ একাপ শুদা চাহৰ অৰ্ডাৰ। মুকুন্দৰ আখৰ লিখিব খোজা হেঁপাহটো আছিল বৰ তীব্ৰ। মোৰ হাতত এদিন থাপ মাৰি ধৰিছিল সি। তাৰ পাছতো কিমানবোৰ চুমুক দিছো চাহ কাপত সকলো মাত্ৰ ফুটুকাৰ ফেন। প্ৰতিশ্ৰুতিবোৰৰ ধোঁৱাৰ দৰে উৰি থাকোতেই চহৰখনৰ পৰা এদিন বিদায় ল’লো।চানু বানু এতিয়া ক’ত?আপুনি তেন্তে সিহঁতক পাহৰা নাই। দুয়ো এটা চুৰি কেছত .....

২আৰু তোৰ কথা ক সৌৰভ, এনেকুৱা এটা ব’ৰ লাইফ কেনেকৈ পাৰ কৰিছ? তভক মাৰি খন্তেক মোৰ ফালে চাই ৰ’ল সি। মুখৰ চাৰিওফালে বিশেষ কায়দাৰে হুপি থকা চিগাৰেটৰ কুণ্ডলী পকোৱা ঢৌবোৰৰ নীলা।বিকৃত যৌনলালসাত এটা উদ্দেশ্যবিহীন জীৱন কটাই আছো। এৰাতো এই কাঠৰ বেৰখনেই তাৰ সাক্ষী। ওফাৰ সৰ্বস্ব নিৰূপমৰ সংসাৰখন কাঠৰ বেৰখনৰ সিপাৰে ৰঙচুৱা বেলিটোৰ স’তে জঁকি মাৰি উঠিছিল -

Ooh na na What's my name

Not everybody knows how to work my body

Knows how to make me wont it

Boy, you stay up on it.

ৰিহানা, ক্রিছ ব্ৰাউন আৰু নিকি মিনাজহঁতৰ দপ্‌দপনিবোৰ আমিও বুকু পাতি ধৰি ল’ব লগা হৈছিল। খোকোজা নলগাকৈয়ে গুণগুণাব পাৰে নিৰূপনে খৰতকীয়া শব্দবোৰ। শ্বিলঙতেই শিকিছিল সি। আমাৰো ভাল লগা হৈ আহে ক্রমশ।অ্যল গুড থিংছ আৰ টু হুম হু ৱেইটছচ ... জাষ্ট কিপ্‌ ইট আপ ড্যুদ। এ.এছ.টি.ছি বুক ষ্টলৰ পৰা অনা যৌনগন্ধী কিতাপবোৰৰ প্ৰতি কৌতূহ’ল কমি আহিবলৈ ধৰে। কমি আহে ব্লুফ্লিমৰ প্ৰতি আসক্তি। একোৱেই নতুনত্ব নাই, একে দৃশ্যপট - একে কলা কৌশল। কিন্তু নিৰূপমৰ কোঠালৈ সুদিন আহে অৰুণাচলী প্ৰেমিকা মান্নিৰ ৰূপত। আৰু এইটো কোঠাতে সৌৰভ আৰু মই ছটফটাও। আমাৰ দুষ্ট দৃষ্টিক বিদাৰি কাঠৰ বেৰখনৰ ফুটাবোৰত সুমুৱাই দিয়া হয় চুইংগামৰ চোবাই পেলোৱা লিকটীয়াবোৰ। বিশেষ কৌশলেৰে বেৰৰ ইটোপাৰে আৰি দিয়া ক’লা কাপোৰ এখনে কোঠাটো ৰহস্যময় কৰি তোলে। ওফাৰৰ দ্ৰুত লয় আৰু উন্মাদনাত বজা হাৰ্ডৰক গানবোৰে জগাই তোলে নিৰূপম আৰু মান্নিৰ অভিসাৰৰ মুহূৰ্তবোৰ। কি দিন - কি ৰাতি লাহে লাহে সকলো কথা সহজ হৈ পৰে। আৰু আমাৰ ফিচিঙা ফিচিঙিবোৰ বন্ধ হয় মান্নিয়ে প্লেটত হাতে হাতে তুলি দিয়া চিকেন পোলাওৰ সোৱাদত। প্ৰেকটিকেলি তই আজিও ইমান বিন্দাছ?ইলেকট্ৰনিকছৰ ছাত্ৰ নিৰূপম। পেঞ্চিলডাল তুলি লৈ ৰশ্মি এডাল আঁকি তাৰ গুৰিত থিয়কৈ আন এডাল ৰশ্মি আঁকি দিলে সি। দুই ৰশ্মিৰ মাজৰ সমকোণটোৰ পৰা সোঁহাতলৈ বিস্তাৰিত তৰংগৰ ছবিবোৰ কুণ্ডলী পকাই থোৱা সাপৰ দৰে দেখা গ’ল।এয়া ছা, ইনপুট ফ্ৰিকুৱেইন্সি টু এ ফুল ৱেভ ৰেক্‌টিফায়াৰ।মানে?এই ভেক্টৰডাললৈ চা, ওপৰে তলে থকা হাফ চাই্‌কল দুটাই লাইফৰ অপ’জিট ষ্টেজ ধৰি ল - এটা পজিটিভ আৰু আনটো নিগেটিভ। এই এক্স এক্সিছডালৰ মুভমেন্টেই এমপলিটিউড নহয়নে?পদাৰ্থবিদ্যাৰ বেহু ফালি নিৰূপমে জীৱন বীক্ষাৰ ব্যাখ্যা আগবঢ়ায়। তাৰ মতে, কেৱল তত্ত্বৰ আধাৰতে জীৱনটো সজাই ল’ব নোৱাৰি। ডেনড্ৰাইটৰ গোন্ধ লৈ আকৌ শুই পৰিল সি। সৌৰভ আৰু মই ওলাই আহোঁ ষ্টেডিয়ামৰ ফালে। ষ্টেডিয়াম নহয় যেন মায়াপুৰীহে। মুঠি মুঠি তৰা আৰু জোনৰ পোহৰক একাষৰীয়া কৰি দাঁত নিকটাই উজ্বলিছে হাই মাষ্ট হেলজেন লাইট। খন্তেক পাছতেই হাৰ্ড ৰকৰ ধুমুহাই ছানি ধৰিব এই চহৰৰ আকাশ।

ৱি ৱিল ৰ’ক ইউ

ৱি ৱিল ৰ’ক ইউ--আটাইয়ে সমস্বৰে চিঞৰিলে। সম্ভাৱনাৰে উজ্জীৱিত নতুন সময়ৰ প্ৰতিনিধি এওঁলোক। হাৰ্লে ডেভিনছনৰ আশা বন্দী সকলো।

মিশ্ৰিত পানীয়ভৰা প্লাষ্টিকৰ বটলটো জোকাৰি তাৰ মুখখন এবাৰ শুঙি চালো। আস হেলজেন লাইটৰ পোহৰত উতলি উঠা উন্মাদনাৰ দৰেই ৰাগি আছে বটলটোৰ মুখখনত। ৰক সংগীতৰ পোহৰত চহৰখন পোত যাব কিছুপৰৰ পাছত। স্বছ ভাৰত মিছনৰ জয়গান গোৱা বেনাৰবোৰক ভেঙুচালি কৰি ষ্টেডিয়ামৰ চুকে কোণে পৰি থাকিব নিচাগ্ৰস্ত বটলবোৰ। আৰু এই ৰাতিৰ আলোকত বটলবোৰ বুটলি চহৰখনক উদ্ধাৰ কৰিব পৰাকৈ চানু আৰু বানুৰ দৰে ল’ৰাবোৰৰ অভাৱ হ’ব।