এজুম মুমূৰ্ষু মানুহৰ আস্ফালনত মোৰ কৰ্ণগহ্বৰ পকি শিল হৈ গৈছে,

শিলৰ কুৱেৰীত চনকা কলিজাটো কোনোবা দিনাই চূৰ্ণীকৃত হৈছে।

সন্মুখৰ পৰা মৰা পূৰ্ণহতীয়া দাৰ কোবত কোনোমতে খহি নপৰাকৈ ৰৈ গৈছে মূৰটো,

অথচ এতিয়াও

বুকুখনত খেলি আছে ইজাকৰ পিছত সিজাক বতাহে।

তেওঁ কৈছিল

গোহালিৰ দাঁতিত তোমালোকৰ ঘৰৰ সঁচৰ জামুক পুলি এটা গজিছে,

মই গেঙনি মাৰিছিলোঁ

বহুদিন আকাশখন, ডাৱৰ এথোঁপাই দেখা নাই।

ঘৰৰ মূধচত সৌৱা ফেঁচাৰ কুৰুলি

কাণত অস্পষ্ট হৈ বাজিছে,

মনত পৰিছে

বহুদিন দবাৰ কোব, পুৱতিৰ আজান শুনা নাই।

পদূলিৰ পৰা শ্মশানলৈ ৰিং এটাৰ বাট

অতপৰ লাগিছে কিয়?

গম পালোঁ

দাহনৰ লগন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে।