পাপৰি কবি গণেশ গগৈ


বিলত তিৰেবিৰাই/ পদুমৰ পাহি ঐ/ পাতত তিৰবিৰাই পানী/ ৰ'দত তিৰেবিৰাই/ জিঞাৰে পাখি ঐ/ ফুলনিত ফুলৰে ৰাণী।

এই বিখ্যাত গীতটিয়েই কাঢ়ি নিছিল, হৰি নিছিল তেখেতৰ মন প্ৰাণ। নজনাকৈয়ে হৃদয় ফাটি ওলাই আহিছিল মৰমৰ আকুল ভাষাবোৰ। কাৰোবাৰ কণ্ঠ নিগৰি ওলাই আহিছিল এই গীতৰ গুণগুণনি। একো নজনাকৈয়ে প্ৰেমত পৰিছিল সেই ব্যক্তিগৰাকী। কোনোবা এদিন কৰবাত এটি কুমাৰীয়ে "বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ" গীতটি গোৱা শুনিছিল। তেওঁ নজনাকৈয়ে স্মৃতিৰ ফুলনিত সেই গীতৰ মূৰ্ছনাই এটি সুমধুৰ সপোনৰ ছবি আঁকি গৈছিল, যাৰ পৰশত ৰচনা হৈছিল 'পাপৰি', 'পাপৰি স্বপ্ন', 'স্বপ্ন ভংগ', 'শেষ শয্যা' আদি বিখ্যাত কবিতা। সেইজন মহান ব্যক্তিয়েই হ'ল গণেশ গগৈ। ১৯০৭ চনৰ ২৮ ডিচেম্বৰত যোৰহাট নগৰত জন্মগ্ৰহণ কৰা গগৈদেৱ আছিল প্ৰেমৰ পূজাৰী। সৌন্দৰ্যৰ মাজেৰে সাজি ওলোৱা বিশ্ববিয়পা প্ৰিয়াৰ প্ৰেম তেওঁ বাঞ্চা কৰিছিল। 'পাপৰি', 'শেষ শয্যা' আদি কবিতাবোৰে গগৈদেৱৰ জীৱনৰ অভিজ্ঞতা আৰু প্ৰৱাহ স্পষ্টকৈ দেখুৱাই দিয়ে।

পাপৰিত গগৈদেৱে কিছুমান নতুন শব্দ ব্যৱহাৰ কৰিছে। যিবিলাক শব্দ তেওঁৰ আগৰ অসমীয়া কবিসকলৰ হাতত সিমান আদৰ পোৱা নাছিল। সাৱলীল ছন্দ, মধুৰ শব্দ বিন্যাস, সৰল অথচ আৱেগ সঞ্চাৰী ভাষাশৈলীৰ প্ৰয়োগ তেখেতৰ কবিতাৰ মন কৰিবলগীয়া বিশেষত্ব।

যিদিনাই মানুহৰ মনত আন্তৰিক প্ৰেমৰ উন্মেষ হয় সেইদিনাই জগতে নতুন ৰূপত দেখা দিয়ে। এই বিশ্ব বিয়পি থকা সৌন্দৰ্য আৰু তেওঁৰ আন্তৰিক প্ৰেম উপলব্ধিয়েই গণেশ গগৈৰ 'পাপৰি'ৰ মূল বিষয় বস্তু। 'পাপৰি'ৰ নিবেদনত গগৈদেৱৰ অন্তৰত গুজৰি-গুমৰি উঠা বিৰহৰ বেদনা প্ৰকাশ কৰি কৈছে- পদুম ফুলৰ পাপৰি নহয়/পাপৰি প্ৰাণৰ মোৰ/শোকৰ নহয় দুখৰ নহয়/প্ৰেম ভৰা চকুলোৰ।

গগৈদেৱৰ কবিতাৰ ভাষা আছিল নিভাঁজ, সৰল আৰু গতি মৃদু আৰু তৰল। 'পাপৰি' আৰু 'শেষশয্যা' কবিতা দুটিত এনে সুন্দৰ ভাৱব্যঞ্জক কিন্তু স্বাভাৱিক ৰূপক, উপমা আৰু ছবি আছে যে পাঠক মাত্ৰকেই সেইবোৰে বিমোহিত কৰিব। আকৌ 'ব্যথী', 'ন-জোন' কবিতা কেইফাঁকিৰ ছন্দই বৰ্ষাৰ মেঘালীদিনত ৰ্দৰ খেলা, পৃথিৱীত গহীন শংকিত অৱস্থাৰ কথা ততালিকে সোঁৱৰাই দিয়ে।

তেখতে যেনেকৈ ৰূপৰ পূজাৰী আছিল, তেনেকৈ প্ৰকৃতিৰ ৰূপৰ সম্ভাৰ দেখিও বিমোহিত হৈছিল। তেওঁ প্ৰকৃতিৰ পৰা সুখ দুখৰ সহানুভূতিয়েই বিছাৰিছিল। শৰৎকাল আৰু শেৱালী ফুলৰ উল্লেখ তেখেতৰ প্ৰায় কবিতাতে পোৱা যায়। কুলিৰ প্ৰভাৱো তেওঁৰ মনত যথেষ্ট আছে। কিন্তু কুলিৰ কুউত প্ৰায়ে প্ৰিয়াৰ সপোন ভাঙি যায়। প্ৰিয়াহাৰা কৰি তেওঁক বিয়াকুল কৰে। 'প্ৰলাপ' কবিতাত থকা 'আকাশী জোনৰ ৰূপালী ৰূপ', 'গোজৰণি মৰা কলীয়া মেঘ'। আকৌ 'জেউতি' কবিতাত "বলিলে ধীৰেৰে মলয়া এছাটি/আঁহত পাতত কঁপণি থৈ/নীল আকাশত ৰূপৰ লহৰী/পূৱেদি আহি পশ্চিমেদি গ'ল" আদি প্ৰকাশভংগী শ্ৰেষ্ঠ কবিতাহে পোৱা যায়।

শব্দশিল্পী গগৈৰ দৰে শব্দৰ ছবি অঁকাত কোনো অসমীয়া কবিয়ে আজিলৈকে কৃতকাৰ্য হ'ব পৰা নাই। এই কামত গগৈদেৱ আছিল সিদ্ধহস্ত।

বিশ্বখনত বিয়পি থকা যি সৌন্দৰ্য, সেয়া যাৰে তাৰে চকুত যেতিয়াই তেতিয়াই ধৰা নপৰে। এই বিশ্ব বিয়পি থকা সৌন্দৰ্য আৰু তেওঁৰ আন্তৰিক প্ৰেমৰ উপলব্ধিয়ে হৈছে গণেশ গগৈদেৱৰ 'পাপৰি'ৰ মূল বিষয়বস্তু। তাৰ পিছত তিলতিলকৈ বিশ্বহৰণ কৰা প্ৰিয়াৰ গাত কবিয়ে দেখিলে বিশ্বৰ সৌন্দৰ্য থুপ খোৱা 'বসন্তৰ বা', 'কোকিলৰ কণ্ঠ', 'শেৱালিৰ সৌৰভ',সুধাকৰৰ 'সুৱদি সুষমা' তটিনীৰ উলাহৰ গীত জয় পৰি গ'ল প্ৰিয়াৰ সৌন্দৰ্যৰ আভাত, অকল এয়েই নহয় সেইবোৰো যেন প্ৰিয়াইহে চাৰিওফালে বিয়পাই দিছে।

তোমাৰ পৰাই নেকি চুৰ কৰি সমীৰণে

সুৰভি নিশ্বাস লৈ উৰি গুচি যায়

শৰতৰ শান্তিময়ী, সন্ধিয়া সখিৰ সৈতে

শেৱালি সৌৰভ বুলি জগত বেহায়।

'পাপৰি' হয়টো গগৈদেৱে প্ৰিয়াৰ অভিমান, সপোন ৰূপত বিভোৰ আৰু ব্যক্তিত্বক নানা প্ৰকাৰে দোষাৰোপ কৰিছিল। কিন্তু 'স্বপভংগত' তেওঁ সকলোখিনি বিধিৰ বিধান বুলি প্ৰিয়াৰ ওচৰত ব্যাখ্যা বিছাৰিছে। পিছলৈ তেওঁ আশ্বস্ত যে-

প্ৰেমে নিবিচাৰে বিৰহ মিলন

বিচাৰে মাথোন বুকুৰ সুৰ

প্ৰেমৰ কাষত জগতখনেই

যাউতিযুগীয়া অলকাপুৰ।

'শেষশয্যা' কবিতাটো গণেশ গগৈৰ তেওঁৰ জীৱনৰ সাধনা কেনেদৰে সফল হ'ল আৰু মৰণৰ বেলিকা তেওঁ কেনেদৰে অমৃতৰ ভাণ্ডাৰ হাততে পালে তাক বৰ্ণাইছে।

মুঠৰ ওপৰত সঁচা অভিজ্ঞতা, আন্তৰিক প্ৰেম, অন্বেষণ, হিন্দু দৰ্শনৰ আধ্যাত্মিক দৃষ্টিভংগী, অকৃত্ৰিম ৰচনাশৈলী আৰু ভাৱ-ভাষাৰ অপূৰ্ব সমন্বয়ৰ কাৰণে গগৈৰ প্ৰেমৰ কবিতাবিলাক অসমীয়া কাব্য সাহিত্যৰ এক মহান সম্পদ।

তদুপৰি তেখেতে কেইবাখনো বিখ্যাত নাটক ৰচনা কৰিছিল। 'কাশ্মীৰ কুমাৰী', 'শকুনিৰ প্ৰতিশোধ', 'লাচিত', 'জেৰেঙাৰ সতী', 'হৰিচন্দ্ৰ', 'কমলা কুমাৰী' আৰু 'দক্ষ যজ্ঞত'।

এইগৰাকী স্ৰষ্টা কিন্তু সৰহ দিন জীৱনৰ চাকনৈয়াত আৱদ্ধ হৈ নাথাকিল। তেখেত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ লগত যুঁজি অসীম ধৈৰ্য আৰু কষ্টেৰে দিনবোৰ পাৰ কৰি গৈছিল। শেষত এই নিদাৰুণ, নিষ্ঠুৰ ১৯৩৮ চনৰ ২১ আগষ্টৰ ভয়লগা দিনটো আহিল আৰু সন্ধিয়া পূজনীয়া মাক, মৰমৰ ভায়েক-ভনীয়েক, আত্মীয় স্বজন, বন্ধু বান্ধৱক কন্দুৱাই এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগে আৰু লগতে বিচনাৰ তলত থকা তেওঁৰ শেষ সম্পদ অমূল্য ৰচনাখিনি চিতাৰ জুইত জাহ যায়।


শংকৰী যুগৰ বলিষ্ট সাহিত্যিক মাধৱদেৱৰ ঝুমুৰাসমূহ নিসন্দেহে অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ সৃষ্টি। শংকৰদেৱৰ অংকীয়া নাটৰ তুলনাত মাধৱদেৱৰ নাটসমূহ কিছু পৃথক। যিহেতু শংকৰদেৱৰ নাটসমূহৰ তুলনাত মাধৱদেৱৰ নাটমূহৰ কাহিনীৰ পৰিসৰ সংকীৰ্ণ সেয়েহে এনেধৰনৰ নাটক ঝুমুৰা বুলি অভিহিত কৰা হৈছে। এই নাটসমূহত শংকৰদেৱৰ নাটৰ দৰে পূৰ্ণ আখ্যান বা উপাখ্যান পোৱা নাযায়। মাধৱদেৱে শংকৰদেৱক অনুসৰণ কৰি ছখন নাটক ৰচনা কৰিছিল বুলি প্ৰবাদ আছে। কিন্তু পাছলৈ তেখেতৰ নামত ভণিতা পেলাই কোনো কোনোৱে গীত ৰচনা কৰাৰ দৰে কেইবাখনো নাট অন্য লোকে ৰচনা কৰা বুলি সন্দেহ কৰা যায়। সি যি কি নহওক মাধৱদেৱৰ নামত প্ৰচলিত পাঁচখন নাটক সন্দেহমুক্ত আৰু মাধৱদেৱৰ ৰচনা বুলি নিশ্চিত। সেই নাট চাৰিখন হ’লঃ অৰ্জুন ভঞ্জন,ভূমি লেটোৱা,চোৰধৰা,পিপৰা গুচোৱা আৰু ভোজন বিহাৰ। ...


বিজ্ঞানৰ জন্মকালৰে পৰা ইয়াৰ ধৰ্মৰ সৈতে যুঁজৰ আৰম্ভণি। এই যুঁজ নিজৰ ধাৰণাক সত্য আৰু শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ যুঁজ। প্ৰথমাৱস্থাত উৎসুক মানুহবোৰে লুকাই চুৰলৈ বিজ্ঞান চৰ্চা কৰিবলগীয়া হৈছিল। কাৰণ কেথলিক গীৰ্জাৰ বিপৰীতে যোৱা মানেই অমানুষিক শাস্তি তথা মৃত্যুদণ্ড। তেনে শাস্তিৰ উদাহৰণ কপাৰনিকাছ, গেলিলিওৰ ক্ষেত্ৰত পোৱা যায়। সেই সময়ত সংঘাত আছিল তীব্ৰ। অতীজৰে পৰা চলি অহা পাৰস্পৰিক ধৰ্মীয় ধাৰণা(যেনে বিশ্বব্ৰহ্মাণ্ডৰ জন্ম ৰহস্য, মানুহ ত থা অন্যান্য জীৱ-জন্তুৰ জন্ম ৰহস্য, গ্ৰহ নক্ষত্ৰৰ ঘূৰ্ণনৰ ধাৰণা)সমূহৰ বিপৰীতে সেইসময়ৰ দাৰ্শনিকসকলে নতুনকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে তুলিধৰা ব্যক্তব্য তথা যুক্তিবোৰ তেওঁলোকৰ বাবে অবান্তৰ আছিল।