সৰুতে শিকিছিলোঁ এদিন কোনো সংখ্যাৰ সোঁফালে
যিমান শূন্য বহাবা সিমানেই তাৰ মান বাঢ়িব
দহ, শ, হাজাৰকৈ......

সেয়ে জীৱনৰ সোঁফালে বহালো শূন্য
বাওঁফালেও বহাই চালো,
নাই কোনো কামত নাহিল
শূন্যৰে যোগো কৰিলো, শেষত বিয়োগ
সকলো হল অৰ্থহীন।।
কোনোবা এজনে ক'লে এবাৰ পূৰণ কৰি চোৱাচোন
লাভ নহল, শূন্যৰ পৰা আৰম্ভ জীৱন
শূন্যতে শেষ হ'ল!!
হৰণ কৰিব খোজোতেই
কোনোবা গণিতজ্ঞই বাধা দিলে
নকৰিবা, শূন্যৰে হৰণ অসম্ভৱ,

লাহে লাহে মই সেই শূণ্যৰ
পিছত দৌৰিবলৈ ললো,
যাক হয়তো মোৰ সোঁফালে বহাম
আৰু মোৰ মূল্য বাঢ়ি যাব
দহ, শ, হাজাৰ গুণ্ কৈ
সেয়ে, শূন্যত ভৰ দি মই
শূন্যতাত উপঙিব ললো,
আৰু এদিন শূন্যক বিচৰা মই
কুৰুকি কুৰুকি সোমাবলৈ ললো
আদিৰ পৰা অন্তলৈ
জন্মৰ পৰা মৃত্যুলৈ
মাতৃগৰ্ভৰ পৰা সমাধিলৈ বিৰাজমান
সেই শূন্যতাৰ ভিতৰত
য'ত স্বকীয়তাৰ সংঘৰ্ষত ভোগা
মন, বিবেক আৰু সত্বাক
দখল কৰিলে শূন্যতাৰ অভিন্ন সংগী
নিসংগতা আৰু নীৰৱতাই।।।।