কিছুদিন পূর্বে মুক্তি লভা অসমীয়া ছবি ‘অন্তৰীণ’ ৰ প্ৰসংগতে কেইটিমান কথা মনলৈ আহিল৷ ফেচবুকযোগে বিভিন্নজনৰ পষ্টত পঢ়িবলৈ পালো যে এটা দর্শনীত নূন্যতম ২০ জন দর্শক হলেহে সেই দর্শনী ছবিগৃহ কতৃপক্ষই প্ৰদর্শন কৰিবলৈ সক্ষম হব , তাতোকৈ কম হলে কোনোপধ্যেই ছবি প্ৰদর্শিত নহয়, কাৰণ চিনেমা হলৰ মালিকে নিজেই লোকচান ভৰি কোনো দর্শনী প্ৰদর্শন কৰিব নোৱাৰে৷ তাকে লৈ আকৌ বির্তকৰ সৃষ্টি হ’ল, অসমীয়া চিনেমা আমাৰ মানুহে নাচায়! ‘বাহুবলী-২’ চাবলৈ ১ কিলোমিটাৰমান দীঘল শাৰী পতা দর্শকৰ মাজৰ পৰা অন্ততঃ ২০ জন মানে আগ্ৰহ প্ৰকাশ কৰিলেও চিনেমাগৃহ কতৃপক্ষই ‘অন্তৰীণ’ দেখুওৱাবলৈ সাহস কৰিব৷ তাকো যোগাৰ কৰা টান৷ মুঠৰ ওপৰত অসমীয়া মানুহে অসমীয়া চিনেমা নাচায় বুলি পুনৰ একেই অপবাদ জাপি দি বির্তকৰ অন্ত পৰিল৷ বহুদিনৰ পৰাই অসমীয়া চলচ্চিত্ৰ উদ্যেগলৈ ভাবুকি আহিছে বুলি ছেগো-ছেৰোকাকৈ শুনি আহিছো৷ প্ৰযোজকে ভাল চিনেমা বনাবলৈ আগ্ৰহ প্ৰকাশ নকৰে, মানুহে নাচায়! চাব খুজিলেও চিনেমা হল কতৃপক্ষই হিন্দী চিনেমাৰ স্বার্থত তাৰ পৰা আতঁৰাই নিয়ে৷ কেইমাহমান পূর্বে এজন পৰিচালকে এই বিষয়তেই আলফাৰ সহায় বিচাৰি পত্ৰও লিখিছিল৷ কিবা লাভ হল নে নাই নাজানো, হিন্দী চিনেমাই ৰমৰমীয়া ব্যৱসায় চলায়েই থাকিল৷ মাজতে কেইখনমান উচ্চমানদণ্ডৰ অসমীয়া ছবিয়ে দর্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল, তাতেই বহুতে অসমীয়া চলচ্চিত্ৰ উদ্যোগে পুনৰ প্ৰাণ পাই উঠা বুলি মন্তব্য কৰিছিল৷ প্ৰযোজক-পৰিচালকেও আত্মসন্তুষ্টি লভিছিল৷ কিন্তু ইয়াকেই প্ৰকৃতার্থত অসমীয়া ছবিৰ সফলতা বুলি গণ্য কৰিব পাৰিনে? সঁচা অর্থত চাবলৈ গলে কিন্তু ছবিখন সম্পূর্ণ বেলেগ৷

এতিয়াও এক বুজনসংখ্যক দর্শক অসমীয়া ছবি চোৱাৰ পৰা বঞ্চিত হৈ আছে, যিসকলে আন্তৰিকতাৰে অসমীয়া ছবি এখন চাবলৈ আশা কৰে৷ হয়, মই গ্ৰামাঞ্চলৰ ৰাইজৰ কথা কৈছো৷ অসমীয়া ছবি দেখুওৱাব পৰাকৈ অসমত চিনেমা হলনো আছে কেইটা? আগতে সৰু সৰু চহৰতো দুই এটা আছিল যদিও আলফাই হিন্দী চিনেমা নিষিদ্ধ কৰাৰ ভাবুকি দিয়াৰ ফলত সেইকেইটাও বন্ধ হল৷ কিছুমান পৰিত্যক্ত হৈ ৰল আৰু আন কিছুমান বর্তমান বেলেগ কিছু কার্য্যত ব্যৱহৃত হৈ আছে৷ উদাহৰণস্বৰূপে মোৰ গৃহচহৰ মৰাণৰ কথাকেই কওঁ, সৰুকালত মৰাণৰ দুয়োটা চিনেমা হলতেই চিনেমা চোৱাৰ অভিজ্ঞতা মোৰ আছে৷ হিন্দী চিনেমাও চাইছিলো, অসমীয়া চিনেমাও চাইছিলো৷ বর্তমান এটাও হল সক্ৰিয় অৱস্হাত নাই৷ গতিকে অসমীয়া চিনেমা এখনে মুক্তি লাভ কৰিলেও প্ৰচণ্ড হেপাঁহ থকাৰ স্বত্বেও চোৱাৰ কোনো অৱকাশ নাই৷ মুষ্টিমেয় দুই এজনৰ বাহিৰে অধিকাংশৰ বাবেই কাষৰীয়া ডিব্ৰুগড় বা শিৱসাগৰত গৈ চিনেমা চোৱাটোও মুঠেও সম্ভৱপৰ নহয়৷ এনে অৱস্হাত গ্ৰামাঞ্চলৰ ৰাইজ দেখ দেখ কৈ চিনেমা চোৱাৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ অথচ তেওঁলোকেই অসমীয়া চিনেমা চাবলৈ অন্তৰৰে হেপাঁহ কৰে৷ ভ্ৰাম্যমাণ থিয়েটাৰ আজি সফল হোৱাৰ মূলতে হল যে গাৱঁৰ ৰাইজৰ মাজলৈ গৈ তেওঁলোকক সামৰি লব পাৰিছে৷ বতাহ-বৰষুণকো নেওচি গাৱঁৰ ৰাইজ হিলদল ভাঙি থিয়েটাৰ চাবলৈ যায়৷ কেৱল চহৰতেই এনে থিয়েটাৰ সীমাবদ্ধ থকা হলে ভ্ৰাম্যমাণ থিয়েটাৰো আজি সংকটৰ গৰাহত পৰিলহেতেন৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ মডেলকেই অনুকৰণ কৰি অসমীয়া চিনেমাও গ্ৰামাঞ্চলৰ দর্শকৰ কাষ চপাটো প্ৰয়োজনীয় হৈ পৰিছে৷ অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০-৮০ শতাংশই গাৱঁতেই বাস কৰে৷ এনে অৱস্হাত কেৱল চহৰৰ কেইটিমান চিনেমা হলত ছবি মুক্তি দি দর্শকে চাব নাহে বুলি হায়ৈ-বিয়ৈ কৰি কিবা লাভ আছে জানো! গাৱঁত মিনি চিনেমা হল স্হাপনৰ চিন্তা-চর্চা চলি থকাৰ কথা বহু দিনৰে পৰাই শুনি আহিছো কিন্তু কোনেও এই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ কিন্তু মিনি চিনেমা হলতকৈও গোটেই প্ৰক্ৰিয়াটোক ভ্ৰাম্যমাণৰ আর্হিৰে আগবঢ়াই নিয়া উচিত৷ অঞ্চলবিশেষে কেইদিনমানৰ বাবে প্ৰর্দশনীৰ ব্যৱস্হা কৰিব লাগে৷ দৈনিক এটা বা দুটা শ্ব’ কৰিলেও অন্ততঃ তিনিদিন মানৰ বাবে একোটা অঞ্চলত প্ৰদর্শন কৰিলে নিশ্চিতভাবে ভাল ব্যৱসায় যে কৰিব পাৰিব তাত কোনো সন্দেহ নাই৷ অসমীয়া ছবিৰ প্ৰকৃত সম্ভাৱনাপূর্ণ দর্শক তেনেকৈহে লাভ কৰিব পৰা যাব৷ প্ৰযোজকো লাভবান হব আৰু ৰাইজৰ মনতো এখন ভাল ছবি চাবলৈ নোপোৱাৰ আক্ষেপ থাকি নাযাব৷ প্ৰয়োজন হলে কিছু কিছু ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ সৈতেও প্ৰযোজকসকল চুক্তিবদ্ধ হৈ লব পাৰে, থিয়েটাৰৰ মণ্ডপতেই কেইদিনমানৰ বাবে ছবি প্ৰদর্শনৰ ব্যৱস্হা হোৱাটোও সম্ভৱ৷ মাল্টিপ্লেক্সত অসমীয়া ছবি কোনেও চাবলৈ নাযায়৷ গাৱঁলৈ যাওক, দর্শকে চাবলৈ নাহে বুলি অভিযোগ নাথাকিব৷

দ্বিতীয়তে, অসমৰ বহু লোক কর্মৰ তাগিদাতেই হওঁক, শিক্ষাগ্ৰহণৰ তাগিদাতেই হওঁক বা অন্যান্য কাৰণৰ বাবেও অসমৰ বাহিৰতে থাকিবলগীয়া হয়৷ বিদেশটো বহু অসমীয়া বর্তমান কর্মক্ষেত্ৰত প্ৰতিষ্ঠিত৷ সেইশ্ৰেণী লোকৰ মাজতো অসমীয়া চিনেমা চাবলৈ হেপাঁহ কৰা বহু লোক আছে৷ চিনেমা এখন চাবলৈকে অসমলৈ ধাপলি মেলি অহাটোও কোনোপধ্যেই সম্ভৱ নহয়৷ ফলত অসমীয়া ছবিয়ে তেনে কিছু সম্ভাৱনাপূর্ণ দর্শককো হেৰুৱাই আহিছে৷ তেওঁলোকৰ বাবে ঘৰতে বহি অনলাইন নতুনকৈ মুক্তি লভা অসমীয়া চিনেমা চোৱাৰ সুবিধা কৰি দিয়াটো সম্ভৱ নহয়নে? এনে বহু ৱেবছাইট আছে য’ত দর্শকে মূল্য পৰিশোধ কৰি চিনেমা উপভোগ কৰিব পাৰে৷ ‘লোকেল কুংফু-২’ ছবিখন তেনেকৈয়ে চোৱাৰ সৌভাগ্য ঘটিছিল৷ কিন্তু আন কোনো অসমীয়া চিনেমা তেনে ৱেবছাইটত দেখিবলৈ পোৱা নাযায়৷ গতিকে প্ৰবাসী অসমীয়াসকলৰ বাবেও অনলাইন চিনেমা চোৱাৰ সুবিধা কৰি দি কিছু ব্যৱসায় কৰাৰ কথা প্ৰযোজকসকলে চিন্তা-চর্চা কৰিব নোৱাৰেনে? এক বুজনসংখ্যক চলচ্চিত্ৰপ্ৰেমী ৰাইজক বাদ দি যে অসমীয়া চিনেমা চলাই থকা হৈছে সেয়া স্পষ্ট হৈ পৰিছে৷ ফলত লাভজনক ব্যৱসায় কৰাতকৈ লোকচানৰ হে সন্মুখীন হৈছে আৰু অপবাদ আহি পৰিছে অসমৰ ৰাইজৰ ওপৰত৷ সকলো দর্শকক সামৰি নোলোৱাকৈ মাত্ৰ ২০ শতাংশ দর্শকক লক্ষ্য কৰি কেইখনমান চহৰৰ চিনেমাগৃহ অথবা মাল্টিপ্লেক্সত অসমীয়া চিনেমা মুক্তি দিলে যে কেতিয়াও নচলে সেয়া ধুৰূপ৷ ইয়াৰোপৰি মার্কেটিং অথবা বিজ্ঞাপনৰ দিশতো অসমীয়া ছবি তেনেই পিছপৰা৷ সেইবাবে ৰাইজৰ মাজত ছবিৰ প্ৰতি আগ্ৰহ বৃদ্ধি নহয়৷ পৰীক্ষামূলক ভাবেই হওঁক কিন্তু কেইদিনমানৰ বাবে গাৱেঁ-গাৱেঁ গৈ ভ্ৰাম্যমানৰ ৰূপত অসমীয়া ছবি প্ৰদর্শিত কৰাৰ ব্যৱস্হা কৰিব লাগে৷ দর্শকৰ সহাঁৰি নিশ্চয়কৈ পাব৷ বিশ্বৰ বিভিন্ন স্হানত থকা প্ৰবাসী অসমীয়াসকলৰ বাবেও মূল্য দি চিনেমা চাব পৰাকৈ ব্যৱস্হা কৰি দিয়া হওঁক৷ সময় থাকোতেই এনে কিছু ব্যতিক্ৰমী পদক্ষেপ হাতত ল’লেহে অসমীয়া চলচ্চিত্ৰ উদ্যেগে কিছু সকাহ পাব বুলি আশা কৰিব পাৰি৷ অন্যাথা কেৱল দর্শকে চিনেমা নাচায় বুলি অপবাদ জাপিয়েই অসমীয়া ছবিৰ মৃত্যুঘন্টা বাজিছিল বুলি ইতিহাসৰ পাতত খোদিত হৈ ৰব৷