"আজি ঝৰো ঝৰো মুখৰ বাদৰ দিনে

জানি নে জানি নে

কিছুতে কেন যে মন না লাগি  না"


( ৰবীন্দ্ৰ নাথ ঠাকুৰ)


তানসেনৰ তানপুৰাত মেঘমল্লা ৰাগ

আকাশৰ বুকু ফালি ধৰাৰ বুকুলৈ নামিছে বৰষুণ 

গাত গুণা বচা শুকুলা চাদৰ

দুৱৰিত   ধ্রুপদী নৃত্য 

ন গাভৰুৰ দৰে চঞ্চল তৃষিতা নদী ।

বৰষুণ জাকত ময়ো তিতিছো

মোৰ চুলি তিতিছে

চাদৰৰ আচল তিতিছে

তিতিছে মেখেলাৰ পাতলি

মোৰ বুকু খনো তিতিছে ভালপোৱাৰ বৰষুণ জাকত

কথাবোৰ সহজ নাছিল ।

কব পৰা নাছিলোঁ বৰষুণ জাকত তিতাৰ কথা

সলাব পৰা নাছিলোঁ ভিজা কাপোৰ সাজ

লিপিট খাই লাগি ধৰিছিল মূৰৰ পৰা ভৰি লৈ,

মই যে বৰষুণৰ আজন্ম প্ৰেয়সী ।