অসমীয়া চলচ্চিত্ৰৰ গতি কোন দিশে?


অসমৰ সাংস্কৃতিক আন্দোলনত আগ্ৰহী দৰ্শকৰ আকুল সমৰ্থন আৰু অনুগ্ৰহত ভাৰতীয় চলচ্চিত্ৰৰ জন্মকালতেই অসমীয়া চলচ্চিত্ৰই নিজৰ স্বকীয় মহিমাৰে আঞ্চলিক ক্ষেত্ৰত সবল স্থিতি প্ৰদৰ্শন কৰিব পাৰিছিল যাৰ নেতৃত্ব দিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। সেই হেন চলচ্চিত্ৰৰ উদ্ভাসিত জ্যোতি আজিৰ অসমত বহুলাংশে ম্লান পৰিব লগা হোৱাটো বৰ পৰিতাপৰ কথা হৈছে। অসম চৰকাৰৰ চলচ্চিত্ৰৰ উৎকৰ্ষ সাধন আৰু বাণিজ্যিক প্ৰসাৰতাৰ দিশত এটা স্পষ্ট নীতি নিৰ্দেশনা আৰু নিয়মীয়াকৈ গৃহীত হোৱাকৈ বিত্তীয় অনুদান আৰু ঋণ আঁচনিৰ অভাৱত এই শিপ্লৰ বিস্তৰভাৱে ক্ষতি হৈছে।সাম্প্ৰতিক এচাম উদ্যোগী যুৱ পৰিচালকে অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ প্ৰক্রিয়াত চামিল হৈ চিনেমা শিপ্ল উদ্যোগটো বিকশিত কৰাৰ হেতু আগবাঢ়ি অহাটো আশাব্যঞ্জক কথা হৈছে। তদুপৰি দীৰ্ঘদিন ধৰি মাধ্যমটোত থাকি প্ৰতিটো বিষয়তে পৰ্যাপ্ত জ্ঞান আহৰণ কৰি নিষ্ঠা আৰু সততাৰ সৈতে কাম কৰি থকা লোক এতিয়াও এচাম আছে বাবেই হেজাৰ বাধা-বিঘিনী, সমস্যাৰ মাজতো অসমীয়া চলচ্চিত্ৰ উদ্যোগটো বৰ্তি আছে। সাম্প্ৰতিক সময়ত অসমীয়া ছবিৰ অন্যতম বাস্তৱিক সমস্যা কিছুমান মূৰ দাঙি উঠিছে।অসমীয়া ছবিত এতিয়া ভাল চিত্ৰনাট্যকাৰৰ অভাৱ। এখন ভাল ছবি নিৰ্মাণৰ বাবে প্ৰথমেই প্ৰয়োজন এখন ভাল চিত্ৰনাট্য। নিপ বৰুৱা, ব্ৰজেন বৰুৱা, ড০ ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, পুলক গগৈ, মুনিন বৰুৱা আদি পৰিচালকে চিত্ৰনাট্যখন সম্পূৰ্ণ তৈয়াৰ হোৱাৰ পিছতহে পৰৱৰ্তী কামত অগ্ৰসৰ হৈছিল। সাম্প্ৰতিক সময়ত দেখা যায় যে বাণিজ্যিকৰণৰ মুখ নেদেখিলে প্ৰতিভাবান চলচ্চিত্ৰ কৰ্মীৰ পৰৱৰ্তী শিপ্লসাধনা আৰু চৰ্চাৰ পথ বাধাগ্ৰস্ত হয়। দৰ্শকসকলে চলচ্চিত্ৰৰ কাষ চাপিবলৈ অসমৰ্থ হ’লে চলচ্চিত্ৰক দৰ্শকৰ কাষ চপাই নিয়াৰ ব্যৱস্থা কৰিব লাগে। অৰ্থাৎ পৰিচালক আৰু প্ৰযোজনা গোষ্ঠীয়ে অভিনৱ কাৰ্যকুশলতাৰে দৰ্শকক মোহাচ্ছন্ন কৰিব পাৰিব লাগে। তদুপৰি চিত্ৰনাট্য সম্পৰ্কীয় জ্ঞানো থাকিব লাগিব অৰ্থাৎ বিভিন কলা-কুশলতাৰ লগতে সাহিত্য আৰু চলচ্চিত্ৰ সন্দৰ্ভতো তেওঁৰ জ্ঞান থাকিব লাগিব। কিন্তু শেহতীয়াকৈ অসমীয়া ছবিত সম্পূৰ্ণ চিত্ৰ নাট্যকাৰৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। মহেন্দ্ৰ বৰঠাকুৰ, অমূল্য কাকতি, পবিত্ৰ কুমাৰ ডেকা আদি অকালতে বিদায় লোৱা চিত্ৰনাট্যকাৰ কেইজনৰ অভাৱ এতিয়াও পূৰণ হোৱা নাই অসমীয়া ছবিত। বিগত কেইটামান বছৰত যিমান কেইখন অসমীয়া ছবি নিৰ্মাণ হৈছে, তাৰ বেছিভাগতে চিত্ৰনাট্যৰ দুৰ্বলতা স্পষ্ট ৰূপত প্ৰকট হৈ পৰিছে।সাম্প্ৰতিক অসমীয়া চলচ্চিত্ৰৰ আন এক আনুসংগিক সমস্যা ৰূপে অসমীয়া চলচ্চিত্ৰৰ সৈতে দৰ্শকৰ সুসংযুক্তিৰ অভাৱে দেখা দিছে। দৰ্শকে এই স্থবিৰ প্ৰক্রিয়াটো গতিপ্ৰৱাহ ফলপ্ৰসূ কৰিব পাৰে ছবিৰ বাণিজ্যিক প্ৰসাৰণত কিছু অৰিহণা যোগালে। বিত্তীয় প্ৰতিষ্ঠান কিছুমান আগবাঢ়ি নাহিলে অসমীয়া চলচ্চিত্ৰ শিপ্ল সংকটমুক্ত হোৱা কঠিন।অভিনয় শিপ্লীৰ ক্ষেত্ৰতো সেই একেই সমস্যাই উদ্ভৱ হৈছে। অসমীয়া ছবিৰ নায়ক হিচাপে অতীজৰেপৰা যিদৰে পৰ্যায়ক্রমে ফণী শৰ্মা, পবিত্ৰ বৰকাকতি, বিজয় শংকৰ, হাদি আলম বৰা, নিপন গোস্বামী, বিজু ফুকন, প্ৰশান্ত হাজৰিকা, প্ৰাঞ্জল শইকীয়া, ব্ৰজেন বৰা, বিভূতি ভট্টাচাৰ্য, তপন দাস, ৰাজীৱ গোস্বামী আদিয়ে এক সুকীয়া আসন দখল কৰি আহিছিল, সেয়া যেন এতিয়া যতীন বৰা, ৰবি শৰ্মা আদিৰ ক্ষেত্ৰতেই শেষ হ’বলৈ ওলাইছে। নায়িকাৰ ক্ষেত্ৰতো একে কথাই পৰিলক্ষিত হৈছে। কেৱল অভিনয় বা নাচিব জানিলেই নহ’ব। ছবিৰ নায়ক বা নায়িকা হিচাপে নিজকে গঢ় দিবৰ বাবে আৰু বহুতো কবা কিবিয়েই লাগিব। নতুন প্ৰজন্মই সোনকালে সফলতা লাভ কৰিব খুজি ক্ষণিক গ্লেমাৰৰ মোহত বন্দী হৈ প্ৰকৃত লক্ষ্যৰপৰা বিচ্যুত হৈ পৰিছে।কোনোৱে ছবি নিৰ্মাণৰ সংখ্যা কমি অহাৰ আন এক কাৰণ বুলি ভাবে ভিচিডিৰ জনপ্ৰিয়তাক। ভিচিডিৰ জনপ্ৰিয়তাই হেনো অসমীয়া ছবিৰ প্ৰতি উৎসাহ কমাই দিলে। ছবি নিৰ্মাণৰ বাবে প্ৰযোজকসকল আহিবলৈ ভয় কৰা হ’ল। বহুতেই বহুতধৰণে ইয়াৰ কাৰণ ব্যাখ্যা কৰিলে। ঘৰুৱা পৰ্যায়তেই এনে সহজলক্ষ্য মনোৰঞ্জনে চলচ্চিত্ৰৰ আকৰ্ষণ কিছু পৰিমাণে হ্ৰাস কৰে। কিন্তু বাস্তৱিকতে অসমীয়া ভিচিডি অসমীয়া চলচ্চিত্ৰ শিপ্লৰ প্ৰতিবন্ধক নহয়, বৰঞ্চ ভিজুৱেল পৰ্দাত ভিন্নসুৰী সমান্তৰাল আয়োজন বিনোদনৰ বৈচিত্ৰ্যৰ যোগেদি সাংস্কৃতিক উত্তৰণৰ সহায়ক বুলিহে জনা যায়।ছবি নিৰ্মামৰ বাবে প্ৰযোজকসকল আহিবলৈ ভয় কৰা হ’ল কাৰণ প্ৰতিখন ছবিয়েই আৰ্থিক লোকচানৰ সন্মুখীন হ’ল। ছবি চাবলৈ দৰ্শক চিত্ৰগৃহলৈ নোযোৱা হ’ল। ফলত বহু চিত্ৰগৃহ বন্ধ হৈ গ’ল। ভিচিডিৰ লগতে উগ্ৰপন্থীয়ে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰা বুলি একাংশই মত দিলে। ঠিক সেই সময়তেই ‘যৌৱনে আমনি কৰে’, ‘হিয়া দিয়া নিয়া’ৰ সফলতাই অসমীয়া ছবিজগতলৈ গ্লেমাৰ ঘূৰাই আনিছিল। অন্যান্য ক্ষেত্ৰৰ লোকেও নিজকে জড়িত কৰাৰ চেষ্টা কৰিছিল চলচ্চিত্ৰ মাধ্যমটোৰ সৈতে। ৰাজনৈতিক নেতাৰপৰা ব্যৱসায়ী, ঠিকাদাৰ, জ্যোতিষীলৈকে সকলো জড়িত হ’ল অসমীয়া ছবিত। সেই সময়তেই অসমীয়া ছবিত সৃষ্টি হ’ল তথাকথিত টেকনিকেল ডিৰেক্টৰ পদৰ। অসমীয়া ছবিৰ নামত এচাম তথাকথিত নিৰ্মাতাৰ ধাৰাবাহিক মানসিক নিৰ্যাতনে অতীষ্ঠ কৰি তুলিছিল দৰ্শকসকলক। ফলত অসমীয়া ছবিৰ পৰম ভক্তজনৰো ক্রমান্বয়ে মোহভংগ ঘটিছিল।ঠিক সেই সময়তেই চলচ্চিত্ৰ শিপ্লৰ সংকট মোচনৰ উদ্দেশ্যে পণ্য বিনোদনৰ বিপক্ষে দায়বদ্ধতা প্ৰদৰ্শন কৰি অসমীয়া ছবিক গুণগতভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মৰ্যাদাসহ সুনাম অৰ্জনৰ দিশে গতি কৰাইছিল মহান অসমীয়া সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ড০ ভবেন্দ্ৰ নাথ শইকীয়াদেৱে। তেওঁৰ আশাসুধীয়া প্ৰচেষ্টা আৰু বিপুল অৱদানে অসমীয়া চলচ্চিত্ৰ শিপ্লৰ ভঁৰাল যথেষ্ট টনকীয়াল কৰিছিল। পাছৰ পৰ্যায়ত জাহ্নু বৰুৱাকে আদি কৰি কেইবাজনো যশস্বী পৰিচালকৰ বাছকবনীয়া শিপ্লকৰ্ময়ো অসমীয়া ছবিৰ মান আৰু যশস্যা বৃদ্ধি কৰিছিল। চলচ্চিত্ৰ প্ৰযোজনাৰ ক্ষেত্ৰত অসমৰ বাণিজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ শেহতীয়া স্থিতি শলাগিবলগীয়া। নিগমে জাহ্নু বৰুৱাৰ শেহতীয়া অনন্য চলচ্চিত্ৰ ‘বান্ধোন’ প্ৰযোজনাৰ বাবে আগবাঢ়ি আহিল।সাম্প্ৰতিক সময়ত ডিজিটেল প্ৰযুক্তিৰে ছেলুলয়ডীয় শিপ্লৰ উৎকৰ্ষ সাধনৰ লগতে চিনেমাগৃহৰো আমুল পৰিৱৰ্তন সাধন কৰিলে। তদুপৰি বৰ্তমানে মুক্তি পোৱা ‘মমতাজ’, ‘অজেয়’, ‘চিঞৰ’, ‘গ্ৰহণ’ দৰ্শকৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে। আন কেইবাখনো ছবি যেনে যদুমণি দত্তৰ ‘পানী’ জোনমণি দেৱী খাউণ্ডৰ ‘চুমা পৰশতে’ ছবি মুক্তিৰ পথত আছে।সফলতা আজি অহা নাই, কাইলৈ আহিব। আমি সকলো আশাবাদী। অসমীয়া ছবিৰ বেয়া দিন চলিছে বুলি আমি সদায় চিঞৰি আছোঁ যদিও ইয়াৰ মূল কাৰণসমূহ অনুধাৱন কৰিবলৈ কোনোৱে চেষ্টা কৰা নাই। ইয়াৰপৰা কিদৰে পৰিত্ৰাণ পাব পাৰি, সেই বিষয়ে চিন্তা-চৰ্চা কৰাৰ বাবেও কোনো পদক্ষেপ নাই। অসমীয়া ছবিয়ে আঠটা দশক পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। কিন্তু উদ্যোগ হিচাপে স্বীকৃতি লাভ কৰাতো দূৰৰে কথা, এতিয়াও অসমীয়া ছবি সংগ্ৰামৰ পথতেই আছে। অসমীয়া ছবিৰ এনে দুৰ্দশাৰ কথা আমি সকলোৱে অনুধাৱন কৰি ইয়াৰ উচিত উপায়সমূহৰ বিষয়ে চিন্তা-চৰ্চা কৰা উচিত।


২০ জুলাইৰ পৰা হাঁহিৰ জোৱাৰ উঠিব ‘ঐ খাপলা’ত

যোৱা সময়ত খাপলাং কাই চিৰিজে অসমৰ ৰাইজক এক সীমাহীন হাঁহিৰ খোৰাক দি আহিছে । সেয়া ভিচিডি ছবি বা টি ভি চিৰিয়েলৰ দ্বাৰাই হওক । অসমৰ ৰাইজৰ বাবে বৰ্তমান খাপলাং কাই মনোৰঞ্জন আৰু হাঁহিৰ ব্ৰেণ্ড হৈ পৰিছে। সেই হাহিৰ ব্ৰেণ্ড আকৌ উভতি আহিছে ‘ঐ খাপলা’ নামেৰে জনপ্ৰিয় চেটেলাইট চেনেল ৰংত। ২০ জুলাইৰ পৰা সোমবাৰৰ পৰা শুক্ৰ বাৰলৈ নিশা ন বজাত সম্প্ৰচাৰিত ‘ঐ খাপলা’ কেৱল ৰং চেনেলত। খাপলাং কাই সফলতাৰ শীৰ্ষত উপনীত হোৱাৰ কৃতিত্ব সমূহ কলা কুশলীৰ লগতে কেপ্তেইন অৰ্থাৎ পৰিচালক বুলবুল হুচেইনক দিব লাগিব । বুলবুল হুচেইনৰ কথা নকলেও হ’ব কাৰণ তেওঁক অসমৰ কমেডি কিং বুলি জনাজাত ।



18.11 নামৰ বলিউড ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্সম হোৱা অসমৰ অভিনেতা ৰেহান খানৰ নতুন হিন্দী মিউজিক ভিডিঅ’ৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। তেৰে হি প্যাৰ মে- শীৰ্সক হিন্দী গানটোত কণ্ঠ দিছে মুম্বাইৰ জনপ্ৰিয় গায়ক- জ’জ আৰু বৰ্ষা ত্ৰিপাঠীয়ে। সংগীতত আছে- চায়ক কৌশিক, কথা –মিথিলেশ সিং আৰু কৌশিক বিশ্বাসৰ,গানটোৰ বাণীবন্ধন ইতিমধ্যে শেষ হৈছে আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন লোকেশ্বনত শ্বুটিং আৰম্ভ হ’ব। বিগ বাজেটেৰে নিৰ্মিত ভিডিঅ’টোত ৰেহান খানক এক বেলেগ লুকত দেখা যাব। সকলোৱে জানে যে ৰেহান খানৰ প্ৰথম ছবি আছিল ‘জুমন-সুমন’, তাৰ পিছত তেওঁ মুম্বাইত প্ৰতিষ্ঠা লাভৰ বাবে গুচি যায় আৰু ২০১৪ চনত তেওঁৰ প্ৰথম ছবি 18.11 মুক্তি লাভ কৰে। তেওঁৰ অভিনয়ে ছবি সমীক্ষকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁৰ আহিবলগীয়া ছবিখনৰ নাপ ‘আই পি এল’।( যুগুতালে- ভূষন পাঠকে)