ৰাষ্ট্ৰসংঘই ‘খিলঞ্জীয়াৰ’ কোনো এটা নিৰ্দিষ্ট সূত্ৰ বান্ধি দিয়া নাই। অৱশ্যে, ‘Sub commission on Prevention of Discrimination and Protection of Minorities’ ৰ স্পেচিয়েল ৰেপোৰ্টিয়ৰ (Special Rapporteur) যোছে আৰ. মাৰ্টিনেজ কোবেয়ে তেওঁৰ ‘Study on the problem of Discrimination Against Indigenous’ শীৰ্ষক গৱেষণাত খিলঞ্জীয়া সৰ্ম্পকে এক সংজ্ঞা দাঙি ধৰিছে - ‘‘খিলঞ্জীয়া সম্প্ৰদায়, জনগন বা জাতিবোৰ হৈছে সেইসকল লোক, যিসকলে বহিৰাক্রমণৰ আগৰ (Pre-invasion)অথবা পূৰ্ব-ঔপনিৱেশিকতা (pre-colony) ৰ সময়ছোৱাত তেওঁলোকৰ এলেকাবোৰত বিকশিত হোৱা সমাজবোৰৰ সৈতে এক ঐতিহাসিক ধাৰাবাহিকতা (Historical Continuity) ৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। এই লোকসকলে তেওঁলোকৰ ক্ষেত্ৰবোৰত বা তাৰ অংশ বিশেষত সপ্ৰতি বসবাস কৰি থকা আন সমাজবোৰতকৈ নিজকে পৃথক বুলি ভাবে। বৰ্তমান খিলঞ্জীয়াসকল হৈছে সমাজৰ এক আধিপত্যহীন শ্ৰেণী আৰু তেওঁলোকে ধাৰাবাহিক অস্তিত্বৰ এক আধাৰ হিচাপে তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমি আৰু নৃগোষ্ঠীয় সত্তাৰ সংৰক্ষণ তথা বিকাশ ভৱিষ্যত প্ৰজন্মলৈ হস্তান্তৰ কৰিব বিচাৰে। তেওঁলোকে এই কাম নিজস্ব সাংতিক আৰ্হি, সামাজিক সংগঠন আৰু বিধিগত প্ৰণালী অনুসৰি কৰিব।’’ (খিলঞ্জীয়াৰ অস্তিত্ব ভূমি আৰু অনুপ্ৰৱেশ, লেখক-কিশোৰ কুমাৰ কলিতা)

ৰাষ্ট্ৰসংঘই এই খিলঞ্জীয়ালোকসকলৰ ন্যায্যপ্ৰাপ্য সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থাৰ্থে ২০০৭ চনতে কিছুমান অধিকাৰ ঘোষণা কৰিছিল। যিহেতু পৃথিৱীৰ প্ৰত্যেকখন দেশৰে খিলঞ্জীয়াসকল গভীৰ অস্তিত্বৰ সংকটত ভূগি আছে। সম্প্ৰতি উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীসমূহো প্ৰব্ৰজিত লোকৰ আগ্ৰাসনৰ কবলত পৰি অস্তিত্বৰ আশংকাত ভূগিব লাগিছে। বাদ পৰি যোৱা নাই অসমৰ প্ৰেক্ষাপটো। অসমৰ সমস্যা আৰু অধিক জটিলহে।

নিশ্চিতভাৱে ৰাষ্ট্ৰসংঘৰ এনে পদক্ষেপে খিলঞ্জীয়াৰ জীৱনলৈ আশাৰ বতৰা আনিছিল। যিহেতু ৰাষ্ট্ৰসংঘৰ প্ৰসংগত খিলঞ্জীয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক অধিকাৰে স্থান লাভ কৰিছিল। কিন্তু অতি সম্প্ৰতি প্ৰসংগ হৈছে - ৰাষ্ট্ৰসংঘৰ এনে পদক্ষেপে অসমৰ খিলঞ্জীয়াসকলৰ কিবা উপকাৰ সাধিলেনে? পৃথিৱীৰ প্ৰত্যেকখন দেশৰ খিলঞ্জীয়াসকলে ভোগ কৰি থকা সমস্যাসমূহ পৃথক পৃথক। অসমৰ সমস্যাসমূহো আন আন দেশৰ সৈতে নিমিলে। গতিকে ৰাষ্ট্ৰসংঘই পৃথিৱীৰ প্ৰত্যেকখন দেশৰ খিলঞ্জীয়াসকলৰ নিজা নিজা সমস্যাসমূহ অধ্যয়ন নকৰাকৈ সাৰ্বজনীনভাৱে কিছুমান একক অধিকাৰ ঘোষণা কৰিলে তাৰ কিবা সুফল পোৱা যাবনে? উদাহৰণস্বৰূপে - আমেৰিকাৰ মাষ্টাৰ দৰ্জী এজনে যদি পৃথিৱীৰ প্ৰত্যেকখন দেশৰ পুৰুষসকলৰ বাবে একে জোখত এটা পেন্ট চিলাই পঠিয়াই দিয়ে, তেনেহলে বাৰু অসুবিধাটো কি হ’ব? নিশ্চয় কাৰোবাৰ কঁকালত টান আৰু কাৰোবাৰ কঁকালত ঢিলা হ’ব। একেদৰে আগতেই উল্লেখ কৰি অহাৰ দৰে ৰাষ্ট্ৰসংঘই সকলো দেশৰ খিলঞ্জীয়াৰ বাবে কিছুমান একক অধিকাৰ ঘোষণা কৰিলে আৰু ভাৰত বা অসম চৰকাৰে যদি গঠনমূলকভাৱে পৰ্যালোচনা নকৰি তাকে কাৰ্যকৰীকৰণৰ পোষকতা কৰে, তেতিয়া ভাৰতবৰ্ষ বা অসমৰ অৱস্থা সেই পেন্টটোৰ দৰে নহ’বনে? (কাৰোবাৰ কঁকালত টান আৰু কাৰোবাৰ কঁকালত ঢিলা) ৰাষ্ট্ৰসংঘৰ ঘোষণাই আজি ৯ টা বছৰে অসমৰ দৰে ৰাজ্যৰ খিলঞ্জীয়াসকলৰ অধিকাৰ সু-নিশ্চিত কৰিব পৰা নাই। এতিয়া এই দিশবোৰ নতুনকৈ চালি-জাৰি চোৱাৰ প্ৰয়োজন আহি পৰিছে।

এতিয়া আহিছোঁ ৰাষ্ট্ৰসংঘৰ ঘোষণাৰ প্ৰসংগটোলৈ -

১) ৰাষ্ট্ৰসংঘৰ ঘোষণাত খিলঞ্জীয়াসকলে ভূমিৰ অধিকাৰ লাভ কৰাৰ প্ৰসংগ আছে। কিন্তু অসমৰ ছবিখন ওলোটা। ইয়াত চৰকাৰী পৃষ্ঠপোষকতাতে অবৈধ অনুপ্ৰৱেশকাৰীয়ে ভূমি লাভ কৰে। আকৌ অসমৰ খিলঞ্জীয়াই উচ্চ হাৰত নিজৰ মাটি বিদেশীক বিক্রী কৰিছে। আনহাতে মণিপুৰ, মিজোৰাম আদি ৰাজ্যত ভূমিৰ অধিকাৰ যাকে-তাকে দিয়া নহয়। কেৱল খিলঞ্জীয়াসকলেহে এই অধিকাৰ লাভ কৰে। কোনো বহিৰাগতক এনে সূবিধা দিয়া নহয়। কিন্তু অসমত এনে কোনো পলিচি নাই। মণিপুৰৰ ‘দ্য মণিপুৰ লেণ্ড ৰেভিনিউ এণ্ড লেণ্ড ৰিফৰ্মছ বিল, ২০১৫ ৰ দৰে অসমতো এনেধৰণৰ এখন বিলৰ প্ৰয়োজন। যাৰ দ্বাৰা বিদেশীয়ে অসমৰ খিলঞ্জীয়াৰ মাটি ক্রয় কৰিব নোৱাৰিব। গতিকে, দেখা গৈছে ভাৰতবৰ্ষৰে ৰাজ্যসমূহৰ সমস্যাসমূহ একে নহয়। বিশ্বৰ পেক্ষাপটত একা?

২ ‘Article 4’ ত দিয়া আছে - খিলঞ্জীয়াসকলে নিজা স্বায়ত্ত শাসন গঠন কৰিব পাৰিব। কিন্তু, অসমৰ প্ৰেক্ষাপটতো সুকীয়া। ইয়াৰ খিলঞ্জীয়াসকলে কেৱল স্বায়ত্ত শাসন লাভ কৰিলেই ন’হব। মুখ্য শাসন পাব লাগিব। যিহেতু অসমলৈ চুবুৰীয়া বাংলাদেশৰ পৰা অবৈধভাৱে অহা লোকসকলেও ভোট দান সাব্যস্ত কৰিব পাৰে। কাইলৈ যদি অবৈধ বাংলাদেশী এজন মুখ্যমন্ত্ৰী হয় - তেতিয়া কেৱল স্বায়ত্ত শাসনে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰি ৰাখিব পাৰিবনে?

৩ ‘Article 5’ ত খিলঞ্জীয়াৰ অৰ্থনৈতিক অধিকাৰৰ কথা কোৱা হৈছে। কিন্তু তাত কোনোধৰণৰ ‘Economic Policy’ ৰ কথা কোৱা হোৱা নাই। অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহ আজি মৃত্যুৰ পৰাহত। কুটিৰ শিপ্ল, মৃৎ শিপ্ল আদিক পুনৰ উজ্জীৱিতকৰণৰ দ্বাৰা অসমৰ খিলঞ্জীয়াসকলক স্বাৱলম্বী কৰিব পৰা যায়। কিন্তু এনে পদক্ষেপ লোৱা হোৱা নাই।

৪ FDI (Foreign Direct Investment) ৰ যোগেদি ভাৰতবৰ্ষলৈ বৃহৎ পুঁজিবাদৰ আগ্ৰাসন ঘটিছে। ৰাষ্ট্ৰসংঘই পুঁজিবাদৰ এই আগ্ৰাসন নিয়ন্ত্ৰণ কৰিবনে? পুঁজিবাদেই অসমৰ খিলঞ্জীয়াৰ বস্ত্ৰ উদ্যোগ, কাঁহ-পিটলৰ উদ্যোগ ভাঙি নিলে। তাৰ ঠাইত সহজলভ্য কমদামী সামগ্ৰী দিলে। ফলত খিলঞ্জীয়াৰ অৰ্থনৈতিক পৰিকাঠামোটোৱে ভাঙি থাকিল। এয়া আচলতে এক চলনা। ৰাষ্ট্ৰসংঘৰ অধিকাৰ ঘোষণাও এক বৃহৎ পুঁজিবাদি মানসিকতাৰে প্ৰতিফলন বুলি ভাবিবলৈও থল আছে।

এয়া কেৱল কেইটামান নমুনাহে। গভীৰভাৱে অধ্যয়ন কৰিলে আৰু বহুতো দিশ পোহৰলৈ আহিব।

আগতেই উল্লেখ কৰি অহাৰ দৰে অসমৰ খিলঞ্জীয়াৰ সমস্যাসমূহ আন দেশতকৈ পৃথক।

ইয়াত এনে কিছুমান সমস্যা আছে যিবোৰৰ উল্লেখ ৰাষ্ট্ৰসংঘৰ ঘোষণাত নাই। অথচ এই সমস্যাসমূহৰ বাবেই অসমৰ খিলঞ্জীয়াসকল গভীৰ অস্তিত্ব সংকটত ভূগিছে। গতিকে অসম বা ভাৰত চৰকাৰে এই সমস্যাসমূহ চিনাক্তকৰণ কৰি সমাধানৰ বাবে যাৱতীয় কাৰ্যসূচী গ্ৰহণ কৰিলেহে আশাব্যঞ্জক কাম কৰা হ’ব। এতিয়া আহিছোঁ অসমৰ প্ৰধান সমস্যাসমূহৰ প্ৰসংগলৈ -

১ আন্তঃপ্ৰব্ৰজন : বাংলাদেশৰ পৰা অসমলৈ দ্ৰুত হাৰত হোৱা অবৈধ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়াসকলক গভীৰ সংকটত পেলাইছে। খিলঞ্জীয়া মুছলমানসকলক বাদ দি এই অবৈধ ন-মুছলমানসকলৰ জন্ম হাৰো অধিক। এনেদৰে এই অবৈধ লোকসকলৰ সংখ্যা বাঢ়ি গৈ থাকিলে ড০ ভূপেন কুমাৰ নাথ আৰু দিলীপ নাথে কৰা অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি ২০৪০ চনত অসমত খিলঞ্জীয়াসকল সংখ্যালঘুত পৰিণত হ’বগৈ। এনেবোৰ দিশতহে ভাৰত চৰকাৰে অধিক গুৰুত্ব দিয়া উচিত। অসম চুক্তি স্বাক্ষৰিত হোৱা একত্ৰিশ বছৰ হ’ল। কিন্তু আজিলৈকে সীমা সমস্যা, অবৈধ প্ৰব্ৰজনৰ সমস্যা সমাধান নহ’ল। বৰঞ্চ এতিয়া আকৌ হিন্দু বাংলাদেশীৰ প্ৰসংগটোৱে অসমক জোকাৰি আছে। এইবোৰ দিশেহে খিলঞ্জীয়াৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে।

২ অসমৰ খিলঞ্জীয়া যুৱকসকলৰ দ্ৰুত হাৰত বহিঃৰাজ্যলৈ প্ৰব্ৰজন ঘটিছে। ঘৰত বহুতৰে খেতি মাটি চন পৰি থাকে যদিও খেতি নকৰি তেওঁলোকে কেৰেলা বা বাংগালোৰত গৈ চিকিউৰিটি গাৰ্ডৰ কাম কৰেগৈ। এই যুৱকসকলক অসমতে যোগ্যতা অনুসৰি সংস্থাপনৰ ব্যৱস্থা কৰি দিব নোৱাৰিনে? নহ’লে এওঁলোকৰ খালি ঠাইসমূহ অবৈধ বাংলাদেশীয়ে আহি পূৰ কৰিছেহি।

৩ বৰ্তমান ভাৰত-বাংলা সীমান্তৰ ৪০০০ কিলোমিটাৰ পথেই মুক্ত অৱস্থাত আছে (বিশেষকৈ নদীয় অঞ্চলসমূহ)। এয়া অবৈধ অনুপ্ৰৱেশকাৰীক সূবিধা কৰি দিয়াহে হৈছে।

৪ বহু অবৈধ বাংলাদেশীয়ে অসমৰ চৰকাৰী ভূমি অকতৃত্বশীলভাৱে দখল কৰি আছে। কিন্তু অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত এওঁলোকক তৎকালীনভাৱে আইনৰ সহায়ত উচ্ছেদ কৰাৰ প্ৰয়োজন আহি পৰিছে।

এনেধৰণৰ সমস্যাইহে অসমৰ খিলঞ্জীয়াৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে। কিন্তু ৰাষ্ট্ৰসংঘৰ ঘোষণাত এনেধৰণৰ সমস্যাৰ কথা উল্লেখ নাই। যিহেতু সেই ঘোষণাসমূহ সকলো দেশৰ বাবে এককভাৱে প্ৰস্তুত কৰা। গতিকে অসম বা ভাৰতৰ সমস্যাৰ গভীৰতালৈ গৈ এই ঘোষণা কৰা হোৱা নাই। এতিয়া অসমৰ প্ৰধান সমস্যাসমূহলৈ আওকাণ কৰি ৰাষ্ট্ৰসংঘৰ ঘোষণাকে সৰ্বোচ্চ বুলি ভাবি থাকিলে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ গভীৰ সংকট নামি আহিব। সেয়ে ৰাষ্ট্ৰসংঘৰ ঘোষণাক অসম চৰকাৰে সন্মান জনাওঁক , লগতে নিজা সমস্যাসমূহৰ সমাধানৰ বাবেও আগ্ৰহী হওঁক। নহ’লে কথাটো এনেধৰণৰ হ’ব - আজিৰ তাৰিখত অসমৰ বেমাৰ হৈছে কেঞ্চাৰ, কিন্তু ৰাষ্ট্ৰসংঘই ঔষধ দিছে গেষ্ট্ৰিকৰ।-