হে মোৰ সনাতন সভ্যতা

উৱলি যোৱা প্ৰাচীনতম যৌৱনৰ মন্দাকিনী সপোন তই

চৈধ্যটা বসন্তৰ ফাঁকেৰে ঘোঁৰা চেকুৰাই যোৱা

চৈধ্যজন ৰণুৱা ডেকাই আস্ফালন কৰে

শুনা-নুশুনা কিছু শব্দৰ প্ৰতিবিম্ব

এই যে কবিবোৰে,গায়কবোৰে চিঞৰে য'তে-ত'তে,বাটে-ঘাটে

সেই কি সকলোবোৰ নিৰস,বাট হেৰুওৱা উপগ্ৰহৰ সাধুকথা মাথোন

এই যে চিত্ৰশিল্পীবোৰে ছালে-বেৰে আঁকে

তপত,ঘৰ্মাক্ত চকুৰ চাৱনিত মৰি যোৱা শত-সহস্ৰ বীৰ্যৰ ছবি

এয়া কি সকলোবোৰ মাথোন ৰৈ যোৱা পৰিত্যক্ত ছায়াৰ কায়া মূৰ্তি

তোক নিচিনাকৈ

তোক নুবুজাকৈ

তোক নজনাকৈ

তোৰ হাতত গুঁজি দিলো যেনিবা মই

নাঙলৰ সীৰলুৰ সহস্ৰ বেপৰুৱা শাওণ

মাটি কলহৰ পানী খাই তই পাৰিবি জানো পূৰাব

শিপাৰ ভোক,বীজৰ স্বাভিমান

এই যে চহৰখন

ইটো গোলাৰ্ধৰ পৰা সিটো গোলাৰ্ধলৈ,কুমেৰুৰ পৰা সুমেৰুলৈ

যদি মই কৈ দিওঁ মিছা বুলি সকলো

ঘৰবোৰ,গাড়ীবোৰ,দোকানবোৰ অথবা কায়িকভাৱে মৈথুন্যকো

তেতিয়া চাগে

চহৰখনৰ মাজমজিয়াৰ খুঁটাটোৰে মোক কোনোবাই আকাশ স্পৰ্শ কৰাব

তাৰ পিছতো চহৰখন শুই থাকিব আগৰদৰে

এতিয়াও তহ'তে ক'বি নে সেইসকলোবোৰ সঁচা বুলি

আঁচলতে কোনো মাতৃয়ে নাজানে

সন্তানৰ চহৰৰ কাহিনী

কোনোবাই জানিলেও আপাত সূত্ৰত তাক নাজানে

জানিলে তই ক'ত শুবি অথবা আমি

আচলতে কোনো মানুহে আজিলৈ

নাৰীৰ কোলাৰ বাহিৰে আন ক'তো শুব জনা নাই

মানিলেও মানিবি,নামানিলেও আইৰ বুকুতে শুবি

আমি বহুতে কওঁ শূন্যৰ কাহিনী

কিয়,ক'ত,কেনেকৈ বিখ্যাত

পৰীক্ষামূলক ভাৱে শূন্যক টেষ্টটিউবত লোৱা হ'ল

কেমেষ্ট্ৰীৰ লেব সিদিনাৰ পৰাই ফলাফল শূন্য

কাৰণ

প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ অথবা পাবলৈ

প্ৰকৃততে আমি শুদ্ধ হোৱা নাই কোনোদিনে

যিদিনাই প্ৰতিটো কথাৰ ওপৰত বাধ্যতামূলক পৰীক্ষা বাদ দিয়া হ'ব

সিদিনাই

প্ৰতিজনৰ বুকুৱে বুকুৱে লিখা যাব

বুজিব পৰা কবিতা

শুনিব পৰা গান

চাব পৰা ছবি

আৰু সেই দিনটো অহালৈ আমি এনেকৈ গৈ থাকো

দিনৰ পৰা ৰাতিলৈ

ভোকৰ পৰা ভাতলৈ

টোপনিৰ পৰা ভুললৈ ৷৷