(১)

সি কান্দে,অনুভৱ কৰে,তাই অবিহনে যেন অসাৰ সি।কিন্তু-"ধ্যেৎ,ল'ৰা মানুহে কান্দিব নাপায়,

বাদ দে ভাই,তাই তোৰ ভালপোৱা নুবুজি পইচাহে চালে,বাদ দে,বহুত ভাল ছোৱালী পাবি তাইতকৈ।"-তাৰ ভনীয়েকজনীৰ বুজনি,তাৰ বন্ধুবৰ্গৰ আব্দাৰবোৰত সি বাধ্য হয় চকুলো মচিবলৈ,হাঁহিবলৈ,ভালদৰে জীয়াই থাকিবলৈ।"

(২)

তাই নাজানে,তাইৰ অস্তিত্ব !!

নাজানে কাৰ প্ৰেমৰ সাক্ষী হৈ তাই ডাষ্টবিনত পেলনীয়া হ'বলগা হৈছিল !!এই সত্যই তাইক কন্দুৱাই মাথো।

তাৰ মাজতো তাই হাঁহে,

তাইক আলফুলে ডাষ্টবিনৰপৰা তুলি অনা কোনোবা মমতাময়ীৰ উমাল প্ৰশ্ৰয়ত।

(৩)

চকুৰে নমনা হৈছে তেওঁ লাহে লাহে।সেই চকুৰেই নিগৰে আদৰৰ পুত্ৰ বোৱাৰীৰ ওচৰত অৱহেলিত হোৱাৰ বেদনাৰে সিক্ত চকুলো।তেওঁৰ স্হান নাই পুত্ৰ বোৱাৰীৰ চালিৰ তলত,

নিয়তিৰ পৰিহাসত ফুটপাঠতোৱেই তেওঁৰ বাবে হৈ পৰে আশ্ৰয়স্হল।তাৰ মাজতো তেওঁ পায় মানৱতা,মৰমৰ ৰেঙনি।যৌৱনত ভৰি দিয়া এজাক যুৱক যুৱতীয়ে লৈ যায় তেওঁক,মৰমৰ আশ্ৰয় এটিলৈ।

(৪)

সমাজে হাঁহে তাইক,

থুৱাই দিয়ে,

তাই যে ধৰ্ষিতা,

তথাপি তাই জীয়াই আছে,তথাপি তাই সপোন দেখে,

তাইৰ বাবে সাহস হৈ আছে এতিয়াও তাইৰ পিতৃ মাতৃ।

(৫)

বেকাৰ সি!!

মাক দেউতাকৰ ককৰ্থনা,

সমাজত পৰিচিত-"গোল্লাই যোৱা নতুনচামৰ নমুনা।"

তথাপিও,সপোন দেখে সি,

কিবা এটা কৰাৰ,

কাৰণ হতাশাত সি তুলি লোৱা চিগাৰেটতো দলিয়াই দিবলৈ,প্ৰতিপল উৎসাহ দিবলৈ,ভালপোৱা ভাললগাবোৰেৰে উপচাই দিবলৈ তাইজনী যে আছে তাৰ কাষত।

:

:

:

---------এনেকুৱাই জীৱন !! কিমানজনৰ বুকুত যে কিমান বিষাদে ঘৰ সাজে,কিমান যান্ত্ৰনাই কোঙা কৰি তোলে !!তাৰ মাজতো তেওঁলোক/আমিবোৰ ভালে থাকো,জীয়াই থাকো।কাৰণ জীৱনে কাঢ়ি নিলেও জীয়াই থাকিবলৈ দি যায় সমল।আপোন পৃথিৱীত আমাৰ সঁহাৰি হৈ কোনোবা নহয় কোনোবা থাকিবই আমাৰ বাবে।কাৰণ জীৱনে কাকো একেবাৰেই হাৰি যাবলৈ নিদিয়ে।।।।।।