মই বুকুত এখন
ভিয়েটনাম কঢ়িয়াই ফুৰো
বজ্ৰকঠিন হাতৰ মুঠিত
এখন কিউবা,

মই বাৰুদৰ চিয়াহীৰে
বিদ্ৰোহৰ শ্লোগান ৰচো,
মই শোষণৰ সুউচ্ছ দেৱালত
'কমিউনিষ্ট মেনিফেষ্টো' লিখো,

মই ৰঙা আকাশৰ তলত
সমতাৰ সেউজীয়া সপোন ৰচো,
মই 'চে' ৰ হাতত হাত ধৰি গাওঁ
বিপ্লৱৰ গেৰিলা গান
লেনিনৰ লগত বহি লিখো
বলশ্বেভিক কবিতা,

মই কবিৰঞ্জনৰ তেজাল শব্দৰে
ব্যৱস্থা পৰিৱৰ্তনৰ আখৰা ৰচো,
মই ৰাষ্ট্ৰৰুপী ৰাক্ষসৰ বুকুত বহি
লিখো স্বাধীনতাৰ প্ৰস্তাৱনা।

মই বুকুত এখন ভিয়েটনাম
কঢ়িয়াই ফুৰো ।