কোন কাহানিতেই লগ পোৱা বীৰা এটাই জিভা মেলি সোঁৱৰাই দিয়ে-

সোণাৰু ফুলাৰ এটা ঋতু আছে

তেওঁ ফুলিবলৈ ঋতু নালাগে।

মাজৰাতি দেহৰ এডাল শিৰ টনটনাই উঠে

এনেকৈয়ে চেনিমাইৰ গা ধোৱা ঘাটত এটা চৰাই সাৰ পাই উঠে,

ৰাতিবোৰলৈ ভয় লাগে অ' চেনিমাই

ৰাতিবোৰলৈ ভয় লাগে।

শেষ ৰাতিৰ সপোনত বেদুেইন-বেদুইন ভাৱবোৰে কৈ উঠেঃ

ডালিম পকি সৰি গ'ল

এৰিয়েল মুকলি হ'ল।