(১)

"দাঢ়ি দীঘল ককা, ঐ দাঢ়ি দীঘল ককা... শুনিছেনে, মোৰ বলটো দিয়ক না..."

"দাঢ়ি দীঘল ককা" ৭৫ বছৰ বয়সত পোৱা এই নতুন নামটোত খঙেই কৰিব নে, হাঁহিব একো ভাবিয়ে পোৱা নাই অৱসৰপ্ৰাপ্ত পোষ্ট মাষ্টাৰ ডঃ প্ৰভাত শৰ্মাই । মূৰটো ঘুৰাই বহি থকা বেঞ্চখনৰ বাওঁফাললৈ চাই পঠিয়ালে । কেঁকোৰা চুলি তথা ডাঙৰ চকু এযুৰিৰ গৰাকী ল'ৰা এজনে দাঁত নিকটাই ডঃ শৰ্মালৈ চাই থিয় হৈ আছে । ডঃ শৰ্মাই ল'ৰাজনলৈ এনেকুৱাকৈ চাইছে যেন ভষ্ম কৰি পেলাব । কিছুসময় আগলৈকে দাত নিকটাই থকা ল'ৰাজনে এতিয়া ভয়ত ওঁঠ কামুৰিব ধৰিছে । ডঃ শৰ্মাই মুখৰ ভংগীমা সলাই ধুনীয়া হাঁহি এটা মাৰি দিলে, তেতিয়া হে যেন ভয়ত পেপুৱা লগা ল'ৰাজনৰ শৰীৰটোলৈ প্ৰাণ ঘুৰি আহিছে । "বলটো দি দিয়ক না ককা..." -- ল'ৰাজনৰ অনুৰোধ । ডঃ শৰ্মাই দুভৰিৰ মাজত থকা ৰঙা বলটো হাতত তুলি ল'লে আৰু ক'লে -- "যেতিয়া লৈকে নামটো নোকোৱা, তেতিয়ালৈকেটো বল নোপোৱা... " "মইও তেতিয়া লৈকে নাম নকওঁ, যেতিয়া লৈকে মোৰ হাতত বল নপৰে... " দুষ্টালি ভৰা ভংগীৰে ক'লে ল'ৰাজনে । ডঃ শৰ্মা নহঁহাকৈ থাকিব নোৱাৰিলে তাৰ দুষ্টালি দেখি আৰু বলটো দি দিলে তাক । বলটো পোৱা মাত্ৰকেই দৌৰ দিলে ল'ৰাজন আৰু দৌৰি-দৌৰিয়েই চিঞঁৰিলে -- "নামটো কাইলৈ কম ককা... কাইলৈ..."

বহু সময় ধৰি উদ্যান খনত নিসংগ হৈ বহি থকা ডঃ শৰ্মাই, ল'ৰাটোৰ পৰা পোৱা ক্ষন্তেকীয়া সান্নিধ্য খিনিৰ পৰা কিছু মানসিক প্ৰশান্তি পালে । হয়, কেতিয়াবা কেতিয়াবা নিসংগতাৰ সময়ত পোৱা কোনো অচিনাকীও আপোনাৰ হৃদয়ৰ বহু গভীৰলৈ সোমাব পাৰে । কিছুসময় এনেকৈয়ে থকাৰ পিছত ডঃ শৰ্মা বহাৰ পৰা উঠিল আৰু তেখেতৰ খোজ কঢ়াৰ একমাত্র সংগী লাঠি ডালৰ ভৰসাত ঘৰলৈ বুলি খোজ দিলে ।

পিছদিনা আবেলি সেই একেখন বেঞ্চতে বহি ডঃ শৰ্মাই পোষ্টকাৰ্ড লিখি আছে । এইটো তেখেতৰ অতি পুৰণি অভ্যাস । আজিকালি টো পোষ্টকাৰ্ডৰ ব্যৱহাৰ প্ৰায় নাইকীয়াই হ'ল । তেখেতৰ মাজে-মাজে খং উঠে এই মোবাইল ফোনটোৰ ওপৰত, যাৰ আগমনে যেন চিঠি-পোষ্টকাৰ্ড আদিবোৰক শিপাৰ পৰাই উভালি পেলালে । কমচে-কম তেখেত জীয়াই থকা দিনকেইটাটো এইটো প্ৰথা থাকক । সেইটো উদ্দেশ্যৰেই তেখেতে সদায় পোষ্টকাৰ্ড লিখি আহিছে, নিজৰ জীৱনটোৰ পৰা আঁতৰি যোৱা কিছু ঠিকনাত । আগতেটো এই পোষ্টকাৰ্ডবোৰ নিৰ্দিষ্ট ঠিকনা বোৰত পঠাইছিল ও । কিন্তু, লাহে-লাহে যেতিয়া বিপৰীত দিশৰ পৰা প্ৰত্যুত্তৰ অহা বন্ধ হ'ল, তেতিয়াৰ পৰা তেখেতে এই কাৰ্ডবোৰ নিজৰ ওচৰতেই জমাই থোৱা কৰিছে । আনে যেনেকৈ ডায়েৰী লিখে, ডঃ শৰ্মাইও ঠিক তেনেকৈয়ে পোষ্টকাৰ্ডত লিখে কবলগীয়া বোৰ । ষাঠিৰ সীমা পাৰ কৰাৰ পিছৰ পৰাই তেখেতৰ ভিতৰখনত গুজৰি-গুমৰি থকা নিসংগতা খিনিক আঁতৰাবলৈ ব্যৱহাৰ কৰা এইটো এটা তেখেতৰ নিজস্ব বিশেষ মাধ্যম । ডক্টৰেট ডিগ্ৰী লোৱাৰ পিছতো, তেখেতে পোষ্ট মাষ্টৰৰ চাকৰি কৰিছিল । কাৰণ তেখেতে বিশ্বাস কৰিছিল -- সম্পৰ্কবোৰ বৰ্তাই ৰখাটো এটা মহৎ কাম । তেখেতৰ ধাৰণা আছিল -- যেতিয়ালৈকে আমাৰ মাজত চিঠি-পোষ্টকাৰ্ড আদিৰ মৰ্যাদা থাকিব তেতিয়া লৈকে আমাৰ সম্পৰ্ক বোৰ মধুৰ হৈ থাকিব । কিন্তু এতিয়া মানুহবোৰৰ ধাৰণা সলনি হ'ল । মনটোক আশ্বাস দিয়াৰ কাৰণতেই হওঁক বা আন কিবা কাৰণতেই হওঁক, তেখেত আজিও পোষ্টকাৰ্ড লিখাত ব্যস্ত হৈ পৰিছে । এনেতে পিছফালৰ পৰা কাৰোবাৰ মুখেৰে উচ্চাৰিত হোৱা কুলি চৰাইৰ মাত শুনিবলৈ পালে । আচৰিত হৈ ঘূৰি চাইছে হে, তেখেতৰ ঠিক মুখৰ আগতেই এখন সৰু হাত । "Hello, ককা... মই ঋষভ... চিনি পাইছে নিশ্চয়... " ডঃ শৰ্মাৰ মনত টো পৰিছে কিন্তু , মনত নপৰাৰ নাটক কৰা আৰম্ভ কৰি দিলে -- জানোচা তাৰ লগত আৰু দুই মিনিট মান সময় বেচিকৈ কটাব পাৰে -- "দেখা, দেখাটো লাগিছে... তুমি আগতে চিৰিয়াখানাত আছিলা চাগৈ... হয়নে... ?" এইখিনি ধেমালিটো ঋষভৰ একেবাৰে পচন্দ নহ'ল -- "দেখাতটো একদম intelligent যেনেই লাগে... কিন্তু আপুনিটো...একেবাৰে..!!!" আৰু হাঁহিব ধৰিলে সি । এই ৮,৯ বছৰীয়া সৰু ল'ৰাজনলৈ চাই ডঃ শৰ্মাই ভাবিছে -- কিমান সোনকালেই ডাঙৰ হৈ যায় আজিকালিৰ ল'ৰা-ছোৱালীবোৰ... ! তেখেতে কিবা ক'বলৈ মুখ মেলিছিল হে, ঋষভে পোষ্টকাৰ্ড খিনিলৈ আঙুলি টোৱাই সুধিলে -- "এইবোৰ কি ককা... ?" "এইবোৰ পোষ্টকাৰ্ড অ' বোপাই..." -- ডঃ শৰ্মাই মিচিকিয়া হাঁহি এটা মাৰি দিলে । আৰু ঋষভ চুপচাপ আচৰিত দৃষ্টিৰে সেই পোষ্টকাৰ্ডবোৰ চোৱাত ব্যস্ত হৈ পৰিছে । এনেকুৱা কিবা এটাৰ নাম সি জীৱনত প্ৰথমবাৰৰ বাবে শুনিছেটো....

(২)

ঋষভে হালধীয়া ৰঙৰ ডাঠ কাগজ খন লিৰিকি-বিদাৰি চাইছে । সি দেখিছে যে - কাগজখনৰ এফালে ঠিকনা লিখিব পাৰি আৰু আনফালে, কিছু সংক্ষিপ্ত শব্দ । "ককা, এই পোষ্টকাৰ্ড বোৰ আপুনি কালৈ লিখে বাৰু..." -- অৱশ্যে, ঋষভৰ এই নিমাষিত প্ৰশ্নটোৰ এটা সঠিক উত্তৰ সাজু নাই ডঃ শৰ্মাৰ ওচৰত । "বোপাই, এই কাৰ্ডবোৰ তেওঁলোকৰ কাৰণে, যি কেতিয়াবা মোৰ আপোন আছিল... আৰু এতিয়া মোৰ পৰা বহু আঁতৰত..." -- এটা দীঘলীয়া নিশ্বাস এৰিলে ডঃ শৰ্মাই । কিন্তু, ডঃ শৰ্মাৰ উত্তৰে ঋষভক আশ্বস্ত কৰিব পৰা নাই -- "ইমান আঁতৰত কিয় ককা... ? নে এওঁলোক বেলেগ পৃথিৱীত থাকে ককা... ?" "ধৰি লোৱা তেওঁলোক বেলেগ এখন পৃথিৱীৰেই বাসিন্দা... " -- কথাখিনি কৈ ডঃ শৰ্মা চিন্তাত বিভোৰ হৈ পৰিল -- বেলেগ পৃথিৱীয়েইটো আছিল । দুজনেই ল'ৰা বিদেশত পঢ়িবলৈ গৈছিল... তাতেই দুয়ো বিয়াও পাতি পেলাইছিল... পত্নীয়েটো বহু আগতেই তেখেতক এৰি গুছি গৈছিল বেলেগ এখন পৃথিৱীলৈ । যেতিয়ালৈকে তেখেত কৰ্মৰত আছিল, তেতিয়ালৈকে এইবোৰ ভাবিবলৈটো তেখেতৰ সময়ে হোৱা নাছিল... বৰঞ্চ ল'ৰাই বিদেশত পঢ়াৰ পৰা আৰম্ভ কৰি সিহঁতৰ উন্নতি দেখি প্ৰতিটো খোজতেই আনন্দিত হৈছিল তেখেত... । তেতিয়া পত্নীৰ অভাৱ অনুভৱ কৰা নাছিল ডঃ শৰ্মাই, কিন্তু এতিয়া বাৰুকৈয়ে কৰিছে... । ডঃ শৰ্মা তেনেই উদাস হৈ পৰিছে । কিন্তু, ঋষভে যেতিয়াই গম পালে যে - এই পোষ্টকাৰ্ডবোৰ বেলেগ পৃথিৱীৰ পৰা আহে... তেতিয়াৰ পৰাই নানা অলীক কল্পনাৰে ৰোমাঞ্চিত হৈ পৰিছে তাৰ মন । "ককা, বেলেগ পৃথিৱীৰ মানুহলৈ মইও পোষ্টকাৰ্ড লিখিব কিচাৰো... মইও তেওঁলোকৰ প্ৰত্যুত্তৰ পঢ়িম... " -- খুৱ মৰম লগাকৈ আপদাৰৰ সুৰত ক'লে ঋষভে । প্ৰথমতেটো ডঃ শৰ্মাই তাক বুজাই দিওঁ বুলি ভাবিছিল যে - এইখন আজিকালিৰ কম্পিউটাৰ গেম বোৰত দেখাৰ দৰে বেলেগ পৃথিৱী নহয়, এইখন আমি থকা পৃথিৱী খনৰেই এটা অংশ... যিখন আমাৰ হৈও নহয়... । কিন্তু, পিছত তেখেতে ভাবিলে এনেকুৱা নিমাষিত কল্পনাবোৰটো শৈশৱতেই আহে, ডাঙৰ হোৱাৰ পিছতটো কল্পনাৰো সীমাবদ্ধতা আহি যায়... । "বোপাই, সেই বেলেগ পৃথিৱীখনত তোমাৰ চিনাকিও টো কোনোবা থাকিব লাগিব... " -- ডঃ শৰ্মাই তেখেতৰ বৃদ্ধ চকুযুৰিৰে তাৰ কোমল চকুযুৰিৰ মাজত সোমাই ক'লে । "মই সেইবিলাক একো নাজানো... আপুনি যেনেকৈয়ে নহওঁক কিয়, মোৰ পোষ্টকাৰ্ড বেলেগ পৃথিৱীলৈ পঠাবই লাগিব...! আৰু যদি এনেকুৱা নকৰে কাইলৈৰ পৰা মই আপোনাৰ লগত কথাও নাপাতো, ইয়ালৈ নাহো ও... " ঋষভে এইখিনি কথা এই দুঘন্টীয়া সাক্ষাততেই ইমান অধিকাৰ সাব্যস্ত কৰি কৈছে যে তাক হেৰুৱাৰ ভয়ত এক মুহূৰ্তৰ বাবে হ'লেও বেয়া লাগিছে ডঃ শৰ্মাৰ । নিসংগতাৰ দিনত কিছু সময়ৰ সংগইও নতুন আশাৰ সঞ্চাৰ ঘটায় । "ঠিক আছে বাৰু, মই তোমাৰ পোষ্টকাৰ্ড বেলেগ পৃথিৱীৰ মানুহলৈ টো পঠাই দিম... কিন্তু, তুমি মোক এটা promise কৰিব লাগিব... " -- ডঃ শৰ্মাই ঋষভক একেবাৰে ওচৰত বহাই লৈ ক'লে -- "এই কথা তুমি কাৰো আগত কব নোৱাৰিবা... অথবা এই পোষ্টকাৰ্ড ও কাকো দেখাব নোৱাৰিবা... তোমাৰ আৰু মোৰ মাজত এটা secret হৈ থাকিব..." "Done ককা..." কথাখিনি কৈ ঋষভে ডঃ শৰ্মালৈ এনেকৈ হাত আগবঢ়াইছে যেন কোনো গোপন অনুসন্ধান এজেন্সিত যোগদান কৰিছে । ডঃ শৰ্মাই দিয়া এখন পোষ্টকাৰ্ড লৈ ঋষভ আনন্দ মনেৰে ঘৰমুৱা হ'ল...

(৩)

Mission পোষ্টকাৰ্ডত যোগদান কৰাৰ পিছৰ পৰা, ঋষভৰ বাবেটো কঠিন হৈ পৰিছে কথাটো সমনীয়াৰ পৰা লুকুৱাই ৰখাটো.... যে সি বেলেগ পৃথিৱীৰ মানুহৰ লগত কথা পাতিব... । স্কুলত বহুকেইবাৰ এই secret টো তাৰ মুখৰ পৰা ওলাই-ওলাই বাচিছে... । স্কুল বাছ খনেৰে ঘৰলৈ আহোঁতেওঁ সি ভাবি ভাবি আহিছে যে ককাকে দি পঠিওৱা পোষ্টকাৰ্ড খনত লিখিব কি...? বেলেগ পৃথিৱীৰ মানুহক সম্বোধন কেনেকৈ কৰে Dear sir/madam নে... আন কিবা... । সি টো বেলেগ পৃথিৱীৰ কোনো মানুহকে চিনি নাপায়... তেন্তে, পোষ্টকাৰ্ডত সুধিব কি... ? মুঠৰ ওপৰত ঋষভ সম্পূৰ্ণকৈ দিক্-বিদিক শূণ্য হৈ পৰিছে । ঘৰ পোৱাৰ পিছতো যেতিয়া তাৰ অনুসন্ধিৎসা খিনি দমাব নোৱাৰিলে, অলপ আগতে অফিচৰ পৰা আহি চাহৰ কাপ তথা কিতাপ হাতত লৈ চোফাত বহি থকা মাককে সুধিলে -- "মা.., আপুনি বেলেগ পৃথিৱীৰ মানুহৰ বিষয়ে কিবা জানে নেকি... ? " কিন্তু, মাকৰ ধ্যান এতিয়াও তাতেই আছে... যিখন কিতাপ তেখেতে পঢ়ি আছে...। মাকৰ এইটো অভ্যাসেই তাৰ একেবাৰে পচন্দ নহয় । দিনৰ দিনটো অফিচতে থাকে আৰু অফিচৰ পৰা আহি কেতিয়াবা সোনকালেই শুই পৰে... আন কেতিয়াবা কিতাপত মূৰ গুজি লয়... । ঋষভে দেখি আহিছে -- তাৰ লগৰ ৰাহুল, ৰক্তিমহঁতৰ মাকহঁতে সদায় সিহঁতক স্কুল বাছত উঠাই দিবলৈ আহে... আৰু সিহঁতক নিবলৈ স্কুল চুটি হোৱাৰ কিমান আগৰ পৰাই আহি ৰৈ থাকে... । এইফালে তাৰ মাকৰ আকৌ তাৰ সৈতে কথা পাতিবলৈকো সময় নাথাকে... । কেতিয়াবা তাৰ এনেকুৱা লাগে - হয়টো মাকে তাক মৰমেই নকৰে । মাকে এনেকুৱাকৈ তাক আওকাণ কৰাই খং কৰি ক'লে সি -- "মা, আপুনি সদায় এনেকুৱা কৰে... please, মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক না... please, please, please... " -- এনেকৈ কৈ সি মাকৰ হাতৰ কিতাপ পৰ্যন্ত কাঢ়ি লৈ আহিল । "very bad manners ঋষভ... ক'ৰ পৰা শিকিছা এইবিলাক... একো বেলেগ পৃথিৱী নাই ক'তো... যা তা চিন্তাবোৰ ত্যাগ কৰা আৰু পঢ়াত মনোনিৱেশ কৰা... " -- চাহৰ কাপটো মেজৰ ওপৰত থৈ পুনৰ কিতাপখন হাতত তুলি ল'লে মাকে । ঋষভৰ, মাকৰ ওপৰত খঙটো উঠিছে... কিন্তু, এতিয়া বেলেগ পৃথিৱীৰ ভূতে লম্ভি থকাৰ বাবে একো প্ৰতিক্ৰিয়া নিদিলে সি... । এতিয়ালৈকে পোৱা তথ্য খিনিৰ ওপৰত ভিত্তি কৰি তাৰ মতে সেইখন বেলেগ পৃথিৱী... য'ত কিছুমান আজব মানুহ থাকে... য'লৈ আমি পোষ্টকাৰ্ড লিখো আৰু সিহঁতে আমালৈ প্ৰত্যুত্তৰ দিয়ে... । সি আকৌ কিবা এটা কোৱাৰ আগতে ককাকৰ আগত কৰি অহা promise টোৰ কথা মনত পৰিল । মাকৰ আগত secret টো ফাদিল হোৱাৰ আগতেই সি গণবেশ সলাবলৈ, তাৰ কোঠাত সোমাল ।

আবেলি গৃহকাৰ্য্য খিনি কৰাৰ পিছত ঋষভ আনদিনাৰ দৰে আজিও উদ্যানলৈ বুলি ওলাই আহিল । উদ্যানলৈ আহিয়েই বন্ধুৰ সৈতে খেলাৰ সলনি সি সেই বেঞ্চখনৰ ওচৰলৈ আহিল, য'ত যোৱা দুইদিনে দাঢ়ি দীঘল ককাক জনক লগ পাইছিল... যিয়ে তাক পোষ্টকাৰ্ডৰ বিষয়ে কৈছিল... । কিন্তু, আজি ককাক জন সেই ঠাইখিনিত নাই । বহু দেৰিলৈকে তাৰেই আশে-পাশে ঘুৰি ফুৰিছে ঋষভ, জানোচা ককাক আহে... । কিন্তু, নাহিল... গধূলি হ'বলৈ লোৱাৰ আগত ঋষভে এটা সিদ্ধান্ত লৈ পেলালে যে - তাৰ প্ৰথমখন পোষ্টকাৰ্ড বেলেগ পৃথিৱীলৈ নিলিখে, বৰঞ্চ এই ককাক জনলৈ লিখিব, যিয়ে তাক বেলেগ পৃথিৱীৰ কথা কৈছে...

(৪)

ঋষভ উদাস মনেৰে বেঞ্চখনত বহি পৰিল । হাফপেন্টৰ পকেটৰ পৰা কলমটো উলিয়াই পোষ্টকাৰ্ড খনত লিখিবলৈ ল'লে -- "Dear ককা, মই আপোনাক বহুত বেয়া পাইছো... আৰে, পোষ্টকাৰ্ডৰ কথা, বেলেগ পৃথিৱীৰ কথা আপুনিয়েটো কৈছিল... আৰু এতিয়া নিজেই অন্তৰ্দ্ধান হৈছে... মই বেলেগ পৃথিৱীৰ কাকোৱে চিনি নাপাওঁ, আপোনাৰ অবিহনে কেনেকৈ কথা পাতিম মই সিহঁতৰ লগত... please, কাইলৈ আপুনি আহি যাব ইয়ালৈ... নহ'লে আপোনাৰ লগত আৰু মোৰ সম্পৰ্ক শেষ... ।" পোষ্টকাৰ্ডখন লিখি ঋষভে চাৰিওফালে এবাৰ চাই ল'লে আৰু সেই বেঞ্চখনৰে এচুকত কাৰ্ড খন থৈ ঘৰলৈ গুছি গ'ল... ।

পিছদিনা, ঋষভ একে সময়তে খেলিবলৈ ওলাই আহিছে । আহিয়েই পোন প্ৰথমে সি বেঞ্চখনৰ ওচৰলৈ গ'ল । আৰু দেখিলে যে - পোষ্টকাৰ্ড খন এতিয়াও তাতেই আছে, যিখন সি আগদিনা তাত থৈ গৈছিল । তাৰ মনটো উদাস হৈ পৰিল । কিছুসময় বেঞ্চখনতে বহি ককাকলৈ অপেক্ষা কৰিলে সি - হয়টো তেখেতে আজি আহিয়ে যায় । বহু দেৰিলৈকে... ৯ বছৰীয়া জন্মদিনত মাকে উপহাৰ দিয়া ৰঙা ৰঙৰ ঘড়ীটোত সময় চাই চাই বিৰক্ত হৈ পৰিছে ঋষভ । নাই, আজিও নাহিল ককাক । ঘৰলৈ উভতিম বুলি পোষ্টকাৰ্ড খন হাতত তুলি ল'লে ঋষভে । আৰু লোৱা মাত্ৰকেই - হঠাৎ কিবা এটা আচহুৱা দেখি তাৰ চকু ৰৈ গ'ল । আৰে, এইখন পোষ্টকাৰ্ড টো সি লিখা পোষ্টকাৰ্ড খন নহয়, এইবোৰ চোন বেলেগৰ হাতৰ আখৰ । সি পঢ়িবলৈ আৰম্ভ কৰিলে -- "মৰমৰ, ঋষভ বোপাই... মই এতিয়া তোমাক লগ কৰিবলৈ যাব নোৱাৰো... কিন্তু, তুমি চিন্তা নকৰিবা... বেলেগ পৃথিৱীৰ মানুহবোৰক মই তোমাৰ কথা সকলো জনাই দিছো... তেওঁলোকে কৈছে যে - তুমি তোমাৰ যিকোনো দুটা ইচ্ছা কাৰ্ডখনত লিখিব পাৰিবা আৰু পাৰিলে তেওঁলোকে তোমাৰ যিকোনো এটা ইচ্ছা পূৰণ কৰিব... গতিকে, তুমি কাইলৈ তোমাৰ যিকোনো দুটা ইচ্ছা এই দ্বিতীয় খন পোষ্টকাৰ্ডত লিখি লৈ আহিবা... আৰু পুনৰাই এইখিনি ঠাইতে থৈ যাবা... এটা কথা মনত ৰাখিবা, এই কথাটো আন কোনোৱে যাতে গম নাপায়...

-- ইতি তোমাৰ দাঢ়ি দীঘল ককা" পোষ্টকাৰ্ড খন পঢ়ি তাৰ গাৰ নোম শিয়ৰি উঠিছে... কলিজাৰ ঢপ ঢপনি হঠাৎ খৰতকীয়া হৈ আহিছে... সি খুৱ অহং ভাৱেৰে খালি পোষ্টকাৰ্ডখনলৈ চাইছে... আৰু দূৰৈত খেলি থকা বন্ধু সকললৈ শক্তি কাপুৰৰ দৃষ্টিৰে চাই পঠিয়াইছে... সি গৰ্বত নিজক চম্ভালিব পৰা নাই যে - এতিয়া বেলেগ পৃথিৱীৰ মানুহে তাক চিনি পাই । কথাটো সকলোৰে আগত চিঞৰি চিঞৰি ক'বলৈ মন গৈছে তাৰ, বাহাদুৰি দেখুৱাবলৈ মন গৈছে তাৰ... কিন্তু, এইটো যে এটা secret আছিল আৰু সি promise ভংগ কৰিব নোৱাৰে...

(৫)

ঘৰলৈ যোৱা গোটেই বাটটোতেই ঋষভে ভাবি গৈছে বেলেগ পৃথিৱীৰ মানুহবোৰ দেখাত কেনেকুৱা । তেওঁলোকৰো নিশ্চয় দুখন হাত, দুখন ভৰি, দুখন কাণ, দুটি চকু আছে... আমাৰ দৰে কবও পাৰে চাগৈ । মুঠৰ ওপৰত তেওঁলোকৰ এখন স্পষ্ট ছবি ঋষভে ভাবিব পৰা নাই । লগতে তাৰ মূৰ খুলি খাইছে আৰু এটা চিন্তাই... পোষ্টকাৰ্ডত সি কোন দুটা বিশেষ ইচ্ছাৰ কথা লিখিব... যাৰ সমাধান বেলেগ পৃথিৱীৰ মানুহে দিব... । তাৰটো ইচ্ছা বহুতেই আছে... কিন্তু, গোটেইবোৰৰ মাজৰ পৰা দুটা ইচ্ছা, চূড়ান্ত কৰে কেনেকৈ ভাবি পোৱা নাই সি... ।

ঘৰলৈ গৈ আজি ঋষভে বেছি কথা কোৱা নাই । ডাইনিং টেবুলটো সিমান উৎপাত কৰা নাই । গাখীৰৰ এটা ভৰ্তি গিলাচ বিনাদ্বিধাই খাইছে ঋষভে । "তুমি, ঠিকে আছা টো... আজি চোন একো উৎপাত নকৰাকৈ গাখীৰ খাইছা... " -- মাকে, তেখেতৰ evergreen ধমকিটোৰ সুৰত কৈছে । "মাকবোৰো যে আৰু -- খং কৰিবলৈ কেৱল অজুহাত এটা লাগে... কেতিয়াবা খং কৰে গাখীৰ নোখোৱাৰ বাবে আৰু আজি খং কৰিছে ইমান সোনকালে খালো কেনেকৈ... " -- ঋষভে একো প্ৰত্যুত্তৰ নিদিলে । চুপ চাপ তাৰ শোৱনি কোঠালৈ গ'ল । দৰ্জাখন মাৰি লৈ, পঢ়া টেবুলত GK ৰ কিতাপখনৰ মাজত পোষ্টকাৰ্ড খন লৈ ভবাত ব্যস্ত হৈ পৰিল সি - কোন দুটা বিশেষ ইচ্ছাৰ কথা লিখিব । কিবাকিবি লিখিবলৈ ধৰিছে সি -- "Dear, ককা.. প্ৰথমতে টো আপোনাকেই ধন্যবাদ জনালো, এইকন সুবিধা কৰি দিয়াৰ বাবে...

মোৰ প্ৰথমটো ইচ্ছা হ'ল - Papa চাকৰি সূত্ৰে আমাৰ পৰা বহু আঁতৰত থাকে... তেখেত ঘৰলৈ তেনেকৈ আহিব নোৱাৰে... যেতিয়াই ঘৰলৈ আহে, বেছিভাগ সময় মোৰ লগত কটায়, মোক বিভিন্ন ধৰণৰ Games আনি দিয়ে... কিন্তু, আজিকালি papa ঘৰলৈ নহা হ'ল... মাই কয় - তেখেতে হেনো জীৱনটো দেশৰ বাবে উচৰ্গা কৰিলে, আৰু কেতিয়াও ঘুৰি নাহে... তেখেত যোৱাৰ পিছৰ পৰাই মা ও খিঙখিঙিয়া হৈ পৰিছে... সৰু-সৰু কথাতেই খং কৰে, কান্দে... আপুনি মোৰ দেউতাক নোৱাৰে.. ঠিক আছে, কিন্তু মোৰ আগৰ মা জনীক ঘুৰাই দিব পাৰিব নেকি... ? " Night lamp ৰ পাতল পোহৰত নিমগ্ন হৈ পোষ্টকাৰ্ড খন লিখি আছে... আৰু লিখি-লিখিয়েই উদাস হৈ পৰিছে ঋষভ । তাৰ পূৰ্ণ বিশ্বাস আছে যে - বেলেগ পৃথিৱীৰ মানুহে তাৰ এইটো ইচ্ছা নিশ্চয় পূৰণ কৰিব ।

আৰু দ্বিতীয়টো ইচ্ছা হ'ল - আপুনি অতি সোনকালেই মোৰ ওচৰলৈ আহক আৰু মোক আপোনালোকৰ বিষয়ে জনাওঁক । " হঠাৎ তাৰ শোৱনি কোঠাৰ দৰ্জাখন খোল খালে । "ঋষভ... ইমান দেৰিলৈকে কি কৰিছা... " -- মাকৰ মাত শুনা মাত্ৰকেই ঋষভে GK ৰ কিতাপখনৰ বেলেগ এটা পৃষ্ঠাৰ মাজত পোষ্টকাৰ্ড খন লুকুৱাই জপাই থলে । "একো নাই মা... Homework অলপ বাকী আছিল... " -- ভয়াৰ্ত সুৰত কলে ঋষভে । "কি লুকুৱাইছা মোৰ পৰা... " -- CID ৰ লেখীয়া প্ৰশ্নবান মাকৰ । ঋষভে তৎক্ষণাত কিতাপ-বহীবোৰ স্কুল বেগ টোত ভৰাই থৈ বিচনাত উঠিল । "Good night মা... " -- এইবুলি কৈয়েই চকু মুদিলে সি । ঋষভৰ এনেকুৱা আচৰণে মাকক আচৰিত টো কৰিছে, তথাপিও Good night কৈ, আতৰি যোৱাটোকে শ্ৰেয় বুলি ভাবিলে তেখেতে । কোঠাটোৰ লাইট টো নুমাই, দৰ্জাখন বন্ধ কৰি ওলাই আহিল তেখেত । ঋষভে স্বস্তিৰ নিশ্বাস এৰিলে - তাৰ secret টো কোনোমতে মাকে গম পোৱাৰ পৰা বাচিছে।

(৬)

ৰাতিপুৱা শোৱাপাটি এৰিয়েই ঋষভে স্কুলবেগটোৰ পৰা GK ৰ কিতাপখন উলিয়াইছে, য'ত আগদিনা খন ৰাতি সি পোষ্টকাৰ্ডখন লুকুৱাই থৈছিল । সি আনন্দত উত্ৰাবল হৈ আছে, আজি বেলেগ পৃথিৱীৰ লগত তাৰ সম্পৰ্ক হব । পৰিকল্পনাটো এনেধৰণৰ আছিল - কিবা এটা অজুহাত দেখুৱাই সি উদ্যানলৈ যাব আৰু সেই বেঞ্চখনত পোষ্টকাৰ্ড খন থৈ আহিব । এইফালে স্কুলৰ পৰা আহি, পুনৰবাৰ তালৈকে যোৱালৈ তাৰ প্ৰত্ত্যুত্তৰ সমৃদ্ধ পোষ্টকাৰ্ড খন বেঞ্চখনত সাজু থাকিব ।

কিন্তু, GK ৰ কিতাপখন মেলি তাৰ চকু কপালত উঠিছে । পোষ্টকাৰ্ডখন সি থোৱা ঠাইত নাই । সি আকৌ এবাৰ কিতাপখনৰ পৃষ্ঠা কেইটা ভালকৈ লুটিয়াই চাইছে... নাই, নাপালে...। এইবাৰ বেগটোৰ গোটেইবোৰ কিতাপ-বহীকেই বিচনাখনত মেলি লৈছে সি... উফ্ ভগৱান তাৰ মূৰটো ফাটি যাব এতিয়া... ক'লৈ গ'ল পোষ্টকাৰ্ডখন, ক'তোৱেই নাইচোন... । কোঠাটোত হৈ থকা কোৰ্হালে মাকক তালৈ টানি আনিলে । ঋষভক কিবা বিচাৰি থকা দেখি মাকে সুধিলে -- "এইখন বিচাৰিছা... ? " মাকৰ হাতত সেই একেইখন পোষ্টকাৰ্ড, যিখন ঋষভে বিচাৰি আছে । ঋষভে ভাবিছিল মাকে তাক বহুত খঙ কৰিব... বেলেগ পৃথিৱীৰ কথাটোওটো ফাদিল হৈ গৈছে... । ভয়ত পেপুৱা লগা ঋষভ তলমূৰ কৰি থিয় হৈ আছে । মাক তাৰ ওচৰলৈ আহিছে, আঁঠু কাঢ়ি লৈছে আৰু মুখেৰে একো এটা শব্দ নকৰাকৈ খুৱ জোৰেৰে , সাৱতি ধৰিছে তাক । তেখেতে ফেকুৰি-ফেকুৰি কন্দা শব্দ স্পষ্টকৈ শুনিছে ঋষভে । সি অনুভৱ কৰিছে যে - তাৰ পিন্ধি থকা চোলাটো তিতিছে । "মা আপুনি কান্দিছে কিয়... ? " -- প্ৰশ্নটোৰ কোনো উত্তৰ নাপালে ঋষভে । তাৰ সৰু কোমল হাত দুখনেৰে মাকৰ চকুপানী দুধাৰি মচি দিছে । "এই পোষ্টকাৰ্ড খন তুমি ক'ত পাইছা ঋষভ... ? " -- মাকে মৰমেৰে সুধিলে তাক । ঋষভে কোনো উত্তৰ দিয়া নাই... ককাকক দিয়া promise তাৰ এতিয়াও মনত আছে... । "এই ডঃ প্ৰভাত শৰ্মা কোন ঋষভ... " -- কাৰ্ডখনত এটা ঠিকনা লিখা থকা দেখা পালে মাকে - শৰ্মা ভৱন, গৃহ নং ২৪, এম জি ৰোড, উজান বজাৰ । ঋষভৰ ওচৰত এতিয়া লুকুৱাবলৈ আৰু একো বাকি থকা নাই, সি আৰম্ভণিৰ পৰা সকলো কথা মাকক খুলি ক'লে ।

সন্ধিয়াৰ সময়, এম জি ৰোডত দুই মাতৃ-পুত্ৰই শৰ্মা ভৱন বিচাৰি আছে । কমকৈ গাড়ী-মটৰ চলা ঠাইখিনিত, এটা কিছু দীঘলীয়া উপপথ দেখিলে দুয়ো । অলপ দূৰ সোমাই গৈয়ে এখন ফলক দেখিলে - লিখা আছে শৰ্মা ভৱন । এটা প্ৰকাণ্ড ঘৰ । চাৰিওফাল যেন মৰিশালী এখনৰ নিৰৱতাই বেঢ়ি ধৰিছে । গেটখন খোলা আছিল, মাকে ঋষভক লৈ সোমাই গৈছে ভিতৰলৈ । "টিং টং... " -- বহু দেৰিলৈকে কলিং বেলটো বজাই থাকিল তেখেতে । কিন্তু, ভিতৰৰ পৰা কোনো ওলাই নাহিল । গোটেই ঘৰটো শেলুৱৈয়ে আগুৰি ধৰিছে, কাঠৰ দুৱাৰ-খিৰিকী বোৰত পোকে ধৰিছে । "টিং টং... " -- আকৌ এবাৰ বেলটো বজাই মাকে অন্তিম টো প্ৰচেষ্টা কৰি চাইছে । এইবাৰো কোনো ওলাই নাহিল । হয়, এইবাৰ কিন্তু ওচৰৰ ঘৰটোৰ পৰা কেই আষাৰ মান শব্দ ভাহি আহিল -- "বোপাই, ইমান সোনকালে কিয় আহিছ... আৰু অলপ দেৰি কৰিব লাগিছিল... " কোনোবা বুঢ়ী তিৰোতা, যাৰ প্ৰত্যেকটো কথাটেই অভিমানৰ সুৰ স্পষ্ট । "যোৱাকালি সন্ধিয়াতেই ঢুকাল ডঃ চাহাব... তেখেতৰ খবৰ কৰিবলৈ কোনোৱে নাহিল... এতিয়া বুঢ়া হ'লটো, কাকোৱে নলগা হ'ল... আগতে তেখেতকেই খুলি খুলি খাইছিল সবে... " -- কথাখিনি কৈ বুঢ়ী ভিতৰলৈ সোমাই গ'ল । বুঢ়ীৰ ঘৰৰ দুৱাৰখন বন্ধ কৰা শব্দ বহু দেৰিলৈকে মাৰ যোৱা নাই । মাকে একো ভাবি পোৱা নাই যে - এইখিনি সময়ত কি কৰা উচিত । ঋষভ চুপ চাপ নিজৰ ঠাইতেই মাকে কিবা কোৱালৈ অপেক্ষা কৰিছে । তেতিয়াই তাৰ চকু বাৰান্দাত থকা জালি সদৃশ বাকচ টোত পৰিল, যিটো বহুতো হালধীয়া ৰঙৰ পোষ্টকাৰ্ডেৰে ভৰ্তি হৈ আছে । ঋষভে তাৰ হাতত থকা পোষ্টকাৰ্ড খনলৈ চালে, সি বুজি পোৱা নাই এতিয়া সেইখনৰ কি কৰিব... আৰু অৱশেষত সেই বাকচ টোতেই পেলাই থলে কাৰ্ডখন । মাকে তেখেতৰ হাতখন ঋষভৰ ফালে আগবঢ়াই দিছে... তাৰ মূৰত মৰমেৰে হাত ফুৰাই ঘৰলৈ ওভতাৰ ইংগিত দিলে... সিওঁ মাকক খুৱ জোৰেৰে সাৱতি ধৰিলে...

ঋষভৰ দাঢ়ি দীঘল ককাক এই পৃথিৱীৰ পৰা আঁতৰি গৈছে ঠিকেই, কিন্তু পোষ্টকাৰ্ড খনে তাৰ বহুত ডাঙৰ ইচ্ছা এটা পূৰণ কৰি পেলাইছে।

☀☀☀সমাপ্ত☀☀☀