ধৰ্ম আৰু বিজ্ঞান : বিশ্বাস আৰু যুক্তি


বিজ্ঞানৰ জন্মকালৰে পৰা ইয়াৰ ধৰ্মৰ সৈতে যুঁজৰ আৰম্ভণি। এই যুঁজ নিজৰ ধাৰণাক সত্য আৰু শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ যুঁজ। প্ৰথমাৱস্থাত উৎসুক মানুহবোৰে লুকাই চুৰলৈ বিজ্ঞান চৰ্চা কৰিবলগীয়া হৈছিল। কাৰণ কেথলিক গীৰ্জাৰ বিপৰীতে যোৱা মানেই অমানুষিক শাস্তি তথা মৃত্যুদণ্ড। তেনে শাস্তিৰ উদাহৰণ কপাৰনিকাছ, গেলিলিওৰ ক্ষেত্ৰত পোৱা যায়। সেই সময়ত সংঘাত আছিল তীব্ৰ। অতীজৰে পৰা চলি অহা পাৰস্পৰিক ধৰ্মীয় ধাৰণা(যেনে বিশ্বব্ৰহ্মাণ্ডৰ জন্ম ৰহস্য, মানুহ ত থা অন্যান্য জীৱ-জন্তুৰ জন্ম ৰহস্য, গ্ৰহ নক্ষত্ৰৰ ঘূৰ্ণনৰ ধাৰণা)সমূহৰ বিপৰীতে সেইসময়ৰ দাৰ্শনিকসকলে নতুনকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে তুলিধৰা ব্যক্তব্য তথা যুক্তিবোৰ তেওঁলোকৰ বাবে অবান্তৰ আছিল।

জ্যোতিৰ্বিজ্ঞানক পদাৰ্থবিজ্ঞানৰ লগত অন্তৰ্ভুক্ত কৰিলে ক'ব পাৰি যে ধৰ্মীয় বিজ্ঞানৰ ওপৰত প্ৰথম প্ৰশ্ন তুলিছিল পদাৰ্থ বিজ্ঞানে। কিন্তু এই প্ৰশ্ন ধৰ্মৰ ওপৰত নাছিল(যদিও ধৰ্মীয় গুৰুসকলে তেওঁলোকক ভুল বুজিছিল), এই প্ৰশ্ন আছিল ধৰ্মীয় বিশ্বাসৰ ভুল ধাৰণাবোৰৰ প্ৰতিহে। প্ৰচলিত ধৰ্মীয় বিশ্বাসৰ বিপৰীতে তেওঁলোকে বিশ্বলৈ দান দিছিল এক নতুন দৰ্শন-'যুক্তি'। পৃথিৱীত ৰুচিসম্পন্ন, ব্যভিচাৰবিহীন, সংস্কাৰপূৰ্ণ জীৱন যাপন কৰিবলৈ ধৰ্ম যে অনিবাৰ্য সেয়া তেওঁলোকে অনুধাৱন কৰিছিল। উচ্ছৃংশল জীৱন যাপনৰ বাবে, নিৰাশাপূৰ্ণ জীৱনত সাহস দিবৰ নিমিত্তে ঈশ্বৰৰ বিশ্বাসো যে প্ৰয়োজনীয় সেয়াও তেওঁলোকে অনুধাৱন কৰিছিল। গতিকে তেওঁলোকে সমাজ জীৱনৰ পৰা ঈশ্বৰৰ অস্তিত্বক দলিয়াই পেলাব খোজা নাছিল। কিন্তু ঈশ্বৰ আৰু ধৰ্মৰ নামত সৰ্বসাধাৰণৰ ওপৰত চলা শোষণৰ তেওঁলোকে বিৰোধিতা কৰিছিল। উদাহৰণস্বৰূপে প্ৰবাদপ্ৰতীম বিজ্ঞানী আইনষ্টাইনৰ "ধৰ্মীয় দৰ্শন"লৈ আঙুলিয়াব পাৰি। স্বৰ্গ, নৰক, আত্মা আৰু ইয়াৰ অমৰত্ব, কৰ্মফল আৰু জন্মান্তৰবাদ, মানুহৰ শুভ-অশুভ অহৰহ নিৰীক্ষণ কৰি থকা 'নৰৰূপী' ঈশ্বৰ-ধৰ্মবিজড়িত এনে ধাৰণাবোৰৰ প্ৰতি তেওঁৰ আস্থা আছিল শূণ্য। ধৰ্মৰ ক্ষেত্ৰত তেওঁ আছিল এগৰাকী বিশ্বম্ভৱবাদী( Nassathist)। তেওঁ প্ৰকৃতিক ঈশ্বৰৰ সৈতে একাত্ম কৰিছিল। তেওঁৰ মতে, প্ৰকৃতিত নিহিত অখণ্ডময়তাৰ লগত নিজকে যিজনে একাত্ম কৰিব পাৰে আৰু বিশ্ব চৰাচৰক চাবলৈ সক্ষম হয় এক সনাতন, শ্বাশ্বত ৰূপত(Under the aspects of eternity) তেওঁলোকৰ বাবে ব্যক্তিকেন্দ্ৰিক স্বাৰ্থ হৈ পৰে ক্ষুদ্ৰাতিক্ষুদ্ৰ, নিৰৰ্থক, ভগৱানৰ বৌদ্ধিক প্ৰেম(intellectual love of God) তেওঁলোকে লাভ কৰে।

অতিসাম্প্ৰতিক ব হুতো বিজ্ঞানীয়ে বিজ্ঞানৰ যুক্তিৰ লগত ধৰ্মীয় বিশ্বাসৰ ঐককতা থাকিব পাৰে নেকি তাৰ গৱেষণাত নিমগ্ন হৈছে। এই গৱেষণাৰ এক উত্তম থলী হৈছে ভাৰতবৰ্ষ। কাৰণ একমাত্ৰ ভাৰতবৰ্ষতহে ধৰ্মীয় বিশ্বাসমতে ভগৱানৰ জন্ম হৈছে-উদাহৰণ ৰাম আৰু কৃষ্ণ। হিন্দুধৰ্মৰ বাদে আন ধৰ্মত স্বয়ং ভগৱানে পৃথিৱীত জন্ম লোৱাৰ উদাহৰণ নাই। লগতে উল্লেখনীয় কথাটি হৈছে যে ধৰ্মীয় বিশ্বাসৰ প্ৰতিটো কাহিনী-উপকাহিনীৰ আঁৰত থকা যুক্তি(যদিও অলৌকিক) এটা যুগৰ যুক্তি সমূহ আন এটা যুগত অলৌকিক যেন লগাটো বিশেষ অস্বাভাৱিকো নহয়। কাৰণ হয়তু এটা দিন আহিব যেতিয়া ভৱিষ্যৎ প্ৰজন্মই পৃথিৱীত মহাত্মা গান্ধীৰ দৰে এজন লোক আছিল বুলি বিশ্বাস কৰিবলৈ টান পাব। অৱশ্যে কিছুমান লোকে ধৰ্মৰ নামত জ্যোতিষশাস্ত্ৰক জ্যোতিৰ্বিজ্ঞানৰ সৈতে একে কৰি মানুহক প্ৰৱঞ্চনা কৰাৰ দৰে ঘটনা অৱশ্যেই গ্ৰহণযোগ্য নহয়।

মুঠৰ ওপৰত আত্মাৰ দুৰ্বল বিভোৰ উপলব্ধিৰ বিশ্ব চৰাচৰত যি গভীৰ শক্তিয়ে পৰিচালনা কৰে, সেই শক্তিৰ প্ৰতি বিষ্ময়পূৰ্ণ প্ৰসংগই হ'ল ঈশ্বৰ আৰু সেই শক্তিৰ প্ৰতি থকা গভীৰ প্ৰত্যয়েই হৈছে ধৰ্ম। আত্মাৰ অবিনশ্বৰতা আৰু শক্তিৰ সংৰক্ষণশীলতা সমপৰ্যায়ৰ। গতিকে ধৰ্ম আৰু বিজ্ঞানৰ মাজত এক পাৰস্পৰিক সম্পৰ্ক বিদ্যমান। ধৰ্মৰ অবিহনে বিজ্ঞান আৰু বিজ্ঞানৰ অবিহনে ধৰ্ম অন্ধ।


শংকৰী যুগৰ বলিষ্ট সাহিত্যিক মাধৱদেৱৰ ঝুমুৰাসমূহ নিসন্দেহে অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ সৃষ্টি। শংকৰদেৱৰ অংকীয়া নাটৰ তুলনাত মাধৱদেৱৰ নাটসমূহ কিছু পৃথক। যিহেতু শংকৰদেৱৰ নাটসমূহৰ তুলনাত মাধৱদেৱৰ নাটমূহৰ কাহিনীৰ পৰিসৰ সংকীৰ্ণ সেয়েহে এনেধৰনৰ নাটক ঝুমুৰা বুলি অভিহিত কৰা হৈছে। এই নাটসমূহত শংকৰদেৱৰ নাটৰ দৰে পূৰ্ণ আখ্যান বা উপাখ্যান পোৱা নাযায়। মাধৱদেৱে শংকৰদেৱক অনুসৰণ কৰি ছখন নাটক ৰচনা কৰিছিল বুলি প্ৰবাদ আছে। কিন্তু পাছলৈ তেখেতৰ নামত ভণিতা পেলাই কোনো কোনোৱে গীত ৰচনা কৰাৰ দৰে কেইবাখনো নাট অন্য লোকে ৰচনা কৰা বুলি সন্দেহ কৰা যায়। সি যি কি নহওক মাধৱদেৱৰ নামত প্ৰচলিত পাঁচখন নাটক সন্দেহমুক্ত আৰু মাধৱদেৱৰ ৰচনা বুলি নিশ্চিত। সেই নাট চাৰিখন হ’লঃ অৰ্জুন ভঞ্জন,ভূমি লেটোৱা,চোৰধৰা,পিপৰা গুচোৱা আৰু ভোজন বিহাৰ। ...