গনতান্ত্ৰিক ৰাষ্ট্ৰত বঞ্চনাৰ ৰাজনীতি


"Before you act, listen/Before you react, think/Before you spend, earn/Before you criticise, wait/Before you pray, forgive/Before you quit, try" - Ernet Hemingway

সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এগৰাকী অপ্ৰতিহত নেতা হৈছে নৰেন্দ্ৰ মোদী। পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত যোৱা ডেৰটা বছৰত এই গৰাকী ব্যক্তিৰ মনৰ দৃঢ়তা, কৰ্মদক্ষতা আৰু দুৰ্নীতিবিৰোধী অৱস্থানৰ বিষয়ে সমগ্ৰদেশতে ব্যাপক চৰ্চা আৰম্ভ হৈছিল।তাৰে উষ্ম প্ৰতিফলন ঘটিল ২০১৪ চনৰ মে' মাহত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত। কংগ্ৰেছৰ দুৰ্নীতি আৰু বঞ্ছনাৰ ৰাজনীতিৰ অন্ত পেলাই নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হ'ল। কিন্তু প্ৰকৃতপক্ষে অন্ত পৰিলিনে বঞ্ছনাৰ?

ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰৎ নৰেন্দ্ৰ মোদীৰ উদাত্ত ভাষণে শ্ৰোতা দৰ্শকক যিমানেই আপ্লুত কৰিছিল, সিমানেই বৃদ্ধি পাইছিল জনসাধাৰণৰ প্ৰত্যাশা। কবলৈ গলে জনসাধাৰণৰ আশা-আকংক্ষা পূৰণৰ ভাৰসা হৈ পৰিছিল তথাকথিত মোদীৰ বিকাশৰ আৰ্হি। এই বিকাশৰ আৰ্হিৰ স্বৰূপ কি, সেইটো তেতিয়াও স্পষ্ট হোৱা নাছিল, এতিয়াও হোৱা নাই। অৱশ্যে, বিকাশ সম্পৰ্কীয় বিভিন্ন তত্ত্ব-সমীক্ষা আৰু পৰিসংখ্যাবোৰ সাধাৰণ লোকৰ সহজ বোধগম্য নহয়, সেইটোও সঁচা। গতিকে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েনো দেশলৈ কেনে পৰিৱৰ্তন আনিবলৈ বিচাৰে আৰু তাৰ বাবে তেওঁৰ চৰকাৰে কি নীতি গ্ৰহণ কৰে, সেইটোলৈ সচেতন নাগৰিকসকলে দৃষ্টি নিক্ষেপ কৰাটো স্বাভাৱিক।

স্বাভাৱিকতে নৰেন্দ্ৰ মোদী চৰকাৰৰ গতিবিধিৰ ওপৰত সকলোতে সূক্ষ্ম বিশ্লেষণ চলিছে। সমগ্ৰ দেশবাসীয়ে এটা আমূল পৰিৱৰ্তন বিচাৰিছে। প্ৰশ্ন উত্থাপন হৈছে,উত্তৰ পুৰুষৰ মাজত; প্ৰাৰম্ভিক গতিগোত্ৰত এই পৰিৱৰ্তনৰ কিবা ইংগিত আছেনে? পৰম্পৰাগতভাৱে লাঞ্ছিত, বঞ্চিত হৈ থাকিব লাগিব নেকি উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিক?

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোক সকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱ সদায়েই নেতিবাচক আছিল। আনহে নালাগে উদাৰ আৰু সহিষ্ণু বুলি খ্যাত জাতিৰ পিতা মহাত্মা গান্ধীৰো এটা সময়ত অসম তথা উত্তৰ পূৱৰ প্ৰতি মনোভাৱ আছিল অত্যন্ত দুৰ্ভাগ্যজনক। গান্ধীয়ে ১৯০৮ চনত লিখা "হিন্দ স্বৰাজ" নামৰ গ্ৰন্থত অসমৰ মানুহক কুখ্যাত পিণ্ডাৰী, দস্যু আৰু ঠগবোৰৰ লগতহে তুলনা কৰিছিল। অসমক সভ্যতাই স্পৰ্শ নকৰা বুলিয়েই ভাবিছিল। প্ৰথমবাৰৰ বাবে অসমলৈ আহি অজ্ঞাতবশতহে তেনে মন্তব্য কৰিছিল বুলি গান্ধীয়ে পৰৱৰ্তী সময়ত দুখ প্ৰকাশ কৰিছিল। একালত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দাসকলৰৰ প্ৰতি স্বয়ং গান্ধীৰ মনত যেনে নেতিবাচক ধাৰণা আছিল তেনে ধাৰণা আযাবতৰ তথাকথিত মূলসুঁতিৰ অধিকাংশ ভাৰতীয়ৰ মনত এতিয়াও বিদ্যমান। অসম তথা উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ মানচিত্ৰৰ অন্তৰ্ভূক্ত হলেও উত্তৰ ভাৰতৰ প্ৰভূত্বশালী মহলৰ চিন্তা চেতনাত অসমীয়াৰ বিশেষ স্থান নাই। আজিও উত্তৰ পূৱৰ ছাত্ৰ ছাত্ৰী নিৰৱচ্ছিন্নভাৱে কাৰোবাৰ কামনা বাসনা নাইবা জঘন্যতাৰ বলি হয়। উল্লেখযোগ্য যে, বিজেপি দলৰ বিধানসভা নিৰ্বাচনৰ উপলক্ষে প্ৰকাশিত "ভিজন ডকুমেণ্ট"ত উত্তৰ পূৱৰ লোকক immigrnats বা migrants বুলি উল্লেখ কৰি আচলতে মূলসুঁতিৰ ভাৰতীয়ৰ প্ৰতি উত্তৰ পূৱ প্ৰান্তৰ লোকৰ প্ৰতি থকা মনোভংগীৰ প্ৰতিফলন ঘটালে।

ঠিক সেইদৰে নৰেন্দ্ৰ মোদীৰ চাহ শ্ৰমিক বিৰোধী নীতিৰ সম্পূৰ্ণ ৰাজনৈতিক লাভ উঠোৱাৰ বাবে এ,চি,এম,এছ তৎপৰ হোৱা পৰিলক্ষিত হৈছে।বিজেপিৰ চাহ শ্ৰমিক সংগঠনৰ প্ৰতি থকা নীৰৱতাই চাহ শ্ৰমিক সকলক বিপাঙত পেলাইছে।

গতিকে নমহীয়া শাসনকালতে মোদী চৰকাৰৰ উদ্দেশ্য, লক্ষ্য তথা কৰ্ম পদ্ধতি স্পষ্ট হৈ পৰিছে। এগৰাকী বৰ্ষীয়ান নেতা হিচাপে তেখেতৰ প্ৰতিটো কাৰ্যপন্থাৰ প্ৰতি ব্যক্তিগতভাৱে আমি অত্যন্ত সজাগ। কিন্তু তেখেতৰ বঞ্ছনাসুলভ ৰাজনৈতিক কৰ্তব্যই স্বাভাৱিকতে আমাৰ মনলৈ তীব্য হতাশা কঢ়িয়াই আনিছে।

প্ৰশ্ন হয়, হিন্দুত্ববাদী শক্তিসমূহৰ অহেতুক তৎপৰতাৰ আঁৰত ৰাজনৈতিক নেতৃত্বৰ প্ৰচ্ছন্ন সমৰ্থন আছে নেকি? প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে এই শক্তি সমূহক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে নেকি। যি গৰাকী প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ এজেণ্ডা লৈ দেশৰ ভাষা-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে সকলো লোকৰ সমৰ্থন লাভ কৰি দিল্লীৰ ক্ষমতা দখল কৰিবলৈ সমৰ্থ হৈছিল সেই গৰাকী প্ৰধানমন্ত্ৰী একাংশ ধৰ্মোন্মাদৰ হাতত পৰাজিত হ'ল নেকি? হিন্দুত্ববাদী শক্তিসমূহৰ তৎপৰতাত প্ৰধানমন্ত্ৰী গৰাকী ৰহস্যজনকভাৱে মৌন হৈ থকাক লৈ অকল ভাৰততে নহয়, মাৰ্কিন যুক্তৰাস্ট্ৰৰ দৰে দেশতো প্ৰশ্ন উত্থাপন হৈছে।

ধৰ্মীয় সহিষ্ণুতাৰ সমান্তৰালভাৱেই চলি আছে বঞ্চনা। প্ৰকৃততে নৰেন্দ্ৰ মোডী সেই সময়ত হৈ পৰিছিল দুৰ্ভগীয়া জনসাধাৰণৰ অৱদমিত আশা-আকাংক্ষাৰ প্ৰতীক-মহঙা বজাৰৰ অত্যাচাৰ, ভয়াৱহ নিবনুৱা সমস্যা, জীৱনৰ শেষ নিৰাপত্তাকণৰ ওপৰতো দুৰ্বৃত্তৰ দপদপনি, কৃষকৰ জীৱনৰ মৰ্মন্তুদ বিড়ম্বনাৰ পৰা মুক্তিৰ আকাংক্ষা, সুস্থ, সচ্ছল আৰু স্বচ্ছ জীৱনৰ সপোন আৰু সহানুভূতিশীল ৰাষ্ট্ৰৰ সপোন। কিন্তু মাত্ৰ কেইমাহমানৰ ভিতৰতে সেই আশা, সেই আকাংক্ষা, মৰীচিকা যেন বোধ হৈছিল। গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সাংবিধানিক নাগৰিকত্ব লাভৰ বিড়ম্বনা সেই দিনাই অনুভৱ হৈছিল।

অৱশ্যে, নৰেন্দ্ৰ মোডীৰ ইতিবাচক পদক্ষেপো নোহোৱা নহয়, কিন্তু এই পদক্ষেপসমূহে বৰ্তমানে সৰ্বহাৰাৰ সুৰক্ষাকবচ হিচাপে পৰিগণিত হোৱা নাই। এফালে নমো মন্দিৰ নিৰ্মাণৰ সমান্তৰালভাৱেই দিল্লীত অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে ৬৭ খন আসন লাভ কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰে। আনহাতে, থমকিল মোডীৰ বিজয় ৰথ, শূন্য হাতেৰে নিশ্চিহ্ন হ'ল ছোনিয়া-ৰাহুলৰ কংগ্ৰেছ।

গতিকে, মোডী চৰকাৰে প্ৰাৰম্ভিকতে বঞ্ছনা কৰাৰ প্ৰত্যুত্তৰ জণগণে অনাকাংক্ষিতভাৱে দিলে। বক্তৃতাৰ ফুলজাৰিৰে ভোট ভিক্ষা মাগিবলৈ যোৱা আমাৰ সন্মানীয় নেতাসকলৰ বাগ্মিতা ক্ষন্তেকৰ বাবে হলেও স্তব্ধ হৈ ৰ'ল। বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিত মনে প্ৰাণে আশ্বাস ৰখাসকলৰ আকাংক্ষা যেন মৰীচিকালৈ ৰূপান্তৰ হ'ল।

ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ ভূমিকাও যেন আগন্তুক নিৰ্বাচন সমূহলৈ অশনি সংকেতহে কঢ়িয়াইছে। দম্ভ-অহংকাৰ-ভ্ৰষ্টাচাৰ-দুৰ্নীতিত নিমজ্জিত তৰুণ গগৈৰ চৰকাৰখনৰ প্ৰতি জনগণৰ ক্ষোভ-অসন্তুষ্টি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। অসমত কংগ্ৰেছ কেৱল বঞ্ছনাৰ প্ৰতীক, বিসম্বাদৰ ৰাজনীতি আৰু বিশৃংখল, অপৰিপক্ক নেতাৰ এক কদৰ্য চৰকাৰৰ ব্যবস্থা, যি দলে জাতীয়তাবাদী ভাৱধাৰাক কেতিয়াবাই ত্যাগ কৰিছে। কংগ্ৰেছৰ আদৰ্শৰ পৰিৱৰ্তন ঘটিছে, নেতাসকলৰ ক্ষমতালিপ্সা বৃদ্ধি পাইছে। ঠিক সেইদৰে আঞ্চলিকতাবাদীসকল নাওঁ বুৰিলেও টিঙৰ পৰা নানামে। সেয়েহে, আমি শোষিত জনগণ সচেতন হোৱাৰ সময় সমাগত। ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে আমি তৃতীয় বিকল্পৰ পোষকতা কৰিব বিছাৰোঁ যদিও "আপ"ৰ ভিতৰৰ চৰাত চলি থকা কন্দল দেখি স্তম্ভিত হওঁ।

পৰিশেষত, প্ৰতি গৰাকী সচেতন নাগৰিকলৈ আমাৰ বিনম্ৰ অনুৰোধ-"আপোনালোকে যেন ভোটদান কৰিবলৈ গৈ আৱেগিক উত্তেজনাৰ বশৱৰ্তী নহয়; নাইবা কাৰোবাৰ ভুৱা প্ৰতিশ্ৰুতিৰ দ্বাৰা পৰিচালিত নহ'ব। নহলে হয়তু গণতান্ত্ৰিক ৰাষ্ট্ৰখনতো সেই ভুৱা প্ৰতিশ্ৰুতি সমূহৰ দ্বাৰা ক্ৰমাগতভাৱে পৰিচালিত হৈ যাব লাগিব। ইয়াৰ সমান্তৰালভাৱে হয়তো গণতান্ত্ৰিক ৰাষ্ট্ৰৰ অন্য এক প্ৰধান বৈশিষ্ট্য হিচাপে পৰিগণিত হ'ব "বঞ্চনাৰ ৰাজনীতি" ।

সহায়কঃ

১) মোডী চৰকাৰৰ প্ৰথম দুমাহ, ড০ জয়কান্ত শৰ্মা, ১৭শ সংখ্যা, প্ৰান্তিক, ১-১৫ আগষ্ট, ২০১৪

২) বঞ্ছনাৰ ৰাজনীতি বন্ধ নহলে পৰিণতি বিষম হব, ৰঞ্জন চৌধুৰী, অসমীয়া প্ৰতিদিন, ৯ ডিচেম্বৰ, ২০১৪, পৃষ্ঠা নং ৪

৩) বিকল্প ৰাজনীতি, সম্পাদনা মেজ, অসমীয়া প্ৰতিদিন, ১৩ ফেব্ৰুৱাৰী, ২০১৫

৪) সুশাসন নে হিন্দুত্ববাদ, সম্পাদকীয়, আমাৰ অসম, ১০ জানুৱাৰী, ২০১৫, পৃষ্ঠা নং ৪

৫) ঐতিহাসিক, সম্পাদনা মেজ, ১১ ফেব্ৰুৱাৰী, ২০১৫, পৃষ্ঠা নং ৪

৬) ৰক্ষাকৱজৰ ৰাজনীতি, লক্ষ্মীনাথ তামুলী, ১১ ফেব্ৰুৱাৰী, ২০১৫, পৃষ্ঠা নং ৪


শিক্ষা হ’ল জ্ঞান আহৰণ তথা বিকাশৰ মধুৰতম প্ৰক্ৰিয়া । যি প্ৰক্ৰিয়া মানৱ সম্পদ বিকাশৰ জৰিয়তে মানৱ শক্তি গঢ়াৰ পৰিচায়জক। আচলতে ব্যক্তিৰ জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন। বিখ্যাত দাৰ্শনিক স্বামী বিবেকানন্দই কৈছিল- “শিক্ষাই মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ।” শিক্ষাই এজন ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাসমূহৰ পূৰ্ণ বিকাশ সাধন কৰে। শিক্ষা আৰু প্ৰশিক্ষনৰ অবিহনে কোনো ব্যক্তিয়েই নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশ কৰিব নোৱাৰে।



শংকৰী যুগৰ বলিষ্ট সাহিত্যিক মাধৱদেৱৰ ঝুমুৰাসমূহ নিসন্দেহে অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ সৃষ্টি। শংকৰদেৱৰ অংকীয়া নাটৰ তুলনাত মাধৱদেৱৰ নাটসমূহ কিছু পৃথক। যিহেতু শংকৰদেৱৰ নাটসমূহৰ তুলনাত মাধৱদেৱৰ নাটমূহৰ কাহিনীৰ পৰিসৰ সংকীৰ্ণ সেয়েহে এনেধৰনৰ নাটক ঝুমুৰা বুলি অভিহিত কৰা হৈছে। এই নাটসমূহত শংকৰদেৱৰ নাটৰ দৰে পূৰ্ণ আখ্যান বা উপাখ্যান পোৱা নাযায়। মাধৱদেৱে শংকৰদেৱক অনুসৰণ কৰি ছখন নাটক ৰচনা কৰিছিল বুলি প্ৰবাদ আছে। কিন্তু পাছলৈ তেখেতৰ নামত ভণিতা পেলাই কোনো কোনোৱে গীত ৰচনা কৰাৰ দৰে কেইবাখনো নাট অন্য লোকে ৰচনা কৰা বুলি সন্দেহ কৰা যায়। সি যি কি নহওক মাধৱদেৱৰ নামত প্ৰচলিত পাঁচখন নাটক সন্দেহমুক্ত আৰু মাধৱদেৱৰ ৰচনা বুলি নিশ্চিত। সেই নাট চাৰিখন হ’লঃ অৰ্জুন ভঞ্জন,ভূমি লেটোৱা,চোৰধৰা,পিপৰা গুচোৱা আৰু ভোজন বিহাৰ। ...