(জাপান চৰকাৰৰ কেবিনেট অফিচৰ উদ্যোগত ১৯৮৮ চনৰ পৰা আৰম্ভ হোৱা Ship for World Youth অনুষ্ঠানটো হৈছে এটা ব্যতিক্রম আন্তজাৰ্তিক যুৱ-বিনিময় অনুষ্ঠান (International Youth Exchange Program)। সংক্ষিপ্তকৈ অনুষ্ঠানটোক ‘চুৱাই (SWY)’ বুলি অভিহিত কৰা হয়। The Next Generation Global Leaders Program-2015 হিচাপে ২০১৬ চনৰ ১৪ জানুৱাৰীৰ পৰা আয়োজন কৰা ২৮তম SWY অনুষ্ঠানত মুঠ এঘাৰখন দেশে অংশগ্ৰহণ কৰিছিল। জাপানৰ এশ বাইশগৰাকী আৰু অন্যান্য অংশগ্ৰহণকাৰী দেশসমূহৰ বাৰজনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা SWY-28 ৰ ভাৰতীয় দলটোৰ এজন প্ৰতিনিধি হোৱাৰ সুযোগ মই লাভ কৰিছিলো। এইক্ষেত্ৰত মোক সহায় কৰা তদানীন্তন ভাৰতীয় মন্ত্ৰীসভাৰ যুৱ-কল্যাণ দপ্তৰৰ মন্ত্ৰী সর্বানন্দ সোণোৱাল, নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান চন্দ্ৰ চেতিয়া ছাৰ আৰু শ্ৰদ্ধাৰ অৰবিন্দ ৰাজখোৱা ছাৰৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। জাপানৰ বিভিন্ন স্থানত অনুষ্ঠিত ১৩ দিনৰ Local Program আৰু Onshore Training Sessionত অংশগ্ৰহণ কৰাৰ পাছত মই ‘নিপ্পন মাৰু’ জাহাজত Onboard Traning Session আৰু যাত্ৰাপথত চেন্নাই আৰু কলম্বোত অনুষ্ঠিত Port of Call Activities ত অংশ লৈছিলোঁ। য়ক’হামাৰ পৰা চেন্নাইহৈ কলম্বো আৰু কলম্বোৰ পৰা টকিঅ’লৈ হোৱা ‘নিপ্পন মাৰু’ৰ সমুদ্ৰ যাত্ৰাত কিছুসময়ৰ বাবে চিংগাপুৰ দৰ্শনৰ অভিজ্ঞতাও হৈছিল। এই অংশতকেৱল জাপানৰ বিভিন্ন স্থানত হোৱা Local Program আৰু Onshore Training Session ৰ আধাৰত মোৰ জাপান ভ্ৰমণৰ অভিজ্ঞতাক সামৰি লোৱা হৈছে। )

হাইকুৰ স্তৱকৰ দৰে নিমজ মেঘৰ টুকুৰাবোৰৰ মাজে মাজে

‘Wherever you go, go with all your heart’– Confucious

স্থানঃ গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ। তাৰিখ, ৩ জানুৱাৰী। সময়, আবেলি পাঁচ বাজিছিল। দিল্লী অভিমুখে যাবলগীয়া জেট এয়াৰৱেজৰ বিমানখন উৰণৰ বাবে সাজু হৈছিল। ঋষিকেশ দা (ডাঃ ঋষিকেশ কৌণ্ডিণ্য), অন্বেষা (অন্বেষা চেতিয়া), উত্তৰণ (উত্তৰণ গগৈ) আৰু মই আমাৰ নিদিৰ্ষ্ট আসনত বহিছিলোঁ। দীঘলীয়া ৰাণ্‌ৱেটোত জোৰেৰে চলি কিছু সময়ৰ পাছত আমাৰ বিমান ওপৰলৈ উঠিল। কেইটামান কম্পনৰ সৃষ্টি কৰাৰ পাছত স্থিৰ হৈ বিমানখন আকাশমাৰ্গেৰে আগবাঢ়িল আৰু জীৱনৰ প্ৰথমটো বিমান যাত্ৰাকলৈ মোৰ মনত সৃষ্টি হোৱা উত্তেজনাও ক্রমশঃ অৱসান ঘটিল। তিনিঘন্টাৰ যাত্ৰাৰ পাছত আমাৰ বিমান নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী আন্তজাৰ্তিক বিমান বন্দৰত অৱতৰণ কৰিলে। হোৱাট্‌ছএপৰ জৰিয়তে যদিও ইতিমধ্যে ‘চুৱাই-২৮(SWY-28)ৰ ভাৰতীয় ডেলিগেচনৰ(Indian Deligation) অন্যান্য সদস্যসকলৰ সৈতে চিনা-পৰিচয় আৰু আলোচনা হৈছিল কিন্তু প্ৰত্যক্ষ সাক্ষাৎ কাৰো লগত হোৱা নাছিল। দিল্লী এয়াৰপৰ্টতেই আমাৰ প্ৰথম সাক্ষাৎপৰ্ব আৰম্ভ হ’ল। প্ৰথমে লগ পালো নেচনেল চচিয়েল চাৰ্ভিচৰ ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক যুৱনেতা মহাৰাষ্ট্ৰৰ সপন (সপন শিৱাজী মুণ্ডে) আৰু পণ্ডিচেৰীৰ অধ্বিক্তা তথা এন.এচ.এচ. কৰ্মী ভীৰা ( ভীৰা কালিকৰণ) ক। আমাৰ বাবে ৰৈ থকা দিল্লীস্থিত জাপান দূতাবাসৰ সাট’চি কিউব’ক লগ ধৰি আমাৰ ভিছা আৰু প্ৰয়োজনীয় পাৰ-পত্ৰসমূহ সংগ্ৰহ কৰিলোঁ। সাট’চিৰ বিদায় পৰ্বৰ পাছত আৰম্ভ হৈছিল বাকী সদস্য সকলৰ সৈতে বার্তালাপ। লগ পালো উত্তৰ প্ৰদেশৰ পৱন জী ( পৱন কুমাৰ সিং) , চুইটী দী(সুইটী পাণ্ডে)ক। দুয়োগৰাকী বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ পি. এইচ. ডি. স্কলাৰ। কিছু সময়ৰ পাছত সংস্কৃত ভাষাৰ শিক্ষক, নেহৰু যুৱ কেন্দ্ৰৰ কৰ্মী হিমাচল প্ৰদেশৰ সন্দীপ জী (সন্দীপ শর্মা), সমাজ কৰ্মী তথা নেহৰু যুৱ কেন্দ্ৰৰ কৰ্মী দিল্লীৰ তেহচিন জী (তেহচিন জেহ্‌ৰা) আৰু আমাৰ দলপতি ডাঃ মনপ্ৰিত উপ্পলৰ সৈতেও সাক্ষাৎ হ’ল। কিছু সময়ৰ পাছতে আমি আন্তৰিকতাপূৰ্ণ এটা পৰিয়াল হৈ পৰিছিলোঁ আৰু কাৰেঞ্চি এক্সচেঞ্জ চেন্টাৰলৈ গৈ ভাৰতীয় টকাক জাপানী য়েনলৈ সলনি কৰিছিলোঁ। যিহেতু আমাৰ ফ্লাইটৰ সময় আছিল নিশা ১.৪৫ ত গতিকে আমি আড্ডাৰ বাবে তথা খোৱাৰ বাবে পর্যাপ্ত সময় লাভ কৰিছিলোঁ। নিৰ্দিষ্ট সময় হোৱাৰ লগে লগে যাৱতীয় পাৰ-পত্ৰৰ পৰীক্ষনৰ বাবে থিয় হৈছিলো আৰু ‘নিপন এয়াৰৱেজ’ৰ আন্তজাৰ্তিক বিমানখনত প্ৰৱেশ কৰিছিলোঁ। আমাৰ ইকন’মি ক্লাছৰ বিশাল কোঠাটোত চাৰিগৰাকী এয়াৰ হোষ্টেছে বিমান যাত্ৰাৰ বাবে প্ৰয়োজনীয় সতৰ্কতাসমূহ আমাক অৱগত কৰিছিল আৰু কিছু সময়ৰ পাছতেই ৰাণৱেত দ্ৰুতগতিৰে আগুৱাই যোৱা নিপন এয়াৰৱেজৰ NH0828 নম্বৰৰ উৰাজাহাজখনে আমাক বুকুৰ মাজত সুমুৱাই উৰা মাৰিছিল সূৰ্য উঠাৰ দেশ জাপানলৈ।মোৰ জীৱনৰ প্ৰথমটো বিদেশ যাত্ৰা আৰু সেইখন চেৰীফুলৰ দেশ জাপান। সূৰ্য উঠাৰ দেশ জাপান। আকিৰা কুৰুশ্বৱাৰ দেশ জাপান, হাইকুৰ দেশ জাপান। বিশ্বৰ অন্যতম শক্তিশালী আৰু সম্পদশালী দেশ জাপান। ইয়াতকৈ মোৰ বাবে আনন্দৰ কথা আৰু কি হ’ব পাৰে যদিও মই নিপন এয়াৰৱেজৰ এটা চীটত বহি আছিলো কিন্তু মনটো উৰি ফুৰিছিল অসমৰ চাহবাগান বোৰৰপৰা জাপানৰ চেৰীফুলৰ বাগিছাবোৰলৈ। ব্ৰহ্মপুত্ৰৰ বুকুৰপৰা চিনানো(Shinano) নদীৰ সৰ্পিল অৱবাহিকালৈ। কাঞ্চনজঙ্‌ঘাৰ উচ্চতাৰপৰা মাউন্ট ফুজিৰ শিখৰলৈ। মাচু বাচু(Matsuo Basho)ৰ কবিতাৰপৰা নীলমণি ফুকনৰ কবিতালৈ। ‘কুৰুশ্বুৱাৰ সপোন’ৰপৰা জাহ্নু বৰুৱাৰ ছবিলৈ আৰু মোৰ চিন্তাত যতি পেলাই সুন্দৰী জাপানী এয়াৰ হোষ্টেচ গৰাকীয়ে মোলৈ নিশাৰ আহাৰ লৈ আহিছিল। ৫৯০৯ কিলোমিটাৰ দূৰত্ব অতিক্রমি নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেৰে গড়ে ৭৯৫ কি.মি প্ৰতি ঘন্টা দ্ৰুতিত আমাৰ উৰাজাহাজ চীন, ম্যানমাৰ, থাইলেণ্ডৰ আকাশীপথেৰে আগবাঢ়িল। বিক্ষিপ্ত চিন্তাৰ মাজত উৰি-ফুৰা মনটো মই টোপনি যোৱাৰ পাছতো সক্রিয় হৈ আছিল। আকাশ মাৰ্গত কটোৱা প্ৰথমটো নিশাৰ অগভীৰ নিদ্ৰাৰপৰা মই যেতিয়া সাৰ পাইছিলো তেতিয়া খিৰিকীৰ সিপাৰে দেখিছিলো শুকুলা মেঘৰ পাৰাপাৰহীন বাগিছা। মেঘবোৰ যেন মাচু বাচুৰ হাইকুৰ একো একোটা টুকুৰা From time to time /The clouds give rest / to the mooon-beholders।

টকিঅ’ৰ চঞ্চল মৌচুমীৰ শীতল আলিংগন

জাপানৰ ভূমিত প্ৰথমটো খোজ। আমাৰ টীমৰ প্ৰতিজনৰ মুখত প্ৰাপ্তি আৰু আনন্দৰ হাঁহি। মৃদু হৰ্ষোল্লাসেৰে জীপাল হৈ পৰিছিল নাৰিটা বিমান বন্দৰৰ প্ৰস্থান গৃহ। আমি ক্লিক্‌ কৰিছিলো জাপানৰ ভূমিত প্ৰথমখন ফটো। সুসজ্জিত হৰ্ডিংত লিখা আছিলঃ Welcome to Japan আৰু আমাক স্বাগত সম্ভাষণ জনাবলৈ বাহিৰত ৰৈ আছিল চুৱাই-২৮ অনুষ্ঠানৰ কেইবাগৰাকী প্ৰশাসনীয় মুৰববী। হাতত ইণ্ডিয়া নামৰ এখন ফলকলৈ ৰৈ থকা জিন ট’গোৱাই আমাৰ স্বাগতম জনালে। আমি তেওঁক অনুসৰণ কৰিলো আৰু এটা নিৰ্দিষ্ট স্থানত সমৱেত হ’লো। ট’মায়ে চাইট’, ইউকা আৰাই আৰু সাট’চি নাকাজাৱাই আমাক প্ৰয়োজনীয় বহুতো পৰামৰ্শ প্ৰদান কৰিলে। কিছু সময়ৰ পাছত বন্দৰৰ ভিতৰৰ শীত-তাপ নিয়ন্ত্ৰিত পৰিৱেশৰ পৰা আমি জাপানৰ বাস্তৱ পৰিৱেশৰ মাজত মাজত প্ৰৱেশ কৰিলো। কেইবা শ গাড়ী পাৰ্ক কৰি থোৱা এটুকুৰা স্থানৰ সোমাজৰ অত্যন্ত পৰিস্কাৰ পকী পথটোৰে আমি আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা বাছখনৰ দিশে আগবাঢ়িলোঁ। যদিও জাপানত শীতকাল হৈ আছিল কিন্তু ৰ’দ আছিল প্ৰখৰ। প্ৰখৰ ৰ’দত শীতৰ মাদকতা। আমাৰ বাবে ৰৈ থকা বাছখনৰ ভিতৰত আমি প্ৰৱেশ কৰাৰ পাছতেই ইমানদিনে বাছ সম্পৰ্কে থকা ধাৰণাটো সলনি হৈ গ’ল। বিশেষকৈ তেতিয়া, যেতিয়া আমাক চীটবেল্টবোৰ পৰিধান কৰি ল’বলৈ বাছত থকা স্পীকাৰটোৰদ্বাৰা নিদেৰ্শ দিয়া হ’ল। জাপান বুলি ক’লে আমাৰ মনলৈ তাৎক্ষণিকভাৱে অহা ধাৰণাসমূহৰ ভিতৰত দেশখনৰ উন্নত প্ৰযুক্তি অন্যতম। সেই উন্নত প্ৰযুক্তিক প্ৰতিনিধিত্ব কৰা বহুতো উপাদানে মোৰ খিৰিকীৰ বাহিৰত ভিৰ কৰিছিল। এখন মহানগৰৰ চৰিত্ৰ বহন কৰি মোৰ খিৰিকীৰ চাৰিওফালে থিয় হৈ আছিল ওখ ওখ কাঁচৰ অট্টালিকা। ক’ৰবাত ওলমি আছিল জাপানীভাষাত লিখা একো একোখন হৰ্ডিং। কেৱল যে মই কংক্রীটৰ অৰণ্যকে দেখিছিলো তেনে নহয়, যাত্ৰাপথত থকা কেইবাখনো সেউজীয়া উদ্যানে দুচকু শাঁত পেলাইছিল আৰু আমাৰ বাছ গন্তব্যস্থল ‘আনা ইন্টাৰকন্টিনেন্টেল হোটেল’ৰ দিশে আগুৱাইছিল। টকিঅ’ৰ মিনাটো-কুৰ আকাচাকাস্থিত(1-12-33 Akasaka, Minato-Ku, Tokyo, 107-0052 Japan)এই পঞ্চতাৰকাযুক্ত হোটেলখনেই আছিল টকিঅ’ মহানগৰীত আমাৰ প্ৰথম ঠিকনা। নাৰিটা বন্দৰৰপৰা প্ৰায় সত্তৰ কিলোমিটাৰ পথ বাছেৰে অতিক্রম কৰাৰ পাছত আমি হোটেলত উপস্থিত হৈছিলো। সাতত্ৰিছ মহলীয়া হোটেলখনত অত্যাধুনিক সকলো সুবিধা উপলব্ধ আছিল। আনা ইন্টাৰকন্টিনেন্টেলৰ অষ্টম মহলাৰ ৮০৪ নম্বৰ কোঠাটোৰপৰাই মই ট’কিঅ’ৰ সৌন্দৰ্য উপভোগৰ আয়োজন কৰিছিলোঁ।

টকিঅ’ত প্ৰথমটো নিশা। কৃত্ৰিম পোহৰেৰে উদ্ভাসিত হৈ পৰিছিল মহানগৰখন। পোহৰৰ সেই উৎসৱৰ নান্দনিক সৌন্দৰ্য উপভোগৰ বাবে ট’কিঅ’ৰ ৰাজপথত খোজকঢ়াৰ বিকল্প নাছিল আৰু মোৰ এই ইচ্ছা পূৰ হৈছিল। কাৰণ সেইদিনা আমাৰ কোনো অফিচিয়েল কাৰ্যসূচী নাছিল আৰু নিকটৱৰ্তী যিকোনো ৰেষ্টুৰাত নিশাৰ আহাৰ গ্ৰহণৰ বাবে আমাক অনুমতি দিয়া হৈছিল। সুযোগৰ সদ্‌-ব্যৱহাৰ কৰি মই আৰু উত্তৰণ বাহিৰলৈ ওলালোঁ। ইমান পৰে শীত-তাপ নিয়ন্ত্ৰিত অৱস্থাত থকাৰ বাবে বাহিৰলৈ ওলোৱাৰ লগে লগে জানুৱাৰীৰ হাড়কপোৱা জাৰে আমাক স্পৰ্শ কৰিলে। সেইদিনা ট’কিঅ’ৰ সবৰ্বাচ্চ তাপমান আছিল ১১০ আৰু সৰ্বনিম্ন ০০ চেন্টিগ্ৰেড। টকিঅ’ৰ পদপথত আমি খোজকঢ়া আৰম্ভ কৰিলোঁ। পদপথৰ গুল্মজাতীয় গছবোৰ আৰু কাষৰ ডাঙৰ গছবোৰে জাপানীসকলৰ পৰিৱেশ সচেতনতাৰ পৰিচয় দাঙি ধৰিছিল। প্ৰায় এক কিলোমিটাৰ মান খোজ কঢ়াৰ পাছত ‘য়’চিম’য়া’ নামৰ এখন সৰু ৰেষ্টুৰা আমি নিশাৰ আহাৰৰ বাবে নির্বাচন কৰিলো। ৰেষ্টুৰাখনৰ এজন কৰ্মচাৰীয়ে মূৰদোৱাই সম্ভাষণ জনালে আৰু এখন ম্যেনু আমাৰ হাতত দি গ’ল। জাপানীজ ভাষাৰ লগতে সৰুকৈ ইংৰাজীত লিখা খাদ্যৰ নামবোৰ চাই চাই উত্তৰণ আৰু মই গীল্ড পৰ্ক বউল আৰু নুডল্‌ছ খোৱাৰ সিদ্ধান্ত লৈছিলো আৰু ইংৰাজী নজনা কৰ্মচাৰীজনক ম্যেনুখনৰ সহায়ত অংগী ভংগীৰেই অৱগত কৰিলোঁ। সৰু ৰেষ্টুৰাখনত বিছজনমান জাপানী গ্ৰাহকে নিজৰ আহাৰ উপভোগ কৰাত ব্যস্ত আছিল। কেইজনমানে সন্মুখত মদিৰাৰ গিলাচ লৈ নিশ্চুপ ভাৱে বহি আছিল। এগৰাকীয়ে সোঁহাতৰ আঙুলিকেইটাৰে চ’পষ্ট্ৰিক দুডাল বিশেষ ভংগীমাত ধৰি আচৰিতভাৱে সন্মুখৰ প্লেটখনৰপৰা এটা-দুটাকৈ খাই গৈছিল নানা তৰহৰ খাদ্য। উদৰ পূৰাই নহ’লেও ৪৫০ য়েন (প্ৰায় ২৮২ টকা)ৰ বিনিময়ত জাপানৰ প্ৰথমটো ডিনাৰ তৃপ্তিৰেই কৰিলোঁ। প্ৰথম দিনাৰ অভিজ্ঞতাসমূহৰ ভিতৰত বিশেষভাৱে মন স্পৰ্শা অভিজ্ঞতাটো আছিল ট’কিঅৰ ট্ৰেফিক নিয়ন্ত্ৰণ ব্যৱস্থা। পকী পথবোৰৰ জেব্ৰা ক্রছিঙৰ স্থানত থকা বিশেষ ট্ৰেফিক লাইটে পদচাৰীসকলৰ আহ-যাহ নিয়ন্ত্ৰণ কৰিছিল। পদচাৰীসকলে পথ ক্রছ কৰাৰ সময়ত ট্ৰেফিকৰ নিৰ্দেশ মানি গাড়ীবোৰ ৰৈ গৈছিল। গাড়ীবোৰ চলি থকাৰ সময়ত ট্ৰেফিকৰ নিদেৰ্শ মানি জেব্ৰা ক্রছিঙৰ দুয়োফালে পদচাৰীসকলে অৱস্থান কৰিছিল। বিলাসী গাড়ীবোৰ চোৱাৰ লগতে ট্ৰেফিকৰ নিদেৰ্শৰ প্ৰতিও আমি সচেতন আছিলোঁ। পিছদিনা ৰাতিপুৱা পলমকৈ সাৰ পাইছিলো আৰু দৌৰা দৌৰিকৈ গৈ চেকেণ্ড ফ্লৰস্থিত ৰেষ্টুৰেন্টত ব্ৰেকফাষ্ট কৰিছিলোঁ। তাৰ পাছত জিন টগোৱাক অনুসৰণ কৰি প্ৰায় চাৰিশ মিটাৰ পথ খোজকাঢ়ি আমি জাপানৰ কেবিনেট অফিচত উপস্থিত হ’লো আৰু এটা বিশাল প্ৰেক্ষাগৃহত আমাৰ ‘অৰিয়েন্টেচন প্ৰ’গাম’ৰ আৰম্ভ হ’ল। তাৰ পাছত হোটেলত আয়োজন হোৱা ‘ৱেলকাম ৰিচেপচন’ৰ বাবে সাজু হ’লো। নিজা নিজা জাতীয় পোছাক পৰিধান কৰি অংশগ্ৰহণকাৰী অন্যান্য দেশবোৰৰ লগতে আমিও অনুষ্ঠানত উপস্থিত হৈছিলোঁ। ডিঙিত গামোছা এখন লৈ কূর্তাৰ সৈতে এটা মিবু গালুক পিন্ধি অসমী আইক প্ৰতিনিধিত্ব কৰি সঁচাই গৌৰৱবোধ কৰিছিলোঁ। ‘অৰিয়েন্টেচন’ আৰু ৱেলকাম ৰিচেপচনেৰে আনুষ্ঠানিকভাৱে চুৱাই-২৮ প্ৰ’গামৰ আৰম্ভ হৈছিল।১৬জানুৱাৰীৰ দিনটো আমাৰ বাবে এটা বিশেষ তাৎপৰ্যপূৰ্ণ আৰু ৰোমাঞ্চকৰ দিন আছিল। টকিঅ’ৰ পৰা আমি সেইদিনা ফুকুই নামৰ এখন নতুন ঠাইলৈ যাত্ৰা কৰিছিলোঁ। উদ্দেশ্য Homstay visit.। গৃহবাসৰ বাবে কৰা ভ্ৰমণ। লগত অষ্ট্ৰেলিয়া ডেলিগেচন। ফুকুই হৈছে জাপানৰ এটা অন্যতম প্ৰিফেক্‌চাৰ। প্ৰিফেকছাৰৰ অৰ্থ হ’ল আমাৰ ৰাজ্যবোৰৰ দৰে একো একোটা প্ৰশাসনিক গোট। ৬৮৫২ টা দ্বীপেৰে গঠিত জাপানদেশখন মুঠ সাতচল্লিছটা প্ৰিফেক্‌ছাৰত বিভক্ত। ইয়াৰে তিয়াল্লিছটাক মুখ্য প্ৰিফেক্‌ছাৰ, অ’চাকা আৰু কিয়’ট’ক আৰবান প্ৰিফেক্‌ছাৰ, হকাইড’ক চাৰকুইট বা প্ৰভিন্স আৰু ট’কিঅ’ক মেট্ৰ’পলিচ বুলি কোৱা হয়। জাপানৰ তিয়াল্লিছটা মুখ্য বা প্ৰ’পাৰ প্ৰিফেক্‌ছাৰৰ ভিতৰত ফুকুই অন্যতম যিটো জাপানৰ সৰ্ববৃহৎ দ্বীপ হনচুৰ অন্তৰ্গত। উত্তৰৰ পৰা দক্ষিণলৈ জাপানৰ প্ৰধান দ্বীপ চাৰিটা হৈছে হকাইডো, হনচু, চিককু আৰু ক্যুচু। জাপানৰ মানচিত্ৰখনলৈ দৃষ্টিনিক্ষেপ কৰিলেই দ্বীপকেইটা স্পষ্টৰূপত দেখা যায়। আকৃতিৰ ক্ষেত্ৰত বৃহৎ হোৱাৰ লগতে ট’কিঅ, কিয়ট’, নাগ’য়া, অ’চাকা, কুবে, হিৰোশ্বিমা আদি মহানগৰৰ অৱস্থিতিৰে হনচু দ্বীপটো জাপানৰ আতাইতকৈ জনবহুল দ্বীপ।

বৰফফুলা দেশ ‘ফুকুই’ৰ আৰু আৱাৰা চহৰৰ মৌচুমী

টকিঅ’ ষ্টেচন। জাপানৰ আটাইতকৈ ব্যস্ত ৰেল ষ্টেচনটোৰ ব্যস্ততাত কিছু অৰিহনা যোগাই আমিও প্ৰৱেশ কৰিলো ষ্টেচনৰ অন্তর্ভাগত। জাপানৰ ৰেল বুলি ক’লে আমাৰ প্ৰথমেই মনলৈ আহে ৩২০ কি.মি প্ৰতি ঘন্টা পৰ্যন্ত গতিবেগেৰে চলা দ্ৰুতবেগী বুলেট ট্ৰেইনৰ কথা। তেনে এখন বুলেট ট্ৰেইনৰ যাত্ৰী হোৱাৰ সপোন কাৰ নাথাকে? জাপানৰ সুপ্ৰাচীন আৰু জনপ্ৰিয় JR Tokaido Shinkansen লাইনৰ বিশেষ ট্ৰেইনখনত ফুকুই অভিমূখে যাবৰ বাবে যেতিয়া উঠিছিলোঁ তেতিয়া মোৰ মনটোৱেও অন্য এক দ্ৰুতি লাভ কৰিছিল। বুলেট ট্ৰেইনৰ জনপ্ৰিয় জাপানী নামেই হ’ল চিংকাচেন। আমি হৈ পৰিছিলো চিংকাচেন অর্থাৎ বুলেট ট্ৰেইনৰ একো একোটা দ্ৰুতবেগী বুলেট। পিছফালে দৌৰি দৌৰি পাৰ হৈ গৈছিল টকিঅ’ মহানগৰৰ অট্টালিকা, সেউজীয়া পথাৰ আৰু জাপানী আৰ্হিৰ ঘৰবোৰ। মাজতে মাইবাৰাত আমি ট্ৰেইন সলনি কৰিব লগা হৈছিল আৰু আমি JR Shiransagi Express ৰে ফুকুই অভিমুখে যাত্ৰা কৰিছিলোঁ। দূৰৈৰ মাউন্ট ফুজিৰ নয়নাভিৰাম দৃশ্যটো অপলকভাৱে চাই ৰওতে কেমেৰাৰে ক্লিক্‌ কৰিব পাহৰি গৈছিলোঁ। মাউন্ট ফুজিৰ জনপ্ৰিয় নাম- ‘ফুজিয়ামা’। জাপানীসকলৰ আদৰৰ ফুজি-চান। মোৰ খিৰিকীৰ বাহিৰৰ বৰফৰ বুটা-বছা এসাগৰ পাইন গছৰ সেউজীয়াৰ সিপাৰে জাপানৰ সবৰ্বাচ্চ শৃংগ, ‘থ্ৰী হলি মাউইেন্‌ছ’ৰ অন্যতম ফুজিচান সগৌৰৱেৰে থিয় হৈ আছিল। ডাৱৰ নথকাত ‘তুষাৰ-শুভ্ৰ-শিৰ’ কাঞ্চনজংঘা হৈ জিলিকিছিল। মাউন্ট ফুজিয়ে হেনো কেতিয়াবা তাৰ যাদুস্পৰ্শেৰে মেঘবোৰক কৰি তুলে ভাস্কৰ্য, শিৰত পিন্ধে হীৰা-খচিত সূৰ্য। স্মৃতিৰ কেইটামান পৃষ্ঠা মেলি মোৰ মনৰ কাঞ্চনজংঘাতো তেতিয়া উদয় হৈছিল সূৰ্য। দাৰ্জিলিঙৰপৰা যেন মই চাই আছো উদয় হ’বলৈ লোৱা বেলিটোৱে কাঞ্চনজংঘাৰ শিৰত সেন্দুৰ চটিয়াই দিয়াৰ ৰোমান্টিক দৃশ্য। মনৰ একোণত এটুকুৰা উজ্জ্বল বৰফ হৈ একাকাৰ হৈ গৈছিল ফুজিয়ামা আৰু মোৰ কাঞ্চনজংঘা। ম্যাচু বাচুৰ ‘হাইকু’ৰ বিচনীখনতো প্ৰাচীন টকিঅ’ৰ এজাক বতাহ হৈ বলিছিল ফুজিhe wind from Mt. Fuji/ I put it on the fan./Here, the souvenir from Edo. পাইন গছবোৰৰ পাতবোৰত বৰফে বুটা বাচিছিল আৰু কাঠৰ ঘৰবোৰৰ চালিবোৰত উবুৰি খাই পৰিছিল বৰফ। মই একা বেকা পথটোৰে জীপত বহি তেতিয়া গেংটকলৈ গৈ থকা নাছিলোঁ, জাপানৰ দ্ৰুতবেগীট্ৰেইনৰ এজন দ্ৰুতবেগী যাত্ৰী হৈ মই গৈ আছিলো বৰফৰ ৰাজ্য ফুকুইলৈ। তথাপিও দুয়োটা যাত্ৰা ক’ৰবাত একাকাৰ হৈ পৰিছিল আৰু একেদৰেই বৰফবোৰ চুই চাবলৈ মনত সৃষ্টি হৈছিল এক তীব্ৰ আকাংক্ষা। ৰেল আলিৰ দুয়োপাৰৰ বগা ৰঙৰ পৱিত্ৰতাৰ এক স্নিগ্ধ আৱেশে তেতিয়া চুই গৈছিল মোৰ মন আৰু মই জাকেটটো পিন্ধি ডিঙিত মাফলাৰখন মাৰি লৈছিলোঁ। সোঁফালে মেঘবোৰে পাহাৰ শিখৰবোৰত চুমা দিছিল আৰু বাঁওফালৰ ঘৰবোৰত আছিল বৰফৰ চাদ আৰু চোতাল। আমি যেতিয়া ফুকুই চহৰত নামিছিলোঁ তেতিয়া বতৰ ডাৱৰীয়া আছিল। এজাক কিন্‌কিনীয়া বৰষুণ আহিছিল। জাপানৰ প্ৰথমজাক বৰষুণ। ৰাষ্টাৰ কাষে কাষে বগা বৰফৰ ডাঠ আস্বাদন। বৰফৰ বোকা। গচকি দিলে জোতাৰ অধিকাংশ সোমাই গৈছিল। তথাপিও মাজে মাজে বৰফবোৰ গচকি গচকি খোজকঢ়াৰ আমেজেই আছিল সুকীয়া। লগতে এয়া আছিল জোতাযোৰ নষ্ট কৰাৰ সহজ উপায়। প্ৰথমবাৰৰ বাবে এনে এটা পৰিৱেশ লাভ কৰি স্বাভাৱিকতে আনন্দিত হৈছিলোঁ। জাৰৰ প্ৰকোপ আছিল অকল্পনীয়। এনেও শীতকাল, তাতে বৰষুণ। কেইবাটাও স্তৰৰ কাপোৰ পিন্ধি থকাৰ বাবে শৰীৰটোৰ ওজন তেতিয়া সম্ভৱতঃ প্ৰায় দুগুনেই হৈছিলগৈ। চেঁচা বতাহজাকৰ সৈতে ফুকুই চহৰখনে আমাক স্বাগতম জনালে আৰু আমি আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা Fukui Palace Hotel লৈ বুলি বাট বুলিলোঁ। অলপ সময়ৰ পাছতে ফুকুই প্ৰিফেক্‌চাৰৰ কৰ্মকর্তাসকলৰদ্বাৰা আমাৰ ৱেলকাম ৰিচেপচন আৰম্ভ হ’ল। নানা তৰহৰ মিঠাই আৰু ফলেৰে সজাই থোৱা টেবুল দুখনে স্বাভাৱিকভাৱেই ভোকৰ মাত্ৰা বঢ়াই দিছিল। আমাৰ হ’ষ্ট ফেমিলিবোৰে তাত আসন গ্ৰহণ কৰিছিল আৰু আমাৰ বাবে হ’ষ্ট ফেমিলিৰ লগত বহিব পৰাকৈ আসন ঠিক কৰি থোৱা আছিল। মই মোৰ আসনত বহিলোগৈ। মোৰ হ’ষ্ট ফেমিলি আছিল য়ামাকিছি ফেমিলি। পঞ্চাছ উৰ্দ্ধৰ এগৰাকী মহিলা মোৰ কাষৰ আসনত বহি আছিল। আমাৰ চিনাকি-পৰ্ব আৰম্ভ হ’ল। তেওঁৰ নাম- মাট্‌চুমি। ঠিক মৌচুমীৰ দৰেই। আৱাৰা চহৰৰ মৌচুমী। অৱশ্যে অৰ্থটো মই সোধা নাছিলোঁ। আগন্তুক দুটা দিনৰ বাবে মই তেওঁৰ ঘৰত অতিবাহিত কৰিব লাগিব। ‘জিন-এই বিশ্ববিদ্যালয়’ৰ নৃত্যদলটোৱে পৰিৱেশন কৰা পৰম্পৰাগত নৃত্যৰ ছন্দই মোৰ দেহৰ অৱসাদ দূৰ কৰিলে, ফুকুই সম্পৰ্কীয় তথ্যচিত্ৰৰ প্ৰদৰ্শনে ঠাইখনৰ প্ৰতি উৎসুকতা বঢ়াই দিলে আৰু অনুষ্ঠানৰ সমাপ্তিৰ পাছত সকলোৰে পৰা বিদায় লৈ মই মাট্‌চুমি-চানৰ সৈতে ঘৰলৈ বুলি ওলালো। ‘চান’ হৈছে জাপানী ভাষাত সততে ব্যৱহৃত এটা honorifics, প্ৰায় ইংৰাজী মিষ্টাৰ, মিষ্টেচৰ সমাৰ্থক। উভয়লিংগবাচক আৰু সন্মানীয় অৰ্থ বহন কৰা শব্দটো অৱশ্যে জড় বস্তু বুজাবলৈও প্ৰয়োগ হয়। ইতিমধ্যে ফুজি-চানৰ কথা কৈ আহিছোঁ। বাহিৰত বৰষুণ দি আছিল। মাট্‌চুমি-চানৰ ছাতিটোৰ তলত সোমাই গাড়ীখনৰ দিশে আগবাঢ়িলোঁ। জাপানৰ প্ৰথমজাক বৰষুণ। এটা জাপানী ছাতি। ছাতিৰ তলত মই আৰু মাট্‌চুমি-চান। মই আৰু মোৰ অকাচান। মই আৰু মোৰ মা। সচাকৈ দুদিনৰ বাবে তেওঁ মোৰ মাৰ দৰেই আছিল। যদিও আমাৰ দেশ দুখন ভিন্ন, যদিও আমি মনৰ ভাৱবোৰ প্ৰকাশ কৰাত অসুবিধা পাইছিলো, যদিও তেওঁ যথেষ্ট বয়সীয়াল আছিল, তথাপিও তেওঁ মোৰ যত্ন লোৱাত ত্ৰুটি কৰা নাছিল। গাড়ীত উঠি গৈ থাকোতে যেতিয়া মই তেওঁক অ’কাচান বুলি মতাৰ প্ৰস্তাৱ দিছিলো তেওঁৰ ভাবুক মুখখনত এটা হাঁহি বিৰিঙিছিল। সেই হাঁহিটো এতিয়াও মোৰ স্পষ্টকৈ মনত আছে। মোৰ অকাচানৰ মুখৰ হাঁহি। ফুকুই প্ৰিফেক্‌চাৰৰ উত্তৰ সীমান্তত অৱস্থিত আৱাৰা চহৰখনত থকা মোৰ অকাচানৰ ঘৰ গৈ পাওঁতে সন্ধ্যা হৈছিল। তেওঁ কেইবাখনো দোকানৰ মালিক। দোকান মানে আমাৰ দৰে নহয়। একো একোখন বৃহত্তৰ ডিপাৰ্টমেন্টেল ষ্টৰ। জাপানত আমাৰ ইয়াৰ দৰে সৰু সৰু দোকান তেতিয়ালৈকে দেখা পোৱা নাছিলোঁ। তেওঁ তেওঁৰে এখন দোকানলৈ মোক লৈ গৈছিল। বাহিৰত তেতিয়া বৰষুণ। ষ্টেচনেৰী দোকানখনত নিত্যব্যৱহাৰ্য সকলোবোৰ সামগ্ৰীয়েই উপলব্ধ আছিল। মই এখন নোটবুক কিনিছিলোঁ। অকাচানেই মূল্য পৰিশোধ কৰিছিল। তাৰ পাছত আমি এখন ডাঙৰ ফুড মাৰ্টলৈ গৈছিলো। কেঁচা পাচলিৰপৰা আৰম্ভ কৰি কেঁচা মাছ-মাংসলৈ সকলো বস্তু পেকেট হিচাপে উপলব্ধ আছিল। বৃহত্তৰ ফুড মাৰ্টখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিলোঁ। চিনাকি কল, পিঁয়াজ, আলু, কমলা আদিৰ লগতে বহুতো অচিনাকি শাক-পাচলি আৰু ফল-মূল পেকেট কৰি বিক্রীৰ বাবে সু-সজ্জিত ৰূপত ৰখা হৈছিল। গোটেই পৰিৱেশটো মোৰ বাবে আচহুৱা আছিল কাৰণ ভাৰতত মোৰ এনে ফুড মাৰ্ট দেখাৰ অভিজ্ঞতা হোৱা নাছিল। তেওঁলোকৰ খাদ্য সচেতনতা দেখি অভিভূত হ’লোঁ। আমিতো ফুটপাথৰ পৰা মাংস আৰু এ.চি. শ্ব’ৰূমৰ পৰা জোতা-চেণ্ডেল কিনা মানুহ। মই ফ্ৰুইট জ্যুচ ভালপাওঁ বুলি জানি অকাচানে আপেলৰ দুটা জ্যুচৰ বটলো কিনিলে। বজাৰ-সমাৰ কৰি সেয়ে ঘৰ পাওঁতে সন্ধ্যা প্ৰায় ৬.০০ বাজিছিল।জোতাযোৰ খুলি ঘৰৰ ভিতৰলৈ সোমালোঁ। ঘৰত সোমোৱাৰ পাছত অকাচানক অনুসৰণ কৰি কাঠৰ খট্‌খটি এডালেৰে ওপৰলৈ উঠি গলোঁ। মোৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ৰুমটো তেওঁ দেখুৱাই দিলে আৰু মই কোঠাটোত প্ৰৱেশ কৰিলোঁ। এটা ‘ৱাচিট-চু’ আৰ্হিৰ কোঠা। ‘ৱাচিট-চু’ হৈছে ‘য়ুচিট-চু’ৰ বিপৰীত শব্দ। য়ুচিট-চু শব্দই পাশ্চাত্য আৰ্হিৰ কোঠাক বুজায়। কোঠাৰ চাৰিওকাষে কিছুমান পৰম্পৰাগত পেইন্টিংছ আৰু কাঠৰ-শিল্প সজাই থোৱা আছিল। কোঠাটোত আছিল একোখনকৈ জাপানী আৰ্হিৰ বিচনা, চকী আৰু টেবুল। জাপানী আৰ্হিৰ পৰম্পৰাগত বিচনাখনক ফুটন বুলি কোৱা হয়। ফ্লৰত পাৰি থোৱা বেডিং চেটটো এটা মেট্ৰেছ (জাপানী নামঃ shikibuton অর্থাৎ spreading futon) আৰু এখন ডাভেট (জাপানী নামঃ kakebuton অর্থাৎ covering futon) এৰে গঠিত। ফ্লৰৰ বাবে জাপানীসকলে এখন পৰম্পৰাগত মেট ব্যৱহাৰ কৰে। যাক ‘টাটামি’ বুলি কোৱা হয়। আচৰিত কথাটো হ’ল এই ‘টাটামি’ প্ৰস্তুত কৰা হয় নৰাৰ পৰা। জাপানী আৰ্হিৰ চকীখনক কোৱা হয় ‘জাই-চু’। খুৰা নথকা চকীখনত অৱশ্যে সাধাৰণ চকীৰ দৰেই আউজিবৰ বাবে থকা পিছৰ অংশ থাকে। চকীখনত বহিবৰ বাবে থাকে ‘জাবুটন’ নামৰ এবিধ বিশেষ কোচন। মোৰ বাবে থকা জাই-চুখনৰ লগতে আছিল এখন ‘চাবুদাই’ অর্থাৎ প্ৰায় এক ফুট ওখ এখন টেবুল। কোঠাটোৰ ডাঙৰ বৈশিষ্ট্যটো আছিল দুয়োফালে থকা চ’জি দুখন। বেৰ আৰু দুৱাৰ দুয়োটাৰে কাম কৰা চ’জিবোৰ কাঠৰ ফ্ৰেমত বিশেষ কাগজ লগাই প্ৰস্তুত কৰা হয়। আচলতে মোৰ কোঠাৰ দুয়োকাষৰ বেৰ দুখন আছিল কেইবাখনো সৰু সৰু বেৰৰ সমষ্টি। সৰু সৰু বেৰবোৰ ঠেলি দিলে দুয়োফালে চলাচল হয় আৰু গতিকে তাৰপৰা দুৱাৰৰ সৃষ্টি কৰি ল’ব পাৰি তথা কোঠাতো সম্পূৰ্ণ মুকলি কৰি ল’বও পৰা যায়। আৰু এটা নিদিষ্ট জোখত আটাইকেইখন সৰুবেৰ স্থাপন কৰি কোঠাতো সম্পূৰ্ণ আবদ্ধ কোঠা কৰি ল’বও পাৰি। মই কেইবাবাৰো এনেদৰে কৰি চালো আৰু জাপানৰ পৰম্পৰাগত স্থাপত্যৰ এই অভিনৱ বিশেষত্বই মোক মোহিত কৰিলে। লগতে আমোদো দিলে। নিজৰ পৰম্পৰাগত সংস্কৃতিৰ সংৰক্ষণৰ প্ৰতি জাপানীসকলৰ এনেধৰণৰ সচেতনতাক প্ৰশংসা নকৰি নোৱাৰি। তেওঁলোকে যে কেৱল নিজৰ পৰম্পৰাকেই সাৱটি জীয়াই আছে তেনে নহয়। মোৰ অকাচানৰ ঘৰখনেই আছিল পৰম্পৰা আৰু প্ৰযুক্তিৰ সমন্বয়স্থলী। ঘৰখনৰ সদস্য আছিল কেৱল দুজন-অকাচান আৰু অটচান। অটচান মানে দেউতা। অকাচানৰ দৰেই মোৰ ষাঠি উৰ্দ্ধৰ জাপানী অটচানে ভালদৰে ইংৰাজী ক’ব নাজানিছিল। মোক অংগী ভংগীৰেই তেওঁ কোঠাৰ বস্তুবোৰ বুজাই দিছিল। মোৰ কোঠাটোৰ শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থা, লাইট জ্বলোৱা ব্যৱস্থা, ৱাই-ফাইৰ সুবিধাৰ সম্পৰ্কত তেৱে মোক অৱগত কৰিছিল। মোৰ বিচনাখনৰো উত্তাপ কমোৱা-বহোৱাৰ সুবিধা আছিল। ৰচি টানি অন্‌-অফ্‌ কৰিব পৰা লাইটটো কোঠাৰ ওপৰত জ্জ্বলি আছিল। জাপানৰ প্লাগ-পইন্ট ভাৰতৰ দৰে নহয়। ইলেক্টনিক সৰঞ্জামবোৰত চাৰ্জ দিবৰ বাবে হোটেলত উত্তৰণে অনা ‘ইউনিভাৰচেল এডাপটৰ’ডাল ব্যৱহাৰ কৰিছিলোঁ। মোৰ নিজৰ নাছিল। গুৱাহাটীত কিনা নহ’ল। অটচানে দিয়া চার্জাৰডালেৰেই ম’বাইলৰ চাৰ্জ কৰিছিলোঁ। অকাচানে ডিনাৰৰ আয়োজন সমাপ্ত কৰিছিল আৰু মোক মাতি গ’লহি। মই কোঠাৰ পৰা ওলাই যাওঁতেই কোঠাৰ বাহিৰৰ লাইটটো স্বয়ংক্রিয়ভাৱে জ্জ্বলি গ’ল। মই আচৰিত হৈছিলোঁ। পাছত গম পালো যে সেয়া আছিল চেনচৰ-প্ৰযুক্তিৰ বিস্ময়। চেনচৰ সম্পৰ্কে জানিছিলোঁ যদিও সেয়া আছিল নতুন অভিজ্ঞতা। পাছত ট’য়লেটৰ চীট কভাৰ পৰ্যন্ত বিভিন্ন স্থানত চেনচৰৰ মুখামুখি হৈছিলোঁ। অটচান ‘য়চিনবো-চান’ আৰু অকাচান ‘মাটচুমি-চান’ৰ পুত্ৰসন্তান চাৰিটা। তেওঁলোক লগত নাথাকে। প্ৰত্যেকেই স্বাৱলম্বী আৰু নিজ নিজ কৰ্মক্ষেত্ৰৰসৈতে জড়িত। অৱশ্যে সেই দিনা মই অহা হেতু ডাঙৰ দাদা নাউকী, বৌ এটচুকু তেওঁলোকৰ কণমানিকেইটাৰ সৈতে আহিছিল। আইতা ন’ব’কুও আহিছিল। ডাইনিং টেবুল অর্থাৎ ডাঙৰ চাবুদাইখনৰ চাৰিওফালে আমি বহিলো। নাউকী দাদাৰ পাঁচবছৰীয়া ছোৱালীজনীৰ নাম মিজুকী। তিনিবছৰীয়া ল’ৰাটোৰ নাম খাইছে আৰু বৌৰ কোচত থকা এঘাৰমহীয়া কণমানিটোৰ নাম আছিল কুকি। মোৰ জাপানী পৰিয়ালটোলৈ বুলি মই দুটা তিল পিঠাৰ পেকেট, কেইটামান সৰু সৰু জাপি আৰু এখন গামোচা লৈ গৈছিলোঁ। অকাচান পাকঘৰত নৈশ আহাৰ ৰন্ধা কামত ব্যস্ত হৈছিল আৰু আমি সহজ ইংৰাজী ভাষাত কথা পতা আৰম্ভ কৰিলোঁ। আইতাই আমাৰ কথাবোৰ একো বুজি নোপোৱাৰ বাবে মৌনতা অৱলম্বন কৰিছিল। কথাৰ মাজতে অকাচাঙে আমাৰ টেবুলখনৰ ওপৰতে এটা সৰু আকাৰৰ গেছ জ্জ্বলালে। তাত কেৰাহীসদৃশ এবিধ পাত্ৰ পানীৰে সৈতে বহাই দিলে। আৰু অলপ পাছত কুকুৰা মাংসৰ টুকুৰাবোৰ তাত দি দিলে। তেওঁ কোনো মছলা বা তেলৰ ব্যৱহাৰ কৰা নাছিল। নিমখৰ পৰিমানো আছিল অতি কম। অৱশ্যে মই চিনি নোপোৱা কেইটামান উপাদান তাত দিছিল। মাংসৰ লগতে কেইটুকুৰামান গৰীয়া আলুৰ টুকুৰা দিয়া হ’ল। লগত নাম নজনা অন্যান্য পাচলিৰ কেইটামান টুকুৰা। মাংস আৰু পাচলিৰ টুকুৰাবোৰ উতলিবলৈ আৰম্ভ কৰিলে আৰু এসাজ ব্যতিক্রমী নৈশ আহাৰৰ বাবে মই সাজু হ’লো। প্ৰেছাৰ কুকাৰত চাউলো ৰন্ধা হৈছিল। চাউলৰ সৈতে কেঁচা কণী মিহলাই তেওঁলোকে ‘গ’হাম’ প্ৰস্তুত কৰে। মোক সৰু বাতি এটাত কেইটামান ‘গ’হাম’ দিলে। লগত বইল কৰা শাকৰ আঞ্জা। এক প্লেট নুডলছ। এক গিলাছ ফ্ৰুইট জ্যুচ আৰু খাবৰ বাবে দিয়া হ’ল দুডাল চ’প ষ্টিক। অৱশ্যে চ’প ষ্টিকেৰে খোৱাত অসুবিধা হোৱাত মোৰ বাবে এখন চামুচ এখন দিয়া হ’ল। এক বিশেষ কৌশলেৰে চ’পষ্টিকৰ সহায়ত সকলোৱে আহাৰ গ্ৰহণ কৰাৰ বিপৰীতে মই হেতাৰে মাংসৰ টুকুৰা আৰু আলুৰ টুকুৰাবোৰ মোৰ প্লেটলৈ আনি চামুচেৰে খোৱাৰ আৰম্ভ কৰিলোঁ। মোৰ নামটো অকাচানৰ বাবে মনত ৰখাটো কঠিন হৈছিল। সেয়েহে তেওঁ মোক দাচ্‌ বুলিয়েই মাতিছিল। পিছদিনা অকাচানৰ মাতত মই যেতিয়া সাৰ পাইছিলো তেতিয়া বৰষুণ দি আছিল। বাহিৰত প্ৰচণ্ড ঠাণ্ডা। গা ধুই ব্ৰেকফাষ্ট কৰাৰ পাছত ওপৰ মহলাৰ বেলকনিলৈ ওলাই গৈছিলোঁ। মোৰ জাপানী ঘৰটোৰ কাষেদিও চাৰিকড়ীয়াৰ দৰে এখন নদী বৈ গৈছে। নদীখনৰ নাম টাকিডা। বৰষুণৰ ৰেখাবোৰে তেতিয়া তাত তৰংগৰ বুটা বাছিছিল। এজাক শীতল বতাহে স্পৰ্শ কৰি গৈছিল শৰীৰ-মন-প্ৰাণ। অটচানে মোক নদীখনৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে সৌৰ শক্তি আহৰণ কৰিব পৰাকৈ ফটোভলটেটিক কোষেৰে নিৰ্মিত তেওঁলোকৰ ঘৰৰ ছালখনৰ বিশেষত্বৰ কথাও মোক অৱগত কৰিলে। কিছু সময়ৰ পাছত আমি ফুকুইৰ অন্যতম পৰ্যটনস্থল ফুকুই প্ৰিফেক্‌চাৰেল ডাইন’চৰ মিউজিয়াম দৰ্শনৰ বাবে যাবলৈ সাজু হ’লো। অকাচান-অটচানৰ ঘৰৰপৰা মিউজিয়ামলৈ যোৱাৰ যাত্ৰাটো মোৰ জীৱনৰ এটা অবিস্মৰণীয় যাত্ৰা হৈ ৰ’ব। ঘৰৰপৰা কিছুদূৰ যোৱাৰ পাছতে চাৰিওফালে কেৱল বৰফ দেখিছিলোঁ। বৰফেৰে ঢকা ঘৰ, বৰফৰ পাহাৰ, বৰফৰ গছ। ৰাষ্টাটোৰ বাহিৰে বাকী সকলো আছিল বৰফ। হাইকুত কোৱাৰ দৰেই “All Heaven and Earth/Flowered white obliterate.../Snow...unceasing snow”। দূৰৈত সূৰ্যৰ পোহৰত জিলিকি উঠা কাঞ্চনজংঘাৰ দৰেই জিলিকি আাছিল পাহাৰ শিখৰবোৰ। ঠাণ্ডাৰ মাত্ৰা অত্যধিক আছিল। ঠাণ্ডাৰ পৰা পৰিত্ৰাণৰ বাবে অকাচানে কেইটামান সৰু সৰু প্লাষ্টিকৰ পেকেট দিছিল। ভিতৰত সৰিয়হ গুটিতকৈ সৰু কিছুমান গুটি আছিল বুলি অনুমান কৰিব পাৰিছিলোঁ। অকাচানৰ নিদেৰ্শ অনুসৰি এটা পেকেট মোৰ পকেটত আৰু আনটো মোৰ কঁকালৰ পাছফালে ৰখাৰ ব্যৱস্থা কৰিছিলো আৰু যাত্ৰাপথত এই পেকেটদুটাৰ গুৰুত্ব উপলব্ধি কৰিছিলো যেতিয়া প্ৰচণ্ড শীতক প্ৰত্যাহবান জনাই নিৰ্দিষ্ট স্থানত পেকেটদুটাই সৃষ্টি কৰিছিল মৃদু উত্তাপৰ। প্লাষ্টিকৰ পেকেট দুটাৰ পৰা নিসৃত মৃদু উত্তাপৰ উষতা উপলব্ধি কৰি প্ৰায় দুঘন্টাৰ বৰফযাত্ৰাৰ পাছত আমি উপস্থিত হৈছিলোগৈ গন্তব্যস্থানত।

ফুকুই প্ৰিফেক্‌চাৰেল ডাইন’চৰ মিউজিয়ামৰ জাপানী নাম Fukui Ken-ritsu Kyoryu Hakubutsukan । ফুকুই প্ৰিফেক্‌চাৰৰ অন্তৰ্গত ক্যাটচ্যুয়ামা নগৰত অৱস্থিত এই সংগ্ৰহালয়টো জাপানৰ এটা অন্যতম সংগ্ৰহালয় হোৱাৰ উপৰিও বিশ্বৰ তিনিটা সৰ্ববৃহৎ ডাইন’চ’ৰ মিউজিয়ামৰ অন্যতম। ক্যাটচ্যুয়ামা আৰু তাৰ সমীপৱৰ্তী অঞ্চলটোত ডাইন’চ’ৰৰ জীৱাশ্মৰ বাবে বিশ্ব বিখ্যাত আৰু অঞ্চলটোৰ এই গুৰুত্বক প্ৰতিনিধিত্ব কৰিয়ে উল্লিখিত মিউজিয়ামটো গঢ় লৈ উঠিছে। মিউজিয়ামটোত প্ৰৱেশ কৰি জুৰাচিক যুগৰ বিস্ময়ৰ মাজত হেৰাই গৈছিলোঁ। বৰফৰ শুভ্ৰতা আৰু ডাইন’ছ’ৰৰ বিস্ময়ৰ মাজত অতিবাহিত কৰা আনন্দময় দিনটো ক্রমাৎ শেষ হৈ আহিল আৰু আৰম্ভ হ’ল আমাৰ উভতনি যাত্ৰাৰ।কিছু সময়ৰ পাছত আৰম্ভ হ’ল ইণ্ডো-নেপালীজ ৰেষ্টুৰেন্টত নৈশ আহাৰ পৰ্ব। যাত্ৰাপথত থকা ইণ্ডো-নেপালীজ ৰেষ্টুৰেন্টখনৰ ভাৰতীয় পৰিৱেশ ভাল লাগিল। ভাৰত আৰু নেপালৰ ৰাষ্ট্ৰীয় পতাকাৰ ছবি ৰেষ্টুৰাখনৰ বিভিন্ন স্থানত ব্যৱহাৰ কৰা হৈছিল। ভাৰত আৰু নেপালৰ যুগমীয়া সম্প্ৰীতিৰ নিদৰ্শনস্বৰূপ ৰেষ্টুৰাখনৰ বেৰত আৰি থোৱা আছিল ভাৰত আৰু নেপালৰ মানচিত্ৰ। ৰেষ্টুৰেন্টখনত যদিও ভাৰতৰ নামটো বিভিন্ন স্থানত ব্যৱহাৰ কৰা হৈছিল কিন্তু তাত কোনো ভাৰতীয় কৰ্তৃপক্ষ বা কুক্‌ নাছিল। কিন্তু উপলব্ধ আছিল ভাৰতীয় খাদ্য আৰু ভাৰতীয় সদৃশ চেহেৰাৰ কেইবাজনো নেপালী ব্যক্তি। আঞ্জাত মছলাৰ পৰিমাণ বুজাবৰ বাবে জাপানৰ ৰেষ্টুৰেন্টবোৰত পকা জলকীয়াৰ সাংকেতিক চিহ্নৰ ব্যৱহাৰ কৰা হয়। ব্যতিক্রম নাছিল আমাৰ ৰেষ্টুৰাখনো। ৰেষ্টুৰাৰ ম্যেনুখনত আঞ্জাৰ মছলাৰ পৰিমান নিৰ্দেশ কৰি এটা জলকীয়াৰ পিছত চিমপ’ল, দুটা জলকীয়াৰ পাছত মেডিয়াম, তিনিটাৰ পাছত হট, চাৰিটাৰ পাছত স্পিচিয়েল হট এনেধৰণে নিদেৰ্শ কৰা আছিল। আমাৰ কাম হ’ল তাৰে এটা প্ৰকাৰ নির্বাচন কৰা। মছলা খোৱাত অভ্যস্ত মই একেবাৰে চৰম পর্যায়টো নির্বাচন কৰাত য়ামাকিচি দম্পতী হতবাক। তেওঁলোকে মধ্যমীয়া পর্যায়টোৱেই বিচাৰিলে। অলপ সময়ৰ পাছত তেওঁলোকৰ বাবে নান আৰু চিকেন কাৰী, মোৰ বাবে ভাত আৰু চিকেন কাৰী আহি পালেহি। ভাতৰ সৈতে চিকেন কাৰী দেখি স্বাভাৱিকতে মন পুলকিত হ’ল। হাতৰ পৰিৱৰ্তে চামুচ ব্যৱহাৰ কৰি খোৱাৰ বাবে তৃপ্তিৰ মাত্ৰাটো কিছু হ্ৰাস পাইছিল যদিও ভালদৰেই নিশাৰ সাজটো খালো। মছলাৰ মাত্ৰা মোৰ বাবে ঠিকেই আছিল, তাৰ বিপৰীতে তেওঁলোকে সেহাই সেহাই খাবলগীয়া হৈছিল। মাজে মাজে আপোন যেন লগা হোটেলৰ কৰ্মচাৰীকেইজনলৈ মই দৃষ্টি নিক্ষেপ কৰি থকাৰ দৰে তেওঁলোকেও মোলৈ দৃষ্টি নিক্ষেপ কৰি আছিল। সেই দৃষ্টিৰ বিনিময়ৰ মাজত লুকাই আছিল সীমা অতিক্রমী থকা এক গভীৰ আত্মীয়তা। বিদায়ৰ সময়ত তেওঁলোকৰ সৈতে কথা পাতিলোঁ। তেওঁলোকে হিন্দী জানে। মোৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ ব্যক্তিকেইগৰাকীক লগ পোৱাৰ লগতে হিন্দীত কথা পাতি এক বুজাব নোৱাৰা আনন্দ লাভ কৰিছিলোঁ। আগৰ বছৰৰ ডিচেম্বৰত চিকিম-নেপাল সীমান্তৰে আহি থাকোতে সীমান্ত অতিক্রমী বৈ থকা শীতল বতাহজাকে আকৌ এবাৰ যেন মোৰ মন জুৰালেহি। ভাৰত-নেপাল সীমান্তৰ শীতল বতাহজাক কিছুসময়ৰ পাছত ফুকুইৰ বৰফ-শীতল বতাহ জাকলৈ পৰিৱৰ্তিত হ’ল আৰু আমি ঘৰলৈ উভতিলোঁ।

অৱশেষত য়ামাকিচি দম্পতীৰ পৰা বিদায় লোৱাৰ সময় আহিল। ৰাতিপুৱা শুই উঠাৰ পাছত পূৰ্ব নির্দ্ধাৰিত কাৰ্যসূচী অনুসৰি ঘৰৰ পৰা যাবলৈ মই সাজু হ’লো। যোৱা দুটা দিনত আমাৰ মাজত এক গভীৰ আত্মীয়তা গঢ় লৈ উঠিছিল। মই তেওঁলোকৰ ঘৰখনৰ এটা অবিছেদ্য অংগ হৈ পৰিছিলোঁ আৰু তেওঁলোকে মোক মা-দেউতাৰ দৰে যত্ন লৈছিল। গতিকে এই বিদায় পৰ্বটো নিঃসন্দেহে বিষাদগধুৰ হৈ পৰিছিল। আৱেগবোৰ উজাৰি অনাত বাহিৰৰ বৰষুণজাকৰো অৱদান আছিল। টাকিডা নদীখন নিৰৱে বৈ আছিল । ঘৰখনৰ পৰা যাবলৈ মানসিকভাৱে প্ৰস্তুত হ’বলৈ কষ্ট স্বীকাৰ কৰিব লগা হ’ল। আন্তৰিকতাৰে তেওঁলোকে মোৰ হাতত কেইটামান উপহাৰ যাচিলে আৰু তাৰ পাছত অকাচানৰ সৈতে আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা হোটেলখনৰ অভিমুখে আগবাঢ়িলোঁ। হোটেলত গৈ উপস্থিত হোৱাৰ পাছত অকাচানে সোঁহাতখন ওপৰলৈ দাঙি বিদায় সম্ভাষণ জনোৱা পৰত আমাৰ দুয়োৰে চলচলীয়া চকু দুযোৰ হেৰুৱাৰ বেদনাত চট্‌ফটাই উঠিছিল। সৰি পৰা দুখৰ টোপাল কেইটা আজিও মোৰ মনত স্মৃতিৰ একো একোটা উজ্জ্বল স্ফটিকৰ টুকুৰা হৈ জিলিকি আছে।

ৱাচি গাঁৱৰ কাগজেৰে সজা জিন-এই বিশ্ববিদ্যালয়ৰ বগলী

ফুকুইস্থিত আমাৰ হোটেলত ভাৰত আৰু অষ্ট্ৰেলীয়া ডেলিগেট্‌ছৰ সদস্যসকল পুনৰ মিলিত হ’লো আৰু পৰৱৰ্তী কাৰ্যসূচীৰ বাবে আমি সাজু হ’লো। কিছুসময়ৰ পাছত ফুকুইৰ ‘ইচ্চিজেন ৱাচি গাওঁ’ (Echizen Washi Village) অভিমূখে আমাৰ যাত্ৰা আৰম্ভ হ’ল। পৰিস্কাৰ-পৰিচন্ন চৌপাশ, উন্নত যাতায়ত ব্যৱস্থা, জাপানী আৰ্হিৰ ঘৰবোৰেৰে আটকধুনীয়া ইচ্চিজেন ৱাচি গাঁও গৈ পোৱাৰ পাছত জাপানী আৰ্হিৰ একোটা বিশাল ঘৰৰ ভিতৰত আমি প্ৰৱেশ কৰিলো আৰু তাত অতি সহজ পন্থাৰে কাগজ প্ৰস্তুত কৰা অভিনৱ পদ্ধতিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পালোঁ। যিসময়ত আমাৰ অসম তথা ভাৰতবৰ্ষত বিভিন্ন কাৰকৰ প্ৰভাৱত পৰম্পৰাগত কুটীৰ শিল্পসমূহ সংকট আৰু বিলুপ্তিৰ সন্মুখীন হৈছে, সেই সময়ত বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়ণৰ চৰম পর্যায়ত উপনীত হৈও নিজৰ পৰম্পৰাৰ প্ৰতি অতি সচেতন জাপানীসকলে তেওঁলোকৰ কাগজ প্ৰস্তুত কৰাৰ পৰম্পৰাগত এই পদ্ধতিটো অতি সচেতনভাৱে ধৰি ৰাখিছে। ইতিমধ্যে ট’কিঅ আৰু অন্য স্থানত ব্যতিক্রমী কাগজত প্ৰস্তুত কৰা কিছুমান ব্যতিক্রম চিত্ৰকৰ্ম দেখি আহিছিলোঁ। ইচ্চিজেন ৱাচি গাৱঁত এই চিত্ৰ কৰ্মবোৰৰ আঁৰৰ ৰহস্যৰ সন্ধান পালোঁ। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি আমি উপস্থিত হ’লোগৈ জিন-এই বিশ্ববিদ্যালয় (Jin-ai University) চৌহদত। ইনড’ৰ ষ্টেডিয়ামত জাপানী ড্ৰামসংগতকাৰী ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পৰম্পৰাগত টাইক’ পৰিৱেশনৰ বাবে সাজু হৈছিল। মুষ্টিবদ্ধ হাতত লোৱা ড্ৰামষ্টিকবোৰেৰে বলিষ্ঠভাৱে ড্ৰামবোৰত মৰা প্ৰতিটো চাপৰ আৰু কাণ তাল মাৰি যোৱা ঘন্টা-ধ্বনিৰ সমলয়ৰ অভূতপূৰ্ব আৰু শক্তিশালী প্ৰদৰ্শন অপলক দৃষ্টিৰে চাই ৰ’লো আৰু কিছু সময়ৰ পিছত সভা গৃহত মই মোৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আসনত বহিলোঁ। লগত অষ্ট্ৰেলীয়াৰ ক্রিষ্টা আৰু বিশ্ববিদ্যালয়ৰ তিনিগৰাকী শিক্ষাৰ্থী। জাপানীসকলে কাগজেৰে ক্রেন অর্থাৎ বগলী সদৃশ চৰাই এবিধৰ প্ৰতিকৃতি প্ৰস্তুত কৰি ভাল পায়। আচলতে ইয়াৰ সৈতে জড়িত হৈ আছে কিছুমান বিশ্বাস। কাগজৰ হাতৰ কামৰ কলাক জাপানী ভাষাত অৰিগামী বুলি অভিহিত কৰা হয়। তেওঁলোকে বিশ্বাস কৰে যে এজন ব্যক্তিয়ে এহেজাৰটা অৰিগামী ক্রেণ প্ৰস্তুত কৰিলে তেওঁৰ এটা মনোকামনা (wish) পূৰ্ণ হয়। কাইডে নামৰ মোৰ সমনীয়া জাপানী ছোৱালীজনীয়ে মোক অৰিগামী ক্রেণ প্ৰস্তুত কৰিবলৈ শিকালে। মইও সিহঁতক কাগজৰ নাওঁ বনাবলৈ শিকালো। শিশুসুলভ কামবোৰৰ মাজেৰে লাভ কৰা আনন্দবোৰ পাঁচখন মুখৰ পাঁচটা অকৃত্ৰিম হাঁহি হৈ টেবুলখনৰ চাৰিওফালে ওলমি ৰ’ল।ফুকুই প্ৰিফেক্‌চাৰৰ গৱৰ্ণৰ ইচেই নিচিকাৱা (Issei Nishikawa)ৰ সৈতে এখন আনুষ্ঠানিক সভাত অংশগ্ৰহণ কৰাৰ পাছত আমি কোচি হাইলৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময়ৰ উদ্দেশ্যে গ’লো। জাপানৰ স্কুলীয়া শিক্ষা পদ্ধতি আমাতকৈ পৃথক। বিদ্যালয়খনত দুটা শাখা আছে। এটা হ’ল কোচি হাইল আৰু আনখন কোচি জুনিয়ৰ হাইল। প্ৰতিটো শাখাত তিনিটাকৈ বছৰ। সৰ্বশিক্ষাই ভাৰতবৰ্ষত শিক্ষক-ছাত্ৰৰ অনুপাত ১:৪০ হ’ব লাগে বুলি কোৱাৰ সময়ত জাপানৰ সেই বিদ্যালয়খনত ১০৭৪ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষকৰ সংখ্যা আছিল ৯৩ গৰাকী। চৰকাৰী বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় সকলোবোৰ উন্নত সুবিধাই উপলব্ধ আছে। স্মাৰ্ট শ্ৰেণী কোঠা, অনলাইন ক্লাছ কৰাৰ সুবিধা থকাৰ উপৰি ব্যৱহাৰিক শিক্ষাৰ বাবে প্ৰয়োজনীয় উন্নত লেবৰটৰীৰ ব্যৱস্থাও আছিল। তদুপৰি নৃত্য-গীত আৰু ক্রীড়া-চচৰ্াৰ সুবিধা আছিল অত্যন্ত উচ্চ পর্যায়ৰ। বিহংগম দৃষ্টিৰে বিদ্যালয়খনৰ চৌপাশলৈ দৃষ্টি নিক্ষেপ কৰিয়েই এই দিশবোৰৰ সন্দৰ্ভত এটা সম্যক ধাৰণা কৰি ল’ব পাৰিছিলো। নিশা হোটেলৰ নিকটৱৰ্তী জাপানী ৰেষ্টুৰা এখনত আহাৰ খাবৰ বাবে গ’লো। জাপানী ষ্টাইলৰ ‘ডীপ ফ্ৰাইড পৰ্ক কাটলেট’ অর্থাৎ ‘টনকাটচু’ৰ সৈতে ৰাইচ বউল। পৰ্ক কাটলেট ৰাইচ বউলক ‘কাটচু ডন’ বুলিও জনা যায়। লগত অলপ জাপানী নুডলছ আৰু ‘মিচু চৌপ’। ‘মিচু চৌপ’ জাপানীসকলৰ খাদ্য তালিকাৰ অন্যতম অংগ। চৌপৰ গোন্ধটো মোৰ পচন্দৰ নাছিল যদিও স্বাদটো ভালেই পাইছিলোঁ।

আকৌ টকিঅ’ আৰু NYC ৰ ব্যস্ততা

১৯ জানুৱাৰী। অৱশেষত ফুকুইৰ পৰা টকিঅ’লৈ উভতি যোৱাৰ নিৰ্দিষ্ট দিনটো আহি পালেহি। প্ৰতিকূল বতৰৰ বাবে নির্দ্ধাৰিত সময়তকৈ দুইঘন্টামান পলমকৈ আমি ট’কিঅ অভিমুখে যাত্ৰা আৰম্ভ কৰিব লগা হৈছিল। চৌদিশে বৰফৰ মেলা। আকৌ ফুজি-চান। আকৌ বৰফ ফুলা পাইন গছৰ সাগৰ। আৰু পাইন গছৰ মাজে মাজে আমাৰ যাত্ৰা। লক্ষ্যস্থানটকিঅ’। টকিঅ’ ষ্টেচনৰ পৰা বাছেৰে গৈ আমি উপস্থিত হ’লোগৈ টকিঅ’ৰ চিবুয়াস্থিত National Olympics Memorial Youth Centre ত। য’ত আমি এসপ্তাহ সময় আছিলো আৰু এই সাতটা দিন আছিল আমাৰ Onshore Training Session. নিজৰ লাগেজবোৰ লৈ আমি আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা কোঠালৈ গৈছিলো। সকলো ক্ষেত্ৰতে জাপানৰ অংশগ্ৰহণকাৰীসকলে সহায় কৰিছিল। ‘এ’ বিল্ডিঙৰ তৃতীয় মহলাত থকা মোৰ ৰূমটোৰ নম্বৰ আছিল ৩৩৮। NYC ৰ সময়বোৰ খুউব ব্যস্ততাপূৰ্ণ আছিল। Onshore Training Session ৰ অংশ হিচাপে আমি বিভিন্ন কাৰ্যক্রমৰ সৈতে ব্যস্ত হৈ থাকিবলগীয়া হৈছিল। সেই সমূহৰ ভিতৰতcourse Discussion, Letter Group Meeting, NP Practice, PY Seminar, Leadership Seminar, Project Management Seminar আদি আছিল অন্যতম। NYC তে আৰম্ভ হৈ এই কাৰ্যক্রমসমূহ পৰৱৰ্তীসময়তো অব্যাহত আছিল। Introductory Forum ৰ জৰিয়তে আমাক চুৱাই-২৮ প্ৰ’গামৰ সামগ্ৰিক কাৰ্যসূচীৰ আভাস প্ৰদান কৰা হৈছিল। course Discussion আছিল সমগ্ৰ অনুষ্ঠানটোৰ এটা অন্যতম কাৰ্যসূচী যাৰ জৰিয়তে গোলকীয় সমস্যা কিছুমানৰ সন্দৰ্ভত অংশগ্ৰহণকাৰীসকলৰদ্বাৰা আলোচনা কৰা হৈছিল আৰু এইবোৰৰ সমাধান-সূত্ৰ নিৰ্ণয় কৰাৰ চেষ্টা কৰা হৈছিল। । মই আছিলো Environment Course ৰ সদস্য। আমাৰ ফেচিলেটৰ আছিল জাপানৰ বিখ্যাত কৃষক মাচানৰি হচিনো (Masanori Hoshino)। আমাৰ প্ৰগামটোৰ পৰিচালনাৰ দায়িত্বও ন্যস্ত আছিল আমাৰ ওপৰত। অংশগ্ৰহণকাৰীসকলকলৈ বিভিন্ন সমিতিসমূহ গঠন কৰিদিয়া হৈছিল। মই আছিলো Course Discussion Steering Committee ৰ সদস্য আৰু আমাৰ কাম আছিল কৰ্চ ডিচকাচনসমূহক আৰু অধিক গতিশীল কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা আৰু আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তসমূহ প্ৰণালীবদ্ধ ভাৱে সংগ্ৰহ কৰি পৰৱৰ্তী সময়ৰ বাবে ৰাখি থোৱা। তদুপৰি অংশগ্ৰহণকাৰী প্ৰতিখন দেশৰ ডেলিগেচনৰ এজনকৈ সদস্য অন্তভূৰ্ক্ত হোৱাকৈ A ৰপৰা K লৈ মুঠ এঘাৰটা Letter Group গঠন কৰি দিয়া হৈছিল। অৱশ্যে গ্ৰূপবোৰত জাপানী অংশগ্ৰহণকাৰী বেছি আছিল। মোৰ লেটাৰ গ্ৰূপ আছিল H । ৰাছিয়াৰ নেছ’নেল লীডাৰ এলিনা(Allina Rashitovna Lotfullina)ৰ নেতৃত্বত গঠিত হোৱা আমাৰ গ্ৰূপটোত প্ৰতিখন অংশগ্ৰহণকাৰী দেশৰ এগৰাকী সদস্য থকাৰ লগতে আয়োজক জাপানৰ এঘাৰ গৰাকী সদস্য আছিল। বাইছজনীয়া আমাৰ এই গ্ৰূপটো ক্রমাৎ আমাৰ পৰিচয় হৈ পৰিছিল আৰু আমি প্ৰত্যেকেই পৰস্পৰৰ সৈতে একাত্ম হৈ পৰিছিলো। মৰ্ণিং এচেম্বলি, প্ৰজেক্ট মেনেজমেন্ট, নাইট পেট্ৰন আদি বিভিন্ন কাৰ্যসূচী আমি একেলগে সম্পাদন কৰিছিলো। আবেলিৰ লেটাৰ গ্ৰুপ মিটিঙত বিভিন্ন দিশৰ তথ্যৰ আদান-প্ৰদান কৰাৰ লগতে বিভিন্ন বিষয়ৰ আড্ডা দিছিলোঁ।

টকিঅ’ৰ বজাৰ, আহাৰ আৰু ঐতিহ্যত এভূমুকি

টকিঅ’ৰ চিবুয়াস্থিত National Olympics Memorial Youth Centreত থকা দিনবোৰৰ আটাইতকৈ আনন্দৰ দিন দুটা আছিল টকিঅ’ ট্যুৰৰ দিন দুটা। প্ৰথমদিনাৰ ট্যুৰটো আছিল অনানুষ্ঠানিক আৰু দ্বিতীয় দিনা লেটাৰ গ্ৰূপৰ সৈতে আনুষ্ঠানিকভাৱে টকিঅ’ চহৰত ফুৰিবলৈ গৈছিলোঁ। এই দুটা যাত্ৰাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা সদায় মানস-পটত জীৱন্ত হৈ ৰ’ব। ২২ জানুৱাৰীৰ হাফ্‌ হলিডেৰ সুযোগ গ্ৰহণ কৰি মই আৰু ঋষি দা টকিঅ’ ফুৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। ইতিমধ্যে ইভেন্ট কমিটিৰ উদ্যোগত আয়োজিত ‘চুৱাই অলিম্পিক’ সফলতাৰে শেষ হৈছিল। লেটাৰ গ্ৰুপৰ হৈ আমি বিভিন্ন প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছিলোঁ। ৰছী টনা খেল, মূকাভিনয়ৰ বিশেষ খেল, বিশেষ দলীয় দৌৰ আদি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। আমাৰ লেটাৰ গ্ৰুপে বিশেষ সফলতা অৰ্জন কৰিব পৰা নাছিল যদিও খেলসমূহত গ্ৰুপৰ হৈ অংশগ্ৰহণ কৰিআনন্দ লাভ কৰিছিলোঁ আৰু অংশগ্ৰহণকাৰীসকলৰ মাজৰ সম্পৰ্কও উন্নত হৈছিল। যি কি নহওক চুৱাই অলিম্পিয়াডৰ সমাপ্তিৰ পাছত ঋষি দা আৰু মই ফুৰিবলৈ ওলালোঁ। আমাক সংগ দিলে জাপানৰ ৰিহ’ ইউকই আৰু ফুমিয়া মাটচুকোৱে। এন.ৱাই.চিৰ বন্দীত্বৰ পৰা মুক্ত হৈ টকিঅ’ মহানগৰীৰ মুক্ত বতাহ পান কৰিবলৈ আমি সাজু হ’লো আৰু ক্রমাৎ টকিঅ’ৰ ব্যস্ততাৰ সৈতে যোগ হ’লো। । প্ৰথমে আমি এখন কিতাপৰ দোকানলৈ গ’লো। প্ৰৱেশদ্বাৰৰ পৰা বহু দূৰলৈ গৈ ইংৰাজী শাখাটোৰ কিতাপবোৰৰ ওচৰত ৰ’লো। জাপানী কিতাপৰ তুলনাত ইংৰাজী কিতাপ নগণ্য আছিল যদিও আমাৰ প্ৰয়োজন পূৰাবৰ বাবে যথেষ্ট আছিল। স্বাভাৱিকতে কিতাপবোৰৰ মূল্য ভাৰততকৈ বহুত বেছি আছিল। এশ য়েনতকৈ কম দামৰ কলম নাছিল ১.০০ টকা ১.৮০ য়েন)। প্ৰায় চাৰি হাজাৰ য়েনৰ বিনিময়ত মই তিনিখন কিতাপ লাভ কৰিলোঁ। ঋষি দাইও কেইবাখনো কিতাপ ক্রয় কৰিলে। ষ্ট্ৰৰখনৰ মেগামাৰ্টৰ দৰে বিশাল আকাৰ আৰু পৰিৱেশটোৱেই জাপানত গ্ৰন্থৰ আদৰ কিমান তাৰ এক আভাস দিলে। ৰিহ’ আৰু ফুমিয়াৰ সৈতে কথা পাতিও সিহঁতৰ গ্ৰন্থপ্ৰীতিৰ কথা জানিব পাৰিলোঁ। তাৰ পাছত টকিঅ’ মেট্ৰত উঠি ‘চিবুৱা’ অঞ্চলটো ঘূৰিলো। মেট্ৰৰ টিকেট কটাৰ বাবে বহুসংখ্যক ‘অট’মেটিক টিকেট মেচিন’ উপলব্ধ হোৱা হেতু টিকট কটাৰ ক্ষেত্ৰত কোনোধৰণৰ সমস্যা হোৱা নাছিল। মেট্ৰই হ’ল টকিঅ’ৰ মূখ্য ৰাজহুৱা যাতায়ত ব্যৱস্থা। মেট্ৰত যাত্ৰা কৰা সময়ত বহুসংখ্যক যাত্ৰীৰ হাততো কিতাপ দেখি পাইছিলো। একান্ত মনে নিজৰ আসনত বঢ়ি তেওঁলোকে কিতাপৰ পৃষ্ঠা লুটিয়াইছিল। অন্যহাতে টকিঅ’ৰ জাপানীলোকসকলৰ পোছাক-পৰিছদ দেখি বিস্ময় মানিছিলো। যুৱকৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে প্ৰায় সকলো নাগৰিকে কোট-ট্ৰাইৰ সৈতে ফৰ্মেল পোছাক পৰিধান কৰিছিল।কিছুসময়ৰ পাছত ৰিহ’ গ’ল আৰু আকাৰি আৰু সন্দীপ দা আমাৰ লগ হ’ল। আকাৰিৰ কথা বার্তা আৰু চাল-চলনৰ পৰা তাইক বহুত সৰু ছোৱালী এজনীৰ দৰে লাগে। কিন্তু তাইৰ বয়স বাইশ বছৰ। জাপানী মানুহৰ বয়স সম্পৰ্কে ধাৰণা কৰাটো যে অত্যন্ত জটিল কাম সেই কথাটো আমি বিভিন্ন পৰিস্থিতিত উপলব্ধি কৰিছিলোঁ। বহুত বয়সীয়াল মানুহকো উজ্জ্বল ৰঙা-বগা ছালৰ সৈতে সৰু ল’ৰা যেন লাগে। সেইদিনা ৰেষ্টুৰাত খাদ্যৰ জুতি লোৱাৰ ক্ষেত্ৰত সন্দীপ দা একপ্ৰকাৰৰ সমস্যা হৈ পৰিছিল। কাৰণ তেওঁ হ’ল নিৰামিষভোজী। ৰেষ্টুৰাবোৰৰ সন্মুখত গৰু-গাহৰিৰ পৰা আৰম্ভ কৰি স্কুইড-অক্টোপাচ পৰ্যন্ত বিভিন্ন মাংসৰ লগতে ভিন্ন প্ৰকাৰৰ মাছৰ ব্যঞ্জনৰ ফটোৰে সৈতে থকা হৰ্ডিংবোৰ দেখি হিমাচলী ব্ৰাহ্মণ পৰিয়ালৰ ধাৰ্মিক সন্তান সন্দীপ দাই বিতৃষাত নাক গুচোৱাৰ লগতে দৃষ্টি আঁতৰাইহে ৰক্ষা পাইছিল। টকিঅ’ত ৰেষ্টুৰেন্টৰ সংখ্যা বহুত আছে। ৰেষ্টুৰেন্ট অনুসৰি গ্ৰাহকৰ সংখ্যাও কম নাছিল। খাদ্য পৰ্যটনৰ ক্ষেত্ৰত জাপানৰ এক সু-নাম আছে আৰু ইয়াৰ স্বৰূপ আৰু প্ৰকৃতি আমি দেখিছিলোঁ। কিন্তু ভাল নিৰামিষ আহাৰ পোৱা এখন ৰেষ্টুৰেন্ট বিচাৰি নোপোৱাটো আছিল আমাৰ বাবে দূর্ভাগ্য। ফুমিয়া আৰু আকাৰিক সন্দীপ দাহঁতৰ দৰে মানুহৰ বাবে টকিঅ’ত নিৰামিষ ৰেষ্টুৰেন্ট দুখনমান খুলিবলৈ পৰামৰ্শ দিলো। সিহঁতে আমাক জনালে যে নিৰামিষভোজী জাপানী লোকৰ সংখ্যা জাপানৰ মুঠ জনসংখ্যাৰ পাঁচ শতাংশকৈ কম।অৱশেষত আমি নিৰামিষ আহাৰ পোৱা এখন ৰেষ্টুৰেন্ট বিচাৰি পালোঁ। গ্ৰাহকৰ ভিৰৰ বাবে কিছু সময় অপেক্ষা কৰিব লগীয়া হ’ল। সন্দীপ দাই বুট-গোমধান জাতীয় কিছুমান খাদ্যৰ লগতে জাপানী চাউলৰ কেইটামান ভাত অৰ্ডাৰ দিলে। তাৰ বিপৰীতে চিকেন উইংচ ফ্ৰাই, এক প্লেট সৰু-সৰু ভজা মাছৰ সৈতে আমি তিনিটাই বৰ তৃপ্তিৰে নিশাৰ সাজটো খালোঁ। আমাৰ বাহিৰে ৰেষ্টুৰাৰ বাকী সকলো গ্ৰাহকৰেই খোৱাৰ টেবুল বিভিন্ন প্ৰকাৰৰ সুৰাৰে সজ্জিত হৈ আছিল। সেয়া আছিল টকিঅ’ চহৰ নিচাসক্ত হোৱাৰ সময়। আমিখাই থকাৰ সময়ত সন্দীপ দাৰ মুখখন চাবলগীয়া হৈছিল। সেইসময়ত সমবেদনা জ্ঞাপনৰ বাহিৰে আমাৰ হাতত অন্য উপায়ো নাছিল।

৩ জানুৱাৰী। দিনটোৰ প্ৰধান কাৰ্যসূচী হ’ল লেটাৰ গ্ৰুপৰ সৈতে টকিঅ’ চিটি ট্যুৰ। গ্ৰুপৰ সকলো লগ হোৱাৰ পাছত এই বিশেষ কাৰ্যসুচীৰ বাবে আমি সাজু হ’লো। আমাৰ নেতৃত্ব প্ৰদান কৰিছিল আনা, আয়াকে ধৰি গ্ৰুপৰ জে.পি.ৱাইসসকলে। নিকটৱৰ্তী ষ্টেচনলৈ খোজেৰে যোৱাৰ পাছত আমি টকিঅ’ মেট্ৰৰে আচাকুচালৈ গ’লো। আমাৰ গন্তব্য স্থান আছিল টকিঅ’ৰ বিখ্যাত ‘চেন্‌চ’-জী’। চেনচ’-জী হৈছে টকিঅ’ৰ এটা প্ৰাচীনতম বৌদ্ধ মঠ। মেট্ৰৰ পৰা নমাৰ পাছত সদাব্যস্ত নাকামাইচে পথটোৰে মঠটোৰ দিশে আমি খোজ কাঢ়িলো। নকামাইচে ষ্টীটত দৰ্শনাৰ্থীৰ অজস্ৰ ভিৰ। পথৰ দুয়োকাষে পৰিকল্পি‍তভাৱে গঢ়ি উঠা ‘চউভিনিৰ চ’প’বোৰ আৰু জাপানী ফাষ্ট ফুডৰ দোকানবোৰে পৰিৱেশটো দৃষ্টিনন্দন কৰি তুলিছিল। ভিৰৰ আগত গৌৰৱেৰে থিয় হৈ আছিল পৱিত্ৰ ‘চেন্‌চ’-জী’। মূল মঠৰ সন্মুখত ধূপ জ্জ্বলোৱাৰ এক ব্যৱস্থা আছিল। সেই বিশেষ ইনচেন্‌চ বাৰনাৰটোৰ পৰা ওলোৱা ধোৱাক জাপানীসকলে পৱিত্ৰ-জ্ঞান কৰে আৰু তাত হাত সেকে। চেনচ’-জীৰ প্ৰৱেশদ্বাৰ অর্থাৎ ‘কামিনাৰিমন’ৰ ওপৰত ওলমি থকা ধমীৰ্য় গুৰুত্ব থকা বেলুনাকাৰৰ বিশেষ বস্তুটো বহু দূৰৈৰ পৰা জিলিকি আছিল। দুয়োকাষে আছিল দুটা বিশেষ মূৰ্ত্তি। অন্তৰ্ভাগত প্ৰৱেশ কৰি মঠটোৰ অভিনৱ স্থাপত্য কাৰু-কাৰ্যত অভিভূত হৈছিলো। মঠটোৰ সৈতে কিছুমান বিশ্বাস জড়িত হৈ আছে আৰু এই প্ৰসংগত ‘অমিকুজি’ অর্থাৎ ভাগ্য নিদেৰ্শ কৰা বিশেষ কাগজবোৰৰ কাহিনী ক’বই লাগিব। নিজৰ অমিকুজিখন লাভ কৰাৰ প্ৰক্রিয়াটো সম্পূৰ্ণ ভাগ্য-নিৰ্ভৰ। এটা আমোদজনক লটাৰী প্ৰক্রিয়া। মঠৰ অন্তর্ভাগৰ লগতে বৰ্হিভাগৰ দেৱালতো অমিকুজি ভৰ্তি অসংখ্য বক্স থাকে। এডাল মাৰি ওলাই নহা পৰ্যন্ত বাঁহৰ মাৰি(ষ্টিক)ভৰ্তি বাকচ এটা জোকাৰি জোকাৰি থাকিব লাগে। তাৰ পৰা ওলাই অহা বিশেষ মাৰি ডালত থকা ক্রমিক নম্বৰটোৱে ভাগ্যত থকা বাকচটোক নিদেৰ্শ কৰে আৰু অসংখ্য বাকচৰ মাজৰ পৰা সেই বাকচটো খুলি নিজৰ অমিকুজিখন লাভ কৰিব পাৰি। ভাঁজ হৈ থকা অমিকুজিখন খোলাৰ পাছত নিজৰ ভাগ্য সম্পৰ্কে জানিব পৰা যায়। যেতিয়া অমিকুজিত লিখি থোৱা মন্তব্যটো নিৰ্দিষ্ট ব্যক্তিগৰাকীৰ বাবে নেতিবাচক হয় বা তেওঁৰ পচন্দৰ নহয় তেতিয়া সাধাৰণতে অমিকুজিকুজিখন পুনৰ ভাজ কৰি সমীপৱৰ্তী পাইন গছ বা ধাতুৰ তাঁৰত বান্ধি থোৱাৰ নিয়ম আছে যাতে অপ্ৰত্যাশিত এই ভৱিষ্যতটো তেওঁৰ জীৱনলৈ নাহি পাইন গছজোপাতে ৰৈ যায়। সেয়েহে নানাৰঙী অমিকুজিৰে এনেধৰণৰ মঠৰ সমীপৱৰ্তী পাইন গছ বা নিদিৰ্ষ্ট তাঁৰবোৰ ভৰি থাকে আৰু সৌন্দৰ্যৰো সৃষ্টি কৰে। জাপান বুলি ক’লে চামুৰাই আৰু চুমু খেলুৱৈৰ কথা মনলৈ আহে। আকিৰা কুৰুশ্বুৱাৰ ‘চেভেন চামুৰাই’ আৰু হেলেন ডেৱইটৰ ‘দ্য লাষ্ট চামুৰাই’ মোৰ অন্যতম প্ৰিয় চিনেমা। ‘ৰ’ব নে বনা ডী জুড়ি’ ৰ সুৰী চাহনী আৰু চুম খেলুৱৈজনৰ ফাইটৰ হাস্যমধুৰ দৃশ্যটো দেখিলে নহঁহাকৈ থাকিব নোৱাৰি। টকিঅ’ৰ ৰাজপথত ঘূৰি থাকোতে চামুৰাইৰ পোছাক পৰিহিত কেইবাজনো ব্যক্তিক দেখিলোঁ। নতুন অভিজ্ঞতাবোৰৰ মাজেৰে আমি সুমিডাৰ য়’ক’আমিত অৱস্থিত ইড’ টকিঅ’ মিউজিয়ামলৈ বুলি বাট বুলিলোঁ। মিউজিয়ামটো বিশ্বৰ চুমু খেলুৱৈৰ কেন্দ্ৰস্বৰূপ Ryogoku Kokugikan ৰ ওচৰত অৱস্থিত আৰু সেয়েহে কেইবাজনো চুমু খেলুৱৈক ওচৰৰ পৰা দেখাৰ সৌভাগ্য হ’ল। জাপানৰ ইতিহাসৰ ১৬০৩ ৰপৰা ১৮৬৮ খ্ৰীষ্টাব্দৰ সময়ছোৱাক ইড’ যুগ বুলি কোৱা হয়। অৰ্থনৈতিক উন্নয়ন, কঠোৰ সামাজিক ৰীতি, উন্নত স্থাপত্য-ভাস্কৰ্য-চিত্ৰকলা আৰু বৈদেশিক সম্পৰ্কৰ জৰিয়তে এই যুগটো জাপানৰ ইতিহাসৰ এটা সমৃদ্ধিশালী যুগ আছিল আৰু ইড’ টকিঅ’ মিউজিয়ামটোৰ জৰিয়তে এই সমৃদ্ধিশালী সময়ছোৱাক ধৰি ৰখাৰ সাৰ্থক প্ৰয়াস কৰা হৈছে। ষষ্ঠ মহলাৰ কাৰু-কাৰ্যখচিত দলংখন পাৰ হৈ আমি জাপানৰ ইতিহাসৰ মাজত প্ৰৱেশ কৰিলোঁ। জাপানৰ প্ৰাচীন গাঁওবোৰৰ দৃশ্য, আঢ্যৱন্ত তথা প্ৰতিপত্তিশালী মানুহৰ ঘৰবোৰৰ সৈতে প্ৰতিটো দৃশ্য আৰু প্ৰতিটো পৰিস্থিতিক ইমান সুন্দৰভাৱে নির্মাণ কৰি থোৱা আছিল যে সেইবোৰক বাস্তৱ যেন লাগিছিল। এটা বিশাল আকাৰৰ ঘৰৰ মাজত প্ৰৱেশ কৰি তাৰ ভিতৰত থকা জাপানী বাদ্যযন্ত্ৰবোৰ পৰিৱেশন কৰাৰ মুহূৰ্তটো অতি উপভোগ্য আছিল। আমাৰ ঢোল-পেঁপা-তবলা-বাঁহী সদৃশ বাদ্যযন্ত্ৰও আছিল অনেক। আমাক মিউজিয়ামটোৰ বিভিন্ন দিশবোৰৰ বিষয়ে এগৰাকী বৃদ্ধা গাইডে জাপানীজত বুজাই গৈছিল আৰু আমাৰ লগৰ আন্না আৰু মিকিয়ে আমাক ইংৰাজীলৈ অনুবাদ কৰি বুজাত সহায় কৰিছিল। খাদ্যাভাস, পৰম্পৰাগত বিশ্বাস, জলসিঞ্চন পদ্ধতি, চিত্ৰ-ভাস্কৰ্য, মুদ্ৰা, যান-বাহন, জাহাজ, যোগাযোগ ব্যৱস্থা, সাজ-পোছাক, উৎসৱ-পাৰ্বন, ব্যৱসায়-বাণিজ্য, স্থাপত্য আদি ইড’-সংস্কৃতিৰ সৈতে জড়িত প্ৰতিটো উপাদানৰ পৰিচয় আমি লাভ কৰিছিলোঁ। ডাঙৰ আকাৰৰ জাহাজ দুখন আছিল ‘ইড’ বিজিনেজ’ অংশৰ মূখ্য আকৰ্ষণ। জাহাজদুখনে Hasekura Tsunenag ৰ নেতৃত্বত সোতৰ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত সাগৰ অতিক্রমী চলা San Juan Bautista খনৰ কথা মনত পেলাই দিলে। মিউজিয়ামৰ এটা অংশত ইড’ যুগত ব্যৱহৃত যান-বাহনৰ প্ৰতিকৃতি আছিল। আমাৰ দৰে তৃতীয় বিশ্বৰ মানুহৰ অত্যাৱশ্যকীয় বাহন ‘মানুহে টনা ৰিক্সা’ জাপানত মিউজিয়ামৰ সামগ্ৰী। উল্লেখযোগ্য যে ১৮৬৯ চনত জাপানতে প্ৰথম ৰিক্সাৰ উদ্ভাৱন কৰা হৈছিল বুলি জনা যায়। টকিঅ’ৰ অতীতক স্পষ্টৰূপত উপস্থাপনৰ বাবে মিউজিয়ামটোত উন্নত প্ৰযুক্তিৰো ব্যৱহাৰ কৰা হৈছিল। গ্লাছৰ ফ্লৰৰ তলত অসংখ্য পুতলা মানৱে জাপানৰ পৰম্পৰাগত নৃত্য পৰিৱেশন কৰাৰ দৃশ্য আছিল অত্যন্ত মনোৰম। এটা অংশত অকণমানি পৰ্দা এখনত জাপানী ভৌতিক গল্প এটাৰ আধাৰত প্ৰস্তুত কৰা এখন সংক্ষিপ্ত নাটকৰ পুতলাৰদ্বাৰা কৰা ৰূপায়নে মোক মুগ্ধ কৰিছিল। জাপানৰ বিখ্যাত ‘ইউকিঅ’-ঈ’পেইন্টিঙৰ কথা শুনিছিলোঁ। জাপানৰ পৰম্পৰাগত এনে পেইন্টিংবোৰ স্ব-চক্ষুৰে দেখাৰ সৌভাগ্য হ’ল। প্ৰায় দুঘন্টা সময়ৰ ইতিহাস-যাত্ৰাৰ পাছত আমি বাস্তৱলৈ ঘূৰি আহিলোঁ। শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা প্ৰৱেশ কৰিলোঁ টকিঅ’ৰ হিমশীতল বতাহজাকৰ মাজত।

আৱৰ্জনাৰে সাগৰ পোতাৰ অভিযান

পুনৰ ব্যস্ততা। চেমিনাৰ, গ্ৰুপ ডিচকাচন, কৰ্চ ডিচকাচন, এন.পি. প্ৰেকটিছ। নিৰ্দিষ্ট সময়ত ফুজি কেফিটৰিয়াত খাদ্য গ্ৰহণ। তাৰ মাজতে আড্ডা দিবৰ বাবেও অৱশ্যে কিছু সময় যেনেতেনে ওলিয়াইছিলো। ২৩ জানুৱাৰীৰ টকিঅ’ ট্যুৰৰ পাছত ২৬ জানুৱাৰীৰ দিনাহে এন.ৱাই.চিৰ বাহিৰলৈ যোৱাৰ সুযোগ পাইছিলোঁ। তদুপৰি সেই দিনটো ভাৰতীয় ডেলিগেচনৰ বাবে এটা বিশেষ দিন আছিল। ভাৰতৰ ৬৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে NYC ৰ মঞ্চত যেতিয়া আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছিলো তেতিয়া এক গভীৰ আৱেগ অনুভৱ কৰিছিলোঁ। বিদেশৰ মাটিত দেশমাতৃৰ বন্দনাৰে উপলব্ধি কৰিছিলো স্বদেশৰ প্ৰতি থকা আমাৰ গভীৰ অনুৰাগক। সেইদিনা আছিল কৰ্চ ডিচকাচনৰ Institutional visit। আমাৰ Environment Course ৰ Institutional visit ৰ স্থান আছিল Tokyo Metropolitan Governmeent Waste Landfield Site । পুৱা ৯.৩০ বজাৰ পৰা World Food Program (WFP) ৰ Japan Relations Office ৰ Govt. Partnership Officer ৰ ক’জিৰো নাকাই বিশ্বত জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা খাদ্য-সমস্যা সম্পৰ্কত আলোকপাত কৰিলে। আফ্ৰিকাৰ প্ৰসংগ বিশেষভাৱে উত্থাপন কৰি তেওঁ দেখুওৱা ছবিসমূহে আফ্ৰিকাৰ বিপৰ্যয়ৰ আভাস দিলে। লগতে তেওঁ WFPএ কেনেদৰে এই খাদ্য-সমস্যা নিমূৰ্লৰ বাবে কাম কৰি আহিছে তাৰ বিষয়েও চমুকৈ আলোচনা কৰিলে। তেওঁৰ কথাবোৰে আমাক পৃথিৱীৰ কল্যাণৰ হকে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিলে। তেওঁ আমাক ‘ফুড-ৱাষ্ট’ৰ প্ৰতি সচেতন হ’বলৈ সজোৰে আহবান জনালে।

Tokyo Metropolitan Government Waste Landfield Site ৰ পৰিদৰ্শনৰ উদ্দেশ্যেৰে আমি বাছত উঠিলো। কাষৰ চীটত ৰিহ’। স্বাভাৱিকতে আমাৰ আড্ডা আৰম্ভ হ’ল। প্ৰায় এঘন্টাৰ যাত্ৰাৰ পাছত আমাৰবাছ আৱৰ্জনাৰ স্তুপ কিছুমানৰ মাজত প্ৰৱেশ কৰিলে। ট্ৰাকৰদ্বাৰা কঢ়িয়াই অনা আৱৰ্জনাবোৰ তাত ৰখা হৈছিল আৰু বৃহৎ আকাৰৰ কিছুমান যন্ত্ৰৰ সহায়ত সেইবোৰ গুৰি কৰা হৈছিল। পিছত অন্য ট্ৰাক আহি সেইবোৰ লৈ গৈছিলহি। সম্পূৰ্ণ নতুন অভিজ্ঞতা। আৱৰ্জনাক লৈ ডাঙৰ কাৰবাৰ। এই সমগ্ৰ প্ৰক্রিয়াৰ উত্তৰ লাভ কৰিছিলো তেতিয়া যেতিয়া টকিঅ’ৰ লেণ্ডফিল্ড চাইটত উপস্থিত হৈছিলোগৈ। জনপ্ৰাণীহীন এক বিশাল এলেকা। দূৰৈত টকিঅ’ মহানগৰৰ সুউচ্চ অট্টালিকাবোৰ জিলিকি আছে। আনফালে সাগৰৰ নীলা। আমাক কোৱা হ’ল যে এই এলেকাটো টকিঅ’ৰ পৰা নিৰ্গত আৱৰ্জনাৰে সাগৰৰ একাংশ পুতি কৃত্ৰিমভাৱে সৃষ্টি কৰা হৈছে। বিশ্বাস কৰিবলৈ টান হৈছিল। কিন্তু Tokyo Metropolitan Government Bureau of Environmemnt ৰ কার্যালয় এটাত উপস্থিত হৈ কথাবোৰ স্পষ্টকৈ জনাৰ পাছতহে ৰহস্য আৰু বিস্ময়ৰ ওৰ পৰিল। টকিঅ’ৰ পৰিস্কাৰ-পৰিছন্নতাৰ আঁৰৰ কাৰণ জানিব পাৰিলোঁ। ক্লিন অথ’ৰিটি অৱ টকিঅ’, টকিঅ’ মেট্ৰপলিটান চৰকাৰ আৰু নিকটৱৰ্তী তেইছখন মহানগৰৰ সহযোগিতাত এই প্ৰক্রিয়াৰ আৰম্ভ হৈছিল। বৰ্তমান পৰ্যন্ত জাপানৰ আতাইকেইটা চাইট মিলাই সৰ্বমুঠ প্ৰায় ৫৩.৪০ মিলিয়ন টন আৱৰ্জনা (Clean Authority of Tokyoৰ Waste Report 2016 অনুসৰি) প্ৰয়োগ হৈছে। এই লেণ্ডফিল্ড অঞ্চলবোৰত আৱৰ্জনাবোৰৰ পৰা নিঃসৰণ হোৱা মিথেন গেছ সংগ্ৰহ কৰি গেছ টার্বাইনত দাহ কৰি বিদ্যুত শক্তি উৎপাদন কৰা জাপানৰ প্ৰযুক্তিক প্ৰশংসা নকৰি নোৱাৰি। তদুপৰি লেণ্ডফিল্ড চাইটসমূহত বৃক্ষৰোপনৰ জৰিয়তে গঢ়ি তোলা হৈছে উদ্যান, বিভিন্ন উদ্যোগ আৰু আবাসগৃহ। প্ৰদূষিত পানীৰ বিশুদ্ধিকৰণৰ বাবেও Clean Authority of Tokyoৰ পৃথক প্ৰকপ্ল আছে। উল্লেখযোগ্য যে জাপানৰ ডাস্তবিনবোৰ অত্যন্ত বিজ্ঞানসন্মত আৰু সহজলভ্য। আৱৰ্জনাৰ প্ৰকাৰ অনুসৰি ডাস্তবিন পৃথক পৃথক। সাধাৰণতে ডাস্তবিন থকা ঠাইত তিনিপ্ৰকাৰৰ আৱৰ্জনাৰ বাবে তিনিটা ডাস্তবিন থাকে। দাহ্য আৱৰ্জনাৰ বাবে ৰখা ডাস্তবিনত অদাহ্য আৱৰ্জনা পেলাব নোৱাৰি। প্লাষ্টিকৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ডাস্তবিন কেৱল প্লাষ্টিকৰ বাবে। কাগজ-ফুড ৱাষ্টৰ বাবেও পৃথক ডাস্তবিন। আচলতে ডাস্তবিনৰ জৰিয়তেই উমান পোৱা যায় জাপানীসকলৰ শৃংখলাবদ্ধ আৰু পৰিছন্ন মনৰ।

য়কহামাৰ নীলাভ আবেলি আৰু সমুদ্ৰ-অভিযানৰ আৰম্ভনি

টকিঅ’ৰ সৈতে য়ক’হামাৰ নামটো ওতপ্ৰোতঃভাৱে জড়িত। ভূগোলৰ কিতাপত আগতে জাপানৰ ঔদ্যোগিক অঞ্চলৰ বিষয়ে পঢ়োতে টকিঅ’-য়ক’হামা উদ্যোগ অঞ্চল, ওচাকা-কোবে-কিওটো উদ্যোগ অঞ্চল, নাগোয়া উদ্যোগ অঞ্চল আৰু উত্তৰ কিউচিউ উদ্যোগ অঞ্চলৰ বিষয়ে পঢ়িছিলোঁ। জাপানৰ মুঠ ঔদ্যোগিক উৎপাদনৰ প্ৰায় ত্ৰিছ শতাংশ আহে টকিঅ’-য়ক’হামা উদ্যোগ অঞ্চলৰ পৰা। সুউচ্চ অট্টালিকাবোৰ অতিক্রমী য়ক’হামা নামৰ উদ্যোগৰ এই মহানগৰখনৰ অভিমুখেই আমি গৈ আছিলোঁ। ইতিমধ্যে টকিঅ’ৰ পৰিৱেশ আমাৰ বাবে সহজ হৈ পৰিছিল। প্ৰায় পঞ্চলিছ মিনিটৰ যাত্ৰাৰ পাছত আমি Osanbashi Yokohama International Passenger Terminal ত প্ৰৱেশ কৰিলোঁ। ষ্টীলৰ টাৰমিনেলৰ নির্মাণ শৈলী আছিল দৃষ্টিনন্দন। কাষত সাগৰৰ নীলা জলৰাশি আৰু সৰু ডাঙৰ কেইবাখনো জাহাজ। সাগৰৰ সৈতে এয়া মোৰ প্ৰথম সাক্ষাৎ। নাকা ৱাৰ্ডস্থিত য়কিহামা পৰ্টৰ উপকূলত ৰৈ মই সাগৰখনৰ ফালে অপলকভাৱে চাইছিলোঁ। সাগৰ দেখাৰ প্ৰথম অভিজ্ঞতা আৰু অনুভৱ কেনেকুৱা হ’ব পাৰে সেয়া সাগৰ দেখা প্ৰতিজন অনুভৱী মানুহে জানে। প্ৰথমবাৰৰ বাবে সাগৰ দেখা আনবোৰ মানুহৰ দৰেই মোৰ অনুভৱবোৰো হৈ পৰিছিল সাগৰৰ দৰে নীলা, অভিজ্ঞতাবোৰে উৰ্মিমালা হৈ খুন্দা মাৰিছিল হৃদয় আৰু মনৰ গভীৰতাত। আচলতে সাগৰ নেদেখাকৈয়ে মই মনৰ মাজত বহুদিনৰ পৰা এখন সাগৰ কঢ়িয়াই লৈ ফুৰিছিলোঁ। মনত সযতনে কঢ়িয়াই লৈ ফুৰা সেই সাগৰখন আহি মোৰ চকুত ধৰা দিলেহে। মই প্ৰেমিক হৈ পৰিছিলো। সাগৰৰ প্ৰেমিক। আৱেগেৰে যেন জপিয়াই পৰিমগৈ সাগৰৰ মাজত। বাৰিষাৰ ব্ৰহ্মপুত্ৰ পাৰাপাৰহীন ৰূপটোৱেই আছিল মোৰ বাবে সাগৰৰ আৰ্হি। সেই ব্ৰহ্মপুত্ৰখন বৈ আহি সেইদিনা য়ক’হামা উপকূলত সঁচাকৈ সাগৰ হৈ পৰিছিল। বাওঁফালে ৰৈ থকা বৃহত্তৰ জাহাজখনৰ ওপৰত আমাৰ দৃষ্টি নিবন্ধ হ’ল। সোণালী ৰঙেৰে লিখা আছিল এটা নাম- Nippon Maru। হয়হ্ল মই ঠিকেই দেখিছিলোঁ, সেইখনেই আছিল আমাৰ ‘নিপ্পন মাৰু’। ডাঠ নীলা ৰঙৰ জাহাজখনৰ প্ৰেমত পৰিবলৈ মোৰ বেছি পৰ নালাগিল। মোৰ দৰে সকলোৱে জাহাজখনৰ ফালে বিস্ময়ৰে চাইছিল। সেই দৃষ্টিৰ মাজত আছিল আগ্ৰহ আৰু আন্তৰিকতা। ভাবি আচৰিতেই হৈছিলোঁ আগন্তুক প্ৰায় এমাহ সময় আমি এই জাহাজখনৰ বুকুতেই থাকিম। এই জাহাজখনত উঠি আমি সাগৰৰ নীলাবোৰৰ মাজত বিলীন হৈ যাম। বিলীন হৈ যাম দিগন্ত বিয়াপি থকা ‘নীলিম সলিল ৰাশি বাধাহীন উৰ্মিমালা’ৰ মাজত।য়ক’হামা চিটি ৱাকৰ সময় হৈছিল। যিহেতু আমি চাৰি বজাতহে জাহাজত উঠিম সেয়েহে তেতিয়াও আমাৰ হাতত দুইঘন্টা আছিল। সময়ৰ সদ্ব্যৱহাৰ কৰাৰ উদ্দেশ্যেৰে লেটাৰ গ্ৰুপৰ সকলো লগ হৈ পৰ্টৰ নিকটৱৰ্তী ঠাইবোৰত ফুৰিবলৈ ওলালোঁ। ওচৰৰ পাৰ্ক কেইখনৰ সৌন্দৰ্যই আমাক বিমুগ্ধ কৰিলে। ইটাবৰণীয়া ঘৰবোৰ আছিল অন্যতম আকৰ্ষণ। য়ক’হামা ৱাটাৰফন্ট এলেকাত আমি উদ্দেশ্যবিহীনভাৱে ফুৰিলোঁ। প্ৰায় এক কিলোমিটাৰ দূৰত্ব অতিক্রমী আমি দূৰৰ পৰা দেখি থকা Cosmo Clock 21 ৰ ওচৰ পালোগৈ। ইমান ডাঙৰ চকৰি। চার্কাচত উঠা সৰু সৰু চকৰীবোৰলৈ মনত পৰি গ’ল। আৰু Centripetal Acceleration ৰ বাবে নামি আহোতে লগা ওফৰি পৰিম যেন ভাৱটোলৈ। Cosmo Clock 21 আমি সচৰাচৰ উঠি থকা চার্কাচৰ সৰু চকৰী নহয়। ই হৈছে এসময়ৰ বিশ্বৰ সবৰ্বাচ্চ ferris wheel । সেয়া আছিল ১৯৮৯-৯২ চনৰ কথা। উচ্চতা ১১২.৫ মিটাৰ । উল্লেখযোগ্য যে সম্প্ৰতি ১৬৭.৬ মিটাৰ উচ্চতাৰে লাচ ভেগাচৰ High Rullar এই গৌৰৱৰ অধিকাৰী। Cosmo Clock 21ত উঠিবলৈ পোৱা হ’লে সমগ্ৰ য়ক’হামা অঞ্চলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিলোহেতেঁন। কিন্তু মোৰ ইচ্ছাটো হেঁতেনৰ মাজতে সীমাবদ্ধ হৈ ৰ’ল। চায়েই হেঁপাহ পলোৱালোঁ। তাৰ পাছত স্মাৰক ক্রয়ৰ উদ্দেশ্যে নিকটৱৰ্তী দোকানবোৰত সোমালোঁ। মিজুকি, চেহান, ফিলিপৰ সৈতে কথা পাতি পাতি ঘূৰিলোঁ। ৰেষ্টুৰা এখনত সোমাই কফি খালোঁ। কিছু দূৰত য়কিহামা পৰ্ট মিউজিয়ামটো আছিল যদিও আমাৰ সময় নাছিল। নিৰ্দিষ্ট সময় আহি পোৱাত দৌৰি দৌৰি টাৰমিনেলৰ দিশে আগবাঢ়িলোঁ।

তাৰ পাছত...

তাৰ পাছত আৰম্ভ হৈছিল প্ৰায় এমাহজোৰা সমুদ্ৰ যাত্ৰা, আৰম্ভ হৈছিল আমাৰ অনুষ্ঠানৰ Onboard training session। আমি উপস্থিত হৈছিলোগৈ চিংগাপুৰত। চেন্নাইত উপস্থিত হৈ উপলব্ধি কৰিছিলো স্বদেশ প্ৰেমৰ গভীৰতা। কলম্বোত লাভ কৰিছিলোঁ চুবুৰীয়াৰ উমাল সান্নিধ্য। পুনৰ ‘নিপ্পন মাৰু’ জাহাজৰ বুকুত উঠি উভতি আহিছিলোঁ হাইকু আৰু চামুৰাইৰ দেশলৈ। প্ৰশান্ত মহাসাগৰৰ উৰ্মিমালাবোৰৰ মাজত দেশ-মহাদেশৰ সংকীৰ্ণ পৰিসীমাৰ পৰা মুক্ত হৈ, বিশ্বপ্ৰেম আৰু মানৱতাবাদৰ ব্যৱহাৰিক শিক্ষাৰে আমি দীক্ষিত হৈছিলোঁ। অৱশেষত ২৯ ফেব্ৰুৱাৰীৰ দিনা টকিঅ’ বন্দৰৰৰ ওচৰত উপস্থিত হৈছিলহি ‘নিপ্পন মাৰু’ । সাগৰৰ মাজত কেতিয়াবা এটুকুৰা মাটিৰ বাবে, অলপ সেউজীয়াৰ বাবে উদ্বাউল হৈ থকা মনবোৰ কিন্তু তেতিয়া ‘নিপ্পন মাৰু’ৰ পৰা নামি আহিব খোজা নাছিল। Farewell Dinner ত যেতিয়া আলিংগনবদ্ধ হৈ প্ৰতিজনে কান্দিছিলো তেতিয়া উপলব্ধি কৰিছিলোঁ বিশ্ব-প্ৰেমৰ মাহাত্ম্য। চল্‌চলীয়া চকুৰে সোঁহাতখন জোকাৰি আঁতৰি গৈছিল । দৌৰি আহি আন্নাই মোক সাৱটি লৈছিল। মুখৰ ভাষাৰ হেৰুৱাইছিলোঁ। প্ৰস্থানদ্বাৰৰ সমুখত ৰৈ থকা চাট’চিক বিদায় জনাব পৰা নাছিলোঁ। তেওঁৰ দুচকুৰে দুধাৰ চকুলো বৈ আহিছিল। আমাৰ এডমিনৰ সকলোতকৈ চাট’চি আছিল সপ্ৰতীভ আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ । যাৰ বাবে তেওঁৰ সৈতে আমাৰ সম্পৰ্ক আছিল অতি নিবিড়। পিছফালে নোচোৱাকৈ নিপ্পন মাৰু আৰু টকিঅ’ পৰ্টৰ ভূ-পৃষ্ঠ সংযোগী আবদ্ধ দলংখনেৰে আমি খোজ দিছিলোঁ। মাইক মাটচুনুৱে আমাৰ হাতত পাচপৰ্টবোৰ তুলি দিছিল। বেগবোৰ লৈ ৰৈ থকা বাছখনৰ ওচৰলৈ গৈ থাকোতে দূৰৈৰ পৰা দৌৰি আহি কেবিনমেট টাকুমিয়ে যেতিয়া মোক সাৱটি ধৰিছিল, মোৰ সোঁহাতখনত ধৰি অ’চাকাই যেতিয়া ফেঁকুৰিছিল আমাৰ বন্বুত্বৰ স্থায়ীত্ব কামনাৰে মোৰ দুচকুৰ পৰাও লোটক সৰিছিল। বিদায় পৰ্বৰ দুখবোৰ সাৱটি আমি চিলি ডেলিগেচনৰ সৈতে একেখন বাছতে উঠি নাৰিটা এয়াৰপৰ্টলৈ যাত্ৰা কৰিছিলোঁ। তাৰ পাছত এয়াৰপৰ্টত কিছুসময় অতিবাহিত কৰি NH0837 নম্বৰ নিপ্পন এয়াৰৱেজৰ উৰাজাহাজখনৰ মোৰ নিৰ্দিষ্ট আসনখনত বহি উৰা মাৰিছিলোঁ স্বদেশলৈ। প্ৰশান্ত মহাসাগৰৰ মৌচুমী আৰু উৰ্মিমালাবোৰৰ মাজত দেশ-মহাদেশৰ সংকীৰ্ণ পৰিসীমাৰ পৰা মুক্ত হৈ, বিশ্বপ্ৰেম আৰু মানৱতাবাদৰ ব্যৱহাৰিক শিক্ষাৰে দীক্ষিত হোৱা সেই দিনবোৰৰ মাজলৈ মই পুনৰ উভতি যাব খোজো। পুনৰ লাভ কৰিব খোজো জাপানৰ মৌচুমীৰ আলিংগন, চিংগাপুৰৰ ফুলৰ সুবাস, কলম্বোৰৰ সান্নিধ্য। পুনৰ সাগৰৰ বিশালতাৰ মাজত বুৰ গৈ আৱিস্কাৰ কৰিব খোজো নিজানত নিজক। John Masefieldৰ দৰে আক্রান্ত হওঁ সাগৰীয় জ্বৰত-

I must down to the seas again, to the lonely sea and the sky,

And all I ask is a tall ship and a star to steer her by,

And the wheel's kick and the wind's song and the white sail's shaking,

And a grey mist on the sea's face and a grey dawn breaking.( Sea-Fever, 1902)