বতাহত উৰি থাকিল সুন্দৰৰ মৰাপাট চুলি

ফুলি থাকিল সোণাৰু হাঁহি

গুঞ্জৰিত হ'ল উচ্ছল শব্দৰ তৰংগ..

তথাপি, নিশব্দে খহিল মোৰ বুকুৰ গৰা

মৃত মানুহৰ সমদলত

জোৰ লৈ শ্ল'গান দিলে হৃদযন্ত্ৰই

মই গমেই নাপালো

কাউৰীৰ পাখিৰে ৰক্ষাকৱচ সজা

মই বালিমাহী

কুঁৱৰীৰ দীঘল চুলিত জোঁট-পোট খাই

ঘাঁ লগা ভৰি..

অশ্ৰুৰ পুখুৰীত মেলি দিলো হেঁপাহৰ নাও

কি দিলো ? কি পালো ?

বাজি উঠিল মাথো

নিয়ৰ সৰাৰ সুৰ ... কৰুণ !!!

মই সাতামপুৰুষীয়া বানকাঁহী

অথবা ধোঁৱা চাঙৰ এলান্ধু

মই সাধনীৰ বংশজ অভিমানী প্ৰেমী...

ধূলিয়ৰি আন্দোলনৰ পথ অৱৰোধকাৰী

শিলাস্তৰো মইয়ে...

বুকুত একুৰি চিলাই লৈ যুঁজ কৰা যোদ্ধা মই

মোৰ হাতত আঁচুৰ

ভৰিত প্লাষ্টাৰ

পেটত ঘাঁ

বুকুত পঁচা পঁচা গোন্ধ

মই নিষ্কলঙ্ক বিৱসনা

'মই' , 'মই' .. বুলি উচুপি থাকিল ওঁঠযুৰি

যদিও সংবেদনশীল আছিল 'তুমি' আৰু 'আমি'

দুখবোৰে আৰু দুখ আৱৰি ল'লে ...

শীতৰ শিলত বৰফৰ ধেমালিৰ দৰেই

চেঁচা হৈ পৰিল ভৰিবোৰ

বতাহত উৰি আহি বতাহতে হেৰাল

মোৰ মৃত্যুত মৌন প্ৰাৰ্থনা কৰা চৰাইজাক..

লোহাৰে সজা গৰালৰ দৰেই

মোৰ গোপন মৰিশালিটো শুই আছে ..

শোক প্ৰস্তাৱত সাংবাদিকজনে লিখিলে "মামৰ লোহাতে নহয় শিলতো লাগে" ||