ব্ৰেইন ড্ৰেইন


‘ব্ৰেইন ড্ৰেইন’ – সম্প্ৰতি এই শব্দকেইটাই আমাৰ সকলোৰে মাজত বিশেষ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।কিন্তু এই ‘ব্ৰেইন ড্ৰেইন’নো কি ?

প্ৰতিখন উন্নত দেশে উন্নত মানৱ সম্পদ সৃষ্টিত সদায়ে গুৰুত্ব দি আহিছে। উন্নত দেশসমূহে আগবঢ়োৱা সা-সুবিধা আৰু ব্যক্তিগত আকাংক্ষাৰ বাবে আন আন দেশসমূহৰপৰাও এই দেশসমূহলৈ মানৱ সম্পদৰ আগমন ঘটিবলৈ ধৰিছে।এইদৰে বিশেষ বিশেষ প্ৰতিভাসম্পন্ন মানৱ সম্পদৰ এখন দেশৰপৰা আন এখন দেশলৈ হোৱা বহিঃগমন বা আন্তঃগমনৰ প্ৰক্ৰিয়াটোৱেই হৈছে ব্ৰেইন ড্ৰেইন ।

সম্প্ৰতি ভাৰতবৰ্ষতো ব্ৰেইন ড্ৰেইনৰ শিপাই খোপনি পুতিবলৈ ধৰিছে।মূলত: গৱেষণা, শিক্ষা, নিয়োগ আদিৰ বাবে অত্যাধুনিক সা-সুবিধা, উন্নত পাৰিশ্ৰমিক, আনুষংগিক সা-সুবিধাৰ উপলদ্ধতা আদিয়েই ইয়াৰ প্ৰধান কাৰণ।ই আমাৰ বাবে সৌভাগ্য বা দুৰ্ভাগ্য এই দুয়োটা বুলি ভবাৰ অৱকাশ আছে।আমাৰ বাবে সৌভাগ্য আৰু গৌৰৱৰ বিষয় ভাৰতীয়সকলে আজি বিদেশত সমাদৰ তথা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু সমান্তৰালভাৱে আমি এওঁলোকৰ অৱদানৰপৰা বঞ্চিত হবলগীয়া হৈছে, যিটো বৰ দুৰ্ভাগ্যৰ বিষয় ।

উল্লেখনীয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আদিৰ দৰে উন্নত দেশবিলাক ভাৰতীয় তথা এছিয়ান লোকসকলৰ প্ৰতি বিশেষভাৱে আগ্ৰহী হোৱা দেখা যায়।ইয়াৰ কাৰণ হিচাপে এওঁলোকৰ প্ৰতিভা, বুদ্ধিমত্তা আদি কাৰকসমূহক চিহ্নিত কৰিব পাৰি।এই প্ৰসংগত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে তেওঁৰ এখনি গ্ৰন্থ ‘আমেৰিকান চৰাইখানাত সংবাদ বসন্ত আৰু বন্ধু’ত উল্লেখ কৰা কলম্বিয়া বিশ্ববিদ্যালয়ত কৰ্মৰত এগৰাকী প্ৰৱাসী ভাৰতীয় শ্ৰীনিৱাসনৰ এষাৰি মন্তব্য উনুকিয়াব পাৰি। তেওঁ কৈছিল, “এছিয়াৰ দেশসমূহৰ মগজু আৰু আমেৰিকাৰ ধন এই দুটা লগ হৈহে প্ৰযুক্তিৰ বিস্ফোৰণ ঘটিছে।তেওঁলোকে আমেৰিকাৰ কাম কৰাৰ কৌশল আৰু নিষ্ঠাখিনি গ্ৰহণ কৰা দৰকাৰ, কিন্তু মগজু লোৱাৰ দৰকাৰ নাই ।’’ বৰ্তমান অসমকো ব্ৰেইন ড্ৰেইনৰ বতাহে চুই গৈছে।উচ্চ শিক্ষা ব্যৱস্থাত আধুনিকতাৰ অভাৱ,বিশেষকৈ কাৰিকৰী শিক্ষাৰ সীমিত ব্যৱস্থা, প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ, নিবনুৱা সমস্যা আদিৰ বাবেই ইয়াৰ লোকসকল মূলতঃ ছাত্ৰ-ছাত্ৰীসকল আজি বাহিৰলৈ অধ্যয়নৰ অৰ্থে আৰু কৰ্মৰ সন্ধানত যাবলৈ বাধ্য হৈছে।ইয়াৰোপৰি কেতিয়াবা নিজৰ পছন্দৰ বিষয় এটি অধ্যয়নৰ সুব্যৱস্থা নথকা, ব্যক্তিগত আকাংক্ষা আদিয়েও এইক্ষেত্ৰত ক্ৰিয়া কৰে।ফলত আজি বাহিৰলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনক দিনে বাঢ়ি অহা পৰিলক্ষিত হৈছে।যাৰ ফলত সামাজিক ক্ষেত্ৰৰ লগতে ধনৰ বৰ্হিগমনে ৰাজ্যৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পেলাইছে ।

সকলো ক্ষেত্ৰতে দেখা পোৱাৰ দৰে ব্ৰেইন ড্ৰেইনৰো ভাল আৰু বেয়া এই দুয়োটা দিশ আছে।এখন দেশ বা এটি অঞ্চলৰ সামাজিক,সাংস্কৃতিক,শিক্ষা তথা অৰ্থনৈতিক ক্ষেত্ৰখন ই সমৃদ্ধ কৰিব পাৰে। ব্ৰেইন ড্ৰেইনৰ কবলত পৰি অহা লোকসকলে স্থানীয় লোকসকলৰ সৈতে সাংস্কৃতিক, শৈক্ষিক, সামাজিক ক্ষেত্ৰখনত ভাৱৰ বিনিময়ৰ মাজেৰে অঞ্চলটিৰ সমৃদ্ধি বৃদ্ধিত সহায় কৰিব পাৰে ।কিন্তু আজি ব্ৰেইন ড্ৰেইনৰ ফলত এছিয়ান দেশসমূহ তথা ভাৰতবৰ্ষৰ যিসকল লোক আন দেশলৈ ওলাই গৈছে তেওঁলোকৰ অৱদান তথা সেৱাৰপৰা সংশ্লিষ্ট দেশসমূহ বঞ্চিত হবলগীয়া হৈছে, যিটো অতি দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বিষয়।কিয়নো এওঁলোকৰ গৰিষ্ঠ সংখ্যকেই যিখন দেশলৈ অধ্যয়ন বা আন উদ্দেশ্যত যায়, অধ্যয়ন সমাপ্তিৰ পিছতো তাতে থাকিবলৈ লয় আৰু সংস্থাপন লাভ কৰি সেইখন দেশতে সেৱা আগবঢ়ায়।সেয়েহে এই ক্ষেত্ৰত চৰকাৰে কিছু পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে।আন দেশলৈ যোৱাৰ প্ৰৱণতা হ্ৰাসৰ বাবে শিক্ষাৰ আধুনিকীকৰণ, কৰ্মক্ষেত্ৰত উন্নত পাৰিশ্ৰমিক, অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰা তথা ব্ৰেইন ড্ৰেইনৰ আঁৰৰ কাৰণসমূহ বিশ্লেষণ কৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো বাঞ্চনীয় হৈ পৰিছে।কাৰণ এই লোকসকলৰ সেৱা তথা অৱদানৰ পৰা আমি বঞ্চিত হ’বলগীয়া হৈছে যাৰ প্ৰতিভা আৰু চিন্তাধাৰাক গঠনমূলক কামত প্ৰয়োগ কৰি এখন ৰাষ্ট্ৰক উন্নয়ণৰ পথলৈ আগুৱাই নিব পাৰি ।


"Before you act, listen/Before you react, think/Before you spend, earn/Before you criticise, wait/Before you pray, forgive/Before you quit, try" - Ernet Hemingway

সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এগৰাকী অপ্ৰতিহত নেতা হৈছে নৰেন্দ্ৰ মোদী। পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত যোৱা ডেৰটা বছৰত এই গৰাকী ব্যক্তিৰ মনৰ দৃঢ়তা,...



শিক্ষা হ’ল জ্ঞান আহৰণ তথা বিকাশৰ মধুৰতম প্ৰক্ৰিয়া । যি প্ৰক্ৰিয়া মানৱ সম্পদ বিকাশৰ জৰিয়তে মানৱ শক্তি গঢ়াৰ পৰিচায়জক। আচলতে ব্যক্তিৰ জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন। বিখ্যাত দাৰ্শনিক স্বামী বিবেকানন্দই কৈছিল- “শিক্ষাই মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ।” শিক্ষাই এজন ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাসমূহৰ পূৰ্ণ বিকাশ সাধন কৰে।..