গোলাপ গছত গধূলি গোন্ধায়--

বিৰিণা বনত বিনাই

তোৰ চকুত কোনে থৈ যায়

এটা বুলবুলি চৰাই

চকু মেলিলেই তই

গোলাপ গছত গোলাপে ডাল ঢাকি কলি পেলায়

এন্ধাৰ গোন্ধোৱা ৰাতিৰ শৰীৰত আঙুলিবোৰ

লতা হৈ বগায়

নাচাই নোৱাৰো তোৰ চকুলৈ

নুচুই নোৱাৰো শ্বেতপদ্ম ফুলা তোৰ শ্বেতাংগ বুকু

বুকুৰ বীথিকাত মোৰ

তই যেন

এজুপি বকুল…

সপোনতো আমোলমোল।