পুখুৰীটোৰ চাৰিওকাষে ববচা বনবোৰে বৰষুণৰ পৰশ পাই কলাজৰ বৰণ লৈছে। অনুসূয়াই পুখুৰীটোৰ নাম দিছিল ‘পদুম পুখুৰী’। প্ৰিয়ম্বদাই সলাই নাম দিলে ‘পদুমী পুখুৰী’। পদুম পুখুৰী কিবা ভাল নেলাগে দেখোন শকুন্তলাই পুখুৰীৰ পাৰলৈ আহিলেই কয়, ‘‘পদুম পুখুৰী বৰ আলসুৱা নাম, বৰ আলসুৱা।’’পুখুৰীৰ পাৰত প্ৰিয়ম্বদা অকলে। নীলা আকাশে নিখিল শৰীৰত সানি লোৱা আবিৰৰ ৰংবোৰ পুখুৰীৰ বুকুতো ছিটিকি পৰিছে আৰু পুখুৰীৰ পানীবোৰে লৈছে আকাশৰেই ৰং। আবেলিৰ চিনাকী বতাহজাক আহে আৰু চাৰিওফালে বিয়পাই দিয়ে পদুমৰ সুবাস। তাৰ নাম জনা-নজনা অনেক বনফুলৰ সুবাসো মিহলি হৈ থাকে। গহৰা গজা বনফুলবোৰ অ’ত-ত’ত সিঁচৰকিত হৈ থাকিলেই ভাল লাগে। উভালি নকৈ ৰুবলৈ কাকো নিদিয়ে প্ৰিয়ম্বদাই। তেনেকৈয়ে ভাল লাগে সঁচা সঁচা লাগে বোলে প্ৰিয়ম্বদাৰ। কন্ব মুনিৰ অবৰ্তমানতে ঘটনাবোৰ ঘটি গৈছিল। মৃগয়া কৰিবলৈ অহা দুষ্যন্ত ৰজাৰ সৈতে শকুন্তলাৰ পৰিচয় হৈছিল। অনামিকা আঙুলিত সেউজীলা সপোন এটা গুজি তেওঁ গুচি গৈছিল। প্ৰতিশ্ৰুতি দি গৈছিল কোনোবা এটা শাৰদী দিনতে শকুন্তলাক নিজৰ কৰি লোৱাৰ। তীৰ্থ ভ্ৰমণৰপৰা উলতি অহা কন্ব মুনিক অনসূয়াই কথাবোৰ বিবৰি ক’লে। মুনিয়ে একান্ত মনেৰে কথাবোৰ শুনিলে আৰু শকুন্তলাক কাষলৈ মাতি ক’লে ‘‘আই শকুন্তলাহ কন্যা মানেই পৰৰ ধন। পৰৰ ধন গৰাকীক শেধাই আনন্দ পোৱাৰ দৰে ময়ো তোমাক দুষ্যন্তৰ হাতত সমৰ্পন কৰি আনন্দ পাম। সেই শুভ মুহূৰ্তটো অনতি পলমে আহক আই।’’ শকুন্তলাৰ গালে মুখে সুমথিৰা বেলিৰ ৰং এমুঠি বিয়পি পৰিল। তাই বাহিৰলৈ লৰ দিলে আৰু ডাৱৰৰ আঁৰে আঁৰে লুকা-ভাকু খেলি থকা জোনটোলৈ একেৰাহে চাই থাকিল।আঙুলিৰ ফাঁকত খাগৰিৰ কলম তেনেকৈ যে ৰৈ থাকে। শুকাই যায় মহীৰ টোপাল। উকা বুকুখন লৈ সুকোমল পদুম পাতখিলাৰো অভিমান জাগে। শেষ আশা একণ লৈ খাগৰি কলমৰ মুখখনলৈ চাই সেমেকি উঠে সুকোমল পদুম পাতৰ বুকু। কলমৰ মুখত শুকাই যোৱা মহীৰ বিন্দু। ৰাঙলী আকাশখনলৈ একেথৰে চাই চাই, কল্পনাৰ পখীৰাজ ঘোঁৰাত উঠি তুলা যেন ডাৱৰবোৰৰ হিয়াবোৰ খেপিয়াই খেপিয়াই প্ৰিয়ম্বদাই শকুন্তলাৰ বাবে একোকে বিচাৰি নাপাই। পদুম পাতে কি বুজিব বৰ কষ্ট, বৰ কষ্ট। এনেকৈ মিছা-মিছিকৈ ‘মৰমৰ’ শব্দটো লিখা বৰ কষ্ট।তায়ো এটা সপোন দেখিবলৈ আৰম্ভ কৰিছে নিজাকৈ এজন সপোন কোঁৱৰ। শকুন্তলাৰ দুষ্যন্তৰ দৰে। সুঠাম দুবাহু, বহল উমাল বুকু আৰু জাহ যাব পৰাকৈ সুগভীৰ ভালপোৱাৰে উপচি থকা এহাল চকু। ওঁহো, তাতোকৈ ধুনীয়া, তাতোকৈ মৰমলগা। তেতিয়া তাই এখন কিয় হাজাৰখন চিঠি লিখিব পাৰিব। মৰমসনা আখৰ শব্দৰে ভৰাই পেলাব পাৰিব পদুম পাতৰ গভীৰ সেউজীয়া বুকু। তেতিয়া হয়তো পদুমী পুখুৰীৰ পদু পাতবোৰো শেষ হৈ যাব। কিন্তু জন-অৰণ্যৰ এই সুদূৰত, আশ্ৰমৰ চাৰিবেৰৰ মাজত সপোন দেখাও সহজ কথা নহয়, সহজ নহয় সপোন কোঁৱৰ এজনক সঁচাকৈয়ে বিচাৰি পোৱা আৰু নিজৰ আপোন কৰি লোৱা। অতীত খুচৰিবলৈ, শিপা বিচাৰিবলৈ মনেই নাযায়। তাই ভাবিম ভাবিম বুলিও ভাবিবলৈ এৰি দিয়ে নিজৰ অতীত, নিজৰ শিপাৰ কথা। বৃদ্ধ কন্ব মুনিৰ আশ্ৰমলৈ সিহঁত তিনিজনী ক’ৰ পৰা কেনেকৈ আহিল তাই নাজানে। কন্ব মুনিক সোধাৰ প্ৰয়োজনবোধ নকৰে তাই। থাকক, তেনেকৈয়ে গোপন হৈ থাকক অতীতৰ সেইখিলা পাত।শকুন্তলাই হয়তো বনজ্যোৎস্না লতাজুপিৰ লগত আপোন পাহৰা হৈ কথা পাতি আছে অথবা হৰিণপোৱালিটোৰ শৰীৰত বোলাই আছে আলফুলীয়া দুহাত আৰু তাৰ মাজেৰেই অনুভৱ কৰিছে সপোন কোঁৱৰ দুষ্যন্তৰ উপস্থিতি, প্ৰেমৰ পৰশৰ অনুভূতি। আৰু অনসূয়া? অনসূয়াৰ বাবে প্ৰতিটো আবেলিয়েই ব্যস্ততাৰে পৰিপূৰ্ণ। বাহী পানীবোৰ পেনাই মাতিৰ কলহত নতুন পানী ভৰায়। উলু খেৰৰ ঝাড়ৰে ঘৰৰ ভিতৰখন সাৰি লয়। ৰন্ধা-বঢ়া কামবোৰ তায়েই কৰে।প্ৰিয়ম্বদা, তোৰ চিঠিখন হ’লনে? আহ ভিতৰলৈ, আন্ধাৰ হ’ল।অনসূয়াৰ মাতত প্ৰিয়ম্বদাৰ কল্পনাৰ পখীৰাজ ঘোঁৰা হালধীয়া কাঁচি জোনৰ ওচৰলৈ উৰা মাৰে। অকলশৰীয়া প্ৰিয়ম্বদাই কুটিৰৰ ফালে আগবাঢ়ে। ইকৰাৰ বেৰৰ জলঙাৰে সৰকি অহা টিপচাকীৰ হালধীয়া পোহৰবোৰ নাচি থাকে। বাহিৰৰ পাতলীয়া বতাহজাকৰ হাতত ধৰি নাম জনা-নজনা অনেক ফুলৰ পাতলীয়া সুবাসো কুটিৰৰ ভিতৰলৈ সোমাই আহে।বহুদিন পাৰ হৈ গ’ল। দুষ্যন্তৰ একো খবৰেই নাই। বিৰহত শকুন্তলাৰ হিয়া ক’লা পৰে। বিষাদ, অভিমান আৰু দুটোপাল তপত চকুলোৰে লেটি লোৱা মাত এটাৰে শকুন্তলাই অনামিকা আঙুলীত দুষ্যন্তই পিন্ধাই থৈ যোৱা আঙঠিটোকে সোধে ‘‘কোঁৱৰহ তুমি ক’ত আছা? কোঁৱৰহ তুমি কেতিয়া আহিবা?’’কোনোবা এটা শাৰদী কোমল দিনত দুষ্যন্ত অহাৰ কথা আছিল। শকুন্তলাৰ কপালত ৰঙা বেলি এটা অঁকাৰ কথা আছিল কোনোবা এটা শাৰদী দিনতে। শৰতৰ দিনবোৰ শেষ হওঁ হওঁ; কিন্তু দুষ্যন্ত অহাৰ কোনো উমঘামেই নাই। শকুন্তলাৰ বুকুত বিৰহৰ জুই ফুল ফুলে। পাৰ হয় বহু উজাগৰী ৰাতি। ৰাতি দূপৰৰ কেতেকীৰ মাত এটাই বিষাদবোৰ আৰু গধুৰ কৰি তোলে। অনসূয়াই কয় ‘‘প্ৰিয়ম্বদা, তই শকুন্তলাৰ হৈ দুষ্যন্তলৈ চিঠি এখনকে লিখ আৰু সোধ কেতিয়াকৈ আহিব সি।’’বাইদেউ, আজিও নোৱাৰিলোঁ চিঠিখন লিখিব। একো ভাব মনলৈকে নাহেচোন। হ’ব। আজি ৰাতিটো ভালকে ভাবি সোনকালে চিঠিখন শেষ কৰ। দেখা নাই শৰতে মেলানি মাগিবলৈকে ওলাইছে। ইফালে শকুন্তলাৰো মন বেয়া হৈ গৈ আছে।প্ৰিয়ম্বদাই অনসূয়াৰ কথা শলাগি ভিতৰ সোমালে আৰু মন দাপোনত ৰিণিকি ৰিণিকি জিলিকি থাকিল কোনোবা সপোন কোঁৱৰৰ ছবি। গভীৰ অৰণ্যৰ মাজত আশ্ৰম। জনাৰণ্যৰপৰা অনেক দূৰৈত। আশ্ৰমৰ চাৰিবেৰৰ মাজতো চিৰন্তন সপোনে প্ৰৱেশ কৰে। বল্কলে ঢাকি লোৱা শৰীৰৰ মাজতো সাৰ পাই উঠে ভালপোৱাৰ আদিম পখিলা। শকুন্তলাই সপোন দেখে, প্ৰিয়ম্বদাই সপোন দেখে। কিন্তু সকলোৰে সপোনে পূৰ্ণতা নাপায়। অপূৰ্ণতাৰে শেষ হয় অনেক সপোন। অনসূয়ায়ো হয়তো এদিন সপোন দেখিছিল। বহু সপোনৰ পাছতো, বহু উজাগৰী ৰাতিৰ পাছতো হয়তো কোনো সপোন কোঁৱৰ তাই ৰৈ থকা ঘাটলৈ নাহিল। সপোন দেখি দেখি আকাশীগংগাৰ জোনাকী বাটলৈ ডিঙি মেলি চাই চাই এদিন ভালপোৱাৰ চৰাইজনী ভাগৰি পৰিল। বলিৰেখা জিলিকি উঠিবলৈ ধৰা ছাল আৰু ৰূপালী বৰণ লোৱা চুলিৰ মাজত আনে নজনাকৈয়ে লুকাই আছে, হয়তো লুকাই লুকাই মৰি গৈছে ভালপোৱাৰ সেউজীয়া পাখীৰ কাকলি।হেমন্তই বেলজোপাৰ পাতত ৰঙচুৱা ৰং এমুঠি সিঁচাৰ দুদিন হৈছিল।, সেইদিনাই দূৰণিত শুনা গ’ল কুলিৰ মিঠা মাত এটাত অনসূয়া উধাতু খাই আহিল ‘‘শকুন্তলা শকুন্তলা ক’ত গলি তই। দেখা নাই পদূলিত সৌৱা দুষ্যন্ত’’ সঁচাকৈয়ে শকুন্তলাৰ পদূলিত থিয় হৈ আছিল শকুন্তলাৰ সপোন কোঁৱৰ দুষ্যন্ত। দুজন দুলাভাৰী আৰু চাৰিজন সৈন্য। মাহ-হালধীৰ গোন্ধ এটাই কুটীৰৰ বাহিৰে-ভিতৰে নিমিষতে উখল-মাখল লগালে।আয়োজন তেনেকৈ বিশেষ নাই। দুষ্যন্তই অনা পাটৰ কাপোৰসাজেৰে অনসূয়া আৰু প্ৰিয়ম্বদাই শকুন্তলাক সঁজাই তুলিলে। খোপাত গুজি দিলে তাইৰ প্ৰিয় বনজ্যোৎস্না লতাজুপিৰপৰা তুলি অনা এপাহি ফুল। হেমন্তৰ পুৱাটোত পাট কাপোৰৰ আঁচলৰ আঁৰত শকুন্তলাৰ মুখখনি পূণিমাৰ জোনৰ দৰে জিলিকি উঠিল। সেই আশ্ৰম আশ্ৰম, সুখ-দুখৰ সহচৰী অনসূয়া-প্ৰিয়ম্বদা, পিতৃস্বৰূপ কন্ব, বনজ্যোৎস্না লতাজুপি, অবুজ হৰিণাপোৱালীটো সকলোবোৰ পিচলৈ গৈ থাকিল। সমুখলৈ খোজ দিলে শকুন্তলাই। কন্বই আশীৰ্বাদ কৰিলে, উপদেশ দিলে ব্যৱহাৰিক জীৱনৰ ‘‘গুৰুস্থানীয়সকলক তুমি সেৱা শুশ্ৰূষা কৰিবা; সপত্নীসকলক প্ৰিয়সখীৰ দৰে ব্যৱহাৰ কৰিবা। স্বামীৰ দ্বাৰা অৱমানিত হ’লেও খঙত তেওঁৰ বিৰোধ আচৰণ নকৰিবা। পৰিজনসকলক উদাৰ ব্যৱহাৰ কৰিবা। নিজৰ সৌভাগ্যৰ কাৰণে গৰ্বিতা নহ’বা। এনেদৰে চলা যুৱতীসকলেই গৃহিনী পদ লাভ কৰে; অন্যথা তেওঁলোকৰ কুলৰ মানসিক যন্ত্ৰণাস্বৰূপ হয়।’’কন্বৰ আশীৰ্বাদ, উপদেশ একোৱেই প্ৰিয়ম্বদাৰ কাণত নোসোমায়। তাই ঠাইতে ৰৈ চাই থাকে সকলোবোৰ। নেদেখা হোৱালৈকে তাই চায়েই থাকে। শকুন্তলাৰ দৃষ্টিৰপৰা হেৰাই যায়, হেৰাই যায় শকুন্তলাৰ সপোন কোঁৱৰ দুষ্যন্ত। প্ৰিয়ম্বদাই চকু জপাই দিয়ে সেই একেটাই বাট। চিৰন্তন প্ৰেমৰ বাট। তায়ো গৈ থাকে। তাই নাজানে তাই সঁচাকৈয়ে লগ পাবনে কোনোবা এজন সপোন কোঁৱৰক? তাই আৰু নাজানে সপোনৰ কোঁৱৰৰ দেশলৈয়েবা কিমান দূৰ বাট?