সময় কি? বিভিন্ন সাহিত্যত পোৱাৰ দৰে ই কেৱল এটা নিৰৱছিন্নভাৱে বৈ থকা এটা সুঁতি নে? নে ই ৰেলৰ চিৰিৰ দৰে? য’ত বিভিন্ন শাখা থাকে, যাৰ দ্বাৰা ৰেলগাড়ী এখনে সন্মুখলৈ আগবাঢ়ি গৈ থাকি এৰি থৈ অহা ষ্টেচনবোৰলৈ উভতি আহিব পাৰে । ঊনবিংশ শতিকাৰ লেখক চালৰ্ লেম্বে কৈছিল something puzzles me like time and space. And yet nothing troubles me less than time and space, I never think of them. হয়, আমাৰ বেছিভাগেই স্থান, কাল (space and time)এইবিলাকৰ বিষয়ে বৰ এটা চিন্তা কৰি নাথাকে। কিন্তু কেতিয়াবা কেতিয়াবা ই আমাক বিস্মিত কৰে। সময় আচলতে কি? ইয়াৰ কোনো আৰম্ভণি আলি নে?? ই আমাক ক’লৈ লৈ গৈ আছে??১৬৮৭ চনত ছাৰ আইজাক নিউটনে পোন প্ৰথমবাৰৰ বাবে তেখেতৰ কিতাপ ‘প্ৰিন্সিপিয়য়া মেথ্‌মেটিকা’ত স্থান আৰু কালৰ গাণিতিক আৰ্হি প্ৰকাশ কৰে। নিউটনৰ আৰ্হিত স্থান আৰু কাল হৈ কেৱল একো একোটা পটভূমিত বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন ঘটনা সংঘটিত হয়, কিন্তু সময়ৰ ওপৰত এই ঘটনাবোৰৰ কোনো প্ৰভাৱ নপৰে। স্থান আৰু কাল (বা সময়) ইহঁত কোনোধৰণেৰে জড়িত নাছিল। সময়ক কেৱল এডাল সৰলৰেখা বুলি ধৰা হৈছিল যাৰ দুয়োমূৰ অসীমলৈ বিস্তৃত (চিত্ৰঃ ২)। ই অনাদি কালৰ পৰা বৈ আছে আৰু অনন্ত কাললৈ বৈ থাকিব। আকৌ, বহুতো লোকে ভাবিছিল যে আমাৰ এই ব্ৰহ্মাণ্ডখন বৰ্তমানৰ অৱস্থাতে কেইহাজাৰমান বছৰৰ আগতেহে সৃষ্টি হৈছিল। তেন্তে, বিশ্বব্ৰহ্মাণ্ডখনৰ যদি আৰম্ভণিয়েই আছিল, এই সৃষ্টিৰ বাবে কিয় অসীম সময় বাট চাব লগা হ’ল? আনহাতে, যদি বিশ্বব্ৰহ্মাণ্ডখন চিৰকালৰ পৰাই বৰ্তি আছিল তেন্তে যিবোৰ হ’ব লগা আছে, সেইবোৰ ইতিমধ্যেই হৈ যোৱা নাই কিয়? বস্তুতঃ বিশ্বব্ৰহ্মাণ্ডখনে এতিয়াও কিয় তাপীয় সাম্যাৱস্থা (Thermal equilibrium) পোৱাহি নাই, য’ত সকলো পদাৰ্থৰ উষ্ণতা একে হয়? অৱশ্যে, এই সমস্যাটোৱে নিউটনীয় আৰ্হিৰহে বিৰোধিতা কৰিছিল য’ত সময় আলি অসীমলৈ বিস্তৃত এডাল সৰলৰেখা; বিশ্বব্ৰহ্মাণ্ডত সংঘটিত হোৱা যিকোনো ঘটনাৰ প্ৰভাৱৰ পৰা মুক্ত।সি যি কি নহওঁক, ১৯১৫ চনত প্ৰসিদ্ধ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে এটা সম্পূৰ্ণ নতুন গাণিতিক আৰ্হি আগবঢ়ায়। যাক কোৱা হয় ‘সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব’ (The general theory of relativity)।সাধাৰণ আপেক্ষিকতাবাদে আন তিনিটা মাত্ৰাৰ (দীঘ, প্ৰস্থ, উচ্চতা) লগতে সময়কো এটা মাত্ৰা হিচাপে লগ কৰি চতুৰ্মাত্ৰিক (Fourth-dimensional i.e. 4D) ধাৰণাৰ সূচনা কৰে যাক কোৱা হয় স্থান-কাল (space-time)। এই তত্ত্ব অনুসৰি বিশ্বব্ৰহ্মাণ্ডত পদাৰ্থ আৰু শক্তিৰ অস্তিত্ত্বই স্থান-কালত বক্রতাৰ সৃষ্টি কৰে। কোনো এটা বস্তুৱে সাধাৰণতে সৰল ৰেখাত গতি কৰিবলৈ বিচাৰে, কিন্তু স্থান-কালত হোৱা বক্রতাৰ বাবে ইয়াৰ গতিপথ বেঁকা হৈ পৰে যাক আমি মহাকৰ্ষণ বলৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি কওঁ। কথাটো বুজিবৰ বাবে আমি এখন ৰবৰৰ পৃষ্ঠ কল্পনা কৰিব পাৰো। পৃষ্ঠখনৰ ঠিক সোঁমাজত এটা গধুৰ বল ৰখা হ’ল। বলটোৰ ওজনৰ বাবে পৃষ্ঠখনত বক্রতাৰ সৃষ্টি হ’ব। ধৰাহওক, এই বলটোৱে সূৰ্যক প্ৰতিনিধিত্ব কৰিছে। এতিয়া, এটা সৰু বল যদি আমি পৃথিৱীখনেদি বাগৰি যাবলৈ দিওঁ, তেতিয়া ই পোনে পোনে গতি নকৰে। বৰঞ্চ ই গধুৰ বলটোৰ ওচৰলৈ ক্ষন্তেকৰ বাবে ইয়াৰ চাৰিওফালে ঘূৰিবলৈ ধৰিব ঠিক সেইদৰে, যিদৰে গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে ।এই উদাহৰণটো একেবৰে সঠিক নহয়, কিয়নো ইয়াত কেৱল এটা দ্বি-মাত্ৰিক (2-dimensional) অংশহে (ৰবৰৰ পৃষ্ঠখন) বেঁকা হৈছে। তাৰোপৰি ইয়াত নিউটনীয় তত্ত্বত থকাৰ দৰে ‘সময়’ক উপেক্ষা কৰা হৈছে। সি যি কি নহওঁক, ইতিমধ্যে বহুতো পৰীক্ষা-নিৰীক্ষাত শুদ্ধ প্ৰমাণিত হোৱা আপেক্ষিকতাবাদ তত্ত্বত ‘সময়’ আৰু ‘স্থান’ অখণ্ডনীয়ভাৱে সংযোজিত। কোনেও ‘সময়’ক জড়িত নকৰাকৈ স্থানত বক্রতাৰ সৃষ্টি কৰিব নোৱাৰে। গতিকে সময়ৰ এটা আকৃতি আছে।স্থান-কালৰ বক্রতাৰ লগে লগে সাধাৰণ আপেক্ষিকতাবাদে ইহঁতক এক নিয়িত পটভূমিৰ পৰা সংঘটিত ঘটনা এটাৰ এক সক্রিয় কাৰকলৈ ৰূপান্তৰ কৰে।নিউটনীয় তত্ত্বত য’ত সময়ৰ অস্তিত্ব স্বতন্ত্ৰ আছিল; কোনোৱে সুধিব পাৰে : ভগৱানে এই বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰাৰ আগতে কি কৰি আছিল? (এজন ব্যক্তিয়ে এই প্ৰকাৰৰ উপুলুঙা কৰি উত্তৰ দিছিল, বৰ বেছিকৈ চিন্তা কৰি থকাসকলৰ বাবে ভগৱানে ‘নৰক’ প্ৰস্তুত কৰি আছিল।) এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। পঞ্চম শতিকাতে চিন্তাবিদ ইেন্ট আগষ্টিনে কৈ গৈছিল before God made heaven and earth, he did not make anything at all. সঁচাকৈয়ে, তেখেতৰ এই মত আধুনিক মতবাদৰ নিচেই কাষ চাপিছিল।আমাৰ আপেক্ষিকতাবাদত স্থান আৰু কাল এটা আনটোৰ সাপেক্ষে তথা বিশ্বব্ৰহ্মাণ্ডৰ সাপেক্ষে স্বতন্ত্ৰ নহয়। গতিকে, আমি এটা ঘড়ীৰ কোৱাটজ স্ফটিকৰ কম্পনাংক অথবা এপাত স্কেলৰ দৈৰ্ঘ্যৰ দৰেই স্থান-কালকো বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰতে জোখ-মাখ কৰি সংজ্ঞাৱদ্ধ কৰিব পাৰো বা নিৰূপণ কৰিব পাৰো। সেয়েহে, বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত, আন বস্তুৰ দৰেই সময়ৰো যে এটা সৰ্বোচ্চ বা সৰ্বনিম্ন মান থাকিব; সি সহজে অনুমেয়। অন্য অৰ্থত, সময়ৰ আদি (বা আৰম্ভণি) আৰু এটা অন্ত আছে। সেইবাবে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আগতে কি হৈছিল বা ধ্বংসৰ পাত কি হ’ব, তাক সোধাৰ কোনো অৰ্থ নাই, কাৰণ তেনে সময় কোনোধৰণে সংজ্ঞাৱদ্ধ নহয় অৰ্থাৎ, তেনে সময়ৰ অস্তিত্বই নাই।l

সহায় লোৱা গ্ৰন্থসমূহ :

(1) 'A Brief History of Time' - Stephen Hawking.

(2) 'Universe in a Nutshell' - Syephen Hawking.

(3) 'Relativity' - Albert Einstein.

(4) 'Prncipia Mathmetica' - Isaac Newton.

(5) ‘বিজ্ঞান সুৰভি’ত প্ৰকাশিত ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ বিভিন্ন লেখাসমূহ।