অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব- এক সংক্ষিপ্ত আলোচনা


উপন্যাস হ’ল বাস্তৱ ঘটনা আধাৰিত কলাত্মক গদ্য সাহিত্য। জীৱনৰ কাৰ্যাৱলী আৰু সময়ৰ যুগসাপেক্ষ পৰিৱৰ্তনক কলাত্মকভাৱে একোখন উপন্যাসৰ কাহিনীৰ পৰিসীমাই বহন কৰে। জাপানৰ লেডী মুৰাচাকি শ্বিকবুৱে একাদশ শতিকাত ৰচনা কৰা The Tale of Genji নামৰ উপন্যাসধৰ্মী ৰচনাখনকেই সাহিত্য সমালোচকসকলে প্ৰথম এই শ্ৰেণীৰ গ্ৰন্থ বুলি অভিহিত কৰিব খোজে। এই অনুসৰি একংবিশ শতিকাৰ আৰম্ভনিতে বিশ্ব সাহিত্যত উপন্যাসৰ বয়স এহেজাৰ বছৰ সম্পূৰ্ণ হোৱাৰ বিপৰীতে ডেনিয়েল ডিফোৰ ‘ৰবিন্সন ত্ৰুছ’ৰ (১৭১৯ সৃষ্টিৰে ইংৰাজী উপন্যাস সাহিত্যৰ আৰম্ভনি আৰু বংকিমচন্দ্ৰৰ ‘দুৰ্গেশ নন্দিনী’ (১৮৫০ প্ৰকাশৰ লগে লগে বাঙালী সাহিত্যৰ লগতে ভাৰতীয় সাহিত্যত প্ৰকৃত উপন্যাস সৃষ্টিৰ এক নৱজাগৰণৰ সৃষ্টি হয়। বিশ্ব সাহিত্যৰ তুলনাত আমি ক’বলৈ দ্বিধাবোধ নকৰো যে অসমীয়া উপন্যাসে ইতিমধ্যে এশ বছৰহে অতিক্রম কৰিবলৈ সক্ষম হৈছে। কিন্তু গৌৰৱৰ কথাটো হ’ল ইমান কম সময়ৰ ভিতৰতে অসমীয়া উপন্যাসৰ বিস্তাৰ আৰু উত্তৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমীয়া উপন্যাসৰ ঐতিহ্যই আমাক এক গৌৰৱোজ্জ্বল অধ্যায় সম্বলিত গৰিমাময় অতীতক উপহাৰ দিছে আৰু সেই ঐতিহ্যৰ ভিত্তিত গড়ি উঠিছে সৃষ্টিৰ এক সুস্থ আৰু বলিষ্ঠ বাতাবৰণৰ বৰ্তমান। তদুপৰি আমি ভৱিষ্যতৰ প্ৰতিও আশাবাদী হ’ব পাৰিছোহঁক। অসমীয়া উপন্যাসৰ এই ক্রমবিকাশৰ ইতিহাসৰ এক আৰম্ভনি আছে। যাক ভিত্তি হিচাপে লৈয়ে আৰম্ভ হৈছে অসমীয়া উপন্যাসৰ বৰ্ণিল পৰিক্রমা।অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব :উপন্যাস আধুনিক যুগৰ সৃষ্টি আৰু ই সম্পূৰ্ণ বাস্তৱভিত্তিক সাহিত্য। ইয়াৰ আধাৰস্বৰূপ ঘাই উপজীৱ্যই হৈছে মানৱ জীৱন। মানৱ জীৱনৰ বিচিত্ৰ অভিব্যক্তি পৰিকপ্লিত ঘটনাৰ মাজেৰে নিয়াৰিকৈ স্বাভাৱিক গদ্য ৰীতিৰে উপন্যাসত উপস্থাপন কৰা হয়। উপন্যাস সাহিত্যৰ সৃষ্টি পাশ্চাত্যৰ নতুন সভ্যতা আৰু গণচেতনাৰ ফলশ্ৰুতি। মূলতঃ ই ইংৰাজ সমাজৰ গুণগত বিৱৰ্তনৰ দ্বাৰা সাধিত কাল আৰু ঘটনাৰ সামন্বয়িক সৃষ্টি। ইংৰাজী উপন্যাসৰ আৰ্হিত ঊনৈশ শতিকাত ভাৰতীয় উপন্যাসৰ জন্ম হয় বুলি বহুতে ক’ব খুজিলেও পূৰ্বৰে পৰা প্ৰচলিত ভাৰতীয় আখ্যান পৰম্পৰাৰ অৱদানক নুই কৰিব নোৱাৰি। বংগদেশত প্ৰথম আৰম্ভ হোৱা ভাৰতীয় উপন্যাসৰ বীজ অসমীয়া সাহিত্যত ঊনবিংশ শতিকাৰ প্ৰথম ভাগত অংকুৰিত হয়। এইক্ষেত্ৰত মিছনেৰীসকলৰ ভূমিকা অনস্বীকাৰ্য। উপৰ্যুপৰি মানৰ আক্রমণে জুৰুলা কৰি যোৱা অসম মুলুকত ১৮৩৬ চনৰ পৰা বঙালী বিষয়াৰ ষড়যন্ত্ৰত অসমত বাংলা ভাষাৰ প্ৰচলন আছিল অসমীয়া ভাষা-সাহিত্যৰ বাবে চৰম দুৰৱস্থাৰ বিষয়। এনে প্ৰেক্ষাপটত এটা আমেৰিকান বেষ্টি মিছনেৰী দল অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আহি উপস্থিত হয়। মিছনেৰী দলৰ ড০ নাথান ব্ৰাউন, ড০ মাইলছ ব্ৰনছন, ও. টি. কট্টৰ, এ. এইচ. ডেনফৰ্ফাথ, এম. এছ. হুইটিং প্ৰভৃতিৰ অসম আগমন বিপদাপন্ন অসমীয়া জাতিৰ বাবে আছিল পৰম সৌভাগ্যৰ কথা। এওঁলোকৰ পৌৰোহিত্যত আৰম্ভ হৈছিল অসমীয়া সাহিত্যৰ পুনঃনিমৰ্াণ আৰু পুনৰ গঠনৰ কাল। প্ৰথম অসমীয়া উপন্যাস হিচাপে আমি ‘ভানুমতী’ক আৰু প্ৰথম অসমীয়া সামাজিক উপন্যাস হিচাপে আমি ‘মিৰি জীয়ৰী’ক অভিহিত কৰো। কিন্তু ‘ভানুমতী’ বা ‘মিৰি জীয়ৰী’ৰ ৰচনাৰ আগৰ কালছোৱালৈ যদি আমি লক্ষ্য কৰো তেন্তে সেই কালছোৱাত উপন্যাসৰ ইতিহাস শূন্য বুলি ক’ব নোৱাৰি। এই কালছোৱাক উপন্যাস সাহিত্যৰ উদ্যোগ পৰ্ব বুলি ক’লে ভুল নহ’ব। মোটামুটিভাৱে ‘অৰুণোদই’ৰ আবিৰ্ভাৱৰ পৰা ‘জোনাকী’ৰ আবিৰ্ভাৱলৈকে এই কালছোৱাক আমি অসমীয়া উপন্যাসৰ উদ্যোগ পৰ্ব বুলিব পাৰো। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত কিছুমান উপন্যাসধৰ্মী ৰচনাৰ মাধ্যমেৰে শুভাৰম্ভ হৈছিল অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব। বেছি মেছনেৰীসকলৰ প্ৰচেষ্টাত ১৮৪৩ চনৰ ১৫ নৱেম্বৰ তাৰিখৰ পৰা শিৱসাগৰত প্ৰেছ স্থাপিত হয়। ১৮৪৬ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহৰ পৰা তেওঁলোকে এই প্ৰেছৰ পৰা ‘অৰুণোদই’ নামৰ প্ৰথম অসমীয়া মাহেকীয়া কাকতখনৰ প্ৰকাশৰ ব্যৱস্থা কৰে। আধুনিক অসমীয়া কবিতা, গপ্ল, নাটক, প্ৰবন্ধ, আলোচনা আদিৰ উন্মেষ ঘটোৱাৰ লগতে অৰুণোদই কাকতে অসমীয়া উপন্যাসৰ বীজ ৰোপন কৰিছিল। পোন প্ৰথমে অনুদিত উপন্যাসধৰ্মী ৰচনাৰ মাধ্যমেৰে অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব আৰম্ভ হয়। এইক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব অৰুণোদইৰ প্ৰতিষ্ঠাপক সম্পাদক নাথান ব্ৰাউনে ‘জাত্ৰিকৰ জাত্ৰা’ নামেৰে কৰা John Banion ৰ The Piligrim’s Progress ৰ অনুবাদ।৮৫০-৫১ চনৰ সময়ছোৱাত অৰুণোদইৰ পাতত খণ্ড খণ্ডকৈ অনুদিত হোৱা গ্ৰন্থখন পৰৱৰ্তী সময়ত কিতাপ আকাৰে প্ৰকাশিত হয়। The Piligrim’s Progress ত জন বানিয়নে পাপভাৰক্লিষ্ট মানুহ কেনেকৈ মুক্তিপথৰ (Path of Salvation) পথিক হয় আৰু শেষত ভগৱৎ দৰ্শন লাভৰ দ্বাৰা জীৱন ধন্য কৰিব পাৰে তাক ৰূপকৰ মাধ্যমেৰে বৰ্ণনা কৰিছে। নাথান ব্ৰাউনে ৰূপকাত্মক কাহিনীটো কথিত গদ্যত অনুবাদ কৰি দীৰ্ঘাতয়ন গদ্য কাহিনীৰ বা উপন্যাসৰ পথৰ সম্ভেদ দি যায়। অৱশ্যে ‘জাত্ৰিকৰ জাত্ৰা’ত যি গদ্য প্ৰয়োগ কৰা হৈছে সি পৰিমাৰ্জিত কলাত্মক গদ্য নহয় আৰু কিছু পৰিমাণে ইংৰাজী বাক্য ৰীতাশ্ৰয়ী। তদুপৰি কাহিনী সুদৃঢ় বা সুসংবদ্ধ নহয়। এনেবোৰ কাৰণবশতঃ আমি ‘যাত্ৰিকৰ যাত্ৰা’ক এখন সম্পূৰ্ণ উপন্যাস বুলি অভিহিত কৰিব নোৱাৰো।১৮৭৭ চনত এ. কে. গাৰ্ণি চাহাবৰ প্ৰথম অসমীয়া মৌলিক উপন্যাস ‘কামিনীকান্ত’ প্ৰকাশিত হয়। ইয়াৰ মূল উদ্দেশ্য কাহিনীৰ ছলেৰে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা আছিল যদিও ‘কামিনীকান্ত’ই অসমীয়া উপন্যাসৰ ভেটিটো নিৰ্মাণ কৰাত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। ‘কামিনীকান্ত’ৰ কাহিনীটোৰ চমু বিৱৰণ এনেধৰণৰ কলিকতাৰ কাষৰ গৌৰীপুৰ গাঁৱৰ ৰামজয় বন্দোপাধ্যায়ৰ দুজনী ছোৱালী আৰু এটি ল’ৰা আছিল। ডাঙৰজনী ছোৱালীৰ নাম সৰলা, ল’ৰাটোৰ নাম অম্বিকাচৰণ (বি. এ. পাছ)। সৰলা গাভৰু আৰু বিবাহিতা। ওচৰৰ প্ৰতাপপুৰ গাঁৱৰ ৰামচন্দ্ৰ চট্টোপাধ্যায়ৰ শিক্ষিত পুত্ৰ কামিনীকান্তলৈ সৰলাক বিয়া দিয়া হৈছিল। কামিনীকান্তই খ্ৰীষ্ট ধৰ্মৰ সত্যতা উপলব্ধি কৰি পিতাক আৰু শহুৰেকৰ অনুমতি অবিহনে সেই ধৰ্ম গ্ৰহণ কৰে। পিতাক ৰামচন্দ্ৰই তাক পুনৰ হিন্দু ধৰ্মলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা কৰিছিল যদিও ব্যৰ্থ হয় আৰু পুতেকৰ লগত সকলো সম্বন্ধ ছেদ কৰে। শহুৰেক ৰামজয়েও চেষ্টা কৰিছিল যদিও তেওঁৱো ব্যৰ্থ হয়। কামিনীকান্তৰ সৈতে বিচ্ছেদৰ যন্ত্ৰণাত সৰলা চকুপানীৰে বাট নেদেখা হ’ল। সৰলাৰ দুখৰ বিষয়ে কামিনীকান্তৰ এজন বন্ধুৱে তেওঁক অৱগত কৰে আৰু তেতিয়া কামিনীকান্তই চিঠিৰ মাধ্যমেৰে সৰলাক খ্ৰীষ্ট ধৰ্মৰ বিষয়ে বুজায়। অৱশেষত সৰলাইও মান্তি হয় আৰু স্বামীৰ পথ অনুসৰণ কৰি খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰে।২ সৰ্বমুঠ পোন্ধৰটা অধ্যায়েৰে সমৃদ্ধ কাহিনীটোত সপ্তম অধ্যায়লৈ কাহিনীৰ গতি কিছু স্বাভাৱিক। বাকী আঠোটা অধ্যায় কেৱল চিঠিৰ আদান-প্ৰদান আৰু খ্ৰীষ্ট ধৰ্ম সম্পৰ্কীয় আলোচনা। ‘কামিনীকান্ত’ পত্ৰোপন্যাস বুলি অভিহিত কৰিব নোৱাৰি যদিও আঠটা অধ্যায়ত পত্ৰৰ যি উপস্থিতি দেখা যায় তাৰ পৰা ‘কামিনীকান্ত’ অসমীয়া পত্ৰোপন্যাসৰ প্ৰথম নিদৰ্শন বুলি অভিহিত কৰিব পাৰি। প্ৰচাৰক মনোবৃত্তিয়ে ‘কামিনীকান্ত’ৰ ৰচনাৰীতি নিৰস কৰি তুলিছে। চৰিত্ৰৰ বিকাশ, ঘটনাৰ পৰিৱৰ্তন ইত্যাদিৰ অনুপস্থিতি পৰিলক্ষিত হয়। এ. কে. গাৰ্ণিৰ প্ৰেৰণাৰে উদ্বুদ্ধ হৈ তেওঁৰ পত্নী মেৰী এফ. লৰেন্সে বাংলা উপন্যাসধৰ্মী ৰচনা ‘ফুলমনি আৰু কৰুণাৰ বিৱৰণ’ পুথিখন ‘ফুলমণি আৰু কৰুণা’ নাম দি অসমীয়ালৈ অনুবাদ কৰে আৰু ১৮৭৭ চনত ইয়াক ছপা ৰূপত প্ৰকাশ কৰে। পুথিখনত খ্ৰীষ্টান ধৰ্মৰ মহত্ব দেখুৱাই বৈবাহিক সম্বন্ধৰ ওপৰত ইয়াৰ প্ৰভাৱ, স্বামীৰ প্ৰতি পত্নীৰ ব্যৱহাৰ আৰু কৰ্তব্য, শিশুৰ নৈতিক শিক্ষাৰ গুৰুত্ব, দৰিদ্ৰ আৰু ৰোগগ্ৰস্ত লোকৰ প্ৰতি সহানুভূতিশীল হোৱাৰ আৱশ্যকতাৰ সম্বন্ধে দাঙি ধৰিছে। কাহিনীটোত স্ত্ৰী চৰিত্ৰৰ প্ৰাধান্য দেখা যায়। পুৰুষ চৰিত্ৰ প্ৰসংগক্রমেহে অৱতাৰণা কৰা হৈছে। ফুলমণি আৰু কৰুণা চৰিত্ৰ দুটা প্ৰধান চৰিত্ৰৰূপে অংকন কৰিছে। ফুলমণি দেশীয় খ্ৰীষ্টিয় মহিলা। তাইৰ সংসাৰৰ আদৰ্শ খ্ৰীষ্টান পৰিবাৰ হিচাপে প্ৰদৰ্শন কৰা হৈছে। ফুলমণিৰ ডাঙৰ জী সুন্দৰীয়ে স্কুল পঢ়া সাং কৰি চহৰৰ ইউৰোপীয় ভদ্ৰলোকৰ ঘৰত আয়াৰ চাকৰি কৰিছিল। প্ৰতিবেশী মাতাল যুৱক মধুৱে সুন্দৰীক বিয়া কৰাব খোজে। কিন্তু এই প্ৰস্তাৱ ফুলমণিয়ে নাকচ কৰিছিল। চহৰত থাকি সুন্দৰীয়ে নিজৰ আত্মমৰ্যাদা সম্বন্ধে সচেতন হয় আৰু নিজস্ব অভিৰুচি মতে চন্দ্ৰকান্ত নামৰ চৰিত্ৰৱান যুৱক এজনৰ লগত বিবাহপাশত আৱদ্ধ হয়। মধুৱে সুন্দৰীৰ সমবয়সীয়া ৰাণীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় যদিও দুৰ্ভাগ্যবশতঃ কলেৰা ৰোগত আক্রান্ত হৈ মধুৰ মৃত্যু হয়। মধুৰ মৃত্যুৰ পিচত ৰাণীৰ এজনী কন্যা সন্তান জন্ম হয় আৰু তাই বহুত কষ্টৰে জীৱন অতিবাহিত কৰিছিল। এনে পৰিস্থিতিত অৱশেষত এজন মিছনেৰী চাহাবৰ যত্নত নবীন নামৰ এজন যুৱকৰ সৈতে তাইৰ পুনৰ বিবাহ হয় আৰু পৰৱৰ্তী সময়ছোৱাত তাই সুখেৰে জীৱন নিৰ্বাহ কৰে। ৩কৰুণাৰ চৰিত্ৰটো অতি স্পষ্ট ৰূপত লেখিকাই অংকন কৰিছে। কৰুণাৰ চৰিত্ৰৰ গতিশীলতা আৰু পৰিণতি কাহিনীটোত বৰ্ণিত হৈছে। ফুলমণিৰ পৰিচ্ছন্নতা, কৰ্মশীলতা আৰু নৈতিকতাৰ বিপৰীতে কৰুণাক প্ৰদৰ্শন কৰিছে অলস, কৰ্তব্যবিমুখ আৰু কলহপ্ৰিয় নাৰী হিচাপে। স্ত্ৰী চৰিত্ৰপ্ৰধান কাহিনীটোত খ্ৰীষ্ট ধৰ্মৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাৰ প্ৰয়াস আছে যদিও উৎকট প্ৰচাৰধৰ্মিতাৰ পৰা কাহিনীটো মুক্ত। কিন্তু সন্নিবিষ্ট কাহিনীকেইটাৰ পাৰস্পৰিক সম্পৰ্ক শিথিল।১৮৭৭ চনত এম. ই. লেছলীয়ে কৰা বাংলা ‘এলোকেশী বেশ্যাৰ কথা’ৰ অনুবাদ প্ৰকাশিত হয়। ইয়াত এলোকেশী নামৰ এজনী কুমলীয়া কালতে বিধৱা হোৱা যুৱতীৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতা প্ৰলোভনত পৰি পদস্খলন, ৰক্ষিতা আৰু পিচত বেশ্যাৰূপে জীৱন যাপন আৰু সৰ্বশেষত উদাৰ খ্ৰীষ্ট ধৰ্মত আশ্ৰয় লৈ পবিত্ৰ জীৱন পথলৈ প্ৰত্যাৱৰ্তনৰ কাহিনী সন্নিবিষ্ট হৈছে। উপন্যাসৰ বাস্তৱতা ইয়াত আছে কিন্তু কাহিনী ৰচনাৰ নতুনত্ব, বৈচিত্ৰ্য আৰু ঘটনা পৰম্পৰাৰ সজীৱ চিত্ৰণ অনুপস্থিত। তদুপৰি মিছনেৰীসকলে বাঁৰীৰ মিত্ৰ, যোচেফৰ বিৱৰণ আদি কেইখনমান উপন্যাসৰ ঠাঁচত পুথি লিখিছিল। মূলতঃ খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে ৰচিত এনেধৰণৰ প্ৰচাৰধৰ্মী কাহিনীসমূহে অসমীয়া উপন্যাসৰ ভেটি স্থাপনত যথেষ্ট সহায় কৰিছিল।অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্বত অসমীয়া লেখকৰ অৱদান :মিছনেৰীসকলৰ সমান্তৰালভাৱে ইংৰাজী শিক্ষাৰে শিক্ষিত কেইজনমান অসমীয়া সাহিত্যিকেও অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্বত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই থৈ গৈছে। ইয়াৰ ভিতৰত হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি’ (১৮৭৬, পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’ (১৮৮৪ আৰু কৰুণাভিৰাম বৰুৱাৰ ‘প্ৰমীলা’ (১৮৮৫ অন্যতম। ব্যংগাত্মক চৰিত্ৰ ‘বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি’ উপন্যাসধৰ্মী ৰচনাখনত কাহিনী, চৰিত্ৰ, সংলাপ, পৰিবেশ আৰু সংস্কাৰধৰ্মী আদৰ্শ আছে। ইয়াৰ কাহিনীটো লোকজীৱনৰ আধাৰত ৰচিত যদিও উপস্থাপন ৰীতি সম্পূৰ্ণ ব্যংগাত্মক হোৱাৰ কাৰণে ইয়াক প্ৰকৃত উপন্যাস বুলি অভিহিত কৰিব নোৱাৰি। অন্যথা তীব্ৰ ব্যংগাত্মক ঠাঁচ নথকা হ’লে ‘কোৱাভাতুৰী’খনে প্ৰথম অসমীয়া মৌলিক উপন্যাসৰ গৌৰৱ অৰ্জন কৰিব পাৰিলেহেঁতেন। ইয়াত প্ৰাচ্য-পাশ্চাত্যৰ দোমোজাত অসমৰ সত্ৰীয়া সংস্কৃতিৰ অৱক্ষয় আৰু অসমীয়া মানুহৰ বিচিত্ৰ মানসিকতা প্ৰতিফলিত হৈছে। ‘কোৱাভাতুৰী’ৰ গদ্য অসমীয়া গদ্য সাহিত্য বিকাশত এক বিশেষ পদক্ষেপ বুলি ক’ব পাৰি। ১৮৮৪ চনত পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’ প্ৰকাশ হয়। ৪২ পৃষ্ঠাৰ এই পুস্তিকাখনত মানুহৰ কৰ্মফল সম্পৰ্কে বৰ্ণনা কৰা হৈছে। ‘সুধৰ্মাৰ উপাখ্যান’ত অলৌকিকতা নাই যদিও প্ৰাচীন আখ্যানৰ ৰীতি অনুসৰণ কৰা হৈছে। মুনি, মুনিকন্যা, আশ্ৰম, ব্যাধ আদি চৰিত্ৰৰ সমাবেশে কাহিনীটো প্ৰাচীন আখ্যানৰ পৰ্যায়লৈ লৈ গৈছে। সি যি কি নহওঁক অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্বত কাহিনীটোৰ গুৰুত্ব যথেষ্ট পৰিমাণে আছে। ‘আসাম বন্ধু’ৰ প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত কৰুণাভিৰাম বৰুৱাই লিখা ‘প্ৰমীলা’ নামৰ এখন উপন্যাস ধাৰাবাহিক হিচাপে প্ৰকাশ হৈছিল। কিন্তু কেৱল দুটা সংখ্যা প্ৰকাশ পোৱা অসম্পূৰ্ণ উপন্যাসখনৰ আৰম্ভনি আকৰ্ষণীয়, প্ৰকাশভংগী সৰল আৰু গদ্যৰীতি পূৰ্বৰবোৰৰ তুলনাত যথেষ্ট উন্নত আছিল। উল্লেখযোগ্য যে, অসমীয়া সাহিত্যত ‘উপন্যাস’ শব্দটো ‘আসাম বন্ধু’ আলোচনীৰ ‘প্ৰমীলা’ৰ প্ৰসংগতে প্ৰথম প্ৰয়োগ কৰা হৈছিল।এনেদৰেই অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ছোৱাত ইংৰাজী শিক্ষাৰ বিস্তৃতি কলিকতাৰ প্ৰবাসী অসমীয়া ছাত্ৰসকলৰ অক্লান্ত পৰিশ্ৰম, অসমীয়া ভাষা উন্নতি সাধিনী সভা স্থাপন, ১৮৮৯ চনত ‘জোনাকী’ৰ প্ৰকাশ ইত্যাদি ইতিবাচক ঘটনাসমূহে অসমীয়া ভাষা সাহিত্যৰ লগতে উপন্যাসৰ ক্ষেত্ৰতো এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। আমি সকলো অৱগত১৮৮৯ চনত ‘জোনাকী’ আৰু ১৮৯০ চনত ‘বিজুলী’ৰ প্ৰকাশে অসমীয়া সাহিত্যলৈ এক আমূল পৰিৱৰ্তন আনিছিল। কাহিনী, পটভূমি, চৰিত্ৰ, পৰিবেশ, ৰস, উৎকণ্ঠা, আদৰ্শ আৰু ৰচনাৰীতিৰ দিশৰ পৰা ১৮৯১ চনত ‘বিজুলী’ কাকতত প্ৰকাশিত পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতী’ক প্ৰথম অসমীয়া মৌলিক উপন্যাস হিচাপে স্বীকৃতি দিয়া হৈছে। ভানুমতীৰ প্ৰকাশৰ কেইদিনমানৰ পিচতে ‘জোনাকী’ত বেজবৰুৱাৰ ‘পদুমকুঁৱৰী’ প্ৰকাশিত হয়। ১৮৯২ চনত গোহাঞি বৰুৱাৰ ‘লাহৰী’ প্ৰকাশিত হয়। ‘লাহৰী’ গ্ৰন্থাকাৰে প্ৰকাশ পোৱা প্ৰথমখন উপন্যাস। বেজবৰুৱা আৰু গোহাঞি বৰুৱাৰ প্ৰচেষ্টাত শুভাৰম্ভ হোৱা অসমীয়া উপন্যাসৰ ধাৰাটো ৰজনীকান্ত বৰদলৈৰ হাতত এক শক্তিশালী ৰূপ লাভ কৰিবলৈ সক্ষম হয়। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ বিশেষত্ব এইয়ে যে ১৯০০ চনত চিগমণ্ড ফ্ৰয়েডৰ বিশ বছৰৰ গৱেষণাৰ ফল The Interpretation of Dreams প্ৰকাশ পাইছিল, তাৰ ছবছৰৰ আগতে সেই সপোনৰ কলাত্মক ব্যৱহাৰেৰে তেওঁৰ প্ৰথম উপন্যাস ‘মিৰি জীয়ৰী’ (১৮৯৪ য়ে অসমীয়া উপন্যাসত নতুন চিন্তাৰ উন্মেষ ঘটাইছিল। পৰৱৰ্তী সময়ত শৰৎ চন্দ্ৰ গোস্বামী, দৈৱচন্দ্ৰ তালুকদাৰ, দণ্ডীনাথ কলিতা, চন্দ্ৰপ্ৰভা শইকীয়ানী আদিয়ে উপন্যাস ৰচনাৰ ক্ষেত্ৰখনত মনোনিৱেশ কৰিছিল। বিশ্বযুদ্ধৰ পিচত ১৯৪৪ চনত বীণা বৰুৱা (বিৰিঞ্চি কুমাৰ বৰুৱা)ৰ অমৰ সৃষ্টি ‘জীৱনৰ বাটত’ উপন্যাসে অসমীয়া উপন্যাসত এক ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰে। মুঠৰ ওপৰত এক দীৰ্ঘ সময়ৰ বিৱৰ্তন আৰু ক্রমবিকাশৰ মাধ্যমেৰে অসমীয়া উপন্যাসে সাম্প্ৰতিক প্ৰেক্ষাপটত উপনীত হৈছে। সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ আটাইতকৈ শক্তিশালী ধাৰা বুলিলে আমি উপন্যাস সাহিত্যক বুজো। অসমীয়া উপন্যাস সাহিত্যৰ সাম্প্ৰতিক এই শক্তিশালী স্থিতি নিৰ্মাণৰ অন্তৰালত অন্তৰ্নিহিত হৈ আছে এই দীৰ্ঘ সময়ৰ ক্রমবিৱৰ্তনৰ ইতিহাস। এইক্ষেত্ৰত অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব ১৮৫০-১৮৯১ ৰ ভূমিকাক আমি অস্বীকাৰ কৰিব নোৱাৰো।

প্ৰসংগ সূত্ৰ

১।ড০ প্ৰদীপ কুমাৰ বৰুৱাঃসাহিত্য সন্দৰ্শন, পৃষ্ঠা : ১৬

২।সত্যেন্দ্ৰনাথ শৰ্মাঃঅসমীয়া উপন্যাসৰ ভূমিকা, পৃষ্ঠা : ২৪

৩।উল্লিখিতঃপৃষ্ঠা : ২৫-২৬

সহায়ক গ্ৰন্থপঞ্জী

১।ঠাকুৰ, নগেন (সম্পাঃ)ঃএশ বছৰৰ অসমীয়া উপন্যাস, জ্যোতি প্ৰকাশ, দ্বিতীয় প্ৰকাশ, ২০১২

২।বৰুৱা, প্ৰদীপ কুমাৰঃসাহিত্য সন্দৰ্শন, বনলতা, প্ৰথম প্ৰকাশ, ২০০৯

৩। শৰ্মা, সত্যেন্দ্ৰনাথঃঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ,০১৩অসমীয়া উপন্যাসৰ ভূমিকা, সৌমাৰ প্ৰকাশ, দ্বিতীয় প্ৰকাশ, ২০১০


বিলত তিৰেবিৰাই/ পদুমৰ পাহি ঐ/ পাতত তিৰবিৰাই পানী/ ৰ'দত তিৰেবিৰাই/ জিঞাৰে পাখি ঐ/ ফুলনিত ফুলৰে ৰাণী।

এই বিখ্যাত গীতটিয়েই কাঢ়ি নিছিল, হৰি নিছিল তেখেতৰ মন প্ৰাণ। নজনাকৈয়ে হৃদয় ফাটি ওলাই আহিছিল মৰমৰ আকুল ভাষাবোৰ। কাৰোবাৰ কণ্ঠ নিগৰি ওলাই আহিছিল এই গীতৰ গুণগুণনি। একো নজনাকৈয়ে প্ৰেমত পৰিছিল সেই ব্যক্তিগৰাকী। কোনোবা এদিন কৰবাত এটি কুমাৰীয়ে "বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ" গীতটি গোৱা শুনিছিল।...



বিজ্ঞানৰ জন্মকালৰে পৰা ইয়াৰ ধৰ্মৰ সৈতে যুঁজৰ আৰম্ভণি। এই যুঁজ নিজৰ ধাৰণাক সত্য আৰু শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ যুঁজ। প্ৰথমাৱস্থাত উৎসুক মানুহবোৰে লুকাই চুৰলৈ বিজ্ঞান চৰ্চা কৰিবলগীয়া হৈছিল। কাৰণ কেথলিক গীৰ্জাৰ বিপৰীতে যোৱা মানেই অমানুষিক শাস্তি তথা মৃত্যুদণ্ড। তেনে শাস্তিৰ উদাহৰণ কপাৰনিকাছ, গেলিলিওৰ ক্ষেত্ৰত পোৱা যায়। সেই সময়ত সংঘাত আছিল তীব্ৰ। অতীজৰে পৰা চলি অহা পাৰস্পৰিক ধৰ্মীয় ধাৰণা(যেনে বিশ্বব্ৰহ্মাণ্ডৰ জন্ম ৰহস্য, মানুহ ত থা অন্যান্য জীৱ-জন্তুৰ জন্ম ৰহস্য, গ্ৰহ নক্ষত্ৰৰ ঘূৰ্ণনৰ ধাৰণা)সমূহৰ বিপৰীতে সেইসময়ৰ দাৰ্শনিকসকলে নতুনকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে তুলিধৰা ব্যক্তব্য তথা যুক্তিবোৰ তেওঁলোকৰ বাবে অবান্তৰ আছিল।



শিক্ষা হ’ল জ্ঞান আহৰণ তথা বিকাশৰ মধুৰতম প্ৰক্ৰিয়া । যি প্ৰক্ৰিয়া মানৱ সম্পদ বিকাশৰ জৰিয়তে মানৱ শক্তি গঢ়াৰ পৰিচায়জক। আচলতে ব্যক্তিৰ জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন। বিখ্যাত দাৰ্শনিক স্বামী বিবেকানন্দই কৈছিল- “শিক্ষাই মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ।” শিক্ষাই এজন ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাসমূহৰ পূৰ্ণ বিকাশ সাধন কৰে। শিক্ষা আৰু প্ৰশিক্ষনৰ অবিহনে কোনো ব্যক্তিয়েই নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশ কৰিব নোৱাৰে।



শংকৰী যুগৰ বলিষ্ট সাহিত্যিক মাধৱদেৱৰ ঝুমুৰাসমূহ নিসন্দেহে অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ সৃষ্টি। শংকৰদেৱৰ অংকীয়া নাটৰ তুলনাত মাধৱদেৱৰ নাটসমূহ কিছু পৃথক। যিহেতু শংকৰদেৱৰ নাটসমূহৰ তুলনাত মাধৱদেৱৰ নাটমূহৰ কাহিনীৰ পৰিসৰ সংকীৰ্ণ সেয়েহে এনেধৰনৰ নাটক ঝুমুৰা বুলি অভিহিত কৰা হৈছে। এই নাটসমূহত শংকৰদেৱৰ নাটৰ দৰে পূৰ্ণ আখ্যান বা উপাখ্যান পোৱা নাযায়। মাধৱদেৱে শংকৰদেৱক অনুসৰণ কৰি ছখন নাটক ৰচনা কৰিছিল বুলি প্ৰবাদ আছে। কিন্তু পাছলৈ তেখেতৰ নামত ভণিতা পেলাই কোনো কোনোৱে গীত ৰচনা কৰাৰ দৰে কেইবাখনো নাট অন্য লোকে ৰচনা কৰা বুলি সন্দেহ কৰা যায়। সি যি কি নহওক মাধৱদেৱৰ নামত প্ৰচলিত পাঁচখন নাটক সন্দেহমুক্ত আৰু মাধৱদেৱৰ ৰচনা বুলি নিশ্চিত। সেই নাট চাৰিখন হ’লঃ অৰ্জুন ভঞ্জন,ভূমি লেটোৱা,চোৰধৰা,পিপৰা গুচোৱা আৰু ভোজন বিহাৰ। ...