নিজান দুপৰীয়া

নৈৰ পাৰত বহি থাকোঁতে

চেকি চাব খুজিছিলোঁ

নৈৰ বুকুত ফুলবছা চেলেকনা মাছৰ সপোনবোৰ কিমান সেউজীয়া

বৰ আঁহতৰ ছাঁ ফালি

তাইৰ বুকুত বেলি হালিছিল

‘মোক খা মোক খা’ কৈ

পকি থকা অথচ কোনেও নোখোৱা

দেওলগা আমজোপাৰ পৰা

আম এটা সৰিছিল

কোনেও নজনাকৈ