দহ বছৰমানৰ আগেয়ে হীৰেন গোহাঁই ছাৰক এখন কিতাপৰ আগকথা হিচাপে কেইটামান বাক্য লিখি দিবলৈ অনুৰোধ কৰিছিলোঁ। লখিমপুৰৰ নগৰত পতা এখন বিহু সন্মিলনৰ সোণালী জয়ন্তী উপলক্ষ্যে এখন গ্ৰন্থ প্ৰকাশ কৰিব খোজা হৈছিল। গ্ৰন্থখনৰ সকলো লেখাৰ তালিকা ছাৰলৈ প্ৰেৰণ কৰি আমি সম্পাদনাৰ দায়িত্বত থকাসকলে ছাৰৰ সঁহাৰি বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। আশা কৰাৰ দৰেই যথা সময়ত লেখাটো আহি পালে। কিন্তু তাত আমাৰ প্ৰস্তাৱিত কিতাপখনৰ লেখাবোৰৰ প্ৰতি বেছি আগ্ৰহ নেদেখুৱাই ছাৰে লিখিলে, ‘অৱশ্যে নিবন্ধবোৰ মই দেখাত বিশুদ্ধ আনন্দোৎসৱমূলক ভাৱত ৰচিত। কিন্তু আমাৰ সমাজ-সংস্কৃতিৰ নানা মৌলিক অভাৱ আৰু ত্ৰুটি সম্পৰ্কেও এতিয়া আমি সজাগ হোৱাৰ দৰকাৰ। নতুবা নতুন নতুন পৰিস্থিতিৰ প্ৰত্যাহবান আমি গ্ৰহণ কৰিবলৈ অপাৰগ হ’ম।’ স্বাভাৱিকতে একধৰণৰ আবেগেৰে কিতাপখনৰ কাম থকাৰ বাবে আমি কোনোৱে ছাৰৰ কথাকেইটা ভাল পোৱা নাছিলোঁ। তেতিয়া অসমত ব্যক্তিগত টেলিভিছন চেনেলৰ ‘যুগ’ আৰম্ভ হোৱাই নাছিল। ‘ৰেইন ডেন্স’ বা ‘টমাটিনা উৎসৱ’ৰ খবৰো তপতে তপতে পৰিৱেশিত হোৱাৰ কোনো সুবিধা নাছিল। অসমীয়া মানুহৰ চেতনাত সৃষ্টি হোৱা উৎসৱপ্ৰিয়তাই যে কিম্ভূত-কিমাকাৰ ৰূপ ধাৰণ কৰিবগৈ পাৰে সেই কথা অনুমান কৰাটো আমাৰ বাবে সম্ভৱ নাছিল। কিন্তু সেয়া গোহাঁই ছাৰে বোধকৰো অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেয়ে আমালৈ প্ৰেৰণ কৰিছিল পৰোক্ষ সকীয়নি। কৃষিক কেন্দ্ৰ কৰি সমাজ পাতিবলৈ লোৱা সভ্য মানুহৰ মাজত বিভিন্ন প্ৰক্রিয়াৰ মাজেৰে কালক্রমত যিবোৰ উৎসৱৰ জন্ম হৈছিল সেইবোৰত দুটা বৈশিষ্ট্য অনবৰতে সংপৃক্ত হৈ আছিল (১) কৃষি বা শ্ৰমৰ ব্যস্ততাৰ মাজত অৱসৰ বিনোদন আৰু (২) সংশ্লিষ্ট ঠাইখনৰ প্ৰকৃতিৰ ঋতুকেন্দ্ৰিক পৰিৱৰ্তন। আৰু যেতিয়ালৈকে এই দুই বৈশিষ্ট্যই গুৰুত্ব পাই আছিল তেতিয়ালৈকে উৎসৱৰ পৰা মানৱ সমাজে উপকাৰেই লাভ কৰি আহিছিল। উদ্যম বৃদ্ধি, মনত সজীৱতা সৃষ্টি, পৰস্পৰৰ মাজত মৰম বৃদ্ধি আদি দেখাত সাধাৰণ, কিন্তু অতি লাগতিয়াল কামবোৰ উৎসৱ দ্বাৰা সাধিত হৈছিল। তদুপৰি তেনে উৎসৱৰ সংখ্যাও আছিল অতি কম। কেৱল উৎসৱত লাগি থাকিবলৈ মানুহৰ সময় নাছিল। কিন্তু কৃষি আৰু শ্ৰমৰপৰা আঁতৰি অহা মানুহচামে আৰম্ভ কৰিলে উৎসৱৰ নামত বিলাস। আৰু বিলাসেই এতিয়া বীভৎস ৰূপ লাভ কৰি আমাৰ চাৰিওফালে অট্টহাস্য আৰম্ভ কৰিছে। অসমৰ দৰে এখন দুখীয়া ৰাজ্য য’ত দুবেলা দুসাজ সংশয়বিহীনভাৱে খাবলৈ নোপোৱা মানুহৰ সংখ্যাই সৰহ, য’ত অনেক প্ৰচেষ্টা আৰু আঁচনিৰ পাছতো হাজাৰ বিজাৰ শিশুৱে আজিও শিক্ষাৰ অধিকাৰ লাভ কৰা নাই, নিজাকৈ এযোৰ কাপোৰ পিন্ধিবলৈ পোৱা নাই, নিৱনুৱা সমস্যাই সমাজ ছানি ধৰিছে, তাত জাতীয় উৎসৱ বিহুটো পাতিবলৈকে মানুহৰ স্বাভাৱিক উৎসাহ কমি আহিব লাগিছিল, কিন্তু সেইখন অসমৰ মানুহে সাদিনীয়া বিহুক কেইবামহীয়া কৰিয়ে মাথোঁ এৰা নাই, বছৰৰ বাৰটা মাহতে এনে কিছুমান নতুন নতুন উৎসৱ পাতিবলৈ লৈছে যে উৎসৱৰ বিলাসৰ বাদে বেছিভাগ মানুহৰে কৰিবলৈ আন কাম নোহোৱা হ’ল যেনে পৰিৱেশ এটাৰ সৃষ্টি হৈছে। অসমৰ মানুহে উৎসৱৰ নামত নিৰ্ধাৰিত চৰকাৰী বন্ধৰ দিনবোৰকেই কেৱল ব্যয় কৰা নাই, তাৰ উপৰঞ্চি অনেক দিন ব্যয় কৰা হৈছে। তাত উদগনি যোগাই কেতিয়াবা চৰকাৰী বন্ধৰ দিনো বৃদ্ধি কৰা হৈছে।জানুৱাৰী মাহত নতুন বছৰৰ আদৰা বুলিয়েই উৎসৱৰ পৰ্ব আৰম্ভ হয়। বছৰৰ প্ৰথম দিনটো কোনো মহৎ চিন্তা বা কামত আত্মনিয়োগ কৰি তাৎপৰ্যপূৰ্ণ বা স্মৰণীয় কৰি তোলাৰ সলনি বেছিভাগ অসমীয়া মানুহেই সেইদিনা বুৰ গৈ থাকে মদ, মঙহ, উদ্দাম নৃত্য আৰু বলিয়ালিৰ মাজত। কিছুমান চৰকাৰী বিভাগে সেইদিনা বন্ধ ঘোষণা নকৰিলেও সৰ্বত্ৰ বিৰাজ কৰা বলিয়া পৰিৱেশৰ কৱলত সেই বিভাগৰ কাৰ্যালয় আপোন-আপুনি বন্ধ হৈ পৰে। তাৰ পাছত মাঘ বিহুলৈকে প্ৰায়বোৰ মানুহৰে একাধিক বনভোজৰ আয়োজন থাকে। কোৱা বাহুল্য মাথোন যে বনভোজৰ পৰ্বটো বিহুৰ দৰে বছেৰেকীয়া উৎসৱতকৈ কোনোগুণে কম গুৰুত্বপূৰ্ণ হৈ থকা নাই। ব্যক্তিগত টেলিভিছন চেনেলসমূহৰ চেষ্টাত মাঘ বিহুটোৱে মাহযোৰা জাতীয় উৎসৱৰ ৰূপ ধাৰণ কৰিছে। মাঘৰ মেলা, মঞ্চৰ মাঘ বিহু, বিচিত্ৰ ৰূপৰ ভেলাঘৰ (!) আদিৰে সমৃদ্ধ মাঘ বিহুৰ আলজাল নৌ যাওঁতেই আহি পায় সৰস্বতী পূজা আৰু শিৱৰাত্ৰি। চৰকাৰী বন্ধৰ যোগেদি উদ্‌যাপিত এই দুই উৎসৱৰ বেলিকাও ভিন ভিন প্ৰকাৰে অসমীয়াসকল মতলীয়া হ’বলৈ লোৱা বেছ কিছুকাল পাৰ হৈছে। লুইতপৰীয়া অসমীয়া ডেকা-গাভৰুসকলৰ বাবে ফেব্ৰুৱাৰী মাহতে আহি ওলায় ভেলেটাইন ডে। এই দিনটোত স্বাভাৱিকভাৱেই কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলক কলেজত পোৱা নাযায়। গাঁৱলীয়া কেইটিমান অজলা ছাত্ৰ-ছাত্ৰীৰ বাদে বাকী স্মাৰ্ট ছাত্ৰ-ছাত্ৰীসকলে কলেজ এৰি সেই প্ৰেমৰ উৎসৱ উদ্‌যাপন কৰে। সেই ডেকা গাভৰুসকল, যাক দেশৰ মূল সম্পদ বুলি তাহানি মহাত্মা গান্ধীয়ে কৈ গৈছিল বা আজিও কোনো কোনোৱে কয়, তেওঁলোকে দুই চাৰিদিন বিৰতি লোৱাৰ পাছতে আৰম্ভ হয় ‘হোলী’। আধা নঙঠা হৈ পানীত ভিজি ‘হোলী’ বা ফাকু খেলা অসমীয়া ডেকা-গাভৰুসকলক দেখিলে কাৰো ভাব নহয় যে এই ৰাজ্যত কিবা সমস্যাও আছে। এইখন দেশ যে আজিও তৃতীয় বিশ্বৰ দেশ হিচাপেহে পৰিচিত সেয়া ‘হোলী’ৰ ৰেউন ডেন্স দেখিলে অনুমান কৰাও টান। তাৰ পাছতেই আহিল ৰঙালী বিহুটো। মূলতে খেতিয়কৰ উৎসৱ আছিল যদিও অখেতিয়কৰ দপদপনিত এই বিহুৱে কাহানিবাই খেতিয়কৰ লগ এৰিলে আৰু ৰূপ ৰং সলাই নগৰীয়া হ’লহি। সাত দিন গুচি চাৰিমহীয়া হোৱা এই উৎসৱৰ ঘাই প্ৰেৰণাৰ দায়িত্ব কিছুবছৰৰ আগলৈকে নগৰীয়া মঞ্চসমূহে লৈ আছিল যদিও সম্প্ৰতি এই দায়িত্বৰ সিংহভাগ টেলিভিছনলৈ গৈছে আৰু সুদীৰ্ঘ কালজুৰি বিৰাম নথকাকৈ উত্ৰাৱল হোৱাৰ প্ৰেৰণা লাভ কৰাটো সহজ হৈ উঠিছে।জুন, জুলাই আৰু আগষ্ট এই মাহকেইটা উৎসৱৰ বাবে বৰ সুখৰ নহয়। বৰষুণ বেছি। আলিবাট বুলিবলৈ যিকেইটা আছে, তাৰে আধাতকৈ বেছিখিনি পানীৰ বুৰ গৈছে থাকে। পৰিকল্পনা নষ্ট হোৱাৰ ভয় পদে পদে। সেয়ে সেইকেইটা মাহত ব্যক্তিগভাৱে পৰিকল্পিত উৎসৱসদৃশ অনুষ্ঠানেৰেই কাম চলোৱা হয়। তথাপি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল দিয়াৰ দিনটোৰপৰা দুই তিনিমাহ পৰ্যন্ত একধৰণৰ নতুন উৎসৱ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। য’ত সম্বৰ্ধিত সকলতকৈ কৃতাৰ্থ হয় সম্বৰ্ধনা জনোৱাসকল। ই একধৰণৰ লাভজনক উৎসৱেই হৈ উঠিছে। ছেম্বেৰৰ ১৭ তাৰিখে উৎসৱৰ ‘আইচ ব্ৰেকিং’ আৰম্ভ হয় বিশ্বকৰ্মা পূজাৰ যোগেদি আৰু ই লক্ষী পূজা, কাতি বিহু, কালি পূজা, দেৱালী, দূৰ্গা পূজা আদি মাজেদি পূৰ্ণতা লাভ কৰি ডিচেম্বৰৰ বছৰ বিদায়ৰ উৎসৱ পোৱাই দিয়েহি। দেৱালীৰ টুনি লাইটবোৰেই ডিচেম্বৰলৈ চলি যায়। ছেম্বেৰৰপৰা ডিচেম্বৰলৈ এই চাৰিমাহৰ আন সৰু সুৰা উৎসৱবোৰো ধৰিলে কম আনন্দ আৰু উলাহৰ মাজৰে দিনবোৰ পাৰ নহয়। আৰু এই সকলো উৎসৱতে জাতি ধৰ্ম ভাষা সম্প্ৰদায় নিৰ্বিশেষ সকলো অসমীয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ অংশগ্ৰহণ লক্ষ্য কৰিলে নিশ্চিত হ’ব পাৰি যে অসমত আৰু সমস্যা বুলিবলৈ একোৱেই নোহোৱা হ’ল, অসমীয়া মানুহ সভ্যতাৰ এনে এটা স্তৰত উপনীত হ’লহি যে এতিয়া উৎসৱ পাতি ফুৰ্তি কৰাৰ বাবে কৰিবলৈ আন একো বাকী ৰোৱা নাই। এচাম নাচি নাচি গান গোৱা মানুহ (যাক শিল্পী বুলিও ক’ব খোজা হয়) আৰু এচাম সাহিত্য কৰা মানুহে এই নিশ্চিতি অধিক গাঢ় কৰি তুলিছে।নক’লে আধৰুৱা হ’ব যে উল্লিখিত উৎসৱসমূহৰ ফাঁকে ফাঁকে কেনেবাকৈ যদি সময় ৰৈ যায়, তেন্তে আনন্দৰ বন্যা অব্যাহত ৰাখিব বাবে যোৱা কিছু বছৰৰপৰা অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত হ’বলৈ লৈছে একোখন ঠাইৰ নামত, হাবিৰ নামত বা নদীৰ নামত একোটা মহোৎসৱ। এনে মহোৎসৱবোৰত থলুৱা সুৰা আৰু গাহৰিৰ মঙহৰ বিপণিয়েই মূল যদিও কেতিয়াবা বৌদ্ধিক আলোচনা, গীত আনকি কবি সন্মিলনো আয়োজন কৰি পেলোৱা হয়। একো একোখন জিলা, মহকুমা বা অঞ্চলৰ মানুহক ভালেকেইদিন ‘এনজয়’ কৰাৰ সুযোগ প্ৰদান কৰি এই মহোৎসৱবোৰ আমাৰ জাতীয় পৰম্পৰাৰ ভিতৰুৱা হৈছেহি। তাৰো ফাকত যদি সময় কেনেবাকৈ বাচি ৰয় তেন্তে সপ্তাহযোৰা ধৰ্মগ্ৰন্থ পাঠৰ আয়োজন কৰি, মাইক লগাই এটা মুখৰ পৰিৱেশৰ সূচনা কৰা হয়। কাৰোবাৰ পৰীক্ষা আছে থাকক, কাৰোবাৰ ঘৰত মুমূৰ্ষু ৰোগী আছে থাককহে, উৎসৱমুখৰতাৰ ধাৰাবাহিকতাটো যেনেতেনে ধৰি ৰাখিব লাগে। ইয়াৰ পাছত অসমীয়া মানুহৰ মুখত সমস্যা, দুখ আৰু অভাৱৰ কথা শোভা পায়নে? নাপায়। সেয়ে দুখ আৰু অভাৱ হৈ পৰিছে কেৱল এক নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক ইছ্যু। চৰকাৰে অভাৱী ছাত্ৰৰ বাবে দিয়া জলপানি আৰু বিনামূলীয়া নামভৰ্তিৰ সুবিধা ল’বলৈ হেতা ওপৰা কৰা উৎসৱপ্ৰিয় মানুহবোৰ দেখিলে তেনে ভাবেই হয়। কেৱল উৎসৱ আৰু উৎসৱৰ ‘এনজয়মেট’ৰ মাজত থকা সকলো অসমীয়াৰ বাবে এতিয়া জাতীয়তা এটা অৰ্থহীন বিষয়। অৰ্থপূৰ্ণ কেৱল উৎসৱসমূহৰ পৃষ্ঠপোষকতা কৰা বণিক বা ধনী মানুহবোৰ।উৎসৱ সভ্য মানুহৰ সমাজ জীৱনৰ লাগতিয়াল উপাদান, যদিহে তাৰদ্বাৰা কিবা নহয় কিবা প্ৰকাৰে জাতীয় জীৱন সমৃদ্ধ হোৱাৰ সম্ভাৱনা থাকে। এটা উৎসৱৰপৰা আন এটা উৎসৱলৈ মাজত বিৰতিও থকা উচিত। তাতোকৈ ডাঙৰ কথা, কাম নকৰা ধোদ মানুহৰ বাবে কোনো উৎসৱ থাকিব নোৱাৰে। অসমীয়া এটা ধোদ জাতি বুলি কিছুমান কথা কাণ্ড লক্ষ্য কৰিলে সহজে বুজিব পাৰি। অথচ ইয়াতে উৎসৱৰ নামত উত্ৰাৱল মানুহৰ সংখ্যা সৰহ। আমি জাতিটো সবল কৰিবলৈ হ’লে আৰু জাতি হিচাপে জীয়াই থাকিবলৈ হ’লে উৎসৱ সম্পৰ্কীয় সমগ্ৰ কথাবোৰ গভীৰভাৱে গমি পিতি চোৱাৰ সময় সমাগত।