মহাকবি ভাৰ্জিলে কৈছিল, 'হাৰকিুলিছৰ গদা কাঢ়ি অনাতকৈ হ'মাৰ অনুবাদ কৰাটো বেছি টান"। একে সুৰতে পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱেও ৮৪২ চনত 'চেতনা' নামৰ এখন আলোচনীত 'অনুবাদৰ কথা' নামৰ ৰচনাত কৈছে-ভীমৰ গদা কাঢ়ি অনাতকৈ কালিদাস অনুবাদ কৰা বেছি টান। ইংৰাজ সাহিত্যিক জন দ্ৰাইদেনে তিনিবিধ অনুবাদৰ কথা উল্লেখ কৰিছে, Metaphrase আক্ষৰিক অনুবাদ, Paraphrase সংক্ষিপ্তকৰণ আৰু Imitation অনুকৰণ। আজিকালি বহুতে translation শব্দটোৰ ঠাইত transcreation শব্দটো ব্যৱহাৰ কৰে। অৰ্থাৎ সাৰ্থক অনুবাদো মৌলিক সৃষ্টিৰ সমানেই মূল্যৱান শিল্পকৰ্ম। বৰিছ পাস্তেৰনাক, আদ্ৰেঁ জিদ আৰু হিমেনেথ আদি নবেল বঁটা বিজয়ী লেখক সকলেও জীৱনৰ বহুতো মূল্যৱান সময় উছৰ্গা কৰিছিল অনুবাদৰ কামত।

অনুবাদ সহজ কাম নহয়। যি অনুবাদ কৰে, তেওঁ নিজৰ ভাষা উপৰিও যি ভাষাৰ পৰা অনুবাদ কৰে সেই ভাষাৰ ৰূপ, কাৰিকা, জতুৱা ঠাঁচ, সাংস্কৃতিক পৰিমণ্ডলৰ জ্ঞান সম্যকভাৱে আহৰণ কৰি ল'ব লাগিব। অনুবাদৰ ক্ষেত্ৰত মূল ভাষাৰ লেখকৰ কলা কৌশলৰ আৰু ষ্টাইলৰ চৰিত্ৰ অক্ষুণ্ণ ৰক্ষাৰ প্ৰয়োজন আছে। এই প্ৰচেষ্টাত ভাৱ-বস্তুৰ পৰিৱেশনো এনেদৰে হ'ব লাগে যাতে উৎস ভাষাৰ ধ্বনিগত ব্যঞ্জনা বেলেগ ধৰণৰ হ'লেও মূল বস্তুৰ স্বৰূপ লক্ষ্য ভাষাত ৰৈ যায়। অনুবাদক কেৱল এজন অনুৰাগী পাঠক হলেও নহ'ব, তেওঁ মূল ভাষাৰ এই ভাষা-ভংগীৰ আৰু তাৰ শৈলীৰ সৈতে ভালদৰে পৰিচিত হ'ব লাগিব। তদুপৰি লক্ষ্য ভাষাৰ কালিকাৰে ভাষাৰ ৰূপান্তৰৰ মাজেদিও ভংগীৰ আভাস কেনেকৈ দিব পাৰি আৰু চৰিত্ৰ বৈশিষ্ট্যক কেনেকৈ সজীৱ ৰূপত ধৰি ৰাখিব পাৰি, সেই বিষয়েও তেওঁ সজাগ থকাৰ প্ৰয়োজন আছে। 

অসমীয়া সাহিত্য-সংস্কৃতিৰ বিকাশত অনুবাদৰ এক বিৰাট অৰিহণা বৰ্তমান। বাংলা, অসমীয়া, উড়িয়া এটা সময়ত একে ভাষা পৰিবাৰভুক্ত আছিল, তদুপৰি ইংৰাজ চৰকাৰে নিজৰ শাসনৰ সুবিধাৰ বাবে দীৰ্ঘকাল অসমত চৰকাৰী চাষা হিচাবে বাংলা ভাষাৰ প্ৰচলন কৰিছিল। এয়া আছিল অসমীয়া জাতীয় জীৱনৰ বৰ বেদনাৰ দিন, নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়া ভাষাৰ পুনঃপ্ৰতিষ্ঠা অসমীয়া জনজীৱনৰ অন্যতম কৰ্তব্য হৈ  পৰিছিল। যি ভাষাৰ ওপৰত বাংলাৰ উপভাষাৰ বদনাম জাপি দিয়া হৈছিল আজি সেই অসমীয়া ভাষাৰ গল্প, কবিতা , উপন্যাস , প্ৰৱন্ধ বাংলা ভাষালৈ অনূদিত হৈ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাই নহয়, অসমৰ বাবে কেনেকৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে,এজন অনুবাদক হিচাপে মোৰ আলোচনাত তাৰ চমু পৰিচয় দিয়াৰ প্ৰয়াস থাকিব। 

উত্তৰ-পূৰ্ব ভাৰত নান জাতি আৰু জন গোষ্ঠীৰ মিলনভূমি। অসমীয়া, নগা, মণিপুৰী, মিজো, খাছী, বড়ো জন গোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ এই উত্তৰ পূৰ্বাঞ্চল। ইয়াৰ কাৰণ হিচাবে আমি ক'ব পাৰোঁ অসম নাইবা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমাজ, সাহিত্য-সংস্কৃতি সম্পৰ্কে আমাৰ দেশৰ আন অঞ্চলৰ মানুহৰ সীমাহীন অজ্ঞতা। এই ক্ষেত্ৰত অনুবাদে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে।

অসমীয়া সাহিত্য-সংস্কৃতি আজি অসমৰ ক্ষুদ্ৰ ভৌগোলিক সীমা অতিক্ৰমি বিশ্বমূখী হৈ উঠিব পাৰে। মহাপুৰুষ শংকৰদেৱৰ বিচিত্ৰ বিপুল সৃষ্টিৰ ঐশ্বৰ্য, জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসীম সম্ভাৱনাৰ পূৰ্ণ ৰচনাৰাজিত গোতেই বিশ্বক আপোন কৰি লোৱাৰ প্ৰয়াস, চিৰন্তন সত্য-সুন্দৰৰ উপাসনা আজি বিশ্ববাসীক জনাব লাগিব। অসমীয়া সাহিত্য কিদৰে অনূদিত হৈ আন ভাষাৰ মানুহক আগ্ৰহী কৰি তুলিব পাৰিছে সেয়া এটা আভাস দিয়াৰ চেষ্টা থাকিব মোৰ আলোচনাত। লগতে ভাৰতীয় আন আন ভাষাৰ পৰা বিশেষকৈ বাংলাৰ পৰা বিপুল হাৰত অনুবাদে কিদৰে আজিৰ অসমীয়া সাহিত্যক চহকী কৰি তুলিছে তাৰ এটা পৰিচয় দিয়াৰ চেষ্টা থাকিব। 

অসমীয়া ১৮৭৭ চনত একে গৰ্ণিৰ পত্নী শ্ৰীমতী গাৰ্ণিৰ ক্যাথৰিন মোলেন্সৰ 'কৰুণা আৰু ফুলমণিৰ বিবৰণ' অসমীয়ালৈ অনুবাদ কৰে। সম্ভৱতঃ এয়াই অসমীয়া ভাষাত অনূদিত বাংলা উপন্যাস। ইয়াৰ পাছত দীৰ্ঘকালৰ বিৰতি লক্ষ্য কৰা যায়। ১৯৫০ চনত শংখনাথ ভট্টাচাৰ্যই সাহিত্য সম্ৰাট বংকিম চন্দ্ৰৰ 'কৃষ্ণকান্তেৰ উইল' অসমীয়ালৈ অনুবাদ কৰে। কিতাপখন বিধুভূষণ চৌধুৰীৰ সম্পাদনাত শ্বিলঙৰ চপলা বুকষ্টলৰ পৰা প্ৰকাশিত হয়। সেইসময়ত এই চপলা বুক ষ্টল বাংলা কিতাপ পত্ৰ প্ৰকাশনত আৰু বিক্ৰীৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। তাৰকনাথ গংগোপাধ্যায় 'স্বৰ্ণলতা' উপন্যাসখনও ১৯৬৩ চনত ৰজনীকান্ত শাস্ত্ৰীৰ অনুবাদত বিধূভূষণ চৌধুৰীৰ সম্পাদনাত চাৰু সাহিত্য কুটীৰৰ পৰা প্ৰকাশিত হয়। ২০০০ চনত নিশিপ্ৰভা ভূঞাই বংকিমচন্দ্ৰৰ 'সীতাৰাম' আৰু ২০০৮ চনত 'আননদ্মঠ'ৰ অনুবাদ কৰে, কিতাপৰ দুখন যথাক্ৰমে গুৱাহাটীৰ পুথিপত্ৰ আৰু যোৰহাটৰ পৰা প্ৰকাশিত হয়।

অসমৰ সচেতন পাঠক আন আন লিখকৰ নিচিনা ৰবীন্দ্ৰ সাহিত্য মূল বাংলাত পঢ়িবলৈ অভ্যস্ত হ'লেও সাহিত্য অকাডেমীৰ সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ৰবীন্দ্ৰনাথৰ উপন্যাস অনুবাদ কৰিবলৈ বহুতো প্ৰথিতযশা লিখক আগবাঢ়ি আহে। ১৯৫১ চনত উপাকান্দ শৰ্মাই ৰবীন্দ্ৰনাথৰ 'ৰাজৰ্ষি' উপন্যাস অনুবাদ কৰে। বুধুভুষন চৌধুৰীৰ সম্পাদনাত কিতাপখন শ্বিলঙৰ চপলা বুক ষ্টলৰ পৰা প্ৰকাশিত হয়। সাহিত্য অকাডেমীৰ পৰা ১৯৬৩ চনত কেশৱ মহন্তৰ অনুবাদত 'যোগাযোগ' , ১৯৬৫ চনত সুৰেন্দ্ৰমোহন চৌধুৰীৰ অনুবাদৰ 'গোৰা' , ১৯৬৮ চনত মহেন্দ্ৰ বৰাৰ অনুবাদত 'বিনোদিনী' আৰু ২০০৫ চনত পৰাগকুমাৰ ভট্টাচাৰ্যৰ অনুবাদত 'ঘৰে বাইৰে' প্ৰকাশিত হয়। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অনুদিত ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'একুৰি এটা চুটি গল্প' , কেশৱ মহন্ত অনুদিত'ৰক্তকৰবী' আৰু মহেন্দ্ৰ বৰাৰ অনুবাদৰ 'ৰজা' সাহিত্য অকাডেমীৰ পৰা প্ৰকাশিত হৈছিল। সাম্প্ৰতিক কালত সাহিত্য অকাডেমীৰ আদৰ্শ অনুসৰি স্থানীয় প্ৰকাশক সকলেও অনুবাদৰ কিতাপ প্ৰকাশ কৰাৰ বাবে আগবাঢ়ি আহিছে। বনলতাৰ পৰা নাজমা মুখাৰ্জিৰ অনুবাদৰ 'শেষেৰ কবিতা', পূৰ্বাঞ্চল প্ৰকাশনাৰ পৰা নিশিপ্ৰভা ভূঞাৰ অনুবাদত মালঞ্চ প্ৰকাশিত হৈছে।

ভাৰতৰ আন আন প্ৰদেশৰ দৰে শৰৎচন্দ্ৰ অসমতো অত্যন্ত জনপ্ৰিয়। বাণী মন্দিৰৰ পৰা মানবেন্দ্ৰনাথ ঠাকুৰৰ অনুবাদৰ আগতে এবাৰ 'দেৱদাস' প্ৰকাশিত হৈছিল। সম্প্ৰতি দীপিকা চক্ৰৱৰ্তীৰ অনুবাদৰ পূৰ্বাঞ্চল প্ৰকাশনাৰ পৰা'পৰিণীতা','দেৱদাস' আকৌ প্ৰকাশিত হৈছে। আশী বছৰৰ এই বৃদ্ধাক কলকাতা শৰৎ সমিতিৰ পৰা পুৰষ্কৃত কৰা হয়। অসূস্থতাৰ বাবে তেখেতে কলকাতা যাব পৰা নাছিল। তেতিয়া শৰৎ সমিতি কলকাতাৰ পৰা প্ৰতিনিধি আহি এই মহীয়সী মহিলাক গুৱাহাটীত অনুষ্ঠান পাতি সন্মান জনায় । সুনীল গংগোপাধ্যায়ৰ কালজয়ী সৃষ্টি 'সেই সময়' তেখেতৰ অনুবাদৰ সাহিত্য অকাডেমীৰ পৰা প্ৰকাশিত হৈছে। আজি দুই বছৰ মান আগতে দীপিকা চক্ৰৱৰ্তীৰ মৃত্য অসমীয়া অনুবাদ সাহিত্য জগতে এক অপূৰণীয় ক্ষতি বুলি মই ভাবোঁ। 

তাৰা শংকৰ বন্দোপাধ্যায়ৰ ৰচনা অসমীয়া সাহিত্যলৈ বৰ বেছি অনুবাদ হোৱা নাই। নেছনেল বুক ট্ৰাষ্টৰ সাহায্যত কেশৱ মহন্তই ১৯৭৩ চনত তাৰাশংকৰৰ 'কবি' অনুবাদ কৰে। সম্প্ৰতি সুৰেন তাকুলদাৰে 'গণদেৱতা' উপন্যাসৰ অনুবাদ কৰে। ইয়াত ক'ব পাৰোঁ যে শ্ৰী সুৰেন তালুকদাৰৰ দ্বাৰা অসমীয়া লৈ অনূদিত হৈ জ্ঞানপীঠ বঁটা প্ৰাপ্ত ইউ আৰ অনন্তমূৰ্তিৰ 'সংস্কাৰ' উপন্যাসখনেও সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি আলিবাট প্ৰকাশনৰ দ্বাৰা শ্ৰী তালুকদাৰৰ 'স্বীকাৰোক্তি আৰু অন্যান্য' নামেৰে ইংৰাজী তথা আন আন ভাৰতীয় ভাষাৰ প্ৰথিতযশা কিছু লিখকৰ এটা সংকলন প্ৰকাশ কৰা হৈছে। 

মনু সেনৰ অনুবাদৰ কলকাতাৰ ভবানী পাবলিছিঙৰ পৰা ১৯৭৯ চনত আশাপূৰ্ণা দেৱীৰ 'প্ৰথম প্ৰতিশ্ৰুতি' আৰু ১৯৭৭ চনত মৈত্ৰিয়ী দেৱীৰ 'ন হন্যতে' প্ৰকাশিত হয়। মৈত্ৰিয়ী দেৱী আছিল অসমৰ বহু লেখক লেখিকা আৰু পাঠকৰ প্ৰাণৰ মানুহ। এনেদৰে মহাশ্বেতা দেৱীৰ সাহিত্য অসমৰ পাঠক পাঠিকাই আদৰি লৈছে।  সাহিত্য অকাডেমীৰ পৰা কুলনাথ গগৈৰ অনুবাদত 'অৰণ্যৰ অধিকাৰ' প্ৰকাশিত হৈছে। 

এই আলোচনাত মই শ্ৰদ্ধাৰে সৈতে লয়াৰ্চ বুক ষ্তলৰ প্ৰয়াত কৰ্ণধাৰ খগেন্দ্ৰনাথ দত্ত বৰুৱাৰ কথা উল্লেখ কৰিব বিচাৰোঁ। এইটো এটা অতি আচৰিত কথা যে ডাঙৰ এটা প্ৰতিষ্ঠানৰ পৰিচালনাৰ ব্যস্ততাৰ মাজত থাকিও প্ৰয়াত দত্ত বৰুৱা নিজে বাংলাৰ পৰা অসমীয়া লৈ অজস্ৰ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। বাংলাৰ স্বনামধন্য লেখক তৰুণকুমাৰ ভাদুড়ীক তেওঁৰ সাৱলীল অনুবাদত অসমৰ অগণিত পাঠক পাঠিকাৰ চিনাকি কৰি দিছিল। তেওঁ ভাদুড়ীৰ 'সন্ধ্যাবন্তীৰ শিখা(সন্ধ্যাদীপেৰ শিখা), 'বিলকিস বেগম', 'কোমল গান্ধাৰ'(কত ব্যথা), 'অভিশপ্ত চম্বল' অনুবাদ কৰি প্ৰকাশ কৰিছিল। অকলে এয়াই নহয় শংকু মহাৰাজৰ বিখ্যাত গ্ৰন্থ 'বিগলিত কৰুণা জাহ্নৱী যমুনা' সমৰেশ বসুৰ 'তিন ভুবনেৰ পাৰে', নাৰায়ণ সান্যালৰ 'অশ্লীলতাৰ দোষত' আৰু সৌৰীন সেনৰ 'অন্য কোনোখানে' অনুবাদ কৰে এই লয়াৰ্চ বুক ষ্টলৰ পৰাই পৰৱৰ্তীকালত সতীশ ভট্টাচাৰ্যৰ অনুবাদৰ 'ছিন্ন দলিল'(ছেঁড়া তমসুক) প্ৰকাশিত হয়।

সাহিত্যৰ আন আন বিভাগৰ দৰে অসমীয়া শিশু সাহিত্য ওপৰত অনুবাদৰ এটা বিশাল অৰিহণা আছে। জ্ঞানদাভিৰাম বৰুৱাই শিশু উপযোগী অনুবাদ পুথিৰে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি তুলিছিল। তেখেতৰ 'দদাইৰ পঁজা' বিখ্যাত "Uncle Tom's Cabin" ৰ অসমীয়া অনুবাদ। তেখেতে শ্বেইক্সপীয়েৰৰ আন কেইখনমান কিতাপো অনুবাদ কৰিছিল। ইয়াৰে 'ভেনিচৰ সাউদ' আৰু 'পঞ্চৰত্ন' এই দুখন অনুবাদ পুথিৰ নাম ল'ব পাৰি। 'পঞ্চৰত্ন'ৰ নিবেদনত তেখেতে লিখিছে-'যি সকলে ইংৰাজী নাজানে, এই কিতাপখন পঢ়িলে মহাকবি শ্বেইক্সপীয়েৰৰ এই পাঁচখন নাটৰ মূল কথা জানিব পাৰিব-এনে আশা কৰোঁ আমাৰ সৰু-ছোৱালী সকলোৱে এই কিতাপ পঢ়ি অলপ সোৱাদ পাই তেওঁলোক ডাঙৰ হ'লে ইংৰাজী কিতাপ পঢ়ি সেই সোৱাদ পূৰামাত্ৰা উপভোগ কৰিব'। শ্বেইক্সপীয়েৰৰ মহান সাহিত্যৰাজিৰ লগত আমাৰ শিশুহঁতক পৰিচয় কৰি দিয়াৰ তেওঁৰ প্ৰচেষ্টা যে প্ৰশংসনীয় সেই কথাত আমি সকলোৱে একমত। উল্লেখ্য যে পঞ্চৰত্নত 'কিং লীয়েৰ', 'এজঈউ লাইক ইট', 'টু জেণ্টলমেন অৱ ভেৰোণা', 'টেমিং অৱ দি' আৰু 'কমেদি অৱ এৰৰচ' কাহিনী লৈ ৰচনা কৰা হৈছে। 

বিশ্ববিখ্যাত ঔপন্যাসিক আৰু সাংবাদিক ডেনিয়েল ডিফ ৰবিঞ্চন ক্ৰচ বিশ্বসাহিত্যৰ মূল সম্পদ। বুৰঞ্জীবিদ-সাহিত্যিক বেণুধৰ শৰ্মা তেওঁৰ সহপাঠী বন্ধু গোৱালপাৰাৰ গিৰীন্দ্ৰচন্দ্ৰ নাথৰ লগ লাগি ১৯১৮ চনত কিতাপখনৰ অনুবাদ কৰি প্ৰকাশ কৰে। যোৱা শতিকাৰ চতুৰ্থ শতিকাৰ চতুৰ্থ দশকৰ পৰা প্ৰকাশ পোৱা শিশু উপযোগী অনুবাদ গ্ৰন্থ খিনিত ভিতৰত থানেশ্বৰ হাজৰিকাৰ 'দীন-দুখী', ডঃ মহেন্দ্ৰ বৰাৰ 'গালিভাৰৰ ভ্ৰমণ', 'ডন কুইকচোট', বিমল নাথৰ 'ডেভিদ কপাৰফিল্ড, ৰায়হান শ্বাহৰ 'বিলুপ্ত জগত' উল্লেখযোগ্য। লুই কেৰলৰ বিশ্ববিখ্যাত শিশু  উপন্যাস"এলিচ ইন ৱাণ্ডাৰলেণ্ডৰ অসমীয়া অনুবাদ কৰে প্ৰবীণা শইকীয়াই। শ্ৰীমতী শইকীয়া আন্না ছিৱেলৰ জনপ্ৰিয় গ্ৰন্থ 'ব্লেক বিউটি'ৰ অনুবাদ(কলামণি) কৰে। সাহিত্য অকাডেমীৰ শিশু  সাহিত্য পুৰষ্কাৰ বিজেতা তোষপ্ৰভা কলিতা 'তত্ত্বচান' নামৰ গ্ৰন্থখন অসমীয়া লৈ অনুবাদ কৰে। গ্ৰন্থখনত কণমানি জাপানী ছোৱালী এজনীৰ কাহিনী প্ৰকাশিত হৈছে। কলিতাৰ শিশু উপযোগী আন দুখন অনুবাদ সাহিত্যৰ পুথি হ'ল, 'তোমাতকৈ মই ভাল' আৰু 'ফুল আৰু মই'। শ্ৰীমতী কলিতা অনূদিত 'হে মহাজীৱন' নামেৰে বিশ্ব সাহিত্যৰ এমুঠি নিৰ্বাচিত গল্প ষ্টুডেণ্টছ ষ্টৰছৰ পৰা প্ৰকাশিত হৈছে। ইয়াৰ উপৰিও তেখেতৰ অনুবাদৰ বীণা লাইব্ৰেৰীৰ পৰা সুনীল গংগোপাধ্যায়ৰ 'সেউজ দ্বীপৰ ৰজা' আৰু 'পৰ্বতশৃংগত আতংক' প্ৰকাশিত হৈছে। এই বীণা লাইব্ৰেৰীৰ পৰাই তেখেতৰ অনুবাদৰ মাণিক বন্দোপাধ্যায়ৰ 'পদ্মানদীৰ নাৱৰীয়া' আৰু চিহ্ন প্ৰকাশিত হৈছে। সাহিত্য অকাডেমী আৰু নেচনেল বুক ষ্টলৰ উদ্যোগত ভাৰতীয় ভাষাৰ প্ৰসিদ্ধ গ্ৰন্থবোৰ অসমীয়া লৈ অনুবাদ নিঃসন্দেহে অসমীয়া সাহিত্যৰ পৰিসৰ বৃদ্ধি কৰিছে। এই ক্ষেত্ৰত নৱকান্ত বৰুৱা অনূদিত'নিৰ্বাচিত ভাৰতীয় চুটি গল্প;্', নিৰুপমা ফুকন অনূদিত মুন্সী প্ৰেমচন্দৰ 'গোদান', যশপালৰ 'মিছা সত্য', মলয়া খাওন্দ অনূদিত গোপীনাথ মহান্তিৰ 'দাদিবুঢ়া' পাৰুকুটি বৰুৱা অনূদিত ঠাকাজী শিৱশংকৰ পিল্লাইৰ 'মিছা-মাছ' বিশেষভাৱে উল্লেখযোগ্য। পংকজ ঠাকুৰ অসমীয়া অনুবাদ সাহিত্যা বুৰঞ্জীৰ এটা লেখত ল'বলগীয়া নাম। তেওঁৰ 'নৈৰ তৃতীয় পাৰ' নামৰ কিতাপখনত বিশ্বসাহিত্যে ছটা গল্প আছে। সংকলনখনত গী ডে মোপাছঁ, ঝাঁ পল ছাৰ্ট,, ইজাক বাবেল আদিৰ গল্প সংকলিত হৈছে। সম্প্ৰতি অকাডেমীৰ পৰা প্ৰকাশিত মাৰাঠী উপন্যাস 'বিদীৰ্ণ বাঘজাই'ৰ বাবে তেখেত সাহিত্য অকাডেমীত অনুবাদ পুৰষ্কাৰ লাভ কৰিছে। 

(ক্ৰমশঃ)