বৰ্তমান শিক্ষা ব্যৱস্থাৰ প্ৰেক্ষাপটত প্ৰয়োজনভিত্তিক শিক্ষা


শিক্ষা হ’ল জ্ঞান আহৰণ তথা বিকাশৰ মধুৰতম প্ৰক্ৰিয়া । যি প্ৰক্ৰিয়া মানৱ সম্পদ বিকাশৰ জৰিয়তে মানৱ শক্তি গঢ়াৰ পৰিচায়জক। আচলতে ব্যক্তিৰ জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন। বিখ্যাত দাৰ্শনিক স্বামী বিবেকানন্দই কৈছিল- “শিক্ষাই মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ।” শিক্ষাই এজন ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাসমূহৰ পূৰ্ণ বিকাশ সাধন কৰে। শিক্ষা আৰু প্ৰশিক্ষনৰ অবিহনে কোনো ব্যক্তিয়েই নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশ কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে ক’ব পাৰি যে সংগীতৰ প্ৰতি ৰাপ থকা তথা পাৰ্গত কোনো শিশুৱেই সংগীত শিক্ষাৰ অবিহনে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে। শিক্ষা হ’ল অভিজ্ঞতাৰ পুন:গঠন মাথোন। শিক্ষা বুলিলে কেভৱল বিদ্যালয়, মহাবিদ্যালয় তথা যিকোনো শিক্যষানুষ্ঠানৰ পৰা আহৰণ কৰা আনুষ্ঠানিক শিক্ষা নহয়। প্ৰকৃত অৰ্থত শিক্ষা বাস্তৱ জগতৰ বিভিন্ন পৰিস্থিতিৰ পৰা আহৰণ কৰা অভিজ্ঞতা। একোটা পৰিয়ালৰ পৰা, ওচৰ চুবুৰীয়াৰ পৰা,বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা সংঘ-সমিতিৰ পৰা, বিভিন্ন জনসংযোগ মাধ্যমৰ পৰা আহৰণ কৰা শিক্ষাও এক প্ৰকাৰৰ অনৌপ্ৰচাৰিক শিক্ষাৰ অন্তৰ্গত শিক্ষা। সাক্ষৰতা হাৰ বৃদ্ধি কৰাক উদ্দেশ্যেখিচাপে লৈ আন একপ্ৰকাৰৰ শিক্ষাৰ প্ৰৱৰ্তন কৰা হয় যাক অগতানুগতিক শিক্ষা বুলি অভিহিত কৰা হয়। যিসকল শিশুৱে উপযুক্ত বয়সত বিভিন্ন কাৰণবশত শিক্ষা গ্ৰহণ কৰিবলৈ অসমৰ্থ হয় আৰু বৃত্তিধাৰী লোকসকলৰ শিক্ষা সম্প্ৰসাৰণ ইত্যাদি হেতুকে অগতানুগতিজক শিক্ষাৰ প্ৰৱৰ্তন কৰা হয়। গতিকে শিক্ষা হ’ল আৰম্ভণি আৰু অন্ত নথকা এক জীৱনজোৰা প্ৰক্ৰিয়া। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰ পৰা নৱগথিত বিভিন্ন আয়োগ তথা কমিটিসমূহে শিক্ষাৰ বিকাশত গুৰুত্ব প্ৰদান কৰিছিল। ১৯৬৪-৬৬ চনত গঠন হোৱা কোঠাৰী আয়োগৰ সিদ্ধান্ত আছিল এনেধৰণৰ- “ এউই বিষয়ত ভাৰত চৰকাৰ সুনিশ্চিত যে ৰাষ্ট্ৰীয় সমৃদ্ধি আৰু কল্যানৰ নিমিত্তে শিক্ষাই প্ৰকৃত সঁচাৰ কাঠী আৰু মানৱ-সম্পদতকৈ অন্য কোনো বিষয়ত ব্যয় কৰৰা বিনিয়োগে অধিক আগম সৃষ্টি কৰিব নোৱাৰে আৰু মানৱ সম্পদ গঢ়াৰ মূল উপাদান হ’ল শিক্ষা।” কোঠাৰী আয়োগে পৰামৰ্শ আগবঢ়োৱা ১০+২+৩ শিক্ষা গাঠঁনি বৰ্তমানেও প্ৰযোজ্য হৈ আছে। এই গাঠঁনিৰ আধাৰ স্বৰূপে ১০ বছৰীয়া স্কুলীয়া শিক্ষা, ২ বছৰীয়া উচ্চতৰ মাধ্যমিক আৰু ৩ বছৰীয়া স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। ভাৰতৰ শিক্ষা ব্যৱস্থাত বৰ্তমান প্ৰাথমিক,মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। প্ৰত্যেক ভবছৰে ডিগ্ৰীধাৰীলোকৰ সংখ্যাও বৃদ্ধি পাইছে কিন্তু সেই অনুপাতে সংস্থাপন পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নগণ্য হৈ পৰিছে। ফলস্বৰূপে শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে্ব। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে ডিগ্ৰিধাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বহুতৰ ক্ষেত্ৰত কোনো এটা বৃত্তিত নিয়োজিত হ’বৰ বাবে সংযোগ তথা সমস্যা সমাধানৰ কৌশলৰ প্ৰাথমিক কৌশলৰ অভাৱ। ইয়াৰোপৰি বৰ্তমান সময়ত মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বহুসংখ্যকৰ ক্ষেত্ৰত ইংৰাজী ভাষাত কথনৰ দক্ষতাৰ অভাৱ হোৱা পৰৰিলক্ষিত হয়। ১৫-৩৫ বছৰ বয়সৰ নিৰক্ষৰসকলক ১৯৯৫ চনৰ ভিতৰত সাক্ষৰ কৰাৰ উদ্দেশ্যে ১৯৮৮ চনৰ ৫ মে’ত মানৱ সম্পদ বিকাশ মন্ত্ৰনালয়ৰ অধীনত ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন (NLM) গঠন কৰা হৈছিল। অৱশ্যে প্ৰায়োগিক জ্ঞানৰ অভাৱে নিৰক্ষৰসকল সাক্ষৰ হ’লেও প্ৰকৃত অৰ্থত অশিক্ষিত হৈ ৰ’ব। প্ৰচলিত শিক্ষাব্যৱস্থাৰ আসোৱাঁহযুক্ত শিক্ষণীয় বিষয়বস্তুৱে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত সংস্থাপন প্ৰদান কৰিবলৈ অসমৰ্থ হৈছে। বছৰি বছৰি স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যা বৃদ্ধি হৈছে কিন্তু নিজৰ যোগ্যতাৰ ভিত্তিক কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়েহে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। বেছি সংখ্যকৰে ভৱিষ্যত এক প্ৰশ্নবোধক। বৰ্তমান শিক্ষা ব্যৱস্থা যদি প্ৰয়োজনভিত্তিক শিক্ষালৈ ৰূপান্তৰিত হয় তেন্তে শিক্ষা ব্যৱস্থাৰ কেৰোণসমূহ কিছু পৰিমাণে হ’লেও দূৰ হোৱাৰ আশা সম্ভৱ !! পশ্চিমীয়া শিক্ষাৰ আধাৰত যদি বৰ্তমান শিক্ষা ব্যৱস্থাও প্ৰয়োজনভিত্তিক কৰা হয় তেন্তে প্ৰাথমিক পৰ্যায়ৰ পৰাই শিশুসকলৰ সামৰ্থ্য,ইচ্ছা, দক্ষতা অনুযায়ী শিক্ষা প্ৰদান কৰিব পৰা যাব। তেতিয়াহে মানৱসম্পদ প্ৰকৃত মানৱশক্তিলৈ ৰূপান্তৰিত কৰিব পৰা যাবন। এটা শিশুৰ সাধাৰণ শিক্ষাৰ প্ৰতি ৰাপ তথা দক্ষতা কম হ’ব পাৰে কিন্তু বিভিন্ন সৃষ্টিশীল আৰু সৃজনীশীল কামৰ প্ৰতি আগ্ৰহ থাকিব পাৰে। গতিকে শিশুটোৱে যাতে প্ৰয়োজনমুখী শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে প্ৰচলিত শিক্ষাব্যৱস্থাই গুৰুত্ব প্ৰদান কৰিব লাগিব। যিহেতু প্ৰতিজন ব্যক্তিয়ে অন্তৰ্নিহিত প্ৰতিভানুযায়ী বিকাশৰ সুবিধা লাভ কৰিলে সকলো মানুহেই বোজা নহৈ সম্পদ হোৱাৰ অৱকাশ আছে। জাপি দিয়া শিক্ষা শিশুৰ ভৱিষ্যতৰ বাবে হানিকাৰক। প্ৰয়োজনভিত্তিক শিক্ষাব্যৱস্থাৰ প্ৰচলনৰ জৰিয়তেহে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত বিখ্যাত খেলুৱৈ, সংগীতজ্ঞ, গায়ক-গায়িকা, অৰ্থনীতিবিদ, ৰাজনীতিবিদ, শিক্ষাবিদ তথা বৈজ্ঞানিকৰ জন্ম দিব পৰা যাব। বৰ্তমান প্ৰচলিত +৩ পৰ্যায়ৰ পঠনীয় বিষয়সমূহ যদি পৰ্যালোচনা কৰি চোৱা হয় তেতিয়া দেখা পাম যে ছাত্ৰ-ছাত্ৰীসকলে এটা সন্মানীয় বিষয়(Major subject )ৰ লগতে বাধ্যতামূলকভাবে এটা Elective Subject বিষয়ত অন্তৰ্ভূক্ত হয়। ষাণ্মাসিক শিক্ষা পদ্ধতিৰ প্ৰচলন হোৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকল একোটাকৈ skill-based subject পাঠ্যসূচীৰ অন্তৰ্গত হয় যদিও এই বিষয়টোত ছাত্ৰ ছাত্ৰীসকলে কিমানখিনি জ্ঞানৰ অধিকাৰী হয় সেইটোও এটা প্ৰশ্নবোধক(?)। আনহাতে সন্মানীয় বিষয়টোৰ কথা বাদ দি যদি Elective বিষয়টোৰ কথা বিবেচনা কৰা হয় তেন্তে দেখা পোৱা যাব যে ২ বছৰ শিক্ষা গ্ৰহণ কৰা এই বিষয়টোৱে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতত কেনেদৰে সহায় কৰিব? অৱশ্যে ইয়াৰ পৰিৱৰ্তে যদি Choice-based আৰু Need based course, Elective Subject ৰ Optional Subject হিচাপে ছাত্ৰ-ছাত্ৰীসকলক দিব পৰা যায় তেন্তে ই ছাত্ৰ-ছাত্ৰীসকলক স্বাৱলম্বীতাৰ পথ দেখুৱাব পাৰিব। Optional Subject সমূহৰ ভিতৰত এনেধৰণৰ বিষয় সন্নিৱিষ্ট হোৱাটো বাঞ্চনীয়।যেনে- Food Processing, Fashion Designing, Computer Skill, Language Teaching, Management Course, Touriosm, Tailoring, Niitting, Beauty Parlour, Mass-communication, Physical Education, Music Education,Cultural Studies, Women Studies, Cooking, Typing, Driving, Stanography, Home- economics, Agricultural education, Fishing, Gardening etc- এনেধৰণৰ বহুমুখী পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰিব। অন্যথা শিশুৰ প্ৰতিভা লুপ্ত হোৱাৰ সম্ভাৱনাই বেছি। আচলতে প্ৰকৃতিবাদী দাৰ্শনিক ৰুছোৱে কোৱাৰ দৰে Education should be provide according to interest, needs and capacity of child আৰু প্ৰয়োগবাদী দাৰ্শনিকসকলে কোৱাৰ দৰে Education should be based on change of the society কথাষাৰ গ্ৰহণযোগ্য। প্ৰয়োজনভিত্তিক শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক জীবনৰ সঠিক জ্ঞান লাভ কৰাত অৰিহণা যোগাব। ১৯৫২ চনৰ মাধ্যমিক শিক্ষা আয়োগ,১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে শিক্ষা বৃত্তিমুখীকৰণৰ ওপৰত প্ৰদান কৰা গুৰুত্ব বৰ্তমানৰ শিক্ষাৰ প্ৰেক্ষাপটত সজীৱ হৈ উঠা নাই। পশ্চিমীয়া দেশবোৰৰ শিক্ষাৰ্থীসকলে প্ৰাথমিক পৰ্যায়ৰ পৰাই একোটাকৈ প্ৰয়োজনমুখী পাঠ্যক্ৰম গ্ৰহণ কৰাৰ হেতুকে সেই দেশৰ সাক্ষৰতয়াৰ হাৰ বৃদ্ধিৰ সমান্তৰালভাৱে অৰ্থনোতিক বিকাশো সম্ভৱ হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী ভাৰতবৰ্ষৰ সাক্ষৰতাৰ হাৰ ৭৪.০৪%, অন্যহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ,জাপান তথা যুক্তৰাজ্যৰ সাক্ষৰতাৰ হাৰ হ’ল ৯৯%। জাপানৰ শিক্ষাব্যৱস্থাত বৃত্তিমূলক শিক্ষা মাধ্যমিক স্তৰৰ পৰাই ৰূপায়ন কৰা হৈছে। নিম্ন মাধ্যমিক স্তৰত ইণ্ডাষ্টিয়েল আৰ্টচ বা আন কেতবোৰ ঐচ্ছিক বিষয় যেনে- কৃষি, শিল্প, বাণিজ্য, মৎস্য বিজ্ঞান ইত্যাদি অধ্যয়নৰ সুবিধা আছে। উচ্চ মাধ্যমিক স্তৰত সাধাৰণ শিক্ষাৰ লগে লগে তিনিবছৰীয়া বিশেষভাৱে ৰূপায়িত বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰমৰ ব্যৱস্ৎহা আছে। আনহাতে আমাৰিজকা যুক্তৰাষ্টত বৃত্তিমূলক শিক্ষাক মাধ্যমিক শিক্ষাৰ এক অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰা হয়। আমেৰিকাৰ শিক্ষা ব্যৱস্থাই দুটা মৌলিক নীতিক গুৰুৎ্ব প্ৰদান কৰৰিছে। এটা হৈছে প্ৰত্যেক শিশুৱে যোগ্যতা অনুযায়ী শিক্ষা লাভ কৰাৰ সুবিধা লাভ কৰা আৰু আনটো হ’ল গণতন্ত্ৰ,স্বাধীনতা আৰু জনসাধাৰণৰ কল্যান সাধন কৰিবৰ কাৰণে নাগৰিকসকলক শিক্ষিত হোৱাটো বাঞ্চনীয়। আমাৰ শিক্ষাব্যৱস্থটো যদি এনেধৰণৰ নীতিৰে আধাৰিত হয় তেন্তে আমাৰ দেশেও ১০০ শতাংশ সাক্ষৰতাৰ হাৰ লাভ কৰিব পাৰিব বুলি আশা কৰিব পৰা যায়। আচলতে প্ৰয়োজনভিত্তিক শিক্ষাই শিশুজক আত্মনিৰ্ভৰশীল হ’বলৈ শিকায়, আত্মসন্তুষ্টি প্ৰদান কৰে। এজন ব্যক্তিৰ সামগ্ৰিক বিকাশৰ কাৰণে, সমাজখনৰ বিকাশৰ কাৰণে, ৰাজ্য তথা সমগ্ৰ দেশখনৰ বিকাশৰ কাৰণে বৰ্তমান শিক্ষাব্যৱস্থাত প্ৰয়োজনভিত্তিক শিক্ষাৰ এক বিশেষষ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।


বুঢ়ী আইৰ সাধু প্ৰকাশৰ সময়ত বেজবৰুৱাৰ চিন্তা আৰু দৰ্শনে পৰিপক্কতা লাভ কৰিছিল। সেয়ে সাধুকথাবোৰ সংগ্ৰহ কৰি পোনে পোনে ছপাই দিয়াৰ সলনি সাধুকথা সম্পৰ্কীয় তাত্ত্বিক গ্ৰন্থ অধ্যয়নৰ যোগেদি সেইবোৰ বৈজ্ঞানীকভাৱে পৰিশোধন কৰিছিল। এইদৰেই অসমত সাধুকথাৰ বিদ্যায়তনিক চৰ্চাৰ বাট মুকলি কৰিছিল। বেজবৰুৱাক যদি কোনোবাই সাধুকথাৰ সাধাৰণ সংগ্ৰাহক বুলি ভাৱে, তেন্তে নিতান্তই ভুল কৰা হ’ব। সেই কথাৰ প্ৰমান তেওঁ বুঢ়ী আইৰ সাধুুৰ পাতনিত দি গৈছে।১বেজবৰুৱা সচেতন আছিল যে প্ৰত্যেক জাতিৰ লোককথাৰ মাজত জাতিটোৰ অতীতৰ জীৱন চৰ্যাৰ ইঙ্গিত সাঙুৰ খাই থাকে। সাধুকথাক জাতিটোৰ আত্মজীৱন চৰিত বুলিয়েই তেওঁ কৈ পেলাইছে।...



বিলত তিৰেবিৰাই/ পদুমৰ পাহি ঐ/ পাতত তিৰবিৰাই পানী/ ৰ'দত তিৰেবিৰাই/ জিঞাৰে পাখি ঐ/ ফুলনিত ফুলৰে ৰাণী।

এই বিখ্যাত গীতটিয়েই কাঢ়ি নিছিল, হৰি নিছিল তেখেতৰ মন প্ৰাণ। নজনাকৈয়ে হৃদয় ফাটি ওলাই আহিছিল মৰমৰ আকুল ভাষাবোৰ। কাৰোবাৰ কণ্ঠ নিগৰি ওলাই আহিছিল এই গীতৰ গুণগুণনি। একো নজনাকৈয়ে প্ৰেমত পৰিছিল সেই ব্যক্তিগৰাকী। কোনোবা এদিন কৰবাত এটি কুমাৰীয়ে "বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ" গীতটি গোৱা শুনিছিল। তেওঁ নজনাকৈয়ে স্মৃতিৰ ফুলনিত সেই গীতৰ মূৰ্ছনাই এটি সুমধুৰ সপোনৰ ছবি আঁকি গৈছিল, যাৰ পৰশত ৰচনা হৈছিল 'পাপৰি', 'পাপৰি স্বপ্ন', 'স্বপ্ন ভংগ', 'শেষ শয্যা' আদি বিখ্যাত কবিতা। সেইজন মহান ব্যক্তিয়েই হ'ল গণেশ গগৈ। ১৯০৭ চনৰ ২৮ ডিচেম্বৰত যোৰহাট নগৰত জন্মগ্ৰহণ কৰা গগৈদেৱ আছিল প্ৰেমৰ পূজাৰী। সৌন্দৰ্যৰ মাজেৰে সাজি ওলোৱা বিশ্ববিয়পা প্ৰিয়াৰ প্ৰেম তেওঁ বাঞ্চা কৰিছিল। 'পাপৰি', 'শেষ শয্যা' আদি কবিতাবোৰে গগৈদেৱৰ জীৱনৰ অভিজ্ঞতা আৰু প্ৰৱাহ স্পষ্টকৈ দেখুৱাই দিয়ে।