নূপুৰ নামৰ ছোৱালীজনীয়ে নূপুৰ নিপিন্ধে

হাতত ৰঙা খাৰু নিপিন্ধে

কাণত কাণফুলি নিপিন্ধে

নাকৰ নিপিন্ধে নাকফুল

প্ৰেম দুহাতত নাথাকে জেতুকাৰ বুল

ষোল্লটা বসন্তৰ কোনোৱা এটা ৰাতি তাই টুনি চৰাইৰ এজনী হয়

ভৰিত নূপুৰ পিন্ধি

হাতত ৰঙা খাৰু পিন্ধি

অাৰু হাতত জেতুকা সানি পাট গাভৰু এজনী হয়

সপোনতে…

নৈৰ পাৰৰ বননিত অচিনাকী ডেকা এটাৰ সতে

কানি মুনি গধুলিটোলৈকে

টুকুৰা চৰাই বাহ অাৰু নেজাল তৰাৰ কথা পাতে

পুৱা তাইৰ তল পেটতো অলপ বিষায়

সপোনটোৰ কথা ভাৱি তাই লাজ লাগে

লুকাই লুকাই তাই কান্দে

বুজন হওতেই মাকে তাইক

এদিন কৈছিল

কোনো বিধৱা তিৰোতাই নূপুৰ নিপিন্ধে

হাতত ৰঙা খাৰু নিপিন্ধে

কঁপালত বেলিটো নেঅাঁকে

কাণত কাণফুলি নিপিন্ধে

নাকত নিপিন্ধে নাকফুল

প্ৰেম দুহাতত নাথাকে জেতুকাৰ বুল।