দেহৰ জোখ নজনাকৈ 
চোলা সিবা কেনেকৈ 
এনেকৈ 
চৰায়ে ঘৰ সাজে যেনেকৈ 

মনৰ উমান নোপোৱাকৈ মৰম দিবা কেনেকৈ 
এনেকৈ 
পখিলাই মৌ চুহে যেনেকৈ 

এদিন চৰাই যোৱা পথেৰে আমিও যাম 
এদিন জোনাক বিচাৰি আমিও যাম
কিন্তু সিহঁতৰ দৰে চৰাই ধৰাৰ ফান্দ আমাৰ নাই 
সিহঁতৰ দৰে জোনাক খেদাৰ হাঁঠিয়াৰ আমাৰ নাই 

আমি ভাবো বৈ থাকিব একেই বতাহ সীমাৰ পৰিধি ভাঙি 
গৈ থাকিব একেই সময় বাধাৰ প্ৰাচীৰ চিঙি 
ফুল ফুলিব প্ৰাত্যহিক , বাটে পোৱালি মেলিব 
আমি ওখ হ'ম
দীঘল হ'ম নতুনকৈ 

ওখ হ'ম কেনেকৈ , গছৰ দৰে 
বহল হ'ম কেনেকৈ , নদীৰ দৰে

আমিও এদিন ছবি আকিম
কেনেকৈ 
ৰাতিবোৰে ছবি আকে যেনেকৈ