লক্ষ্য : বান আহিলে ধান নাহে

পিতাইৰ নাঙলে চকুলো টুকে

পদ্ধতি: বালিৰ মোনাত বান্ধি লওক ভোকৰ বগৰী

বগৰীৰ কাঁইট কাটি শুনি চাওক আজি ৰজাৰ কাহিনী

গৰু বন্ধা ভেটিত বহি

সাঁচি বহি সাজক চিটিপনি এচাৰি

এচাৰিৰ অৱশিষ্ট অংশই

নাও কাটি টিঙ বুৰা সাধু ক'ব- ভোকাতুৰ ছাঁ কৰবালৈ যায়

বলধহাল ক'ত গল দেখা পোৱা নাই

সাধুৰ পৰৱৰ্তী সময়ত

শেষ হ'ব ধৰ্ষিতা পথাৰৰ বিননি

মৰি মৰি কেনেকৈ পৰি আছে ঘোলা পানীৰ ধাননি

এইবাৰ আশ্ৰয় শিবিৰৰ দুৱাৰ খুলি

পৰীক্ষা কৰা হল

কবৰ-শ্মশানৰ অশান্ত বল

কোন মৰি বহি আছে মাটিৰ তলত

সকলো দুৰ্ব্বলী দেখোন গ্ৰাস হ'ব ধৰিছে

ৰজাৰ পাদুকাৰ বলয়ত

শূণ্যৰ ভুল: বালিক পানীৰে ভেটি চিটিপনি বৈ গ'ল

শূণ্যৰ ভুল ক'তোৱে দেখা নগ'ল

পৰ্য্যবেক্ষণ: বালিৰ মাথাউৰিত বলীয়া ঢৌৱে

কোন ৰাতিৰ কাবান গায়

মোৰ দেখোন আজি মনতে নাই!

ফলাফল: পানীৰ ওঁঠত আইৰ পোতা পুখুৰী

নাভিত পৰুৱাৰ কিৰিলিৰ

মন্তব্য : এতিয়া চৌপাশে নিশাচৰ মাত

কোনে বা কাৰ কথা বুজি গাঁঠিব ভাত সিজা বতুৱাৰ বুলনি ।