বুঢ়ী আইৰ সাধুত জাতীয় জীৱন আৰু মননৰ ৰেঙণি


বুঢ়ী আইৰ সাধু প্ৰকাশৰ সময়ত বেজবৰুৱাৰ চিন্তা আৰু দৰ্শনে পৰিপক্কতা লাভ কৰিছিল। সেয়ে সাধুকথাবোৰ সংগ্ৰহ কৰি পোনে পোনে ছপাই দিয়াৰ সলনি সাধুকথা সম্পৰ্কীয় তাত্ত্বিক গ্ৰন্থ অধ্যয়নৰ যোগেদি সেইবোৰ বৈজ্ঞানীকভাৱে পৰিশোধন কৰিছিল। এইদৰেই অসমত সাধুকথাৰ বিদ্যায়তনিক চৰ্চাৰ বাট মুকলি কৰিছিল। বেজবৰুৱাক যদি কোনোবাই সাধুকথাৰ সাধাৰণ সংগ্ৰাহক বুলি ভাৱে, তেন্তে নিতান্তই ভুল কৰা হ’ব। সেই কথাৰ প্ৰমান তেওঁ বুঢ়ী আইৰ সাধুুৰ পাতনিত দি গৈছে।১বেজবৰুৱা সচেতন আছিল যে প্ৰত্যেক জাতিৰ লোককথাৰ মাজত জাতিটোৰ অতীতৰ জীৱন চৰ্যাৰ ইঙ্গিত সাঙুৰ খাই থাকে। সাধুকথাক জাতিটোৰ আত্মজীৱন চৰিত বুলিয়েই তেওঁ কৈ পেলাইছে।২ বুঢ়ী আইৰ সাধুৰ মাজত অসমীয়া জাতীয় জীৱনৰ অনুৰণন বিচৰাটো সেয়ে অযুগুত বুলিব পৰা নাযায়। সেইবাবেই বোধহয় দুই বুধিয়কৰ কথন আৰু শ্ৰৱন বিৰক্তিকৰ বা অপ্ৰাসঙ্গিক হোৱা নাই। বৰঞ্চ ইয়াক দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে অধিক মানুহৰ ওচৰলৈ নিয়া হৈছে।৩ বিভিন্ন দেশৰ সাধুকথাত একেধৰণৰ উপাদান কি কি কাৰণত থাকিব পাৰে সম্পৰ্কে বেজবৰুৱাই যথেষ্ট চিন্তা কৰিছিল। যিটো কোনো এগৰাকী লোককথাৰ সংগ্ৰাহকৰ ক্ষেত্ৰত থাকিব লগা অন্যতম গুণ। ফিনিশ্ব লোকতত্ত্ববিদ জুলিয়াছ ত্ৰুনে ঊনবিংশ শতিকাত লোককথা অধ্যয়নৰ বাবে কিছু পৰিকপ্লিত পথ মুকলি কাৰবলৈ চেষ্টা কৰিছিল। ৱাাৰ এণ্ডাৰছনে ১৯২৩ চনত ৰচনা কৰা Kaiser und Abt (সম্ৰাট আৰু সন্নাসী) গ্ৰন্থত সাধুকথাৰ প্ৰব্ৰজন সম্পৰ্কীয় ধাৰণাই তাত্ত্বিক ৰূপ লাভ কৰে। ই ঐতিহাসিক-ভৌগোলিক তত্ত্ব হিচাপে পৰিচিত হয়। সাধুকথাৰ পাঠভেদক একোটা নতুন সাধু বোলাৰ পৰিপন্থী এই তত্ত্ব পৰৱৰ্তী সময়ত অসাৰ বুলি সৰহসংখ্যক গৱেষকে ঘোষণা কৰিছে যদিও বেজবৰুৱাৰ সময়ত এই তত্ত্ব লোককথা অধ্যয়নৰ একপ্ৰকাৰ অপৰিহাৰ্য দৃষ্টিভঙ্গী আছিল। বেজবৰুৱাই বিভিন্ন ভাৰতীয় ভাষাৰ সাধুকথাৰ মাজত দেখা পোৱা সামঞ্জস্যৰ অন্তৰাল নিৰূপন কৰাৰ যক্তিযুক্ত উপায় আছিল ঐতিহাসিক-ভৌগোলিক তত্ত্বৰ আধাৰত সিবোৰৰ বিচাৰ কৰা। তেওঁ বুঢ়ী আইৰ সাধু পাতনিত লিখিছে - ‘এদেশৰ সাধু আন এদেশৰ সাধুৰে মিলি যোৱাৰ কেইবাটাও কাৰণ আছে; তাৰে প্ৰথমটো হৈছে সাধুবোৰ ইমান পুৰণি যে অতীতৰ আৰ্যবংশীয় মানুহবোৰ একেলগে থাকোঁতেই সেইবোৰ ৰচিত হয়। কালক্রমত আৰ্যবিলাক ফাটি য়ুৰোপ আৰু এচিয়াত ভাগ ভাগ হৈ পৰিলত দেশ-কাল পাত্ৰ অনুসৰি তেওঁলোকৰ স্বভাৱ আৰু গঢ় গতিৰ সলনি হোৱাদি সেই সাধুবোৰৰো গঢ় গতিৰ সলনি ঘটিছে। ... দ্বিতীয়তে, এদেশৰ সাধু লাহে লাহে মুখে মুখে বাগৰি আন দেশলৈ নগৈ নাথাকে আৰু যাওঁতে বাটত তাৰ মোট সলনি নহৈ নাথাকে ।৪ সাধুকথা সম্পৰ্কীয় বেজবৰুৱাৰ উক্ত তত্ত্ব আধাৰিত ধাৰণাই তেওঁক বুঢ়ী আইৰ সাধুৰ সাধুবোৰ লিখি উলিওৱাত নিশ্চয় উৎসাহিত কৰিছিল। সাধু এটাৰ পৰিৱৰ্তনশীল আৰু অপৰিৱৰ্তনশীল অংশবোৰ নিৰ্ধাৰণ কৰিবলৈও বেজবৰুৱা সক্ষম হৈছিল বুলি ভবাত অসুবিধা নাই। তাকে নজনা হ’লে তেওঁ সাধুকথাৰ সংগ্ৰহ কৰা কামটো অৰ্থহীন বুলিয়ে বিবেচনা কৰিহেতেঁন। কাৰণ ইতিমেধ্যে তেওঁ বাঙালী সাধুকথাৰ সংকলন ‘টুনটুনিৰ বই’ আৰু ‘ঠাকুৰমাৰ ঝুলি’ পঢ়িছে আৰু তাত লগ পাইছে অসমত প্ৰচলিত বহুতো সাধুকথা শাহ। (বুঢ়ী আইৰ সাধুৰ পাতনিত সেয়া উল্লিখিত হৈছে।) তেনে প্ৰেক্ষাপট জনাৰ পাছত বুঢ়ী আইৰ সাধু লিখি উলিওৱা বেজবৰুৱালৈ চৰ্চৗযকাৰ্যৰ আশ্ৰয় লোৱা বুলি আঙুলি টোঁওৱা নাযায়। কিন্তু আঙুলি টোঁওৱাৰ দৰে অঘটন অসমত ঘটি গৈছে। বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুুৰ সাধুবোৰৰ কোনোটো ভাবানুবাদ আৰু কোনোটা পোনপটীয়া অনুবাদ বুলি হঠাৎ এচামে ‘আৱিস্কাৰ’ কৰিছিল। অৱশ্যে অসমৰ বৌদ্ধিক সমাজে জনসাধাৰণৰ সহযোগত বেজবৰুৱাৰ ওপৰত জাপি দিয়া সেই অপবাদ উফৰাই পেলাইছিল। আৰু বুঢ়ী আইৰ সাধুৰ শতিকাযোৰা জয়যাত্ৰা ব্যাহত যাতে নহয় তাৰবাৰে বাট পথ মোকোলাই পেলাইছিল।আমাৰ সচৰাচৰ ধাৰণা হয় যে সাধুবোৰ ৰচিত কেৱল শিশুৰ বাবে। এই কথা আংশিক ভাৱেহে সত্য। (অৱশ্যে অত্যধিক ভয়ঙ্কৰ বৰ্ণনা থকা বা যৌনতাৰ পয়োভৰ ঘটা সাধুকথা শিশুৰ বাবে নহয়। তেনে সাধুকথা শিশুৰ বাবে প্ৰক্ষেপ কৰাটো অন্যায়।) শিশুৰ মনোজগতে সাধুৰ বিষয়বস্তুত যি বিচাৰি পায়, জ্যেষ্ঠই সেয়া যে নাপায় সি সত্য। কিন্তু সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় পাৰ্গত কথকে যেতিয়া সাধু কয়, তেতিয়া শিশু, জ্যেষ্ঠ সকলো তন্ময় হয়। ককাক বা আইতাকে নাতিক সাধু কোৱাৰ পৰত পাকঘৰত বোৱাৰীয়ে সাৱধানে বাচন ইফাল সিফাল কৰাটো (যাতে আৱাজ নহয়) সকলোৰে চকুৰ আগত থকা দৃশ্য। বুঢ়ী আইৰ সাধুু আজি এশ বছৰ ধৰি একেভাৱে চৰ্চিত আৰু সমাদৃত হোৱাৰ ই অন্যতম কাৰণ। এনেয়েও প্ৰত্যেক মানুহে সমগ্ৰ জীৱনযুৰি শিশুসুলভতা কঢ়িয়াই লৈ ফুৰে। সুযোগ বুজি সেই শিশুসুলভতাৰ প্ৰকাশ ঘটে। সাধুকথাৰ পঠন, কথন, শ্ৰৱন তথা দৰ্শনৰ সময়ত চাগে সেই স্বভাৱ গাঢ় হৈ উঠিবৰ অনুকুল পৰিবেশ ৰচিত হয়। বাস্তৱত কেতিয়াও নঘটা বা নোহোৱা অৱাস্তৱ, অলৌকিকতাৰ মাজত নিজক বিচাৰি, পখীৰ দৰে মনটো উৰাই ফুৰাই সকলো মানুহে পোৱা আমেজৰ মাধ্যম হিচাপে সাধুকথাবোৰক লোকমনে স্বীকৃতি দিছে। বুঢ়ী আইৰ সাধুৱেও সেই সুযোগ অসমীয়া মানুহক দিছে। ফলত গ্ৰন্থখন সমাদৃত হৈ আছে।সাধুকথাৰ জনপ্ৰিয়তা কোনোকালে হ্ৰাস নঘটাৰ আন এটা কাৰণ নিৰূপন কৰা হয়। সেয়া হ’ল সাধুৰ মাজত নিহিত থকা নীতিবাণী। যুগে যুগে সাধুকথাৰ কথকসকলে সমাজক বাট দেখুৱাই নিয়াৰ চেষ্টা কৰে। সমাজৰ নতুন প্ৰজন্মক সভ্যতাৰ পাঠ পঢ়ায়। সাধুকথাত কলাৰ কৈৱল্যবাদ প্ৰযোজ্য নহয়। ই মানুহৰ বাবে, মানৱ সমাজৰ বাবে হিত সাধনৰ লক্ষ্যকে ঘাই কৰি লয়। অসমীয়া ভাষাৰ ‘সাধু’ শব্দটোৱে বহন কৰা অৰ্থ লোকসমাজত প্ৰচলিত কাহিনীবোৰক বুজাবলৈ ব্যৱহাৰ কৰাটো তাৎপৰ্যপূৰ্ণ কথা। এই কথাই বেজবৰুৱাকো গৰ্বিত কৰিছিল। তেওঁ এই সম্পৰ্কত কৈ গৈছে : ‘সাধুকথা মানে সজ কথা বা সন্ত-সাধুৰ উপদেশ বাক্য বুলি আদিৰপৰাই অসমীয়াই ভাবি আহিছে। ... এনে উপকথা বা গপ্লক কোনো দেশৰ কোনো জাতিয়ে ‘সাধু-কথা’ এই ওখ নাম দিয়া নাই। য়ুৰোপীয় (Folktales) বঙালীয়ে ইয়াক ‘ৰূপকথা’, ‘আষাঢ়ে গপ্ল’ বোলে; অসমীয়াৰ দৰে সাধুকথা নোবোলে ।৫ বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট সাধুসমূহত থকা মূল নীতিবাণীটো হ’ল দুষ্টৰ একাল সন্তৰ সৰ্বতিকাল। (এই কথাটোক ‘ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়’ বুলিও ব্যাখ্যা দিয়া হৈছে। যিহেতু ধৰ্মৰ ধাৰণটোৰে সম্প্ৰতি সংকীৰ্ণ গণ্ডী লাভ কৰিছে সেয়ে লোকমনৰ সৰলতাৰ লগত তাক জোঁটাপোটা নকৰাই শ্ৰেয়।) বিভিন্ন ধৰণে ইয়াৰ প্ৰকাশ ঘটিছে মেকুৰীৰ জীয়েকৰ সাধু, বান্দৰ আৰু শিয়াল, ঢোঁৰা কাউৰী আৰু টিপচী চৰাই, বুধিয়ক শিয়াল, তেজীমলা, বুঢ়া-বুঢ়ী আৰু শিয়াল, চিলনীৰ জীয়েকৰ সাধু, তুলা আৰু তেজা, কটা যোৱা নাক খাৰণি দি ঢাক, চম্পাৱতী, জৰদ্গব ৰজাৰ উপাখ্যান, ভেকুলীৰ সাধু আদি সাধুৰ মাজত। সাধুবোৰ কেৱল মুখৰোচক কাহিনী নহৈ জীৱনৰ বাবে শিক্ষা আহৰণৰো মাধ্যম হোৱাৰ বাবে সমাজত ইবোৰ অচল বুলি পৰিগণিত হোৱা সম্ভৱ নহয়। আধুনিক কালত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰগতিৰ বাবে সাধুবোৰৰ চেহেৰা সলনি হৈছে, অৰ্থাৎ সাধুকথাক মানুহৰ ওচৰলৈ বেলেগ বেলেগ মাধ্যমৰ যোগেদি নিয়া হৈছে। কিন্তু সাধুকথাৰ চৰিত্ৰৰূপ প্ৰতিপাদ্য বিষয় একে আছে।শোষকৰ প্ৰতি প্ৰতিবাদ প্ৰত্যেক লোকমনে ধাৰণ কৰে। উপযুক্ত পৰিবেশত সেই প্ৰতিবাদৰ বাহ্যিক প্ৰকাশো ঘটে। লোক জীৱনক পিষ্ট কৰা শাসক শ্ৰেণীৰ প্ৰতি লোকমনত উমি উমি জুই জ্বলি থাকে। সেই জুইক অধিক আয়ুস দিবৰ বাবেই চাগে লোকসমাজত সৃষ্টি হয় শাসক-বিৰোধী লোককথা। বুঢ়ী আইৰ সাধুৰ ভেকুলীৰ সাধু সেইধৰণৰ এটা গুৰুত্বপূৰ্ণ সাধু। ৰজাৰ মইমতালীৰ বিৰুদ্ধে এটা সামান্য ভেকুলীয়ে একো কৰিব নোৱাৰে; কিন্তু সকলো বন্যপ্ৰাণী গোট খাই সন্মিলিতভাৱে আক্রমণ কৰি অহঙ্কাৰী ৰজাক পৰাজিত কৰিছে আৰু গৰ্ব খৰ্ব কৰিছে। অত্যাচাৰী শাসকৰ বিৰুদ্ধে লোকমনত থকা এই বিদ্ৰোহ কাহানিও সলনি হ’ব নোৱাৰে। আজি যদি আমি আমাৰ শাসকৰ ওচৰত নিজৰ নিৰাপত্তা হেৰাই যোৱা বুলি অনুভৱ কৰোঁ, তেন্তে আমাক প্ৰতিবাদৰ বাবে কিছু পৰিমানে ভেকুলীৰ সাধুৱেওউৎসাহিত নকৰাকৈ নাথাকিব। সেয়ে লোক জীৱনৰ লগত এইধৰণৰ সাধু সংপৃক্ত হৈ পৰে।আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ ৰাজত্বকালত অসমত উৎপাদনশীল কৰ্মৰ প্ৰতি উদাসীন ভকত তথা ব্ৰাহ্মণসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিছিল। আনৰ মূৰত কঠাল ভাঙি খোৱা সেই মানুহবোৰ যে সমাজৰ বাবে অপকাৰী সেয়া ৰুদ্ৰসিংহই উপলব্ধি কৰিছিল। তেনেধৰণৰ ধাৰণা অসমৰ লোকমনত কেনেকৈ শিপাইছিল কোৱা টান। কিন্তু প্ৰজাৰ হিতৰ প্ৰতি চকু নিদিয়া ৰজা প্ৰতি ৰখাৰ দৰে বিৰূপ মনোভাৱৰ পাত্ৰ হৈ পৰিছিল ব্ৰাহ্মণসকল। অসমৰ সাধুকথাত সেইবাবে ব্ৰাহ্মণৰ স্থান একেবাৰে পুতৌজনক। লিতিকাই ৰখা ধূৰ্ত ব্ৰাহ্মণৰ লিতিকাইৰ দ্বাৰা হোৱা লটিঘটিৰ বিৱৰণেই অসমীয়া সাধুকতাত সুলভ। বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট লট্কন সেইধৰণৰ এটা সাধুকথা। বহু ব্ৰাহ্মণে অযুগুতভাৱে কৰা পাৰ্থিৱ দাবি বা শোষণত বিদ্ৰোহী হৈ পৰা লোকমনক সন্তুষ্ট কৰিবৰ বাবেই এনে সাধুৰ জন্ম হ’ব পাৰে। একেদৰে বৰাগী মেকুৰী সাধুত বেজবৰুৱাই ইঙ্গিতেৰে ভণ্ড ধাৰ্মিকসকলক ব্যঙ্গ কৰিছে। বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট সাধুসমূহে অসমীয়া জাতীয় জীৱনৰ কিছুমান লক্ষ্যনীয় বিষয়ৰ সংকেত বহন কৰি আছে। সাধু যিহেতু সমাজৰ সৃষ্টি সেয়ে সাধুত সমাজৰ প্ৰেক্ষাপট ব্যৱহৃত হয় আৰু সমাজ তাত প্ৰকাশ পোৱাটো অতি স্বাভাৱিক। বেজবৰুৱাই সাধুকথাক জাতীয় সংস্কৃতিৰ দাপোণ বুলি অভিহিত কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে বুঢ়ী আইৰ সাধুৰ মাজত লগ পোৱা অসমীয়া মানুহৰ কিছু চিন্তা চেতনাই জাতিটোক অত্যন্ত নিকৃষ্ট মনৰ বুলি পৰিচয় কৰাই দিয়ে। সেই পৰিচয় আৰোপিত বুলি ক’বৰ সাহস যে আমাৰ আজিও হোৱা নাই সেয়া তাতোকৈ তাৎপৰ্যপূৰ্ণ। দুই বুধিয়ক সাধুটো এইক্ষেত্ৰত আটাইতকৈ উপযুক্ত উদাহৰণ। অসমীয়া মানুহৰ তাৎক্ষণিকভাৱে ধনী হোৱাৰ বাসনা, ‘ইজি মানি’ৰ প্ৰতি আকৰ্ষণ আৰু বিশ্বাসঘাতকী চৰিত্ৰ সাধুটোৱে সৰসভাৱে বহন কৰি আছে। তেনে ‘বুধিয়ক’ ব্যক্তিৰ সংখ্যা অসমীয়া সমাজত অতি ক্ষিপ্ৰ গতিত বাঢ়িহে আহিছে। বুঢ়ী আইৰ সাধুত দেখা পোৱা অসমীয়া সমাজৰ আন এক পৰিশোধনযোগ্য বৈশিষ্ট্য হ’ল নাৰীৰ প্ৰতি দুৰ্ব্যৱহাৰ। নাৰীৰ জীৱন, যৌৱন, আবেগ, অনুভূতিৰ প্ৰতি সামান্যতমো অনুকম্পা বুঢ়ী আইৰ সাধুত প্ৰকাশ পোৱা সমাজখনে অনুভৱ নকৰে। তাৰ পৰিৱৰ্তে পুৰুষসকল হ’ল একাধাৰে সিদ্ধান্ত লওঁতা, সিদ্ধান্ত কাৰ্যকৰী কৰোঁতা, প্ৰেমিক, অহংকাৰী, তেওঁলোকৰ সকলো অপৰাধ ক্ষমাৰ যোগ্য ইত্যাদি। পৌৰুষৰ প্ৰতি সজাগ এনে এজন পুৰুষে নুমলীয়া পো সাধুত গণকৰপৰা নাম পুত্ৰৰ নাম আনিবলৈ গৈ নিজৰ মূৰ্খামিৰ বাবে মাৰ কিল খাই অনেক অথন্তৰৰ মাজেৰে ঘৰ পাই সামান্য কথা এটাত অজুহাত উলিয়াই ঘৈণীয়েকক মাৰ পিত কৰিছে। সাধুটোত এই মাৰপিত কৰা কাৰ্য খুবেই স্বাভাৱিক হিচাপে বৰ্ণিত হৈছে। এটা সময়লৈকে সাধুকথাৰ কথক আৰু শ্ৰোতাসকলেও চাগে বিষয়টোত অস্বাভাৱিকতা দেখা নাছিল। কিন্তু এতিয়া তেনে সাধু আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে অসমীয়া মানুহৰ মানসিকতাৰ ‘ঐতিহ্য’ অধ্যয়নৰ বাবে।নাৰী দমনৰ উৎকৃষ্ট উদাহৰণ হ’ল বুঢ়ী আইৰ সাধুত সংকলিত চিলনীৰ জীয়েকৰ সাধু আৰু মেকুৰীৰ জীয়েকৰ সাধু। দুয়োটা সাধুতে দুজন পুৰুষে নিজ খুচিৰে ইজনীৰ পাছত সিজনী পত্নী গোটাইছে। পুৰুষ দুজনৰ সেই কামত সাধুটোৰ পূৰ্ণ প্ৰশ্ৰয় আছে; তাক অপৰাধ বুলিও ভবা হোৱা নাই। কিন্তু নতুন ঘৈণীৰ আমদানি ঘটাত আগৰ ঘৈণীয়েকৰ মনত যেতিয়া বেজাৰ, ঈৰ্ষা আদি ওপজে তেতিয়া সি হৈ পৰে গুৰুতৰ অপৰাধ। সেই অপৰাধত আগৰ ঘৈণীয়েকহঁতক গিৰিয়েকে জীয়াই জীয়াই পুতি থ’ব পাৰে, কান নাক কাটি খেদি দিব পাৰে, মুঠতে যি ইচ্ছা তাকে কৰিব পাৰে। এসময়ত অসমীয়া সমাজত নাৰীৰ স্থান কেনে আছিল তাৰ আভাস সমাজসৃষ্ট এই সাধুসমূহে দিব পাৰে।বুঢ়ী আইৰ সাধুৰ আটাইতকৈ চৰ্চিত সাধুটো হ’ল তেজীমলা। এজনী মাতৃহীনা ছোৱালীক মাহীমাকে কৰা অত্যাচাৰৰ কাহিনী বিধৃত হোৱা এই সাধুটোৰ প্ৰতিপাদ্য বিষয়বস্তুক সম্প্ৰতি প্ৰত্যাহ্বান জনোৱা হৈছে। ভবা হৈছে, যুগ যুগ ধৰি তেজীমলা নামৰ সাধুটোৱে অসমীয়া মানুহৰ মনত মাহীমাক সম্পৰ্কে নেতিবাচক ধাৰণা কিছুমান সুমুৱাই দি আহিছে। ফলত তেজীমলাৰ মাহীমাকতকৈ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ মাহীমাকসকলো সেই প্ৰতিষ্ঠিত ধাৰণাৰ বলি হৈছে। মাহীমাকজনীৰ মনৰ কোনো খবৰ সাধুটোৱে বহন কৰা নাই। মাথোঁ সকলো অপৰাধ তেওঁৰ ওপৰত জাপি দিয়া হৈছে। তেনেধৰণৰ স্পৰ্শকাতৰ বিতৰ্কৰ অৱকাশ থকাৰ বাবে তেজীমলাক আধুনিক সাহিত্যয়ো বিষয়বস্তু হিচাপে গ্ৰহণ কৰিছে আৰু সাধুটোক নতুন ধৰণে বিশ্লেষণ কৰিছে।৬

বুঢ়ী আইৰ সাধুৰ প্ৰসঙ্গত প্ৰফুল্ল কটকীয়ে কৈছে, ‘বুঢ়ী আইৰ সাধুৰ সাধুবোৰ পাঠকৰ দ্বাৰা যুগ যুগ ধৰি বহুলভাৱে সমাদৃত হৈ ৰোৱাৰ এক প্ৰদান কাৰণ হ’ল লেখকৰ ভাষাৰ যাদুকৰী শক্তিটো। এই সাধুবোৰৰ ভাষা নিৰহ-নিপানী খাটি অসমীয়া ভাষা ।৭ সেইবাবেই সাধুবোৰৰ সমস্ত অবিশ্বাস্য পৰিঘটনা সহজভাৱে মনৰ মাজেৰে পাৰ হৈ যায়। এনেয়েও সাধুক যুক্তিৰে বিচাৰ কৰা নাযায়। তথাপিও সকলো ধৰণৰ কপ্লনা সকলো কথকে শ্ৰোতাৰ মনৰ মাজেৰে সহজভাৱে পাৰ কৰি নিব নোৱাৰে। বেজবৰুৱাই পাৰিছিল তেওঁৰ যাদুকৰী ভাষাৰ বলত।হেলাৰঙে শতবৰ্ষ অতিক্রম কৰা বুঢ়ী আইৰ সাধুৰ প্ৰতি নিৰ্লিপ্ত হৈ থকা সম্ভৱ নহয়। বৌদ্ধিক স্তৰত এই সম্পৰ্কীয় কিছু চৰ্চা হোৱাটো জাতিটোৰ বাবেই শুভ লক্ষণ। আৰু একো নোহোৱাটো? নিশ্চয় তাৰ বিপৰীতটো।

পাদটীকা :

১। বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ পাতনিত লোককথাৰ চৰ্চাত বিশেষভাৱে ধ্যান দিয়া জাৰ্মান পণ্ডিত হাৰ্ডাৰ, বপ্ আৰু গ্ৰীম ভ্ৰাতৃদ্বয়ৰ চৰ্চা আৰু কৃতিৰ প্ৰসঙ্গৰ উল্লেখ লক্ষ্যনীয়।

২। লক্ষ্মীনাথ বেজবৰুৱা, পাতনি, বুঢ়ী আইৰ সাধু

৩। এই সম্পৰ্কত শোণিত বিজয় দাস সম্পাদিত কথা গুৱাহাটী আলোচনীৰ ফেব্ৰুৱাৰী-মাৰ্চ ২০০৮ সংখ্যাত কোৱা, শুনা, পঢ়া আৰু চোৱা : বেজবৰুৱাৰ সাধুকথাতত্ত্ব : আৰু স্মৃতিৰ এক সম্পদ শীৰ্ষক লেখাত মনোজ বৰপূজাৰীয়ে লিখিছে - ‘এই কিতাপখনি(বুঢ়ী আইৰ সাধ)ত থকা মুঠ ৩০ টা সাধুকথাৰ ভিতৰত কেইবাটাও এতিয়া ভিডিঅ’ ছবিলৈ অনা হৈছে। ‘সৰৱজান’ আৰু ‘চিলনীৰ জীয়েকৰ সাধু’ক লৈ (ক্রমে আছিফ ইকবাল হুছেইন আৰু গৌতম বৰুৱা নামৰ দুজন তৰুণ চলচ্চিত্ৰ কৰ্মীয়ে) ভিডিঅ’ ছবি নিৰ্মাণ কৰা আমি দেখিছোঁ।’ তদুপৰি অসীম কুমাৰ শৰ্মাৰ পৰিচালনাত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই দুই বুধিয়কৰ দৃশ্য-শ্ৰব্য ৰূপ সম্প্ৰচাৰ কৰিছিল। এনেধৰণৰ প্ৰচেষ্টাৰ এয়া অন্যতম উদাহৰণ।

৪। লক্ষ্মীনাথ বেজবৰুৱা, উল্লিখিত

৫। উল্লিখিত

৬। উদাহৰণস্বৰূপে ২০০২ চনত ৰত্না দত্তই তেজীমলাৰ মাহীমাকক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ দ্বিতীয়া উপন্যাসখন ৰচনা কৰে। উপন্যাসখনত তেজীমলা সংক্রান্তীয় লোককথাটোৰ ভাববস্তুক প্ৰত্যাহ্বান জনোৱা হৈছে। একে প্ৰসঙ্গতে মৃদুল শৰ্মাৰ নাটক তেজীমলাৰ মাকৰ সাধু নামৰ নাটকখনৰ কথাও উনুকিয়াব পাৰি।

৭ ।প্ৰফুল্ল কটকী, সাহিত্যৰথী, পৃ. ৮৪

গ্ৰন্থপঞ্জী

১. নগেন শইকীয়া : বেজবৰুৱা- ৰচনাৱলী (তৃতীয় খণ্ড), বনলতা, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০১০

২. প্ৰফুল্ল কটকী : সাহিত্যৰথী, জ্যোতি প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০০৬

৩. মদন শৰ্মা (সম্পা.) : বিশ্বকোষ (পঞ্চম খণ্ড), অসম সাহিত্য সভা, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০০৩

৪. লক্ষ্মীনাথ বেজবৰুৱা : বুঢ়ী আইৰ সাধু, ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্বনচ্, গুৱাহাটী, ২০০৯

৫. শোণিত বিজয় দাস (সম্পা.) : কথা গুৱাহাটী, চতুৰ্থ বছৰ দ্বিতীয় আৰু তৃতীয় সংখ্যা, কথা প্ৰকাশন, গুৱাহাটী, ২০০৭-০৮


"Before you act, listen/Before you react, think/Before you spend, earn/Before you criticise, wait/Before you pray, forgive/Before you quit, try" - Ernet Hemingway

সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এগৰাকী অপ্ৰতিহত নেতা হৈছে নৰেন্দ্ৰ মোদী। পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত যোৱা ডেৰটা বছৰত এই গৰাকী ব্যক্তিৰ মনৰ দৃঢ়তা, কৰ্মদক্ষতা আৰু দুৰ্নীতিবিৰোধী অৱস্থানৰ বিষয়ে সমগ্ৰদেশতে ব্যাপক চৰ্চা আৰম্ভ হৈছিল।তাৰে উষ্ম প্ৰতিফলন ঘটিল ২০১৪ চনৰ মে' মাহত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত। কংগ্ৰেছৰ দুৰ্নীতি আৰু বঞ্ছনাৰ ৰাজনীতিৰ অন্ত পেলাই নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হ'ল। কিন্তু প্ৰকৃতপক্ষে অন্ত পৰিলিনে বঞ্ছনাৰ?...



শিক্ষা হ’ল জ্ঞান আহৰণ তথা বিকাশৰ মধুৰতম প্ৰক্ৰিয়া । যি প্ৰক্ৰিয়া মানৱ সম্পদ বিকাশৰ জৰিয়তে মানৱ শক্তি গঢ়াৰ পৰিচায়জক। আচলতে ব্যক্তিৰ জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন। বিখ্যাত দাৰ্শনিক স্বামী বিবেকানন্দই কৈছিল- “শিক্ষাই মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ।” শিক্ষাই এজন ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাসমূহৰ পূৰ্ণ বিকাশ সাধন কৰে। শিক্ষা আৰু প্ৰশিক্ষনৰ অবিহনে কোনো ব্যক্তিয়েই নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশ কৰিব নোৱাৰে।



শংকৰী যুগৰ বলিষ্ট সাহিত্যিক মাধৱদেৱৰ ঝুমুৰাসমূহ নিসন্দেহে অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ সৃষ্টি। শংকৰদেৱৰ অংকীয়া নাটৰ তুলনাত মাধৱদেৱৰ নাটসমূহ কিছু পৃথক। যিহেতু শংকৰদেৱৰ নাটসমূহৰ তুলনাত মাধৱদেৱৰ নাটমূহৰ কাহিনীৰ পৰিসৰ সংকীৰ্ণ সেয়েহে এনেধৰনৰ নাটক ঝুমুৰা বুলি অভিহিত কৰা হৈছে। এই নাটসমূহত শংকৰদেৱৰ নাটৰ দৰে পূৰ্ণ আখ্যান বা উপাখ্যান পোৱা নাযায়। মাধৱদেৱে শংকৰদেৱক অনুসৰণ কৰি ছখন নাটক ৰচনা কৰিছিল বুলি প্ৰবাদ আছে। কিন্তু পাছলৈ তেখেতৰ নামত ভণিতা পেলাই কোনো কোনোৱে গীত ৰচনা কৰাৰ দৰে কেইবাখনো নাট অন্য লোকে ৰচনা কৰা বুলি সন্দেহ কৰা যায়। সি যি কি নহওক মাধৱদেৱৰ নামত প্ৰচলিত পাঁচখন নাটক সন্দেহমুক্ত আৰু মাধৱদেৱৰ ৰচনা বুলি নিশ্চিত। সেই নাট চাৰিখন হ’লঃ অৰ্জুন ভঞ্জন,ভূমি লেটোৱা,চোৰধৰা,পিপৰা গুচোৱা আৰু ভোজন বিহাৰ। ...



বিলত তিৰেবিৰাই/ পদুমৰ পাহি ঐ/ পাতত তিৰবিৰাই পানী/ ৰ'দত তিৰেবিৰাই/ জিঞাৰে পাখি ঐ/ ফুলনিত ফুলৰে ৰাণী।

এই বিখ্যাত গীতটিয়েই কাঢ়ি নিছিল, হৰি নিছিল তেখেতৰ মন প্ৰাণ। নজনাকৈয়ে হৃদয় ফাটি ওলাই আহিছিল মৰমৰ আকুল ভাষাবোৰ। কাৰোবাৰ কণ্ঠ নিগৰি ওলাই আহিছিল এই গীতৰ গুণগুণনি। একো নজনাকৈয়ে প্ৰেমত পৰিছিল সেই ব্যক্তিগৰাকী। কোনোবা এদিন কৰবাত এটি কুমাৰীয়ে "বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ" গীতটি গোৱা শুনিছিল। তেওঁ নজনাকৈয়ে স্মৃতিৰ ফুলনিত সেই গীতৰ মূৰ্ছনাই এটি সুমধুৰ সপোনৰ ছবি আঁকি গৈছিল, যাৰ পৰশত ৰচনা হৈছিল 'পাপৰি', 'পাপৰি স্বপ্ন', 'স্বপ্ন ভংগ', 'শেষ শয্যা' আদি বিখ্যাত কবিতা। সেইজন মহান ব্যক্তিয়েই হ'ল গণেশ গগৈ। ১৯০৭ চনৰ ২৮ ডিচেম্বৰত যোৰহাট নগৰত জন্মগ্ৰহণ কৰা গগৈদেৱ আছিল প্ৰেমৰ পূজাৰী। সৌন্দৰ্যৰ মাজেৰে সাজি ওলোৱা বিশ্ববিয়পা প্ৰিয়াৰ প্ৰেম তেওঁ বাঞ্চা কৰিছিল। 'পাপৰি', 'শেষ শয্যা' আদি কবিতাবোৰে গগৈদেৱৰ জীৱনৰ অভিজ্ঞতা আৰু প্ৰৱাহ স্পষ্টকৈ দেখুৱাই দিয়ে।