গ্ৰন্থৰ খবৰ


‘ইমান তিতা সাগৰৰ পানী’ হৈছে ড০ হীৰেন গোহাঁইৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড। এই খণ্ডটোত ঘাইকৈ তেওঁৰ জীৱনৰ মধ্য বয়সৰ পিছৰছোৱাৰ বৰ্ণনা আছে। ক’ব পাৰো যে তেওঁৰ বিবাহৰ পিছৰ সময়বোৰৰ বৰ্ণনা, কিন্তু এইটো নহয় যে তেওঁ কিতাপখন অকল নিজৰ জীৱনৰ মাজতে সীমাবদ্ধ ৰাখিছে। গ্ৰন্থখন সেই সময়ৰ ইতিহাসলৈ ৰূপান্তৰিত হৈছে। অসম আন্দোলন, বামপন্থী ৰাজনীতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক ব্যক্তিৰ জীৱনৰ উল্লেখ আমি গ্ৰন্থখনত পাওঁ। গ্ৰন্থখনক আমি এটা সময়ৰ দস্তাবেজ বুলি ক’ব পাৰো। আত্মজীৱনীখনৰ পাতনিতে লেখকে কৈছে কিতাপ আৰু কপ্লনাৰ জগতত বিহাৰ কৰি তেওঁ যি আদৰ্শলোক মনত গঠন কৰি লৈছিল, সেইখন কপ্লস্বৰ্গীয় আৰু বায়ৱীয় বুলি বুজাত তেওঁৰ বহুত পলম হ’ল। সংসাৰ প্ৰৱেশ কৰিহে নানা সৰু-বৰ ভূমিকম্পসদৃশ দুৰ্যোগত উফৰি বাগৰি তেওঁৰ কথাবোৰ পৰিষ্কাৰ হ’ল আৰু তেওঁৰ সমস্ত সত্তাই অন্যায়, নিষ্ঠুৰতা আদিৰ বিৰুদ্ধে যুদ্ধংদেহি ভাৱত থিয় দিলে। ফলত আৰম্ভ হ’ল দুৰ্বাদল দ্বদ্ব-সংঘাত, ঘাত-প্ৰতিঘাত। সেয়ে তেওঁ কৈছে যে আত্মজীৱনীৰ এই খণ্ডৰ উপযুক্ত নাম হ’ব ‘মোৰ জীৱন ভূমিকম্পৰ খুন্দাকেইটামান’। এই যে তেওঁ উল্লেখ কৰিছে তেওঁৰ জীৱনৰ ভূমিকম্পবোৰ, এই কথাবোৰৰ বিষয়ে ক’বলৈ গৈয়ে তেওঁ এখন সমাজ, এটা সময়ৰ কথা কৈ পেলাইছে।

এতিয়া যদি আমি আন এটা কথালৈ আহো, আত্মজীৱনীনো কি? হয়তো এইটোও এটা উত্তৰ হ’ব যে নিজৰ জীৱনটোক আলোচনা বা সমালোচনা কৰি লিখা এক বিৱৰণেই আত্মজীৱনী। বিভিন্নজনৰ আত্মজীৱনী প িআমি এটা কথা গম পাইছো যে আত্মজীৱনী বুলি ক’লে আমি ঠিক এনেকুৱাই হ’ব বুলি কৈ দিব নোৱাৰো। সকলোৰে লিখাৰ কৌশল সুকীয়া। গোহাঁইদেৱে তেওঁৰ আত্মজীৱনীৰ প্ৰথম খণ্ড ‘বতাহত ক’ৰ গধূলি গোপাল’ত উল্লেখ কৰিছে যে তেখেতে কোনো কালানুক্রমিক আত্মজীৱনী বা ঐতিহাসিক বৃত্তান্ত লিখিবলৈ লোৱা নাই। নিজৰ কথা ক’বলৈ গৈ আন সকলো কথা পাহৰি যোৱাৰ বৃদ্ধজনোচিত বিকাৰে এতিয়াও তেওঁৰ গাত লম্ভা নাই বুলিয়েই ধাৰণা কৰে। সেই কথাখিনি তেওঁ এইটো খণ্ডতো প্ৰমাণিত কৰিছে। গ্ৰন্থখনত লেখকে নিজৰ মাজেৰে অলেখ মানুহৰ কথা কৈছে। তেওঁৰ জীৱনৰ সেই সময়ছোৱাত ঘটা বিভিন্ন ঘটনাসমূহৰ কথা কৈছে। ঘটনাসমূহ বুলি কওঁতে অকল তেওঁৰ জীৱনৰ ঘটনা নহয়; ই সেই সময়ৰ সমাজ, দেশ আদি সকলো দিশকে সামৰি লৈছে। তেওঁ সেই ঘটনাসমূহ ভালদৰে চালি-জাৰি চাই ঘটনাসমূহৰ চৰিত্ৰ তেখেতৰ পিচৰ প্ৰজন্মৰ মানুহে বুজি পোৱাকৈ সন্মুখলৈ আনি দিছে। তেওঁ কৈছে আত্মজীৱনীৰ এই খণ্ডত তেওঁ সেই কথাবোৰ বৰ্ণনা কৰিছে, কিদৰে নানা খকা-খুন্দা খাই তেওঁ আজিৰ মানুহজন হ’লগৈ। নিজৰ বিষয়ে লিখিবলৈ যাওঁতে তেওঁ কোনো কপটতাৰ আশ্ৰয় নোলোৱাকৈ যথেষ্ট সংযমেৰে স্বীকাৰোক্তি কৰিছে। আনৰ কথাও তেওঁ ভলভলীয়াকৈয়ে লিখিছে। আত্মজীৱনীৰ এই খণ্ডটো মুঠ সোতৰটা অধ্যায়ৰ, ইয়াৰে প্ৰথম অধ্যায়টো হৈছে কথাৰম্ভ। এই অধ্যায়টোত যেন লিখকে সংক্ষিপ্ত সুৰত বাকী অধ্যায়কেইটাৰ কথাই কৈছে। সমাজ এখনৰ আকৰ্ষণত লিখক সোমাই গৈছে। যেতিয়া ভিতৰত গৈ তেওঁ প্ৰকৃত বাস্তৱৰ সন্মুখীন হৈছে, তেতিয়া তেওঁৰ মোহভংগ ঘটিছে। বিভিন্ন ক্ষেত্ৰত তেওঁ যুঁজ দিছে। আচলতে মানুহ যিমানে অভিজ্ঞতাৰে ধনী হৈ যায় মানুহৰ কাম-কাজতো পৰিৱৰ্তন আহি থাকে। জীৱনে মানুহক সদায়ে শিকাই গৈ থাকে। সপোন আৰু বাস্তৱৰ মিল-অমিলৰ মাজেৰেই জীৱন আগবা।ে কপ্লনা আৰু সত্যৰ আৱিষ্কাৰ, তাৰ পিচতেই হয়তো পৰিৱৰ্তন, এইটোৱেই জীৱনৰ ৰীতি। এয়াই কথাৰম্ভৰ মূল কথা। সকলো দৃষ্টিৰে নিজা দোষ-গুণ থাকে। সেয়ে তেওঁ কৈছে মোৰ বিৱৰণী বিশুদ্ধ নিৰ্মল দৰ্পণ হোৱা হ’লে ভাল পালোহেঁতেন; কিন্তু আত্মজীৱনী তেনে দৰ্পণ হ’ব নোৱাৰে।

ড০ হীৰেন গোহাঁই সাম্যবাদী চিন্তাধাৰাৰ মানুহ। মাৰ্ক্সবাদী আদৰ্শৰ প্ৰতি তেওঁৰ বিশ্বাস আছিল। তেওঁ ভাবিছিল দেশত সমাজবাদ প্ৰতিষ্ঠা হ’লে সকলো শ্ৰেণীৰ মানুহেই প্ৰকৃততে উপকৃত হ’ব। সেয়ে তেওঁ বামপন্থী সংগঠনৰ ভেটি মজবুত কৰিবলৈ দেহে কেহে লাগিছিল। বামপন্থী সংগঠনৰ সেৱাত উচৰ্গিত তেওঁৰ জীৱনৰ সেইছোৱাৰ কথাই লিপিবদ্ধ হৈছে কিতাপখনৰ দ্বিতীয় আৰু তৃতীয় অধ্যায়ত। অধ্যায় দুটাৰ নাম ‘বামপন্থী সংগঠনৰ সেৱাত (ক) আৰু (খ)। এই অধ্যায় দুটা কেৱল ড০ হীৰেন গোহাঁইৰ কাম-কাজৰ মাজতে সীমাবদ্ধ নহয়। বৰঞ্চ ই হৈ পৰিছে এক সময়ৰ দলিল। ইয়াত আমি সেই সময়ৰ বাওঁপন্থী তথা গণতান্ত্ৰিক সংগঠনসমূহৰ আভাস পাওঁ। তেওঁলোকৰ কাম-কাজ, নীতি-আদৰ্শ তথা চৰকাৰৰ ভূমিকা আদিৰ বিষয়ে লিখকে সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে। তেওঁ লিখিছে কিদৰে বহুতক টোপ দি কণ্ঠ ৰুদ্ধ কৰা হ’ল, কিদৰে ৰাজ্যখন নৈৰাজ্যলৈ গতি কৰিলে আদি। এই অধ্যায় দুটাত আমি এনে কিছুমান জাতি-সমাজ-সংস্কৃতি সচেতন বামপন্থী মানুহৰ বিষয়ে পঢ়িবলৈ পাওঁ, যিবোৰ মহান মানুহৰ বিষয়ে আমি একেবাৰে অজ্ঞ। ড০ হীৰেন গোহাঁয়ে সেইসকল আত্মপ্ৰচাৰ নিৰ্লোভী দেশপ্ৰেমিক মানুহৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিক এই অধ্যায় দুটাৰ জৰিয়তে সন্মুখলৈ আনি দিছে। ড০ হীৰেন গোহাঁয়ে এঠাইত উল্লেখ কৰিছে, দলৰ প্ৰতি আনুগত্যক মূৰ্ত্তি পূজাত পৰিণত কৰাত মোৰ আগ্ৰহ নাছিল। আন এঠাইত তেওঁ লিখিছে, মই ভাস্কৰ নন্দীৰ বিশেষ লাইনৰ অনুগামী নাছিলো। ভাস্কৰ নন্দী আছিল চি পি আই (এম এল)ৰ নেতা। এই মন্তব্য দুটাৰ পৰা গম পোৱা যায় যে, যদিও তেওঁৰ দলৰ প্ৰতি সন্মান আছিল, দলৰ হৈ কাম-কাজ কৰিছিল কিন্তু কোনো কাৰণতে তেওঁৰ নিজৰ মতাদৰ্শক হৈ আপোচ কৰা নাছিল। তেওঁ মতাদৰ্শগত কাৰণতে ‘নতুন পৃথিৱী’ আলোচনীৰ পৰা পদত্যাগ কৰিছিল। সেই সময়ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনী ‘পদাতিক’খন কিদৰে তেওঁৰ নিজৰ পকেটৰ পইচাৰে প্ৰকাশ কৰিছিল আৰু ৰাইজৰ মাজলৈ আন ঠাইত নোপোৱা খবৰ কিছুমান (যাৰ উৎস আছিল ‘পিপ্লচ চাইনা’ নামৰ প্ৰথমে প্ৰকাশ্যে আৰু পৰৱৰ্তী কালত গোপনে অহা চীনদেশীয় পত্ৰিকাখন) কিদৰে উলিয়াই দিছিল আদিৰ বৰ্ণনাও এই অধ্যায়ত পোৱা যায়। এই অধ্যায় দুটা পঢ়ি আমি ড০ হীৰেন গোহাঁইৰ বক্তব্যৰ মাজতে তেওঁৰ জনদায়বদ্ধ মনটো আৱিষ্কাৰ কৰো। তেখেতৰ সাহস আৰু স্পষ্টবাদিতাও মন কৰিবলগীয়া।

আত্মজীৱনীখনৰ চতুৰ্থ অধ্যায় ‘সংসাৰমায়া অতীৱ বিচিত্ৰম্’ তেওঁৰ বৈবাহিক জীৱনৰ কিছু সমস্যাৰ বিৱৰণ। ইয়াত তেওঁ নিজৰ আৰু পৰিয়ালৰ আন সদস্যসকলৰ মাজত হোৱা ভুল বুজাবুজি, অৰিয়াঅৰি আদিক স্পষ্ট ভাষাৰে তুলি ধৰিছে। এটা যৌথ পৰিয়ালত সাধাৰণতে হোৱা কিছুমান সমস্যা আৰু সেই সমস্যাক কেন্দ্ৰ কৰিয়েই কিদৰে তেওঁ বেলেগে ঘৰ ভাড়া কৰি থাকিবলৈ ঠিৰাং কৰিলে আদি কথা এই অধ্যায়টোত আছে। ইয়াৰ লগতে বিপদৰ সময়ত তেওঁ বন্ধুবৰ্গৰ পৰা পোৱা সহায় তথা কেনেদৰে সেই সময়ত তেওঁ ‘পদাতিক’ আলোচনীখনৰ কাম ঘৰৰ পৰাই কৰি আছিল তাৰো বিৱৰণ আছে। তেওঁ লগতে এইটোও স্বীকাৰ কৰিছে যে, তেওঁৰ ৰাজহুৱা জীৱনৰ ফলত সৃষ্টি হোৱা কেতবোৰ সমস্যাৰ বাবে তেওঁৰ পত্নী ৰাণী গোহাঁয়েও বহুতো ত্যাগ-কষ্ট সহ্য কৰিবলগা হৈছিল।

প্ৰায়ে এটা কথা শুনা যায়, সমাজৰ সৰু মানুহবোৰতকৈ ডাঙৰ মানুহবোৰৰ মাজত ঈৰ্ষা, কাজিয়া-পেচাল আদি বেছি (‘সৰু’ আৰু ‘ডাঙৰ’ শব্দ দুটা প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা হৈছে)। আমি সাধাৰণতে সন্মান কৰা কিছুমান বিশিষ্ট মানুহৰ মাজৰ অৰিয়াঅৰি কেতিয়াবা কাকত-আলোচনীৰ পাততো দেখা পাওঁ। আচলতে সকলো মানুহেই নিজা দোষ-গুণেৰে ধনী। যাৰ ফলত সাধাৰণতে আমাৰ সমাজৰ বিভিন্ন স্তৰৰ প্ৰত্যেক মানুহৰ মাজতেই ঈৰ্ষা, অৰিয়াঅৰি আদি আছে। যিসকল মানুহক আমি ডাঙৰ মানুহ বুলি ভাবো বা কওঁ, তেওঁলোকৰ মাজতো এই স্বভাৱ আছে আৰু ইয়াৰ ফলত কাজিয়া-পেচাল, অৰিয়াঅৰি আদি হোৱা কথাটো স্বাভাৱিক। কিন্তু যিসকল মানুহক সৰু মানুহবোৰে ডাঙৰ মানুহ বুলি ভাবি লৈছে আৰু সন্মান কৰিছে, সেইসকলৰ মাজত যদি এই অৰিয়াঅৰি আদি দেখে তেন্তে নিশ্চিতভাৱেই সৰু মানুহবোৰৰ মনৰ ধাৰণাত পৰিৱৰ্তন আহিব। ইয়াৰ ফলতেই মই ওপৰত উল্লেখ কৰা সমাজৰ সৰু মানুহবোৰতকৈ ডাঙৰ মানুহবোৰৰ মাজত ঈৰ্ষা, কাজিয়া-পেচাল আদি বেছি কথাষাৰৰ সৃষ্টি। বিশ্ববিদ্যালয়ৰ শিক্ষকসকলো সমাজৰ দৃষ্টিত ডাঙৰ মানুহ। কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষক হ’লেও তেওঁলোক যিহেতু সাধাৰণ মানুহেই, গতিকে মানুহৰ মাজত থকা ভাল-বেয়া স্বভাৱ তেওঁলোকৰ মাজতো বিদ্যমান। ড০ হীৰেন গোহাঁয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাছত থাকিবলৈ লোৱাৰ পিচত যেতিয়া কেতবোৰ ঈৰ্ষা-অসূয়াৰ সন্মুখীন হ’ল, তেতিয়া তেওঁ যথেষ্ট আচৰিত হ’ল কাৰণ বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ মাজতো এনে নীচ কাৰ্য তেওঁৰ বাবে যথেষ্ট অনাকাংক্ষিত আছিল। অৱশ্যে ভালৰ লগত বেয়া বা বেয়াৰ লগত ভাল থকাৰ দৰেই সজ্জন মানুহৰ অভাৱো বিশ্ববিদ্যালয়খনত নাছিল। তেওঁ কেম্পাছত সন্মুখীন হোৱা দুই-এটা তিক্ত অভিজ্ঞতাৰে আৰম্ভ কৰা ‘কেম্পাছৰ বছৰবোৰ’ আত্মজীৱনীখনৰ আন এটা গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াত আমি অসম আন্দোলনৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা কেতবোৰ কথাৰো উল্লেখ পাওঁ। তেওঁ এঠাইত লিখিছে এইটো মই নিজ চকুৰে দেখা ঘটনা যে পৰম্পৰাগত সামাজিক নীতি-নিয়ম আৰু শালীনতা বোধে মানুহৰ মাজত থকা যিবোৰ আপচু, হিংসুক আৰু ত্ৰূৰ প্ৰৱণতা দমাই ৰাখিছিল, অসম আন্দোলনৰ বিস্ফোৰণে সেইবোৰ যেন নিমিষতে বন্ধনহীন আৰু প্ৰকট কৰি পেলাইছিল। মানুহবিলাকে যেন নিজেই নিজৰ মুখা খুলি হিংস্ৰ বা আক্রোশমূলক বা কেতিয়াবা অৰ্থলুি আৰু ক্ষমতালুি ভাৱ-ভংগীৰে ৰাজআলিত চেঁকুৰি ফুৰিছিল। এইটো নহয় যে, ড০ হীৰেন গোহাঁয়ে কেম্পাছৰ বছৰবোৰত অকল তিক্ত অভিজ্ঞতাই পালে। তেওঁ কেতবোৰ মিঠা অভিজ্ঞতাৰ কথাও অধ্যায়টোত বৰ্ণনা কৰিছে। তাৰোপৰি দুজনমান শিক্ষকৰ লগত তেওঁৰ ঘনিষ্ঠতা আৰু তেওঁলোকৰ মাজত হোৱা আলাপ-আলোচনাৰ কথাও আমি পঢ়িবলৈ পাওঁ। অধ্যায়টো ‘মধুৰেণ সমাপয়েৎ’ কৰিবলৈ তেওঁ শেষৰ ফালে কেইটামান ৰসাল অভিজ্ঞতা বৰ্ণনা কৰিছে।

ভাৰতীয় বামপন্থী সাহিত্য-সংস্কৃতিৰ প্ৰবাদপুৰুষ সমৰ সেন, অধ্যাপক আনন্দেশ্বৰ শৰ্মা, নগেন হাজৰিকা, শৈল খাৰঘৰীয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন সাধাৰণ মালী জনক ৰায় এই ব্যক্তিকেইগৰাকী ড০ হীৰেন গোহাঁইৰ বাবে সদায় মনত ৰাখিবলগীয়া। সেয়ে তেওঁৰ আত্মজীৱনীৰ ষষ্ঠ অধ্যায় ‘অবিস্মৰণীয়’ত তেওঁলোকৰ জীৱনৰ সময়বিশেষে কিছু মূল্যাংকন কৰিছে। এই মানুহকেইগৰাকী ভিন ভিন সময়ত ড০ হীৰেন গোহাঁইৰ বাবে আকৰ্ষণৰ বিষয় আছিল। সমৰ সেন আৰু আনন্দেশ্বৰ শৰ্মাৰ প্ৰতি তেওঁৰ আছিল যথেষ্ট শ্ৰদ্ধা। একেদৰেই বৰ্ণাঢ্য চৰিত্ৰৰ সাহসী পুৰুষ নগেন হাজৰিকাৰ কাম-কাজে ড০ হীৰেন গোহাঁইক সদায় অভিভূত কৰিছিল। শৈল ৰাজখোৱাৰ গভীৰ আদৰ্শনিষ্ঠা, দেশপ্ৰেমিক, জনদৰদী মনটোৱে তেওঁক সদায় মুগ্ধ কৰিছিল। বিশ্ববিদ্যালয়ৰ মালী এজন সাধাৰণ পৰিশ্ৰমী মানুহ জনক ৰায় লেখকৰ যথেষ্ট আপোন আছিল। সৰু মানুহৰ জীৱন কাহিনীও যে আনৰ কাৰণে ডাঙৰ হ’ব পাৰে, জনক ৰায় তাৰ এক উজ্জ্বল উদাহৰণ।

মানৱ জীৱনৰ এটা বৈচিত্ৰ্য হ’ল চিন্তা-চৰ্চাৰ ভিন্নতা। নিজা স্বাৰ্থ সিদ্ধিৰ বাবে সকলো মানুহেই বিভিন্ন ধৰণৰ কাম কৰে। বহুতো বিদ্বান তথা পণ্ডিত মানুহৰ ক্ষেত্ৰতো কিছুমান কৰ্ম-কাৰ্য অতি সন্দেহজনক। ডিব্ৰুগড় আৰু গুৱাহাটী দুয়োখন বিশ্ববিদ্যালয়তে অধ্যাপনা কৰাৰ সময়ত ড০ হীৰেন গোহাঁয়ে বহুতো বিদ্বান মানুহৰ সান্নিধ্য লাভ কৰিছিল। এই বিদ্বান মানুহবোৰৰ মাজতো আছিল স্বাৰ্থৰ বাবে যুঁজ। এই কথাবোৰ বৰ্ণনা কৰিয়েই আত্মজীৱনীৰ দুটা খণ্ড ‘বিদ্বৎ সংসৰ্গৰ বৈচিত্ৰ্য (ক) আৰু (খ)’। ড০ হীৰেন গোহাঁইৰ অধ্যায় দুটাত যিসকল মানুহৰ কথা কৈছে তেওঁলোক বিদ্বৎ অৰ্থাৎ বিদ্যা-বুদ্ধিৰে মহীয়ান কিন্তু বৈচিত্ৰ্য শব্দৰ উল্লেখেৰে তেওঁ এই মানুহবোৰৰ জীৱনৰ বা স্বভাৱৰ বৈচিত্ৰ্যতাৰ কথাও কৈছে। কিদৰে নিজৰ বিষয়ত যথেষ্ট মেধা, বুৎপত্তি থকা মানুহেও স্বাৰ্থৰ বাবে বিভিন্ন কাম কৰিছিল। সেই বিদ্বৎ সমাজৰ মাজতে আছিল অতি উদাৰমনা বিদ্বৎ লোক আৰু অতি ৰক্ষণশীল বিদ্বান লোক। এয়াই মানুহৰ বিচিত্ৰ্যতা। অধ্যায় দুটাৰ প্ৰথমটোত কিদৰে ড০ হীৰেন গোহাঁই, চক্রান্তৰ বলি হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আঁতৰি আহিব লগা হ’ল তাৰ আভাস পোৱা যায়। দ্বিতীয়টোত আমি ড০ হীৰেন গোহাঁইৰ দৃষ্টিৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাজনো মহৎ অধ্যাপকৰ জীৱন প্ৰত্যক্ষ কৰো। ব্যক্তিগত সান্নিধ্য থকা বহুজন বিদ্বান মানুহৰ বিষয়ে তেওঁ সম্পূৰ্ণ নিজা দৃষ্টিভংগীৰে লিখিছে। ড০ মহেশ্বৰ নেওগ, ড০ সত্যেন্দ্ৰনাথ শৰ্মা, ড০ প্ৰফুল্ল দত্ত গোস্বামী প্ৰমুখ্যে আৰু বহু অধ্যাপকৰ বিশ্ববিদ্যালয়ৰ লগত জড়িত জীৱনৰ আভাস এই ৰচনাত আছে।

ইয়াৰ পিচৰ অধ্যায় দুটাত ড০ হীৰেন গোহাঁয়ে গণশিপ্লী হেমাংগ বিশ্বাস আৰু অনিল ৰায়চৌধুৰীৰ জীৱনৰ বিশেষণ কৰিছে। এই দুয়োজন মানুহৰ সান্নিধ্যই তেওঁক আপ্লুত কৰিছিল। দুয়োজনৰ আদৰ্শনিষ্ঠাই সহজতে আন মানুহকো তেওঁলোকৰ প্ৰতি অনুৰক্ত কৰে। প্ৰথমখন ৰচনা ‘হেমাংগদা’ত লেখকে উল্লেখ কৰিছে হেমাংগ বিশ্বাসৰ সংস্কৃতিপ্ৰেমী আৰু গণমুখী চৰিত্ৰটোৰ কথা, তেওঁৰ আদৰ্শৰ কথা, লেখক আৰু হেমাংগ বিশ্বাসৰ মাজত থকা সান্নিধ্যৰ কথা, দুই-এটা বিষয়ত হোৱা মতান্তৰৰ কথা। হেমাংগ বিশ্বাসৰ আপোচহীন মনোভাৱটো ড০ হীৰেন গোহাঁইৰ আকৰ্ষণ আৰু শ্ৰদ্ধাৰ কেন্দ্ৰ আছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ড০ হীৰেন গোহাঁইকো আমি আপোচহীন মনোভাৱৰ মাজতেই দেখিছো। অসম আন্দোলনৰ সেই ভয়াৱহ সময়তো বহু বিপদত পৰিও তেওঁৰ নিজৰ আদৰ্শৰ পৰা বিচলিত হোৱা নাছিল। নিজেই এনে আপোচহীন মনোভাৱৰ গৰাকী হোৱাৰ হেতু তেওঁ আন আপোচহীন মনোভাৱৰ মানুহৰ প্ৰতি আকৰ্ষিত আছিল। অনিল ৰায়চৌধুৰীৰ প্ৰসংগতো ড০ হীৰেন গোহাঁয়ে যথেষ্ট কথা লেখিছে। ‘অনিল ৰায়চৌধুৰীক মই যিদৰে জানো’ শিৰোনামেৰে লিখা ৰচনাখনত তেওঁ অতি সুন্দৰভাৱে ৰায়চৌধুৰীৰ জীৱনৰ মূল্যাংকন কৰিছে। এই ৰচনাৰ দ্বাৰা আমি ৰায়চৌধুৰীৰ বিষয়ে বহু কথা জানিব পাৰিছো। সদায় কৃষক শ্ৰেণীৰ উন্নতিৰ কথা ভবা এই সাম্যবাদী মানুহজনৰ জীৱন আমাৰ বাবে এক আদৰ্শস্বৰূপ।

ইন্দিৰা গান্ধীয়ে যেতিয়া ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল, তেতিয়া আমাৰ দেশত চৰম অৰাজকতাৰ সৃষ্টি হৈছিল। ‘দিগন্তত ক’লা ডাৱৰ’ নামৰ অধ্যায়টোত লিখকে সেই সময়ত আমাৰ সমাজত হোৱা বিভিন্ন অচলাৱস্থাৰ বৰ্ণনা কৰিছে। তেওঁ একদৃষ্টিৰে সমগ্ৰ ঘটনাৰাজি নিৰীক্ষণ কৰি পাঠকক অৱগত কৰিছে।

অসম আন্দোলনৰ আৰম্ভণীৰ বৰ্ণনাৰে আৰম্ভ হৈছে তেওঁৰ আত্মজীৱনীৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় ‘কালধুমুহাৰ তাণ্ডৱ’। এই অধ্যায়ত ড০ হীৰেন গোহাঁয়ে তেওঁৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত ‘কলাখাৰ’ নামৰ আন্দোলনবিৰোধী আলোচনীখনৰ বিষয়ে যথেষ্ট লিখিছে। দেশৰ এই অৰাজকতাৰ সময়ত জনসাধাৰণক উগ্ৰ জাতীয়তাবাদ, ফেচীবাদ আদিৰ পৰা সাৱধান কৰিবলৈ তেওঁ দেহেকেহে লাগিছিল। উত্তৰ গুৱাহাটীৰ ফুলুং চাপৰি নামৰ এক ঠাইত দুজন দৰিদ্ৰ বড়ো খেতিয়কক আন্দোলনৰ উত্তেজনাত এদল উন্মত্ত লোকে হত্যা কৰিছিল। ড০ হীৰেন গোহাঁয়ে নিজে সেই ঠাইলৈ গৈ অনুসন্ধান কৰি সমগ্ৰ ঘটনাটো ‘কলাখাৰ’ৰ পাতত উন্মোচিত কৰিছিল। এই সময়ছোৱাতে পূৰ্বে অন্য মতবাদত বিশ্বাসী সমাজৰ বহুকেইজন আগশাৰীৰ ব্যক্তি উগ্ৰ জাতীয়তাবাদীত পৰিণত হৈছিল। বামপন্থী মানুহবোৰক কোৱা হৈছিল দেশদ্ৰোহী বদন। তেওঁলোকক য’তে ত’তে অপমান আৰু মাৰপিট কৰা হৈছিল। এদিন সন্ধিয়া এই আক্রমণ লেখকৰ ওপৰতো হ’ল। তেওঁ অকলে, বিপৰীত দলৰ মানুহৰ সংখ্যা সৰহ। তেওঁ প্ৰত্যাক্রমণ কৰিছিল যদিও ইমানকেইটা মানুহৰ লগত কেনেকৈ অকলে যুঁজিব। তেওঁৰ মূৰ ফালি তেজ ওলাই গোটেইখন ৰাঙলী হ’ল। কোনো এক সদাশয় ভদ্ৰ লোকে এখন ৰিক্সা মাটি আনি তেওঁক মেডিকেল কলেজলৈ পঠাই দিলে। অৱশেষত ঈশ্বৰৰ কৃপাত অলপদিনৰ পিচতে তেওঁ সুস্থ হ’ল। ইয়াৰ পিচতো ড০ হীৰেন গোহাঁইয়ে তেওঁৰ বামপন্থী চিন্তাধাৰাৰে কাম কৰিয়েই থাকিল। এই অধ্যায়টোত দেখা গৈছে কিদৰে উগ্ৰ জাতীয়তাবাদীসকলে সত্য প্ৰকাশৰ স্বাধীনতাও কাঢ়ি লৈছিল। তেওঁলোকৰ নীতি-নিয়ম নমনাজনেই দেশদ্ৰোহীত পৰিণত হৈছিল। সঁচাকৈয়ে সেয়া অসমত হৈ যোৱা এক কালধুমুহাৰ তাণ্ডৱেই আছিল।

কালধুমুহাৰ পিচতেই অসমলৈ নামি আহিল অন্ধযুগ। ৰংঘৰৰ বাকৰিত বুলেট কামুৰি অসমক স্বাধীন কৰাৰ শপত খালে এদল যুৱকে। নাম ল’লে ‘সংযুক্ত মুক্তি বাহিনী অসম (আলফা)’। প্ৰথমাৱস্থাত সমাজ সংস্কাৰৰ কামেৰে শুভাৰম্ভণী ঘটোৱা এই আলফাই পৰৱৰ্তী সময়ত কি কৰিলে সেয়া সৰ্বজনবিদিত। আলফাৰ প্ৰভাৱ কিদৰে অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে বিয়পি পৰিছিল, আলফা দমনৰ নামত সেনাবাহিনীৰ দ্বাৰা অসমৰ নিৰীহ মানুহৰ ওপৰত হোৱা অত্যাচাৰ-হত্যা আদিৰ বৰ্ণনা আমি ‘অন্ধযুগৰ আগমন’ নামৰ অধ্যায়টোত পাওঁ। প্ৰথমতে আলফাই বহুফালৰ পৰা সহায় পাইছিল। কিন্তু পিচলৈ আদৰ্শভ্ৰষ্ট হৈ তেওঁলোক এটা ভীতিসঞ্চাৰি দললৈ পৰিণত হ’ল। সেই ভয়লগা সময়তো ড০ হীৰেন গোহাঁই নিজৰ স্থিতিৰ পৰা আঁতৰি নগ’ল। তেওঁৰ নিজৰ বিচাৰ-বুদ্ধিৰে নিজৰ মতত অটল হৈ থাকিল আৰু আজিও আছে। এক অনুসন্ধানৰ প্ৰতিবেদন’ নামৰ অধ্যায়টোত ‘অসম গণতান্ত্ৰিক নাগৰিক সংস্থা’ৰ হৈ এটা সঁজাতি দল আলফাৰ ঘাটি চৰাইপুং অঞ্চললৈ যোৱা আৰু তাৰ পৰা ঘূৰি আহি তেওঁলোকে দিয়া প্ৰতিবেদনখনৰ উল্লেখ আছে। আলফাৰ লগত সেই সময়ত সাধাৰণ মানুহৰ কেনে সম্পৰ্ক আছিল আৰু সেনাবাহিনীৰ দ্বাৰা নিৰীহ প্ৰজাৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে এই অধ্যায়ত এটা আভাস পোৱা যায়।

এক ট্ৰে’জিক চৰিত্ৰ’ শিৰোনামেৰে লিখা অধ্যায়টোত লেখকে অসম আন্দোলনৰ অন্যতম নেতা ভৃগু ফুকনৰ বিষয়ে লিখিছে। তেওঁ ভৃগু ফুকনকে এক ট্ৰে’জিক চৰিত্ৰ বুলি অভিহিত কৰিছে। বহুতো অসমীয়াই বিচাৰিছিল ভৃগু ফুকনৰ ৰূপেৰে অসমে এজন সবল নেতা লাভ কৰক। কিন্তু স্বাভাৱিকতে সৰল ভৃগু ফুকন সেই সময়ৰ কূটিল ৰাজনীতিৰ বলি হ’ল। ড০ হীৰেন গোহাঁইৰ মতে ভৃগু ফুকন এনে কূটিল ৰাজনীতিৰ বাবে অনুপযুক্ত। এই লেখাটোত ড০ হীৰেন গোহাঁয়ে কেইবাজনো অসম গণ পৰিষদৰ নেতাক নিৰ্মোহভাৱে সমালোচনা কৰিছে। ভৃগু ফুকনৰ বিষয়ে তেওঁ কৈছে ‘ফুকন হয়তো দ্বিধা-দ্বদ্ব-হতাশাই আড়ষ্ট কৰা এগৰাকী ব্যক্তিত পৰিণত হৈছিল। দলৰ মাজতে অৱহেলিত হৈ তেওঁৰ তেনে হৈছিল আৰু অত্যাধিক মদ্যপান কৰিবলৈ লৈছিল।’ ফুকনৰ অকাল মৃত্যুত আন বহুজনৰ দৰে লেখকো ব্যথিত।

‘শিল্প-সাহিত্যৰ বিষুৱ অৰণ্যত’ নামৰ অধ্যায়টোত লেখকে অসমীয়া সাহিত্য-সংস্কৃতিৰ লগত জড়িত বিভিন্নজন পুৰোধা ব্যক্তিৰ বিষয়ে নিজৰ দৃষ্টিৰে লিখিছে। লেখকৰ লগত থকা তেওঁলোকৰ সম্পৰ্ক আৰু আন কিছু ভিতৰুৱা কথা ক’বলৈ যাওঁতে ইয়াত এনে কিছুমান কথাৰ উপস্থাপন হৈছে যিবোৰ কথা সাধাৰণ পুঢ়ুৱৈৰ জ্ঞাত নহয়। সেয়ে এই অধ্যায়টোৱে পঢ়ুৱৈৰ আকৰ্ষণ বঢ়াইছে। ‘চোৰেহে চোৰৰ ঠেং দেখে’ বুলি উল্লেখ কৰি ড০ হীৰেন গোহাঁয়ে কৈছে যে ‘মই তাৰকাসকলৰ বিষয়ে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা যিবোৰ সমালোচনা কৰিছো সেইবোৰ শেষ সত্য বুলি দাবী কৰা নাই। কিন্তু মই দেখা-শুনা-অনুভৱ কৰা কথাবোৰ লিপিবদ্ধ কৰিছো।’ আমি সাধাৰণ পঢ়ুৱৈসকলৰ বাবে দেৱতাস্বৰূপ বিভিন্ন শিপ্লী-সাহিত্যিক আদিৰ জীৱনৰ বিভিন্ন চৰিত্ৰ-কথা আদি এই অধ্যায়টোত পঢ়িবলৈ পাই আমি আপ্লুত।

নিকট কাৰোবাৰ মৃত্যুৱে যি শূন্যতা আনি দিয়ে সেই শূন্যতাৰ যন্ত্ৰণা অসীম। আত্মজীৱনীখনৰ শেষ অধ্যায় ‘মৃত্যুৰ সৈতে মুখামুখি’ এই বিষাদৰেই বৰ্ণনা। নিজ পিতৃৰ মৃত্যুৱে ড০ হীৰেন গোহাঁইক চৰম যন্ত্ৰণা দিছিল। তাৰ পিচত তেওঁৰ সৰু ভগ্নী ৰুমা, মাখনী (মমতা) বাইদেউ, পুতুলী (অন্নদা) বাইদেউ আদিৰ মৃত্যুৱেও তেওঁক বহুত যন্ত্ৰণা দিলে। তেওঁ কৈছে ‘মানুহৰ আশা-আকাংক্ষাৰ অন্ত নাই। কিন্তু এদিন নহয় এদিন তাৰ সমাপ্তি অৱধাৰিত। বাচি থকাসকলৰ মনত তেওঁলোকৰ আশা আৰু আশা ভংগ, সপোন আৰু ব্যৰ্থতা, হাঁহি আৰু কান্দোন কিমান দিন সজীৱ হৈ ৰ’ব? এদিন হয়তো শৰৎ আৰু শীত কালৰ সৰাপাতৰ দ’মৰ দৰে অনাদৃত, বিস্মৃত হৈ সেইবোৰ শূন্যত উৰি ফুৰিব।’

আত্মজীৱনীৰ ৰূপত এখন দস্তাবেজ। এটা সময়ৰ, এখন সমাজৰ, সহস্ৰ মানুহৰ জীৱনৰ এক দলিল এই আত্মজীৱনীখন। গভীৰ দৃষ্টিৰ সহায়ত ড০ হীৰেন গোহাঁয়ে নিজৰ জৰিয়তে এটা সময়ক লিখি পেলালে। সম্পূৰ্ণ পাঠৰ অন্তত ড০ হীৰেন গোহাঁইৰ কলমেৰে বহু কথা জানিলো। সাৱলীল গদ্যশৈলীৰে আত্মজীৱনীৰ এই খণ্ডটোক তেওঁ অতি উপভোগ্য কৰি তুলিছে।

আমাৰ নিজা দৃষ্টি অনুসৰি ড০ হীৰেন গোহাঁইৰ মনত যি অস্থিৰতা পূৰ্বে দেখা পোৱা গৈছিল (তেওঁৰ আত্মজীৱনীৰ পূৰ্বৰ খণ্ড তিনিটাত), এই খণ্ডটোত তেওঁ সেইবোৰ অতিক্রম কৰিছে। বাঢ়ি অহা জীৱন আৰু অভিজ্ঞতাৰ ফলত মানুহজন এক পৰিপক্ক সত্তালৈ ৰূপান্তৰিত হৈছে। ড০ হীৰেন গোহাঁইৰ বিষয়ে আটাইতকৈ মন কৰিবলগীয়া দিশ হৈছে সকলো পৰিস্থিতিতে নিজৰ আদৰ্শবাদ অক্ষুণ্ণ ৰখাটো। যদিও এইলৈ তেওঁ বহুত বিপদ পৰিছে, তেওঁৰ জীৱনৰ প্ৰতিও ভাবুকি আহিছে, কেতিয়াও তেওঁ নিজৰ আদৰ্শৰ পৰা বিচলিত হোৱা নাই। নিজৰ আদৰ্শক এইদৰে বজাই ৰাখিব পৰা বাবেই তেওঁ আজি অসমীয়া সমাজৰ যি স্থানত আছে, তেওঁৰ সমসাময়িক বহুতো প্ৰতিভাশীল মানুহে সেই স্থান চুব পৰা নাই। যি কি নহওক তেওঁৰ আত্মজীৱনীৰূপে বহুতো গুৰুত্বপূৰ্ণ কথা, লুকাই যাবলৈ ওলোৱা কেতবোৰ ইতিহাস পিচৰ প্ৰজন্মৰ সন্মুখলৈ আহিল। ইয়াৰ বাবে ড০ হীৰেন গোহাঁই ধন্যবাদৰ পাত্ৰ।

জীৱন এক মহাসাগৰ। নানাধৰণৰ তিতা-মিঠা অভিজ্ঞতাৰ এক ভাণ্ডাৰ। সুখ-দুখ থাকেই। সুখৰ সময়ত দুখ কি পাহৰি যাওঁ বাবেই দুখৰ সময়ত আমি বেছি দুখ পাওঁ। মনতো সেইবোৰ কথাই গাঢ় হৈ ৰয়। জীৱন নামৰ এই সাগৰখনৰ পানীবোৰ সেয়ে তিতা লাগে। অতঃ ‘লৰ্কা’ৰ 'Very bitter is the water of the sea' কথাষাৰ অসমীয়ালৈ ভাঙনি হৈ ড০ হীৰেন গোহাঁইৰ মুখেৰে ওলাই আহিছে ‘ইমান তিতা সাগৰৰ পানী’।


বুৰঞ্জীৰ ভিত্তিত অসমীয়া সাহিত্যত উপন্যাস ৰচনা কৰাটো নতুন কথা নহয়। কিন্তু অতি সাম্প্ৰতিক সময়ছোৱাত অসমীয়া উপন্যাস সাহিত্যত গভীৰ অধ্যয়ন আৰু গৱেষণাৰ সৈতে কপ্লনাৰ অভিনৱ সংযোজনেৰে বুৰঞ্জীভিত্তিক উপন্যাস ৰচনাৰ এক শক্তিশালী ধাৰাৰ সূচনা হৈছে যি অসমীয়া উপন্যাস সাহিত্যৰ বাবে এক শুভ লক্ষণ। ৰীতা চৌধুৰীৰ ‘দেও-লাংখুই’, ‘মাকাম’; অনুৰাধা শৰ্মা পূজাৰীৰ ‘মেৰেং’; জুৰী বৰা বৰগোহাঞিৰ ‘নাংফা’ আদি সাম্প্ৰতিক উপন্যাসেৰে চন্দনা গোস্বামীৰ ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ এই ধাৰাটোত নিঃসন্দেহে এক বলিষ্ঠ সংযোজন। ২০১২ বৰ্ষৰ সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত চন্দনা গোস্বামীৰ এই প্ৰথম উপন্যাসখনে অসমৰ বৌদ্ধিক মহলাত এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

প্ৰাচীন কামৰূপৰ চমু আভাস প্ৰদানেৰে আৰম্ভ হোৱা উপন্যাসখনৰ দ্বিতীয় অধ্যায়ত ঐতিহাসিক সমলৰ ভিতিত কামৰূপ ৰাজ্যৰ পতনৰ পিচত নৱগঠিত কমতাপুৰ ৰাজ্যৰ সমসাময়িক পৰিস্থিতিক অংকন কৰা হৈছে। প্ৰতিবেশী ৰাজ্যসমূহৰ মাজত থকা পাৰসম্পৰিক মধুৰ সম্পৰ্কৰ ইংগিত বহন কৰিছে কমতাপুৰ আৰু কছাৰী ৰাজ্যৰ সম্পৰ্কৰ যোগেদি, কমতাপুৰৰ মৈৰাঙ্ক আৰু কছাৰী ৰাজ্যৰ মাৰ্মিদীৰ প্ৰেম কাহিনীৰ মাজেৰে। ষষ্ঠ অধ্যায়ত উপন্যাসখনে গতি কৰিছে ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্ধ্বৰ উজনি অসমৰ প্ৰেক্ষাপটলৈ য’ত চ্যুকাফাৰ নেতৃত্বত স্থাপিত হৈছিল আহোম ৰাজ্যৰ, আৰম্ভ হৈছিল একত্ৰিত অসম প্ৰতিষ্ঠাৰ অভিযান। এই অধ্যায়ত তাখেৰু বাণ্ডুকিয়াল ডেকাডেউৰ হাতত কেনেকৈ অসমীয়া ভাষাত বুৰঞ্জীৰ লিখন প্ৰক্রিয়াৰ আৰম্ভ হৈছিল তাৰ বিৱৰণ দিয়া হৈছে। সাম্ৰাজ্য বিস্তাৰৰ উদ্দেশ্যেৰে ব্ৰহ্মপুত্ৰ উপত্যকাত উপৰ্যুপৰি হোৱা তুৰ্কী আক্রমণ, ভুল বুজাবুজিবশতঃ সংঘটিত হোৱা আহোম-কমতাৰ ৰণ ইত্যাদি কাহিনীৰে আগবঢ়াই নিয়া উপন্যাসখনত প্ৰতিটো চৰিত্ৰৰ সবল, সুনিপুণ আৰু সুন্দৰ উপস্থাপনত লেখিকা সফল হৈছে। কমতাকুঁৱৰী ৰাজনী আৰু স্বৰ্গদেউ চ্যুকাংফাৰ বৈবাহিক সম্পৰ্কেৰে দুয়ো ৰাজ্যৰ মাজত স্থাপিত হোৱা মিত্ৰতা আৰু বৃদ্ধি হোৱা পাৰস্পৰিক সম্পৰ্কৰ সাৱলীল উপস্থাপন উপন্যাসখনত সন্নিবিষ্ট হৈছে। উপন্যাসখনৰ তেৰ নং অধ্যায়ত উপন্যাসৰ কাহিনীয়ে এক পৃথক দিশলৈ গতি কৰিছে। সমসাময়িক বৰ্ণাৰ পৰা তেৰ বছৰ পিচুৱাই আহি উপন্যাসখনৰ এই অধ্যায়ত বৰ্ণনা কৰা হৈছে চুহানৰ কাহিনী। ক্ষমতা ল আৰু ৰাজনৈতিক কু-অভিসন্ধিৰ ফলশ্ৰুতিত কেনেকৈ ৰাজকোঁৱৰ চুহান বামুণৰ গৃহত ডাঙৰ হ’বলগীয়া হৈছিল তাৰ বৰ্ণনা পৰৱৰ্তী অধ্যায়সমূহত সন্নিবিষ্ট হৈছে। বামুণী কোঁৱৰ চুহান, স্বৰ্গদেউ চুদাংফালৈ পৰিৱৰ্তিত হোৱাৰ কাহিনীয়ে পাঠকক আপ্লুত কৰাটো স্বাভাৱিক। চুদাংফা আৰু নাংচেং কুঁৱৰীৰ প্ৰেম, বিবাহ, বিচ্ছেদ, পুনঃমিলন, বিদ্ৰোহী তাইছুলাইৰ হাতত নাংচেঙৰ মৃত্যু এই ঘটনাপ্ৰৱাহৰ সৰ্মস্পৰ্শী বৰ্ণনাই পাঠকক আৱেগিক কৰি তুলিব। এক উদাৰ মানসিকতাৰ অধিকাৰী স্বৰ্গদেউ চুদাংফাৰ বৰ অসম গঠনৰ প্ৰয়াসৰ উপস্থাপন অতি মননশীল। পুত্ৰ ‘চু’ৰে স্বৰ্গদেউ চুদাংফাৰ মিলন আৰু স্বৰ্গদেউৰ মৃত্যুৰে কাহিনীৰ যৱনিকা পৰা উপন্যাসখনৰ চৰিত্ৰসমূহ লেখিকাই বলিষ্ঠৰূপত অংকন কৰিছে। ৰাজনী কুঁৱৰী উপন্যাসখনৰ এটা আদৰ্শ চৰিত্ৰ, উপন্যাসিকাই অতি সহানুভূতিৰে এই চৰিত্ৰটো অংকন কৰিছে। সহজ-সৰল গ্ৰাম্য জীৱনৰ স্বৰূপ প্ৰতিফলিত হৈছে চুহানে শৈশৱ অতিবাহিত কৰা হাবুঙৰ বৰ্ণনাৰ মাজেৰে। ৰাজকীয় বিচক্ষণতা আৰু উদাৰ ভাৱমূৰ্ত্তিৰ প্ৰতীক স্বৰ্গদেউ চ্যুকাফা, চ্যুকাংফা আৰু চুদাংফা। বৰকুঁৱৰীৰ স্বেচ্ছাচাৰিতা আৰু তাইচুলাইৰ বিদ্ৰোহৰ বৰ্ণনা অতি সবল আৰু সুখপাঠ্য।

এক দীৰ্ঘসময়ৰ ঐতিহাসিক পৰিঘটনাক সু-পৰিকপ্লিতভাৱে কৰা উপস্থাপন লেখিকাৰ অন্যতম কৃতিত্ব। সাতাৱন্নটা অধ্যায়েৰে সমৃদ্ধ উপন্যাসখন নিশ্চিতভাৱে এক বিস্তৃত অধ্যয়ন আৰু উৰ্বৰ মস্তিষ্কৰ চিন্তাপ্ৰসূত সৃষ্টি। ই বুৰঞ্জীৰ নিৰস বৰ্ণনা নহয়; মানৱীয় অনুভূতি, কপ্লনা আদিৰ উপযুক্ত চিত্ৰায়ণেৰে উপন্যাসখনে সমসামায়িক সমাজ জীৱনৰ প্ৰতিফলন স্পষ্টৰূপত কৰিছে। উপন্যাসখনৰ কাহিনীয়ে অসমৰ প্ৰায়বোৰ জাতি-জনগোষ্ঠীক সামৰি লোৱাটো উপন্যাসখনৰ এটা অন্যতম ইতিবাচক দিশ। কিছুমান তথ্যগত বিভ্ৰান্তি আছে যদিও সাহিত্যিক মূল্যৰ দিশৰ পৰা ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ এখন উৎকৃষ্ট উপন্যাস। প্ৰকৃততে বুৰঞ্জীৰ তথ্যৰে উপন্যাসখন মূল্যায়ণ কৰিবলৈ গ’লে কিছুক্ষেত্ৰত বিভ্ৰান্তি হোৱাটো স্বাভাৱিক। এই দৃষ্টিকোণৰ পৰা মূল্যায়ণ চৰিত্ৰ, পৰিস্থিতিৰ সমাবেশেৰে অসম বুৰঞ্জীৰ এক অধ্যায়ক উপন্যাস ৰূপ দিছে গতিকে উপন্যাসখনক এখন বৈকপ্লিক বুৰঞ্জী হিচাপে গ্ৰহণ কৰাটোহে যুক্তিসংগত।

সম্প্ৰতি অসম মুলুকত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত গা কৰি উঠা বিচ্ছিন্নতাবাদী মানসিকতাই অসমৰ ভৱিষ্যৎ সম্পৰ্কে এটা বৃহৎ প্ৰবোধকৰ সৃষ্টি কৰাৰ সময়ত কেনেকৈ আহোম স্বৰ্গদেউসকলে বৰ অসমৰ ভেটি স্থাপন কৰিছিল তাৰ সুন্দৰ বৰ্ণনাৰে উপন্যাসখনে এক সম্প্ৰীতিৰ বাৰ্তা বহন কৰিছে। মুঠৰ ওপৰত চন্দনা গোস্বামীৰ ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ এখন অতি উৎকৃষ্ট, সুখপাঠ্য বুৰঞ্জীভিত্তিক উপন্যাস।( সম্পাদকৰ সৌজন্যত)

গল্প, প্ৰবন্ধ আদি--

বুঢ়ী আইৰ সাধু প্ৰকাশৰ সময়ত বেজবৰুৱাৰ চিন্তা আৰু দৰ্শনে পৰিপক্কতা লাভ কৰিছিল। সেয়ে সাধুকথাবোৰ সংগ্ৰহ কৰি পোনে পোনে ছপাই দিয়াৰ সলনি সাধুকথা সম্পৰ্কীয় তাত্ত্বিক গ্ৰন্থ অধ্যয়নৰ যোগেদি সেইবোৰ বৈজ্ঞানীকভাৱে পৰিশোধন কৰিছিল। এইদৰেই অসমত সাধুকথাৰ বিদ্যায়তনিক চৰ্চাৰ বাট মুকলি কৰিছিল। বেজবৰুৱাক যদি কোনোবাই সাধুকথাৰ সাধাৰণ সংগ্ৰাহক বুলি ভাৱে, তেন্তে নিতান্তই ভুল কৰা হ’ব। সেই কথাৰ প্ৰমান তেওঁ বুঢ়ী আইৰ সাধুুৰ পাতনিত দি গৈছে।১বেজবৰুৱা সচেতন আছিল যে প্ৰত্যেক জাতিৰ লোককথাৰ মাজত জাতিটোৰ অতীতৰ জীৱন চৰ্যাৰ ইঙ্গিত সাঙুৰ খাই থাকে। সাধুকথাক জাতিটোৰ আত্মজীৱন চৰিত বুলিয়েই তেওঁ কৈ পেলাইছে।...



"Before you act, listen/Before you react, think/Before you spend, earn/Before you criticise, wait/Before you pray, forgive/Before you quit, try" - Ernet Hemingway

সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এগৰাকী অপ্ৰতিহত নেতা হৈছে নৰেন্দ্ৰ মোদী। পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত যোৱা ডেৰটা বছৰত এই গৰাকী ব্যক্তিৰ মনৰ দৃঢ়তা, কৰ্মদক্ষতা আৰু দুৰ্নীতিবিৰোধী অৱস্থানৰ বিষয়ে সমগ্ৰদেশতে ব্যাপক চৰ্চা আৰম্ভ হৈছিল।তাৰে উষ্ম প্ৰতিফলন ঘটিল ২০১৪ চনৰ মে' মাহত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত। কংগ্ৰেছৰ দুৰ্নীতি আৰু বঞ্ছনাৰ ৰাজনীতিৰ অন্ত পেলাই নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হ'ল। কিন্তু প্ৰকৃতপক্ষে অন্ত পৰিলিনে বঞ্ছনাৰ?...



‘ব্ৰেইন ড্ৰেইন’ – সম্প্ৰতি এই শব্দকেইটাই আমাৰ সকলোৰে মাজত বিশেষ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কিন্তু এই ‘ব্ৰেইন ড্ৰেইন’নো কি ?

প্ৰতিখন উন্নত দেশে উন্নত মানৱ সম্পদ সৃষ্টিত সদায়ে গুৰুত্ব দি আহিছে । উন্নত দেশসমূহে আগবঢ়োৱা সা-সুবিধা আৰু ব্যক্তিগত আকাংক্ষাৰ বাবে আন আন দেশসমূহৰপৰাও এই দেশসমূহলৈ মানৱ সম্পদৰ আগমন ঘটিবলৈ ধৰিছে । এইদৰে বিশেষ বিশেষ প্ৰতিভাসম্পন্ন মানৱ সম্পদৰ এখন দেশৰপৰা আন এখন দেশলৈ হোৱা বহিঃগমন বা আন্তঃগমনৰ প্ৰক্ৰিয়াটোৱেই হৈছে ব্ৰেইন ড্ৰেইন ।

সম্প্ৰতি ভাৰতবৰ্ষতো ব্ৰেইন ড্ৰেইনৰ শিপাই খোপনি পুতিবলৈ ধৰিছে।মূলত: গৱেষণা, শিক্ষা, নিয়োগ আদিৰ বাবে অত্যাধুনিক সা-সুবিধা, উন্নত পাৰিশ্ৰমিক, আনুষংগিক সা-সুবিধাৰ উপলদ্ধতা আদিয়েই ইয়াৰ প্ৰধান কাৰণ।ই আমাৰ বাবে সৌভাগ্য বা দুৰ্ভাগ্য এই দুয়োটা বুলি ভবাৰ অৱকাশ আছে।আমাৰ বাবে সৌভাগ্য আৰু গৌৰৱৰ বিষয় ভাৰতীয়সকলে আজি বিদেশত সমাদৰ তথা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু সমান্তৰালভাৱে আমি এওঁলোকৰ অৱদানৰপৰা বঞ্চিত হবলগীয়া হৈছে, যিটো বৰ দুৰ্ভাগ্যৰ বিষয় ।



শিক্ষা হ’ল জ্ঞান আহৰণ তথা বিকাশৰ মধুৰতম প্ৰক্ৰিয়া । যি প্ৰক্ৰিয়া মানৱ সম্পদ বিকাশৰ জৰিয়তে মানৱ শক্তি গঢ়াৰ পৰিচায়জক। আচলতে ব্যক্তিৰ জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন। বিখ্যাত দাৰ্শনিক স্বামী বিবেকানন্দই কৈছিল- “শিক্ষাই মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ।” শিক্ষাই এজন ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাসমূহৰ পূৰ্ণ বিকাশ সাধন কৰে। শিক্ষা আৰু প্ৰশিক্ষনৰ অবিহনে কোনো ব্যক্তিয়েই নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশ কৰিব নোৱাৰে।



শংকৰী যুগৰ বলিষ্ট সাহিত্যিক মাধৱদেৱৰ ঝুমুৰাসমূহ নিসন্দেহে অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ সৃষ্টি। শংকৰদেৱৰ অংকীয়া নাটৰ তুলনাত মাধৱদেৱৰ নাটসমূহ কিছু পৃথক। যিহেতু শংকৰদেৱৰ নাটসমূহৰ তুলনাত মাধৱদেৱৰ নাটমূহৰ কাহিনীৰ পৰিসৰ সংকীৰ্ণ সেয়েহে এনেধৰনৰ নাটক ঝুমুৰা বুলি অভিহিত কৰা হৈছে। এই নাটসমূহত শংকৰদেৱৰ নাটৰ দৰে পূৰ্ণ আখ্যান বা উপাখ্যান পোৱা নাযায়। মাধৱদেৱে শংকৰদেৱক অনুসৰণ কৰি ছখন নাটক ৰচনা কৰিছিল বুলি প্ৰবাদ আছে। কিন্তু পাছলৈ তেখেতৰ নামত ভণিতা পেলাই কোনো কোনোৱে গীত ৰচনা কৰাৰ দৰে কেইবাখনো নাট অন্য লোকে ৰচনা কৰা বুলি সন্দেহ কৰা যায়। সি যি কি নহওক মাধৱদেৱৰ নামত প্ৰচলিত পাঁচখন নাটক সন্দেহমুক্ত আৰু মাধৱদেৱৰ ৰচনা বুলি নিশ্চিত। সেই নাট চাৰিখন হ’লঃ অৰ্জুন ভঞ্জন,ভূমি লেটোৱা,চোৰধৰা,পিপৰা গুচোৱা আৰু ভোজন বিহাৰ। ...



Google অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত search engine। কেলিফৰ্ণিয়াৰ মাউণ্টেইন ডিউ চহৰত ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত। Google-ৰ মূল উদ্দেশ্য হ'ল-"বিশ্বৰ তথ্যসমূহ একত্ৰিত কৰি সেইবোৰ সকলোৰে বাবে সহজলভ্য কৰি তোলা"

১৯৯৬ চনত গৱেষণা প্ৰকল্প হিচাপে কেলিফৰ্নিয়াৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পেজ আৰু চাৰ্গেই ব্ৰিনে Google-ত কাম আৰম্ভ কৰিছিল। আৰু ১৯৯৮ চনৰ ৭ চেপ্তেম্বৰত এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে ইয়াক প্ৰতিষ্ঠা কৰে।২০০৪ চনৰ ১৯ আগষ্টত ই এটা পাব্লিক লিমিটেড কোম্পানীলৈ পৰিণত হয়।

Google শব্দৰ পৰা উৎপত্তি হোৱা ৰ সম্পূৰ্ণ নাম হ'ল-Global Organisation of Oriented Groups Language of Earth। অক্সফৰ্ড অভিধানত Google-ক এটা verb হিচাপে ব্যৱহাৰ কৰি ইয়াৰ অৰ্থ প্ৰকাশ কৰা হৈছে। তথ্য অনুসৰি ইয়াৰ অৰ্থ হ'ল ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহৰ বাবে ব্যৱহাৰিক সঁজুলি। ইয়াত সন্নিৱিষ্ট প্ৰত্যেকটো আখৰেই এটা নিৰ্দ্দিষ্ট ৰং সূচায়- G(নীলা), O(ৰঙা), O(হালধীয়া), G(নীলা), L(সেউজীয়া), E(ৰঙা)। বিশ্বত প্ৰতিদিনে ৩.২ বিলিয়ন মানুহে Google ব্যৱহাৰ কৰে। ইয়াৰ ৱেবছাইটটো হ'ল www.google.com আৰু ভাৰতবৰ্ষৰ বাবে www.google.co.in।

Google alerts(ইমেইলৰ বাবে ব্যৱহৃত), Google custom search(বিষয়বস্তু চাবৰ বাবে), Language tools(ভাষা সলনি কৰিবৰ বাবে), Picasa web albums (অনলাইন ফটো পঠিওৱাৰ বাবে) ব্যৱহাৰ কৰা হয়। Google Plus এক ছছিয়েল মিডিয়া। Gmail, Google drive, Google docs, Youtube, Google App Engine, Google web toolkit আৰু AJAX( Javascript application-ৰ কাৰণে ব্যৱহাৰ কৰা হয়)। Translator toolkit, Google Maps ইত্যাদি ছফটৱেৰ Google-ত উপলব্ধ।

Google-ত থা বিভিন্ন অপাৰেটিং ছিষ্টেমসমূহ হ'ল- Android, Chrome OS, Google TV, Android Auto, Google Chrome, Google web designer, Drive, Mobilizer, Google doodle, Google Voice App, Nexus One, Chromebox ইত্যাদি।

বৰ্তমান বিশ্বৰ সৰ্বাধিক প্ৰচলিত search engine হ'ল Google, য'ত বৰ্তমান ৬৫,০৩০ জন কৰ্মচাৰীয়ে কাম কৰি আছে আৰু ইয়াৰে ১০,০০০ কৰ্মচাৰী হ'ল ছফটৱেৰ ইঞ্জিনীয়াৰ।মুঠৰ ওপৰত Google আটাইতকৈ জনপ্ৰিয় search engine।



বিলত তিৰেবিৰাই/ পদুমৰ পাহি ঐ/ পাতত তিৰবিৰাই পানী/ ৰ'দত তিৰেবিৰাই/ জিঞাৰে পাখি ঐ/ ফুলনিত ফুলৰে ৰাণী।

এই বিখ্যাত গীতটিয়েই কাঢ়ি নিছিল, হৰি নিছিল তেখেতৰ মন প্ৰাণ। নজনাকৈয়ে হৃদয় ফাটি ওলাই আহিছিল মৰমৰ আকুল ভাষাবোৰ। কাৰোবাৰ কণ্ঠ নিগৰি ওলাই আহিছিল এই গীতৰ গুণগুণনি। একো নজনাকৈয়ে প্ৰেমত পৰিছিল সেই ব্যক্তিগৰাকী। কোনোবা এদিন কৰবাত এটি কুমাৰীয়ে "বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ" গীতটি গোৱা শুনিছিল।...



বিজ্ঞানৰ জন্মকালৰে পৰা ইয়াৰ ধৰ্মৰ সৈতে যুঁজৰ আৰম্ভণি। এই যুঁজ নিজৰ ধাৰণাক সত্য আৰু শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ যুঁজ। প্ৰথমাৱস্থাত উৎসুক মানুহবোৰে লুকাই চুৰলৈ বিজ্ঞান চৰ্চা কৰিবলগীয়া হৈছিল। কাৰণ কেথলিক গীৰ্জাৰ বিপৰীতে যোৱা মানেই অমানুষিক শাস্তি তথা মৃত্যুদণ্ড। তেনে শাস্তিৰ উদাহৰণ কপাৰনিকাছ, গেলিলিওৰ ক্ষেত্ৰত পোৱা যায়। সেই সময়ত সংঘাত আছিল তীব্ৰ। অতীজৰে পৰা চলি অহা পাৰস্পৰিক ধৰ্মীয় ধাৰণা(যেনে বিশ্বব্ৰহ্মাণ্ডৰ জন্ম ৰহস্য, মানুহ ত থা অন্যান্য জীৱ-জন্তুৰ জন্ম ৰহস্য, গ্ৰহ নক্ষত্ৰৰ ঘূৰ্ণনৰ ধাৰণা)সমূহৰ বিপৰীতে সেইসময়ৰ দাৰ্শনিকসকলে নতুনকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে তুলিধৰা ব্যক্তব্য তথা যুক্তিবোৰ তেওঁলোকৰ বাবে অবান্তৰ আছিল।



উপন্যাস হ’ল বাস্তৱ ঘটনা আধাৰিত কলাত্মক গদ্য সাহিত্য। জীৱনৰ কাৰ্যাৱলী আৰু সময়ৰ যুগসাপেক্ষ পৰিৱৰ্তনক কলাত্মকভাৱে একোখন উপন্যাসৰ কাহিনীৰ পৰিসীমাই বহন কৰে। জাপানৰ লেডী মুৰাচাকি শ্বিকবুৱে একাদশ শতিকাত ৰচনা কৰা The Tale of Genji নামৰ উপন্যাসধৰ্মী ৰচনাখনকেই সাহিত্য সমালোচকসকলে প্ৰথম এই শ্ৰেণীৰ গ্ৰন্থ বুলি অভিহিত কৰিব খোজে। এই অনুসৰি একংবিশ শতিকাৰ আৰম্ভনিতে বিশ্ব সাহিত্যত উপন্যাসৰ বয়স এহেজাৰ বছৰ সম্পূৰ্ণ হোৱাৰ বিপৰীতে ডেনিয়েল ডিফোৰ ‘ৰবিন্সন ত্ৰুছ’ৰ (১৭১৯ সৃষ্টিৰে ইংৰাজী উপন্যাস সাহিত্যৰ আৰম্ভনি আৰু বংকিমচন্দ্ৰৰ ‘দুৰ্গেশ নন্দিনী’ (১৮৫০ প্ৰকাশৰ লগে লগে বাঙালী সাহিত্যৰ লগতে ভাৰতীয় সাহিত্যত প্ৰকৃত উপন্যাস সৃষ্টিৰ এক নৱজাগৰণৰ সৃষ্টি হয়। বিশ্ব সাহিত্যৰ তুলনাত আমি ক’বলৈ দ্বিধাবোধ নকৰো যে অসমীয়া উপন্যাসে ইতিমধ্যে এশ বছৰহে অতিক্রম কৰিবলৈ সক্ষম হৈছে। কিন্তু গৌৰৱৰ কথাটো হ’ল ইমান কম সময়ৰ ভিতৰতে অসমীয়া উপন্যাসৰ বিস্তাৰ আৰু উত্তৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমীয়া উপন্যাসৰ ঐতিহ্যই আমাক এক গৌৰৱোজ্জ্বল অধ্যায় সম্বলিত গৰিমাময় অতীতক উপহাৰ দিছে আৰু সেই ঐতিহ্যৰ ভিত্তিত গড়ি উঠিছে সৃষ্টিৰ এক সুস্থ আৰু বলিষ্ঠ বাতাবৰণৰ বৰ্তমান। তদুপৰি আমি ভৱিষ্যতৰ প্ৰতিও আশাবাদী হ’ব পাৰিছোহঁক। অসমীয়া উপন্যাসৰ এই ক্রমবিকাশৰ ইতিহাসৰ...